Kakojan college student's union 2019-20

Kakojan college student's union 2019-20 Kakojan college students' union 2019-20,ph.no - 6002987335

স্নাতক মহলাৰ আগন্তুক পৰীক্ষাসমূহ স্থগিত কৰা হৈছে।
01/03/2021

স্নাতক মহলাৰ আগন্তুক পৰীক্ষাসমূহ স্থগিত কৰা হৈছে।

25/02/2021
ইয়াৰ দ্বাৰা সমূহ কাকজনীয়ানক জনোৱা হয় যে অহা কালিলৈ অৰ্থাৎ ২৪/০২/২০২১ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ...
23/02/2021

ইয়াৰ দ্বাৰা সমূহ কাকজনীয়ানক জনোৱা হয় যে অহা কালিলৈ অৰ্থাৎ ২৪/০২/২০২১ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ভোট প্ৰদান কৰিবলৈ কাকজনীয়ানসকলে তলত দিয়া যিকোনো এটা নথি-পত্ৰ লগত অনাটো প্ৰয়োজনীয়।
১)Library card
২)একেবাৰে শেষৰ Semester ৰ admission reciept
৩)Unique id
৪)Identity card
(**বি:দ্ৰ:-( ক)এই documents সমূহ মহাবিদ্যালয়ৰ কোনো নিয়মীয়া ছাত্ৰৰ লগত কিবা কাৰণত নাথাকিলেওঁ মহাবিদ্যালয়ৰ Register book পৰীক্ষণ কৰি ভোট প্ৰদানৰ সুবিধা প্ৰদান কৰা হ'ব।)
(খ)দ্বিতীয়তে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জনোৱা মতে ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ দিনা মহাবিদ্যালয়ত অনুপস্থিত থকা(বিশেষ অসুবিধাৰ বাহিৰে)ছাত্ৰ-ছাত্ৰীসকলৰ অনুপস্থিতিক বিশেষ অনুপস্থিতি হিচাপে গণ্য কৰা হ'ব।

ধন্যবাদেৰে

মাৰিয়া বেগম নিৰুৎপল বৰুৱা
সভাপতি সাধাৰণ সম্পাদক

সৌৰভজ্যোতি দাস তপোব্ৰত বৰা
উপঃসভাপতি সহঃসাধাৰণ সঃ

ছাত্ৰ একতা সভা,২০১৯-২০ বৰ্ষ
কাকজান মহাবিদ্যালয়

কাকজনীয়ানৰ সমস্যা তথা প্ৰয়োজনীয়তাৰ প্ৰতি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা সদা জাগ্ৰত আৰু দায়ৱদ্ধ। যোৱা ৮/০২/২০২১ তাৰিখে মহাবি...
10/02/2021

কাকজনীয়ানৰ সমস্যা তথা প্ৰয়োজনীয়তাৰ প্ৰতি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা সদা জাগ্ৰত আৰু দায়ৱদ্ধ। যোৱা ৮/০২/২০২১ তাৰিখে মহাবিদ্যালয়ৰ অধ্যক্ষা,ছাত্ৰ একতা সভাৰ বিষয়ববীয়া আৰু একতা সভাৰ উপদেষ্টামণ্ডলীৰ মাজত হোৱা এখন বিশেষ বৈঠকত ২০১৯-২০ বৰ্ষৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়াক ২৫ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়।এই স্মাৰক পত্ৰত কাকজনীয়ানৰ সামগ্ৰিক সমস্যা তথা প্ৰয়োজনীয়তাক সাঙুৰি লোৱাৰ চেষ্টা কৰা হৈছে।আশা কৰিছো মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এই সমস্যাসমূহ অতি সোনকালে সমাধান কৰাৰ লগতে প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক সকাহ প্ৰদান কৰিব।
উল্লেখযোগ্য যে এই স্মাৰক পত্ৰ প্ৰদানৰ পিছতেই
মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয়াই কাকজনীয়ানৰ বহুকেইটা সমস্যা অতি কম দিনৰ ভিতৰত সমাধান কৰা হ'ব বুলি উক্ত বৈঠকতে আমাক আশ্বাস প্ৰদান কৰে।আমি আশাবাদী এই সমাধানসূত্ৰ অতি কম সময়ৰ ভিতৰত ফলপ্ৰসূ হ'ব।

- ধন্যবাদেৰে

মাৰিয়া বেগম নিৰুৎপল বৰুৱা
সভাপতি সাধাৰণ সম্পাদক

সৌৰভজ্যোতি দাস তপোব্ৰত বৰা
উপঃসভাপতি সহঃসাঃসম্পাদক

ছাত্ৰ একতা সভা,২০১৯-২০ বৰ্ষ
কাকজান মহাবিদ্যালয়।

আমি কাজজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা ২০১৯-২০ বৰ্ষই কাকজনীয়ানৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি  মহাবিদ্যালয়তে এটা আধাৰ পঞ্জীয়...
29/01/2021

