02/08/2026
Day 8
০৯/০৭/২০২৬
গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান তথা শিক্ষা সজাগতা শিবিৰৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি অনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহ.অধ্যাপক ড° জিতু বৰা ছাৰ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে Mising Autonomous Council ৰ EM জহান দলে ছাৰ, TMPK Central IT Cell ৰ আপ্যায়ক মৃদুল মিণ্টু ডলে ছাৰ, বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল চুতীয়া ছাৰ আৰু শিক্ষক-শিক্ষকয়িত্ৰীসকল, DUMSSC ৰ প্ৰাক্তন সভাপতি অনুপম য়েইন, প্ৰদীপ টায়ে প্ৰাক্তন সাধাৰণ সম্পাদক দীননাথ মিলি, নৱদ্বীপ ডলে, বৰ্তমানৰ DUMSSC ৰ সভাপতি দেৱজ্যোতি মৰাং,DUMSSC প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াসকল ,অভিভাৱকসকল আৰু আটাইতকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। উক্তদিনা "LI'SANG" প্ৰাচীৰ পত্ৰিকাখনি বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল চুতীয়া ছাৰে উন্মোচন কৰে।ছাত্ৰ-ছাত্ৰীসকলক বিগত দিনসমূহত শিকোৱা বিভিন্ন কাৰ্যসূচীৰ প্ৰদৰ্শন কৰোৱাৰ লগতে তেওঁলোকৰ মাজত পতা বিভিন্ন প্ৰতিযোগিতা সমূহৰ ফলাফল ঘোষণা আৰু পুৰষ্কাৰ প্ৰদান কৰা হয়। এই সভাত শিক্ষক শিক্ষয়িত্ৰী ,ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলৰ লগত মত বিনিময় কৰা হয়। এইক্ষেত্ৰত এই শিবিৰৰ পৰা যে তেওঁলোক যথেষ্ট উপকৃত হয় সেই সম্পৰ্কে আমাক জ্ঞাত কৰে। এই শিবিৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণেৰে সহায়ৰ হাত আগবঢ়োৱা প্ৰত্যেকজন ব্যক্তিক DUMSSCৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।