Ashihara karate school of Assam

Ashihara karate school of Assam

Share

Ashihara Karate School

Photos from Ashihara karate school of Assam's post 21/06/2026

সুস্থ শৰীৰ, সুস্থ মন ! আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। যোগ কেৱল শৰীৰ মোচৰা আসন নহয় ,ই হৈছে নিজক জনা আৰু নিজৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰাৰ এক মাধ্যম। আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আছিহাৰা কাৰাটে স্কুল অৱ অসমৰ প্ৰতিখন জিলাৰ ক্লাৱসমূহে আজি ২১ জুন তাৰিখে যোগ দিৱস সফলভাৱে উদযাপন কৰে। প্ৰতিখন জিলাৰ ক্লাবে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজন কৰাৰ কাৰণে আছিহাৰা কাৰাটে স্কুল অৱ অসমৰ ফালৰ পৰা আছিহাৰা কাৰাটে পৰিয়ালৰ সকলো ক্লাবক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Photos from Ashihara karate school of Assam's post 15/06/2026

যোৱা কালি অনুষ্ঠিত হৈ যায় কালাৰ বেল্ট গ্ৰেডিং । এই বেল্ট গ্ৰেডিংটো অনুষ্ঠিত হয় আছিহাৰা কাৰাটে নগাঢুলি আৰু আছিহাৰা কাৰাটে খাতিচোনা এই দুয়োটা ক্লাবত । ইয়াত ৫০ জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। নগাঢুলি ক্লাবত মূখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰশিক্ষক বিমল তাঁতী। আৰু আছিহাৰা কাৰাটে খাতিচোনা ক্লাবত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰশিক্ষক নিতুমণি দত্ত আৰু প্ৰিয়ংকা গগৈ। এই বেল্ট গ্ৰেডিংটো অনুষ্ঠিত কৰাৰ কাৰণে আছিহাৰা কাৰাটে স্কুল অৱ অসমৰ ফালৰ পৰা অনিৰ্বাণ বৰা আৰু পুস্পা টেলেংগালৈ অশেষ ধন্যবাদ থাকিল।

Photos from Ashihara karate school of Assam's post 05/06/2026

সেউজীয়া ধৰিত্ৰী, আমাৰ প্ৰতিশ্ৰুতি!
আজি বিশ্ব পৰিৱেশ দিৱস ( World Environment Day 2026) ৰ উপলক্ষে আছিহাৰা কাৰাটে স্কুল‌‌‌ অৱ অসমৰ তত্বাৱধানত থকা অসমৰ বিভিন্ন জিলাত 'বিশ্ব পৰিৱেশ দিৱসʼ সূচাৰুৰূপে পালন কৰা হয়। গছ ৰোৱক, জীৱন বচাওক! আমি সকলোৱে এজন কাৰাটেকাৰ হোৱাৰ লগতে এজন সমাজ কৰ্মী হোৱাৰ খুবেই প্ৰয়োজন। বিশ্ব পৰিবেশ দিৱসৰ উপলক্ষে বিভিন্ন জিলাত বৃক্ষ ৰোপন কাৰ্যসূচী আৰু গছপুলি বিতৰণ আদি কাৰ্য্যসূচী সফলতাৰে সম্পন্ন কৰা হয় । সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

02/06/2026

আয়োজক সমিতিৰ হৈ আমি ৬ষ্ঠ আছিহাৰা কাৰাটে ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নশ্বিপ ২০২৬ৰ সকলো খেলুৱৈ, প্ৰশিক্ষক, বিষয়া, অতিথি, আৰু দৰ্শকক উষ্ম আৰু আন্তৰিক আদৰণি জনাইছো l

