বছা মণ্ডল সমল কেন্দ্ৰ , Bosa, Titabor , Jorhat

  • Home
  • India
  • Jorhat
  • বছা মণ্ডল সমল কেন্দ্ৰ , Bosa, Titabor , Jorhat

বছা মণ্ডল সমল কেন্দ্ৰ , Bosa, Titabor , Jorhat বছা মণ্ডল সমল কেন্দ্ৰ , BOSA CLUSTER , BOSA , JORHAT

গ্ৰন্থ দান দিৱস , ইং ২৯ জুন ২০২৪    বছা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত গ্ৰন্থদান দিৱস উদ্‌যাপন ।বিদ্যালয়ৰ লগত জড়িত সমূহ ৰাইজ...
26/06/2024

গ্ৰন্থ দান দিৱস , ইং ২৯ জুন ২০২৪

বছা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত গ্ৰন্থদান দিৱস উদ্‌যাপন ।

বিদ্যালয়ৰ লগত জড়িত সমূহ ৰাইজ ,
অভিভাৱক /অভিভাৱিকা , প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ,
বিদ্বান সমাজক বিদ্যালয়খনলৈ আন্তৰিকতাৰে
ন-পুৰণি গ্ৰন্থ আগবঢ়াবলৈ অনুৰোধ জনালো।
Bosa govt. sr.Basic school Satrasali LP School,Titabar Mohimabari HIGH School Samagra Shiksha Jorhat District Administration, Jorhat

ইং ৩০-০১-২০২৪ তাৰিখ,  মঙল বাৰে ‘বছা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত’ আৰু সমূহ বছাবাসীৰ আতিথ্যত বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্য...
30/01/2024

ইং ৩০-০১-২০২৪ তাৰিখ, মঙল বাৰে ‘বছা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত’ আৰু সমূহ বছাবাসীৰ আতিথ্যত বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত ‘সামূহিক উৎসৱ’ ৰ অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন হয়।
বছা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ পাঁচ খন বিদ্যালয় ক্ৰমে বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়, মহিমাবাৰী উচ্চ মাধ্যমিক বিদ্যালয় , ছাত্ৰশালী প্ৰাথমিক বিদ্যালয়, গান্ধী বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয় আৰু কুমাৰভেটি প্ৰাথমিক বিদ্যালয় লগতে বছা মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা নিমন্ত্ৰণ কৰি অনা বন্ধু বিদ্যালয় ইকৰাণী উচ্চ মাধ্যমিক বিদ্যালয় আৰু ২নং বছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলে নিজৰ নিজৰ বিদ্যালয়ৰ পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয় । ইয়াৰ পৰবৰ্তী কাৰ্যসূচী হিচাপে বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ ৰিপুন বৰাই গছপুলি ৰোপন কৰি পৰিৱেশ সজাগতাৰ সম্পৰ্কে চমু বক্তৱ্য আগবঢ়াই ।
ইয়াৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হয় । স্থানীয় ৰাইজ তথা , কাৰ্যসূচীত অংশগ্ৰহণকাৰী প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী , শিক্ষাগুৰুৰ সক্ৰিয় অংশগ্ৰহণেৰে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী সম্পন্ন হয়। বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলে অসমৰ বাৰে ৰহণীয়া সংস্কৃতি, গ্ৰাম্য জীৱনৰ বিভিন্ন দিশ সমূহ সুন্দৰ ভাবে উপস্থাপন কৰে।
ইয়াৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়। বিভিন্ন বিদ্যালয়ে এই প্ৰদৰ্শনীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰদৰ্শনীত অসমৰ জন জীৱনৰ পৰা ক্ৰমান্বয়ে লুপ্ত হ’বলৈ ধৰা বিভিন্ন সামগ্ৰী আদি, বিভিন্ন জাতি- জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰকে আদি কৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰে।
ইয়াৰ পিছতে বছা মণ্ডল সমল কেন্দ্ৰৰ মণ্ডল সমল সমন্বয়ক শচীন্দ্ৰ বৰাই মঞ্চ উদ্বোধন কৰাৰ পিছতেই পৰবৰ্তী কাৰ্যসূচী সমূহ আৰম্ভ কৰা হয় । ইয়াৰ পিছতে চিনাকী পৰ্বৰ লগতে সংগতি ৰাখি সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হয় । তুৰুং মণ্ডল সমল কেন্দ্ৰৰ মণ্ডল সমল সমন্বয়ক অৰুণ কাঁৱৰে সামাজিক উৎসৱৰ লগত সংগতি ৰাখি বিশেষ ব্যক্তব্য প্ৰদান কৰে। উক্ত কাৰ্যসূচীক তিতাবৰ শিক্ষাখণ্ডৰ মণ্ডল সমল সমন্বয়ক প্ৰাণজিৎ বৰকাকতী, দেৱজিত দাস, ৰাজা শইকীয়া , দিপাংকৰ শইকীয়া , পল্লৱ শইকীয়া , অলকেশ শৰ্মা , আৰু ফাংচেং চিংফৌ উপস্থিত থাকে ।
ইয়াৰ পৰবৰ্তী সময়ত সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী সমূহ আৰম্ভ হয়। বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী যেনে - সত্ৰীয়া নৃত্য, বিহু নৃত্য, দিহা নাম , বিয়া নাট , নাটিকা , কবিতা আবৃত্তি , গীত পৰিৱেশন আদিৰে সাংস্কৃতিক অনুষ্ঠান জীপাল কৰি তোলে । উল্লেখযোগ্য যে বছা অঞ্চলৰ স্থানীয় কেইগৰাকী মান মহিলাই অসমীয়া সংস্কৃতিৰ পৰা ক্ৰমে লুপ্ত হৈ যাবলৈ ধৰা অসমীয়া সংস্কৃতিৰ এক অন্যতম সম্পদ ক’লা বুঢ়ী নাচ প্ৰদৰ্শন কৰি উপস্থিত সকলো ৰাইজকে আকৃষ্ট কৰে । ইয়াৰ লগতে দুলু শইকীয়াৰ পৰিচালনাৰে শংকৰদেৱৰ জীৱন ভিত্তিক এখন আলেখ্যেও বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰ সকলে অতি সুন্দৰ ভাবে উপস্থাপন কৰি দৰ্শক ৰাইজৰ মন মুহিবলৈ সক্ষম হয়।
প্ৰায় ৫০০ লোকৰ উপস্থিতিৰে সফল ভাবে সম্পন্ন হোৱা অনুষ্ঠানটোৰ সকলো দিশতে সহায় সহযোগ কৰে নৃপেন বৰা , হৰেশ্বৰ গগৈ , যতীন শইকীয়া , বলীন বৰা , ৰিপুন বৰা ,চন্দন শইকীয়া , দুলু শইকীয়া , উজ্বল চুতীয়া আদিৰ লগতে সমূহ বছা গাঁওৰ ৰাইজ তথা বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকা সকলে। বছা মণ্ডল সমল কেন্দ্ৰৰ মণ্ডল সমল সমন্বয়ক শচীন্দ্ৰ বৰা , বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত পূজাৰী , সহ শিক্ষক ৰজনী হাজৰিকা , উৎপল শইকীয়া , অমৰ জ্যোতি ভাগৱতী , জ্যোতিস্মান শৰ্মা , অংকিতা দে’ , অৰেলিয়া এক্কা , বিচিত্ৰা বৰা , কল্যাণী বৰতামূলী , সুলক্ষণা চাংমাই , সবিতা শইকীয়া , কনকলতা , বগী , পুতুল দাস আদিয়ে অনুষ্ঠান সুচাৰুৰূপে পৰিচালনাৰ বাবে সুব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কাৰ্যসূচীৰ সফল পৰিসমাপ্তিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত লয়।

