অসমীয়া বিভাগ, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক

  • Home
  • India
  • Jorhat
  • অসমীয়া বিভাগ, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক

অসমীয়া বিভাগ, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ সমূহ কাৰ্যাৱলী

৩০-০৪-২০২6 তাৰিখে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষামূলক ভ্ৰমণ । তেজপুৰ ভ্ৰমণৰ  ...
09/05/2026

৩০-০৪-২০২6 তাৰিখে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষামূলক ভ্ৰমণ । তেজপুৰ ভ্ৰমণৰ দুটিমান মুহূৰ্ত ।

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ আমাৰ অসমীয়া বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ দেৱাশিস হাজৰিকাই যোৰহাট অভিযান্ত্ৰিক মহাব...
31/03/2026

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ আমাৰ অসমীয়া বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ দেৱাশিস হাজৰিকাই যোৰহাট অভিযান্ত্ৰিক মহাবিদ‍্যালয়ৰ বাৰ্ষিক মহোৎসৱ ফিনিক্স(Phoenix: Harmonic Horizon.)২০২৬ বৰ্ষৰ লগত সংগতি ৰাখি যোৰহাট অভিযান্ত্ৰিক মহাবিদ‍্যালয় সাহিত‍্য সমাজে অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত স্বৰচিত অনলাইন কবিতা লিখা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে। ছাত্ৰ দেৱাশিসক অভিনন্দন আৰু ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমাৰ ভাল হওক 💐💐

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগ আৰু সাহিত্য চ'ৰাৰ উদ্যোগত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস অনুষ্ঠিত ক...
21/02/2026

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগ আৰু সাহিত্য চ'ৰাৰ উদ্যোগত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস অনুষ্ঠিত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষ্যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মাতৃভাষাক বিষয়বস্তু হিচাপে লৈ থলীতে অনুগল্প, কবিতা আৰু অনুভৱ লিখাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ অন্তত মূল সভা অনুষ্ঠিত হয়। সভাত নিৰ্দিষ্ট বক্তাৰূপে মহাবিদ্যালয়ৰ ৰেক্টৰ তথা অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ড০ বিনয়ব্ৰত ৰাজখোৱাই মাতৃভাষাৰ গুৰুত্ব, মাতৃভাষা দিৱসৰ গুৰুত্ব সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ জয়ন্ত পাঠকে প্ৰতিযোগিতাৰ এজন বিচাৰকৰূপে প্ৰতিযোগীসকলৰ মাতৃভাষা সম্পৰ্কে লিখা অনুভৱৰ পৰ্শংসা কৰি অনুভৱ ব্যক্ত কৰে। সভাত অসমীয়া বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ দেৱাশিস হাজৰিকাই এটি স্বৰচিত কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে।
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা মাতৃভাষা শীৰ্ষক বিষয়বস্তুৰ প্ৰতিযোগিতাৰ ১. কবিতা লিখা প্ৰতিযোগিতাত অসমীয়া বিভাগৰ দেৱাশিস হাজৰিকাই প্ৰথম স্থান; ধ্ৰুৱজিত শইকীয়াই দ্বিতীয় স্থান; ধ্ৰুৱজ্যোতি দত্তই তৃতীয় স্থান; শিখাৰাণী চেতিয়া, বৰষা ৰাণী বড়বড়া আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ নয়ন নীলিম শৰ্মাই উদগণিমূলক পুৰস্কাৰ লাভ কৰে।
২. অনুভৱ লিখা প্ৰতিযোগিতাত অৰ্থনীতি বিভাগৰ শ্ৰীবীস্তৱ বড়াই প্ৰথম স্থান; ৰাজনীতি বিজ্ঞান বিভাগৰ ভাৰতী বৰুৱাই দ্বিতীয় স্থান; অসমীয়া বিভাগৰ অশ্লেষা ফুকন,ৰাজনীতি বিজ্ঞান বিভাগৰ শিল্পীসুমন দত্তই যুটীয়াভাৱে তৃতীয় স্থান; ইতিহাস বিভাগৰ ভাৰতী গগৈ,ৰাজনীতি বিজ্ঞান বিভাগৰ নীহাৰিকা বৰগোহাঁই আৰু সমাজতত্ত্ব বিভাগৰ অমিয়া হাজৰিকাই উদগণিমূলক পুৰস্কাৰ লাভ কৰে।
৩. অণুগল্প লিখা প্ৰতিযোগিতাত সমাজতত্ত্ব বিভাগ মানস প্ৰতিম শইকীয়াই প্ৰথম স্থান ; ৰাজনীতি বিজ্ঞান বিভাগৰ শ্ৰুতি বুঢ়াগোহাঁয়ে দ্বিতীয় স্থান আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অভিজিত বৰাই তৃতীয় স্থান লাভ কৰে।
অনুষ্ঠানৰ আঁত ধৰোঁতা সাহিত্য চ"ৰাৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ড০ কৰবী গগৈয়ে মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা তথা দায়িত্বশীল হ'বৰ বাবে সকলোকে আহ্বান জনায় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জনায়।
আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, মহাবিদ্যালয়ৰ ৰেক্টৰ ড০ বিনয়ব্ৰত ৰাজখোৱা মহোদয়ৰ লগতে আভ্যন্তৰীণ মান নিুশ্চিতকৰণ কোষৰ সমন্বয়ক ড০ ৰুবী নাথ, অসমীয়া বিভাগৰ ড০ জয়ন্ত পাঠক, ৰাজনীতি বিজ্ঞান বিভাগৰ ড০ দীপক কুমাৰ শৰ্মা, ড০ ফাৰ্জিয়া যাচমিন চলিহা, জুৰিমালা দাস, ইতিহাস বিভাগৰ ড০ বিকাশ নাথ, শিক্ষাতত্ত্ব বিভাগৰ ড০ অনিতা শৰ্মা, পল্লৱী ভট্টাচাৰ্য উপস্থিত থাকে। সকলোৰে সক্ৰিয় সহযেগিতা তথা অংশগ্ৰহণেৰে আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসটি সুন্দৰকৈ উদয়াপন কৰা হয়।