ডিব্ৰুগড়ৰ আশীহাৰা কাৰাটে বিদ্যালয়ে আপোনালোকৰ মাজলৈ অনা এই সন্মানীয় অনুষ্ঠানটো অসম চা মাজদুৰ সংঘ (ACMS), ডিব্ৰুগড় শাখাৰ সহযোগত আৰু সহযোগত আয়োজন কৰি আমি সন্মানিত হৈছো। এই প্ৰতিযোগিতাৰ সময়ছোৱাত নিজৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিব পৰা অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই আমি বিশেষভাৱে গৌৰৱান্বিত।



Photos from Ashihara karate school of Assam's post 31/05/2026

আজি অনুষ্ঠিত হৈ যায় ষষ্ঠ সংখ্যক শিৱসাগৰ জিলাত আছিহাৰা কাৰাটে প্ৰতিযোগিতা ( 6th Shivsagar district Ashihara Karate championship 2026)। ইয়াত ২০০ ৰো অধিক খেলুৱৈ অংশগ্ৰহণ কৰি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় । এই খেলখন শিৱসাগৰ জিলাৰ বকতা কোৱঁৰটিং ৰঙ্গমঞ্চত অনুষ্ঠিত কৰা হয়। এই খেলখন অনুষ্ঠিত কৰাৰ কাৰণে আছিহাৰা কাৰাটে স্কুুল অৱ অসমৰ ফালৰ পৰা বতকা ক্লাবৰ সমূহ প্ৰশিক্ষকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।



Photos from Ashihara karate school of Assam's post 31/05/2026

যোৱা কালি অনুষ্ঠিত হৈ যায় আছিহাৰা কাৰাটে স্কুল অৱ ন- পমুৱাত কালাৰ বেল্ট গ্ৰেডিং। এই বেল্ট গ্ৰেডিংটোত ২০ জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰি ভাল ফলাফল দেখাবলৈ সক্ষম হয়। ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে Sensei শিখা দাস । এই বেল্ট গ্ৰেডিংটো অনুষ্ঠিত কৰাৰ কাৰণে আছিহাৰা কাৰাটে স্কুল অৱ অসমৰ ফালৰ পৰা প্ৰশিক্ষক আশাকদ্বীপ গগৈলৈ অশেষ ধন্যবাদ থাকিল ।

Photos from Ashihara karate school of Assam's post 24/05/2026

আজি অনুষ্ঠিত হৈ যায় Ashihara Sports Karate , Bamunbari আৰু Dupdor ক্লাৱত কালাৰ বেল্ট গ্ৰেডিং। এই বেল্ট গ্ৰেডিংটোত ২০ জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰি ভাল ফলাফল দেখাবলৈ সক্ষম হয়। ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে Sensei ৰাজীৱ দাস, দীপ বুঢ়াগোহাঁই আৰু দীপাংকৰ গগৈ । এই বেল্ট গ্ৰেডিংটো অনুষ্ঠিত কৰাৰ কাৰণে আছিহাৰা কাৰাটে স্কুল অৱ অসমৰ ফালৰ পৰা প্ৰশিক্ষক দেৱজিৎ বৰালৈ অশেষ ধন্যবাদ থাকিল।

Photos from Ashihara karate school of Assam's post 24/05/2026

আজি অনুস্থিত হৈ যায় তৃতীয় সংখ্যক যোৰহাট জিলাত আছিহাৰা কাৰাটে এদিনীয়া প্ৰশিক্ষণ শিৱিৰ । এই প্ৰশিক্ষণ শিৱিৰত এশৰো অধিক প্ৰশিক্ষাৰ্থীয়ে ।উন্নতমানৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ।ইয়াত মূখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কৃষ্ণ দৰ্জি আৰু তুলসী ল'হৰ। এই প্ৰশিক্ষণ শিৱিৰটো অনুস্থিত কৰা বাবে প্ৰশিক্ষক পিকু গগৈ আৰু অনিল ওৰাংক আছিহাৰা কাৰাটে স্কুল অৱ অসমৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।


21/05/2026

6th Sivasagar Ashihara Karate Championships 2026

Want your school to be the top-listed School/college in Jorhat?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


Jorhat
Jorhat