04/02/2018
Come Sivasagar this International Shiva Festival and explore the heritage of Sivasagar from the sky
and
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sivasagar District, Sivasagar, Jorhat.
04/02/2018
Come Sivasagar this International Shiva Festival and explore the heritage of Sivasagar from the sky
and
21/09/2017
প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনিৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা ইংৰাজী ২১/৯/২০১৭ তাৰিখে বৰ্তমানৰ চৰাইদেউ জিলাত আয়োজিত জনসজাগতা সভাৰ কিছু দৃশ্য৷ এই সভাত চৰকাৰৰ আন কল্যাণকামী আঁচনিসমূহৰ বিষয়েও ৰাইজক সজাগ কৰা হয়৷
19/09/2017
"যাৰ চিন্তাৰ শক্তি আছে তেওঁক শিক্ষকৰ প্ৰয়োজন নাই"....মহাত্মা গান্ধী৷
এটা চিন্তাই বহু কথা সলাব পাৰে৷ শিৱসাগৰ জিলাখনৰ বিভিন্ন স্থানত বসবাস কৰি থকা দৰিদ্ৰ লোকসকল এক সঠিক দিশত আগুৱাইছে৷ সলনি হৈছে প্ৰেক্ষাপট৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনিৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা আয়োজিত জনসজাগতা সভাসমুহত ৰাইজে আগবঢ়াইছে ব্যাপক সঁহাৰি৷
কালিৰ দৃশ্য৷ শিৱসাগৰ আৰু নাজিৰা উন্নয়ন খণ্ডৰ বিভিন্ন স্থানৰ৷
19/09/2017
শিৱসাগৰ জিলা প্ৰশাসনে ১৮ চেপ্টেম্বৰৰ পৰা জিলাখনৰ বিভিন্ন স্থানত “প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)” ৰ সম্পৰ্কে আয়োজন কৰা সজাগতা সভাৰ প্ৰথম দিনৰ দৃশ্যাৱলী৷
কালি জিলাখনৰ ডিমৌ উন্নয়ন খণ্ডৰ অধীনৰ ভেঁকুৰচাপৰি-পদুমচুক প্ৰাথমিক বিদ্যালয়, পানীদিহিং দলপা মুৰংঘৰ আৰু ভীমবৰ দেউৰী সাংস্কৃতিক কেন্দ্ৰ, ৰজাবাৰীত অনুষ্ঠিত সজাগতা সভাত থাওৰা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী কুশল দুৱৰী, শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰদেৱ তথা শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী যুতা শেৱালী বৰদলৈৰ উপৰিও পঞ্চায়তৰ বিভিন্ন পৰ্যায়ৰ প্ৰতিনিধিসকলে যোগদান কৰে৷
এই সজাগতা সভাত ৰাইজক এই আঁচনিখনৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনকল্যানমুলক আঁচনিসমুহৰ বিষয়ে সজাগ কৰা হয়৷ সভাকেইখনত ধাৰ্য সময়ৰ পূৰ্বে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সম্পূৰ্ণ কৰা হিতাধীকাৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়৷
জিলাখনৰ সকলো উন্নয়ন খণ্ডক সাঙুৰি অহা ইংৰাজী ২৩ চেপ্টেম্বৰলৈকে চলিবলগীয়া এই সজাগতা সভাসমুহত সকলো শ্ৰেণীৰ লোকৰে সহযোগিতা কামনা কৰা হৈছে৷
13/09/2017
