19/01/2026
#219
Age:23, an ex student, male
তোমাৰ ফেচবুক আছে নে নাই নাজানো, হয়টো নাই, কিন্তু আনৰ পৰাই হলো হয়টো এদিন চাবা বুলি জানো, দেৰিকৈ হলেও।আৰু বেছি খুলিও নকওঁ, তোমাৰ আগতো ক'ব নোৱাৰো, আনকো নোৱাৰো সেয়ে গোপনে কিন্তু মুকলিকৈ মনৰ কথাবোৰ কওঁ। কলেজত থাকোঁতে আঁৰে আঁৰে চোৱাৰ বাদে এদিনো কথাই হোৱা নহল। হলেও ভগৱানে বিচৰা কাৰণেই কলেজ এৰাৰ পাছতো তোমাক লগ হোৱাৰ সুযোগ পাইছিলো। হয়টো তোমাৰ মনত আছে। সেই বৰষুণ জাকত তুমি তিতিছিলা। ভিজা চুলিৰ পৰা টুপ টুপকৈ নামিছিল এজাক আশাৰ বৰষুণ। কি যে মিঠা সময় আছিল।
সময়বোৰো দেখোন ঠিকেই গৈ আছিল। জানো, মই যি ভাবো তুমিও সেয়াই ভাবা কিন্তু নিষ্ঠুৰ সময়ৰ বাবে আমি কাষত থাকিও দেখোন আঁতৰত।
কিন্তু কি জানা? তুমি কৰা উপেক্ষাবোৰকো আওকাণ কৰি মাথোঁ অপেক্ষা কৰোঁ তোমাৰ ক্ষুদ্ৰ সহাঁৰিলৈ। সাধাৰন যেন লগা এটি মেচেজৰ নতিফিকেচনলৈ। আপুনি আপুনি বুলি কৈ যাবা সাধু সাধু লগা কথাবোৰ, মইও শুনি যাম আপোন পাহৰা হৈ।
বিশ্বাস তোমাৰ ওপৰত, মোৰ নিজৰ ওপৰতো যে এদিন ঠিক হব, আগৰ দৰেই হব। পোখা মেলিব খোজা মৰমৰ ফুলপাহ আকৌ আল ফুলে ফুলি উঠিব, এতিয়া মাথোঁ অলপ জিৰণি লৈছে। ভালে থাকা ।
জুবিন দাৰ গানেৰেই.... দেৰিকৈ আহিবা, আহি নকবা যাবৰে হল