Big thanks to Bitupon Bhuyan, Pompi Kalita, Biswajit Kalita, Mamoni Gogoi Baruah, Bhaskar Jyoti Nath, Abinash Handique, ...
05/02/2026

Big thanks to Bitupon Bhuyan, Pompi Kalita, Biswajit Kalita, Mamoni Gogoi Baruah, Bhaskar Jyoti Nath, Abinash Handique, Moukuhi Moukuhi Borah, Nayanmoni Sarmah

for all your support! Congrats for being top fans on a streak 🔥!

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ আমাৰ অসমীয়া বিভাগৰ পৰা  ২০১৫ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত প্ৰথ...
03/01/2026

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ আমাৰ অসমীয়া বিভাগৰ পৰা ২০১৫ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত প্ৰথম শ্ৰেণীৰ অষ্টম স্থান লাভ কৰি বিভাগক গৌৰৱান্বিত কৰা ছাত্ৰী #ববিতা_গগৈয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় Ph. D ডিগ্ৰী লাভ কৰাৰ বাবে তেওঁক বিভাগৰ তৰফৰপৰা অভিনন্দন জনাইছোঁ। তেওঁৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

২০২৫-২৬ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ বিভাগ আমাৰ অসমীয়া বিভাগ। #শ্ৰেষ্ঠ_বিভাগ  #অসমীয়া_বিভাগ  #চন্দ্ৰকমল_বেজবৰুৱা_ম...
23/12/2025

২০২৫-২৬ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ বিভাগ আমাৰ অসমীয়া বিভাগ।
#শ্ৰেষ্ঠ_বিভাগ
#অসমীয়া_বিভাগ
#চন্দ্ৰকমল_বেজবৰুৱা_মহাবিদ্যালয়_টীয়ক

11/12/2025

🎊🎊

Big shout out to my newest top fans! 💎 Bitupon Bhuyan, Pompi Kalita, Biswajit Kalita, Mamoni Gogoi Baruah, Bhaskar Jyoti...
11/12/2025

Big shout out to my newest top fans! 💎 Bitupon Bhuyan, Pompi Kalita, Biswajit Kalita, Mamoni Gogoi Baruah, Bhaskar Jyoti Nath, Abinash Handique, Moukuhi Moukuhi Borah, Debasish Hazarika

Drop a comment to welcome them to our community,

Address

Jorhat
785112

Website

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to অসমীয়া বিভাগ, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক:

Shortcuts

Share

Category