03/08/2023
সংগ্ৰাম সকলোৰে জীৱনত থাকে। কিন্তু সংগ্ৰামৰ মাজেৰে সফলতা স্পৰ্শ কৰাৰ মাদকতাই সুখীয়া।
সচাঁ অৰ্থত এগৰাকী পিতৃ-মাতৃক এনে সন্তানৰ প্ৰয়োজন। আৰক্ষীৰ পোছাকত মাতৃক চেল্যুট মৰা টমাছ লিকচন আৰু টনুজা লিকচন দুয়ো ভাই-ভনী। ঘৰ টিংখাঙত, টমাছ অসম আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত আৰু ভগ্নী টনুজা উপ পৰিদৰ্শক হিচাপে। টমাছ আৰু টনুজাৰ মাতৃয়ে হয়টো এইটো দিনৰ বাবেই অপেক্ষা কৰি আছিল। কিমান যে কষ্ট কৰিছিল মুখত এই হাঁহিটো বিৰিঙাবৰ বাবে। মাতৃয়েও দুই সন্তানৰ চেল্যুট হাহিঁমুখে গ্ৰহণ কৰিছে। সচাঁই এনে সন্তানৰ প্ৰয়োজন আমাৰ সমাজত🎋
ভালে থাকক সমাজখন,ভালে থাকক ভাল মানুহবোৰ