15/06/2024
লাহদৈগড় একাডেমীৰ নৱাগত আদৰণী আৰু অভিনন্দন অনুষ্ঠান
পূব যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান লাহদৈগড় একাডেমিৰ ২০২৪ বৰ্ষৰ নৱাগত আদৰণী সভা আৰু অভিনন্দন অনুষ্ঠান একাডেমী সভাগৃহত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে একাডেমিৰ অধ্যক্ষ তথা নিবন্ধকাৰ অজিত কুমাৰ সন্দিকৈয়ে ৷ বিশিষ্ট সাংবাদিক বিকাশ সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্জ্বলন আৰু আদৰণী ভাষণ প্ৰদান কৰে একাডেমীৰ সঞ্চালিকা ড° ৰাজু বৰুৱাই ৷ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ পৰশমনি বৰা দ্বাৰা পৰিবেশিতএটি বৰগীতেৰে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি যোৰহাটৰ বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শইকীয়া আৰু বাল্য নিকেতন কাকজানৰ শিক্ষক জিতুমনি বৰ্মনে প্ৰেৰণামূলক বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক অনুসন্ধিৎসু গুণৰ অধিকাৰী হোৱাৰ আহ্বান জনায় ৷ লাহদৈগড় একাডেমীৰ প্ৰবক্তা উজ্জ্বলপ্ৰাণ গোস্বামীয়ে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় ৷ উক্ত অনুষ্ঠানতে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰপৰা দ্বিতীয় বৰ্ষলৈ একাডেমিৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপক ছাত্ৰী নয়নী বৰুৱাক জ্ঞানশ্ৰী বঁটা প্ৰদান কৰা হয় ৷ একাডেমীৰ শুভাকাঙ্খী অঞ্জনজ্যোতি শইকীয়াই আগবঢ়োৱা এই বঁটাত আছে এক প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলা আৰু এই বৰ্ষৰ চূড়ান্ত পৰীক্ষাত ৰাজনীতি বিজ্ঞানত একাডেমীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত বৈষ্ণৱ প্ৰাণ বৰাক প্ৰজ্ঞা বটাঁ প্ৰদান কৰা হ'য়।আনহাতে এইবৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ সংগীতা বৰা, বৈষ্ণৱ প্ৰাণ বৰা, দিপশিখা বৰা, কৃষ্ণাক্ষী সন্দিকৈ , তৃষ্ণাৰাণী বৰা, মিণ্টু শইকীয়া, হিমাংশু বৰা, হিয়াশ্ৰী সন্দিকৈ , চয়নিকা বৰা, আৰু প্ৰদ্যুন্ন বৰাক একাডেমিৰ তৰফৰপৰা গ্ৰন্থৰে অভিনন্দন জ্ঞাপন কৰা হয়। লগতে একাডেমীৰ পৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হ'য়। অভিনন্দন অনুষ্ঠান পৰিচালনা কৰে একাডেমীৰ প্ৰবক্তা প্ৰিয়াংকী বৰাই ৷ কেইবাগৰাকী ন-পুৰণি ছাত্ৰ-ছাত্ৰীয়ে মনৰ অনুভৱ ব্যক্ত কৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য, আদি পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