শিৱসাগৰ জিলা প্ৰশাসনে শিৱসাগৰ জিলাৰ কেওটা উন্নয়ন খণ্ড সাঙুৰি অহা ইংৰাজী ১৮ চেপ্টেম্বৰৰ পৰা ২৩ চেপ্টেম্বৰলৈকে মুঠ ১৯ টা স্থানত “প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)” ৰ সম্পৰ্কে এলানি সজাগতা শিবিৰৰ আয়োজন কৰিছে৷ ভাৰত চৰকাৰৰ ২০২২ চনৰ ভিতৰত দেশৰ সকলো আৱাসগৃহকে পকীঘৰলৈ উন্নীতকৰণ কৰাৰ যি লক্ষ্য, সেই লক্ষ্যৰ লগত সংগতি ৰাখি জিলাখনৰ সকলো লোককে বিষয় সএম্পৰ্কে সজাগ কৰাটোৱেই ইয়াৰ মুল উদ্দেশ্য৷ ইয়াৰোপৰি চৰকাৰৰ আন ছখন আঁচনি ক্ৰমে স্বচ্ছ ভাৰত অভিযান, দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা, প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনা, অটল অমৃত অভিযান, এম.জি.এনৰেগা আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সম্পৰ্কেও সজাগতা অনাটো হ'ল শিবিৰৰ আন এটা উল্লেখনীয় দিশ৷
এই আঁচনিকেইখনৰ সামগ্ৰিক উদ্দেশ্য হ’ল সমাজৰ দুৰ্বল শ্ৰেণীটোৰ অৰ্থ-সামাজিক দিশটোৰ পৰিৱৰ্তন সাধন কৰা৷ সেয়ে শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো শ্ৰেণীৰ লোকক এই সজাগতা শিবিৰত উপস্থিত থাকি বহুমুলীয়া পৰামৰ্শৰে আঁচনিসমূহ সাফল্যমণ্ডিত কৰাত সহায় কৰিব বুলি আশা কৰিছে৷
বন্ধ সংস্কৃতি জনস্বাৰ্থৰ পৰিপন্থী, ই কোনো সমস্যাৰে সমাধান নিদিয়ে”
--ত্ৰিপাক্ষিক বৈঠকত জিলা উপায়ুক্ত নাৰায়ন কোঁৱৰদেৱৰ আহ্বান
যৌথ সংগ্ৰামী মঞ্চ, শিৱসাগৰে জিলাখনৰ বেতন বঞ্চিত ১৫৩০ জন প্ৰাথমিক শিক্ষকৰ বেতন নিয়মীয়াকৰণ, শিৱসাগৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অনিয়মৰ তদন্তৰ দায়িত্ব চি.বি.আইক প্ৰদান কৰা তথা দীক্ষা ৰাজকুমাৰীৰ হত্যাৰ প্ৰকৃত দোষীক শাস্তি প্ৰদান কৰাক লৈ অহা ইংৰাজী ১১ চেপ্টেম্বৰ তাৰিখে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া শিৱসাগৰ জিলা বন্ধৰ যি কাৰ্যসুচী হাতত লৈছে সেই সম্পৰ্কে আলোচনা কৰিবলৈ গত ইংৰাজী ৮ চেপ্টেম্বৰ তাৰিখ শুক্ৰবাৰে দিনৰ ১২ বজাত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত যৌথ সংগ্ৰামী মঞ্চ, শিৱসাগৰক প্ৰতিনিধিত্ব কৰা বিভিন্ন দল, সংগঠন তথা বেতন বঞ্চিত শিক্ষকসকলৰ প্ৰতিনিধিৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷
উক্ত গুৰুত্বপূৰ্ণ বৈঠকত বন্ধ সংস্কৃতিয়ে কোনো ধৰণেৰে সমস্যাৰ সমাধান নকৰে বুলি উপায়ুক্তই জানিবলৈ দিয়ে৷ তেখেতে মহামান্য ন্যায়ালয়ে বন্ধ দিয়া কাৰ্যটো অসংবিধানিক বুলি দিয়া ৰায়ৰ উদ্ধৃতি দি এনে ধৰণৰ আইনবিৰোধী কাৰ্যৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনাই৷ বন্ধই প্ৰত্যক্ষ বা পৰোক্ষভাৱে সকলোৰে ক্ষতি সাধন কৰে; বিশেষভাৱে দৈনিক শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা লোকসকলৰ বাবে এই বন্ধ এক অভিশাপ স্বৰূপ৷ উপায়ুক্তই গণতান্তিক ব্যৱস্থাৰে উৰ্ধতন কতৃপক্ষৰ লগত আলোচনামৰ্মে সকলোকে আগবাঢ়িবলৈ অনুৰোধ জনাই৷