#সামাজিকউৎসৱ

Samagra Shiksha Jorhat Bosa govt. sr.Basic school Mohimabari HIGH School Satrasali LP School,Titabar

বছা মণ্ডল সমল কেন্দ্ৰ :  —      ইং ২৩ আগষ্ট ২০২৩ তাৰিখে যোৰহাট জিলাৰ তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বছা মণ্ডল সমল কেন্দ্ৰৰ ...
24/08/2023

বছা মণ্ডল সমল কেন্দ্ৰ : — ইং ২৩ আগষ্ট ২০২৩ তাৰিখে যোৰহাট জিলাৰ তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বছা মণ্ডল সমল কেন্দ্ৰৰ সকলো বিদ্যালয়তে বিয়লি সময়ৰ পৰা চন্দ্ৰযান ৩
চন্দ্ৰত অৱতৰণৰ দৃশ্যৰ পোনপটীয়া সম্প্ৰচাৰৰ বিশেষ কাৰ্যসূচী আয়োজন কৰা হয় ।

বিদ্যালয় সমূহত বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীকে আদি কৰি বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী , অভিভাৱক , স্থানীয় বিভিন্ন জন ব্যক্তি সহিতে বিভিন্ন জনে একেলগে এই ঐতিহাসিক বিৰল ক্ষণৰ দৃশ্য উপভোগ কৰে ।

উল্লেখযোগ্য যে ১৪ জুলাই ২০২৩ তাৰিখে উৎক্ষেপণ কৰা এই চন্দ্ৰযানে ২৩ আগষ্ট ২০২৩ তাৰিখে বিয়লি প্ৰায় ৬ বাজি ৩ মিনিটত চন্দ্ৰপৃষ্ঠত সফল ভাবে অৱতৰণ কৰে।

Bosa govt. sr.Basic school Mohimabari HIGH School Samagra Shiksha Jorhat
Satrasali LP,Titabar Samagra Shiksha Jorhat

বছা মণ্ডল সমল কেন্দ্ৰ ( তিতাবৰ) — শিক্ষা বাৰ্তা___________________________________________      বছা মণ্ডল সমল  কেন্দ্ৰৰ ...
15/08/2023

বছা মণ্ডল সমল কেন্দ্ৰ ( তিতাবৰ) — শিক্ষা বাৰ্তা
___________________________________________

