CLP Abacus Jorhat

CLP Abacus Jorhat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from CLP Abacus Jorhat, Education, Jorhat.

15/11/2021
এবেকাচৰ নামভৰ্তিৰ বাবে যিসকলে মোৰ লগত যোগাযোগ কৰিছিল অনুগ্ৰহ কৰি 7002497158 নাম্বাৰত ফোন বা মেছেজ কৰিব।আমাৰ অনলাইন ক্লাছ...
17/09/2021

এবেকাচৰ নামভৰ্তিৰ বাবে যিসকলে মোৰ লগত যোগাযোগ কৰিছিল অনুগ্ৰহ কৰি 7002497158 নাম্বাৰত ফোন বা মেছেজ কৰিব।আমাৰ অনলাইন ক্লাছ সমূহ চলি আছে যদিও অভিভাৱকৰ অনুমতি সাপেক্ষে কালিলৈৰ পৰা কম সংখ্যক ছাত্ৰ ছাত্ৰীক লৈ সতৰ্কতাৰে অফলাইন ক্লাছসমূহো আৰম্ভ কৰা হব।ক্লাছ অনলাইন অফলাইন দুয়োভাগেই লোৱা হব।নতুন গ্ৰুপৰ প্ৰথম ক্লাছ কালিলৈৰ পৰা আৰম্ভ হব।

21/08/2021
১৫।০৮।২০২১ তাৰিখে আয়োজিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ ছবিসমূহ
21/08/2021

১৫।০৮।২০২১ তাৰিখে আয়োজিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ ছবিসমূহ

01/08/2021

আমাৰ অনুষ্ঠানত কনমানি দৰ্শিতে কোৱা সাধুটো আপোনালোকেও শুনকচোন।

01/08/2021

যোৱা সপ্তাহত হৈ যোৱা অনুষ্ঠানত কনমানি আনিশ বৈশ্য আৰু আদৃতি গগৈৰ অনুষ্ঠান পৰিবেশনৰ ভিদিঅ'।ভিদিঅ'সমূহ তেওঁলোকৰ অভিভাৱকৰ পৰা সংগৃহিত।

31/07/2021

আমাৰ কেন্দ্ৰৰ এবেকাছৰ নতুন ক্লাছসমূহ এই সপ্তাহৰ পৰাই আৰম্ভ হ'ব।যিসকলে নতুনকৈ নামভৰ্তি কৰিব বিছাৰে 7002407158 নাম্বাৰত যোগাযোগ কৰিব পাৰিব।

যোৱা ২৪তাৰিখে যোৰহাট চি এল পি এবেকাচ চেন্টাৰৰ যি অনুষ্ঠান আছিল তাত অংশগ্ৰহনকাৰী শিশুসকল সৰহ হোৱাৰ বাবে আমি ২৫তাৰিখেও একে...
28/07/2021

যোৱা ২৪তাৰিখে যোৰহাট চি এল পি এবেকাচ চেন্টাৰৰ যি অনুষ্ঠান আছিল তাত অংশগ্ৰহনকাৰী শিশুসকল সৰহ হোৱাৰ বাবে আমি ২৫তাৰিখেও একেধৰণেই অনুষ্ঠিত কৰিছিলোঁ।শিশুসকলৰ আগ্ৰহ,অভিভাৱকৰ উৎসাহ আৰু সহযোগিতাত খুব সুন্দৰকৈ দেওবাৰৰ দুঘন্টা সময় পাৰ কৰিলোঁ‌।আনিশ বৈশ্যৰ দেশপ্ৰেমমূলক এটি গীতেৰে আৰম্ভণি কৰি কবিতা আবৃত্তি,নৃত্য,গীত,খোল বাদন,মাটি আখৰা,ঢোল বাদন,সাধু,ভজন আদি শিশুসকলে পৰিবেশন কৰে।অনুষ্ঠানত অংশগ্ৰহণকাৰী শিশুসকল হৈছে,

২৫।০৭।২১

১।আনীশ বৈশ্য= কীবৰ্ড(দেশপ্ৰেম মূলক গীত)
২।তন্ময় প্ৰতীম দাস= হিন্দী গীত
৩।অনন্যা মহন্ত
৪।প্ৰিয়ম পলী
৫।প্ৰজ্ঞাপ্ৰিয়া
৬।নিমিষা দেৱী
৭।আয়ুস্মান নাথ=খোল বাদন
৮।প্ৰিয়ানুজ ভুঞা
৯।অলংকৃতা বৰুৱা
১০।দিব্যাংশী ভৰদ্বাজ
১১।প্ৰজ্ঞাশা শইকিয়া
১২।ৰিয়ান
১৩।দেবাৰ্চনা শৰ্মা
১৪।নিপমজ্যোতি
১৫।কুঁ‌হি শইকিয়া
১৬।অবলোকিতা
১৭।অভিনব ফুকন
১৮।পৰিধি=ভজন
১৯।মনস্বিতা=নৃত্য
২০।ঋষিৰাজ=গীত
২১।আয়ুস্মান= মাটি আখৰা
২২।শতৰূপা কলিতা
২৩।শতৰূপা দত্ত
২৪।আদ্ৰিয়ানা দত্ত
২৫।অক্সিতা আৰ্ণা বৰা
২৬।নিহান দত্ত
২৭।ভাস্কৰ্য হাজৰিকা
২৮।শুভলক্ষ্মী গোস্বামী
২৯।হৰ্ষিত পাঠক
৩০।নৈঋত ভৰদ্বাজ
৩১।জ্ঞানৱী শৰ্মা
৩২।দৰ্শিত ভৰদ্বাজ
৩৩।অংশুমান বুঢ়াগোহাঁ‌ই=নৃত্য
৩৪।সুহান ৱাছিক
৩৫।কুনাল কিশোৰ সোনোৱাল
৩৬।আয়ুসী দিক্ষিতা।
সকলোৰে ভবিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰি মোৰ মৰম আৰু শুভকামনা জনালোঁ লগতে অভিভাৱক সকললৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।
(মই সকলোৰে স্ক্ৰীণচট ৰাখিছোঁ‌,যদি কাৰোবাৰ থাকি গৈছে তেন্তে অনুগ্ৰহ কৰি মোক জনাব)