বন্ধৰ ইতিহাসৰ কথা দোহাৰি জিলা উপায়ুক্তই জানিবলৈ দিয়ে যে বন্ধই জনসাধাৰণৰ জীৱনধাৰণত বিৰূপ প্ৰভাৱ পেলাই আৰু এনেধৰণেৰে বন্ধ দিয়া কাৰ্যই দেশখন বা জিলাখন আগুৱাই লৈ যাব নোৱাৰে বৰঞ্চ ই বিকাশক পিছুৱাইহে নিয়ে৷ লোকস্বাৰ্থৰ বিৰোধী এনে বন্ধৰ কাৰ্যসুচী গণস্বাৰ্থৰ পৰিপন্থী আৰু জিলাখনৰ এজন সচেতন নাগৰিক হিচাবে দল-সংগঠন সমন্বিতে সকলো লোকেই এনে অপসংস্কৃতিক সহাৰি জনাব নেলাগে৷ শিৱসাগৰ নেতৃস্থানীয় দল সংগঠনেৰে গঠিত যৌথ সংগ্ৰামী মঞ্চই এই বন্ধ দিয়াৰ কাৰ্যসুচীটো পুণৰ বিবেচনা কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা উপায়ুক্তই সকলোকে আহ্বান জনাই৷
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত দুৰ্নীতিৰ যি অভিযোগ উঠিছে সেই ক্ষেত্ৰত ইতিমধ্যে চৰকাৰে চি.আই.ডি.ক তদন্তৰ ভাৰ ন্যস্ত কৰিছে৷ সেয়ে চি.আই.ডি. তদন্তৰ প্ৰতিবেদন অহালৈকে যৌথ সংগ্ৰামী মঞ্চক বন্ধৰ দৰে কাৰ্যসুচী হাতত লৈ সাধাৰণ জনজীৱন বিপৰ্যস্ত নকৰিবলৈ আহ্বান জনায়৷ আলোচনা প্ৰসঙ্গত যৌথ সংগ্ৰামী মঞ্চই চি.বি.আই. তদন্ত বিচাৰি মহামান্য উচ্চ ন্যায়ালয়ৰ ওচৰ চপাৰ কথা ব্যক্ত কৰে৷ যিহেতু তেনে গণতান্ত্ৰিক পথসমূহ এতিয়াও বন্ধ হৈ যোৱা নাই, সেয়ে জিলা প্ৰশাসনৰ তৰফৰ পৰা যৌথ সংগ্ৰামী মঞ্চক বন্ধ আহ্বান কৰি হাৰাশাস্তি নকৰিবলৈ আহ্বান জনায়৷
আলোচনাত যৌথ সংগ্ৰামী মঞ্চই দীক্ষা ৰাজকুমাৰীৰ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ প্ৰসঙ্গটো উপস্থাপন কৰে৷ এইক্ষেত্ৰত অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী দেৱাশীষ শৰ্মাই কয় যে ইতিমধ্যে কেইবাজনো ব্যক্তিক সোধপোচ কৰাৰ লগতে কেইজনমানক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে৷ লগতে তেওঁ এইটোও জানিবলৈ দিয়ে যে ফৰেনছিক লেবৰেটৰিৰ প্ৰতিবেদন আহিলেই হত্যাকাণ্ডটোৰ তদন্তৰ গতি আৰু ক্ষীপ্ৰতৰ কৰিব পৰা যাব৷
বেতন বঞ্চিত শিক্ষক সকলৰ ক্ষেত্ৰত উপায়ুক্তই দুবাৰকৈ তেওঁলোকৰ লগত আলোচনাত বহে আৰু তেওঁলোকৰ সমস্যাটো চৰকাৰৰ পৰ্যায়ত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা বুলি জ্ঞাত কৰে৷ তেওঁলোকৰ প্ৰতিনিধিয়ে আয়ুক্ত সচিবৰ পৰা এখন পত্ৰ পালে তেওঁলোকৰ আন্দোলন উঠাই লোৱাৰ কথা ব্যক্ত কৰে৷ সেইমৰ্মে উপায়ুক্তই শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ লগত যোগাযোগ কৰি পত্ৰখন শিক্ষক সকলৰ প্ৰতিনিধিক প্ৰদান কৰে৷
দুয়োটা সংগঠনে আলোচনাৰ কালত তেওঁলোকৰ মজিয়াত বিষয়টো আলোচনা কৰি উপায়ুক্তক জ্ঞাত কৰিব বুলি কয় যদিও বৰ্তমানলৈকে আন্দোলন আৰু বন্ধৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি জিলা প্ৰশাসনক জ্ঞাত কৰা নাই৷