আমি কাজজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা ২০১৯-২০ বৰ্ষই কাকজনীয়ানৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয়তে এটা আধাৰ পঞ্জীয়ন কেন্দ্ৰৰ ব্যৱস্থা কৰিবৰ বাবে যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়াক এখনি আবেদন কৰিছিলো আৰু এই আবেদন মৰ্মে উপায়ুক্ত মহোদয়াই আমাৰ মহাবিদ্যালয়ত এই আধাৰ পঞ্জীয়ন কেন্দ্ৰৰ সুবিধা প্ৰদান কৰিছে।ইতিমধ্য এই আধাৰ পঞ্জীয়ন কেন্দ্ৰৰ কাম মুকলি কৰা হৈছে ।যোৱা ২৭/০১/২০২১ তাৰিখে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপৰেখা বৰদলৈ বাইদেউে আনুষ্ঠানিকভাৱে এই কেন্দ্ৰ মুকলি কৰে।উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° বিজয়লক্ষ্মী নেওঁগ বাইদেউ,শৈক্ষিক উপাধ্যক্ষ শ্ৰীযুত মৃদুল গগৈ ছাৰকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষকবৃন্দ আৰু ছাত্ৰ একতা সভাৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।গতিকে কাকজনীয়ানে এতিয়াৰ পৰা অতি সহজতে এই আধাৰ কাৰ্ডসমূহ মহাবিদ্যালয়তে উলিয়াব পাৰিব।ছাত্ৰ একতা সভাৰ এই পদক্ষেপত সঁহাৰি জনোৱা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়াক একতা সভাৰ তৰফৰ পৰা আন্তুৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

বি:দ্ৰ: ১)প্ৰাৰম্ভিক অৱস্থাত প্ৰত্যক দিনে প্ৰায় ১০ জন ব্যক্তিৰ আধাৰ পঞ্জীয়নৰ কাম কৰা হ'ব।(ইয়াৰে ৫ টা পঞ্জীয়ন কাকজনীয়ানৰ বাবে সংৰক্ষিত থাকিব।)
২) বিভাগীয় ক্ৰমত কাকজনীয়ানে অাধাৰ পঞ্জীয়ন কৰিব পাৰিব।(বিভাগৰ নামৰ প্ৰথম বৰ্ণ অনুযায়ী ক্ৰম নিৰ্ধাৰণ কৰা হৈছে।)
২) কাকজনীয়ানৰ বাহিৰেওঁ কাকজান অঞ্চলৰ অন্য ব্যক্তিসকলৰ বাবেও এই পঞ্জীয়ন কেন্দ্ৰ মুকলি থাকিব।

ধন্যবাদেৰে
মাৰিয়া বেগম
সভাপতি
সৌৰভজ্যোতি দাস
‌ উপঃসভাপতি
নিৰুৎপল বৰুৱা।
সাধাৰণ সম্পাদক
তপোব্ৰত বৰা
সহঃসাধাৰণ সম্পাদক

ছাত্ৰ একতা সভা,২০১৯-২০ বৰ্ষ

কাকজান মহাবিদ্যালয়।

এখন শৈক্ষিক অনুষ্ঠানত সামগ্ৰিক দিশত বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ লগত জড়িত বিভিন্ন প্ৰকাৰৰ অসুবিধা তথা সমস্যা থাকিব পাৰে,সেয়া স্...
24/12/2020

এখন শৈক্ষিক অনুষ্ঠানত সামগ্ৰিক দিশত বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ লগত জড়িত বিভিন্ন প্ৰকাৰৰ অসুবিধা তথা সমস্যা থাকিব পাৰে,সেয়া স্বাভাৱিক।কিন্তু এই অসুবিধা তথা সমস্যাসমূহৰ যদি সমাধানৰ ফলপ্ৰসূ ব্যৱস্থা কোনো দিনে নহয় সেয়া অস্বাভাৱিক।কাকজনীয়ানে বিভিন্ন ক্ষেত্ৰত পোৱা অসুবিধা তথা সমস্যা সম্পৰ্কে আমাক সহজে লিখিতভাৱে জনাবলৈ সুবিধা হোৱাকৈ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।কাকজনীয়ানে লিখিতভাৱে সমস্যাসমূহ দিবলৈ অভিযোগ বাকচ সমূহ মহাবিদ্যালয়ৰ বিভিন্ন স্থানত উপলব্ধ কৰোৱা হৈছে।সকলোৱে বিনা দ্বিধাৰে আপোনালোকৰ সমস্যাসমূহ আমাক অভিযোগ বাকচৰ সহায়ত অৱগত কৰিব পাৰে।

বিঃদ্ৰঃ (সমস্যাসমূহ লিখিতভাৱে দিওঁতে নিজৰ পৰিচয় উল্লেখ কৰাটো বাধ্যতামূলক নহয়)

ধন্যবাদেৰে
ছাত্ৰ একতা সভা,২০১৯-২০ বৰ্ষ
কাকজান মহাবিদ্যালয়।

☆ "আন্তঃবিভাগীয় হাতেলিখা আলোচনীৰ প্ৰতিযোগিতা" !!
26/11/2020

☆ "আন্তঃবিভাগীয় হাতেলিখা আলোচনীৰ প্ৰতিযোগিতা" !!