আজি ২৪।০৭।২০২১ তাৰিখে আমি চি এল পি এবেকাচ যোৰহাট কেন্দ্ৰৰ ফালৰ পৰা এটা অনুষ্ঠান আয়োজন কৰিছিলোঁ,অনুষ্ঠানৰ মূখ্য উদ্দেশ্য ...
24/07/2021

আজি ২৪।০৭।২০২১ তাৰিখে আমি চি এল পি এবেকাচ যোৰহাট কেন্দ্ৰৰ ফালৰ পৰা এটা অনুষ্ঠান আয়োজন কৰিছিলোঁ,অনুষ্ঠানৰ মূখ্য উদ্দেশ্য আছিল অভিভাৱকসকলৰ লগত মত বিনিময়,লগতে শিশুসকলৰ মনোৰঞ্জনৰ বাবে তেওঁলোকৰ নিজা ৰুচি অনুযায়ী প্ৰতিভাসমূহৰ প্ৰদৰ্শন।শিশুসকলৰ উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি আমি অভিভাৱকৰ সৈতে মত বিনিময় একেবাৰে শেষলৈ ৰাখিলোঁ‌ সেয়ে সকলোৰে লগত চিনাকি হব পৰা নগল।আজিৰ অনুষ্ঠানটো আমি সকলোৰে সময়ৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়া কৰিলোঁ‌ যাতে সকলো শিশুৱে নিজৰ ইচ্ছামতে অনুষ্ঠান পৰিবেশন কৰিব পাৰে।
আজিৰ অনুষ্ঠান আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত পংকজ বৰুৱাদেৱে মংগলাচৰণেৰে শুভাৰম্ভ কৰে আৰু উদ্ধোধনী ভাষণ আগবঢ়াই তিতাবৰ প্ৰাগজ্যোতিকাৰ শ্ৰীযুত ৰক্তিম দত্ত দেৱে।তেওঁলোক দুয়োৱে সকলো শিশুৰ সৰ্বাংগীণ উন্নতি কামনা কৰি নিজৰ বক্তব্য আগবঢ়ায়।আমাৰ চিন্ময়ী লাৰ্ণিং পইন্টৰ প্ৰতিষ্ঠাতা শিশু মনস্তত্ববিদ আৰু কেলিগ্ৰাফিষ্ট কুকি মহন্ত বাইদেৱে শিশুসকলৰ লগত বাৰ্তালাপ কৰি অভিভাৱকক উদ্দেশ্যি তেওঁৰ মন্তব্য ৰখাৰ পাছতেই শিশুসমূহৰ নৃত্য গীতেৰে আমাৰ কাৰ্য্যসূচী আগবাঢ়ে।ইয়াৰ আঁ‌ত ধৰে চি এল পিৰ নিৰ্দেশিকা ৰিণি বৰগোহাঁ‌য়ে।আজি কবিতা আবৃত্তি কৰে অভিনৱ ফুকন,আদৃত অনুপ দত্ত আৰু সমৃদ্ধ সৌৰভে।গীত পৰিবেশন কৰে নৈঋত ভৰদ্বাজ,ওজস্বিনী নাগ,নিহান দত্ত,অন্বেষা মহন্ত,আদৃতা মৰাণ,লোপামূদ্ৰা গগৈ,অনুভৱ কৌশিক বৰুৱা,দেৱাৰ্চনা শৰ্মাই।মাতৃ আৰু সন্তানৰ যুটীয়াভাৱে গীত পৰিবেশন কৰে আদৃতা আৰু শ্ৰদ্ধাৰ বিপাশা সন্দিকৈ বাইদেৱে।কনমানি আদিত্ৰী গগৈয়ে এটি ৰাভা জনগোষ্ঠীৰ গীতৰ লগতে দুটি ওমলা গীত পৰিবেশন কৰে।সাধু কয় জ্ঞানৱী শৰ্মা,পোহৰ ভুঞা,দৰ্শিত ভৰদ্বাজে।সৰস্বতী বন্দনা কৰে পৰিধি হালৈয়ে।নৃত্য পৰিবেশন কৰে কৃষ্টিনা কিংকিনী দত্ত,মনিকাঞ্চন ৰাজখোৱাই।ঢোল বাদন কৰে কৃতাৰ্থ বৰুৱাই।শেষত কেইবাগৰাকীও অভিভাৱকে তেওঁলোকৰ বক্তব্য আগবঢ়াই।
শিশুসকলৰ প্ৰত্যেকেই খুব সুন্দৰকৈ নৃত্য,গীত, আবৃত্তি,সাধু পৰিবেশন কৰে।এইক্ষেত্ৰত অভিভাৱক সকলক মই ধন্যবাদ জনাইছোঁ‌।সকলোৱে ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়োৱাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ‌ লগতে কালিলৈ অনুষ্ঠানত তেওঁলোক উপস্থিত থাকি বাকী শিশুসকলকো উৎসাহ যোগাব বুলি আশা ৰাখিছোঁ‌ আৰু অনুৰোধ জনাইছোঁ‌।

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when CLP Abacus Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category