বছা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত আটাইকেইখন বিদ্যালয়ে উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰে। ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেউখন বিদ্যালয়ে পুৱাই পতাকা উত্তোলন কৰাৰ লগতে গছপুলি ৰোপন আৰু দিনযোৰা কাৰ্যসূচীৰে গীত - নৃত্যৰ বিশেষ অনুষ্ঠান আয়োজিত কৰে ।
মহিমাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি , সম্বধৰ্না , বটা বিতৰণী আৰু নৃত্য গীতৰ এক সুন্দৰ অনুষ্ঠান সম্পন্ন কৰে। উক্ত সভাত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে , ইং ১৪-০৮-২০২৩ তাৰিখে সম্পন্ন হৈ যোৱা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ প্ৰদান কৰে । বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয় সমূহৰ শিক্ষকৰ উপস্থিতি আৰু স্থানীয় ব্যক্তি , অভিভাৱক অভিভাৱিকা সকলৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
ইয়াৰ লগতে বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় , ছাত্ৰশালী প্ৰাথমিক বিদ্যালয় আদিতো উলহ মালহৰে স্বাধীনতা দিৱস উপলক্ষে নৃত্য গীতৰ বিভিন্ন কাৰ্যসূচী সম্পন্ন হয় । উল্লেখযোগ্য যে ছাত্ৰশালী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে এখন সুন্দৰ নাটিকা তথা সুন্দৰ অভিনয়েৰে উপস্থিত সকলো ৰাইজকে আপ্লুত কৰে ।

পাতাকা অৱনমিত কৰি কেউখন বিদ্যালয়ে বিদ্যালয়ত সন্ধ্যা বন্তি প্ৰজ্বলন কৰি দিনটোৰ কাৰ্যসূচীৰ সামৰণি মাৰে ।

Bosa govt. sr.Basic school
Mohimabari HIGH School

Samagra Shiksha Jorhat

১৫- ০৮- ২০২৩

15/08/2023

বছা মণ্ডল সমল কেন্দ্ৰৰ
ছাত্ৰশালী প্ৰাথমিক বিদ্যালয়ৰ
ছাত্ৰ ছাত্ৰী সকলে 🇮🇳 স্বাধীনতা দিৱস
উপলক্ষে পৰিৱেশন কৰা সুন্দৰ
অনুষ্ঠানৰ কিছু দৃশ্যাংশ ....

Samagra Shiksha Jorhat
১৫/০৮/২০২৩

বছা মণ্ডল সমল কেন্দ্ৰৰ , (তিতাবৰ) — শিক্ষা বাৰ্তা     __________________________________________‘MERA MATI MERA DESH'  ৰ...
14/08/2023

বছা মণ্ডল সমল কেন্দ্ৰৰ , (তিতাবৰ) — শিক্ষা বাৰ্তা
__________________________________________

‘MERA MATI MERA DESH' ৰ লগত সংগতি ৰাখি
🇮🇳 ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মহিমাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু বছা মণ্ডল সমল কেন্দ্ৰৰ সহযোগত বছা আৰু ইকৰাণী মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমূহৰ মাজত মহিমাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ইং ১৪-০৮-২০২৩ তাৰিখে ৰচনা , কবিতা আবৃত্তিৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।

প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ ১৫ আগষ্ট তাৰিখে অৰ্থাৎ কালিলৈ মহিমাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত হব লগীয়া ‘সম্বৰ্ধনা , নৃত্য - গীত’ ৰ বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ’ব ।

Samagra Shiksha Jorhat
Samagra Shiksha Jorhat
https://www.facebook.com/samagrashiksha.jorhat

ইং ৩০-০৬-২০২৩ তাৰিখে বছা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত Bosa govt. sr.Basic school  বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত বিদ্...
01/07/2023

ইং ৩০-০৬-২০২৩ তাৰিখে বছা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত Bosa govt. sr.Basic school বছা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত বিদ্যালয়ৰ গৰমৰ বন্ধ উপলক্ষে ‘প্ৰীতি সন্মিলন’ শীৰ্ষক এক সুন্দৰ অনুষ্ঠান আয়োজিত হৈ যায় । উক্ত অনুষ্ঠানটোত বিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে উৎসাহেৰে অংশ গ্ৰহণ কৰে । ছাত্ৰী ছাত্ৰী সকলে বিভিন্ন গীত-মাত, নৃত্য , বাঁহীবাদন, সমৰকলা আদি প্ৰদৰ্শন কৰাৰ লগতে নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত নাটিকা ‘ ধুনীয়া হাত’ পৰিৱেশন কৰে। উক্ত অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে , বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্য , অভিভাৱক , স্থানীয় লোক আৰু বছা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মহোদয় উপস্থিত থাকে ।

Samagra Shiksha Jorhat

Address

BOSA
Jorhat
785631

Alerts

Be the first to know and let us send you an email when বছা মণ্ডল সমল কেন্দ্ৰ , Bosa, Titabor , Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share