28/10/2020

কাকজান মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ISHAN UDAY SCHOLARSHIP ৰ Renewal কৰিব,তেওঁলোকক যিহেতু একেবাৰে শেষৰ Semester ৰ মাৰ্কশ্বিট প্ৰয়োজন।কিন্তু এই মাৰ্কশ্বিটসমূহ এতিয়াও উপলব্ধ হোৱা নাই।গতিকে ছাত্ৰ-ছাত্ৰীসকলে
renewal ৰ বাবে অধ্যক্ষ মহোদয়াৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণ-পত্ৰ মহাবিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

ছাত্ৰ একতা সভা
২০১৯-২০ বৰ্ষ
কাকজান মহাবিদ্যালয়

শিক্ষানুষ্ঠানত  "শিক্ষক দিৱসৰ" মাদকতা সুকীয়া হয়।শিক্ষক-ছাত্ৰ উভয়ৰে বাবে আজিৰ দিনটোৰ গুৰুত্ব সঁচায়ে অনন্য।           কিন্...
05/09/2020

শিক্ষানুষ্ঠানত "শিক্ষক দিৱসৰ" মাদকতা সুকীয়া হয়।শিক্ষক-ছাত্ৰ উভয়ৰে বাবে আজিৰ দিনটোৰ গুৰুত্ব সঁচায়ে অনন্য।
কিন্তু সৰ্বত্ৰতে বিয়পি পৰা কৰ'না মহামাৰীয়ে এইবাৰ প্ৰত্যক শিক্ষানুষ্ঠানত শিক্ষক দিৱসৰ উৎসাহ-মাদকতা সকলো তচ-নচ কৰি পেলালে।
আজি এই পৱিত্ৰ দিনটোত মহাবিদ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে নহ'লেও মহাবিদ্যালয়ৰ সন্মানীয়া অধ্যক্ষা মহোদয়া আৰু উপাধ্যক্ষা মহোদয়াক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।এই আপাহতে প্ৰত্যক গৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈও পুনশ্চ: সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ তথা সু-স্বাস্থ্য কামনা কৰিলোঁ।

হে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল...
আপোনালোকে শিক্ষকতাৰ এই মহান কৰ্মৰ জৰিয়তে প্ৰজ্ঞাৰ বীজ যুগে-যুগে সিঁচি যাওঁক আৰু সেই প্ৰজ্ঞাৰ বীঁজৰ পৰা প্ৰস্ফূতিত হওঁক মূল্যবোধ,অহিংসা,শান্তি,সম্প্ৰীতি,একতা ইত্যাদিৰে সমৃদ্ধ সমাজ,জাতি আৰু দেশ।

আপোনালোকৰ আৰ্শীবাদ আমাৰ চিৰকাম্য।
- ধন্যবাদেৰে
ছাত্ৰ একতা সভা ২০১৯-২০ বৰ্ষ
কাকজান মহাবিদ্যালয়

ষষ্ঠ ষান্মাসিকৰ "পৰীক্ষাকেন্দ্ৰ আৰু ব্যৱহাৰিকৰ মাচুল হ্ৰাস"ৰ বাবে যোৱা ২৪/০৮/২০২০ তাৰিখে অধ্যক্ষ মহোদয়াক আমি কাকজান মহাব...
25/08/2020

ষষ্ঠ ষান্মাসিকৰ "পৰীক্ষাকেন্দ্ৰ আৰু ব্যৱহাৰিকৰ মাচুল হ্ৰাস"ৰ বাবে যোৱা ২৪/০৮/২০২০ তাৰিখে অধ্যক্ষ মহোদয়াক আমি কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা এখন আবেদন কৰা হয়।এইক্ষেত্ৰত অধ্যক্ষ মহোদয়াই আজি ২৫/০৮/২০২০ তাৰিখে মাচুল হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু জাননী প্ৰকাশ কৰে।ধন্যবাদ অধ্যক্ষ মহোদয়া।

(বিঃদ্ৰঃ- আমি অধ্যক্ষ মহোদয়ালৈ প্ৰেৰণ কৰা আবেদন পত্ৰ আৰু অধ্যক্ষ মহোদয়াই বৰ্তমান মাচুল হ্ৰাস কৰি প্ৰদান কৰা জাননী তলত প্ৰকাশ কৰা হ'ল।)

Address

NH37, Jorhat
Jorhat

Telephone

+919126475118

Website

Alerts

Be the first to know and let us send you an email when Kakojan college student's union 2019-20 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category