Bahona College বাহনা মহাবিদ্যালয়

  • Home
  • India
  • Jorhat
  • Bahona College বাহনা মহাবিদ্যালয়

Bahona College বাহনা মহাবিদ্যালয় Official page of Bahona College. Stay connected to receive notifications, news, and event updates.

কিম্বদন্তী শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ এবছৰ। শিল্পীগৰাকীলৈ একাঁজলি শ্রদ্ধাঞ্জলি
19/09/2026

কিম্বদন্তী শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ এবছৰ। শিল্পীগৰাকীলৈ একাঁজলি শ্রদ্ধাঞ্জলি

The Principal and staff of Bahona College met the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma, to extend ...
16/09/2026

The Principal and staff of Bahona College met the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma, to extend a formal invitation to the Diamond Jubilee Closing Ceremony of the college, scheduled to be held on October 10 and 11, 2026.
বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকসকলে অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা দেৱক সাক্ষাৎ কৰি অহা ১০ আৰু ১১ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ'বলগীয়া মহাবিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি সমাৰোহলৈ আনুষ্ঠানিক নিমন্ত্ৰণ জনায়।

আমাৰ বাহনা মহাবিদ্যালয়ে ৬০ বছৰ অতিক্ৰম কৰিলে। এই উপলক্ষে মহাবিদ্যালয়ত 'হীৰক জয়ন্তী' উদযাপনৰ 'সামৰণী অনুষ্ঠান' অহা ১০ ...
11/09/2026

আমাৰ বাহনা মহাবিদ্যালয়ে ৬০ বছৰ অতিক্ৰম কৰিলে। এই উপলক্ষে মহাবিদ্যালয়ত 'হীৰক জয়ন্তী' উদযাপনৰ 'সামৰণী অনুষ্ঠান' অহা ১০ আৰু ১১ অক্টোবৰত অনুষ্ঠিত হ’ব। আপোনালোক সকলোকে এই দুয়ো দিনৰ আটাইবোৰ কাৰ্যসূচীলৈ আদৰণি জনালোঁ।

বহুজনৰ ত্যাগ আৰু শ্ৰমৰ বিনিময়ত ১৯৬৬ চনৰ ১৫ জুলাইত বাহনা মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। এক সুদীৰ্ঘ গৌৰৱোজ্জল পৰিক্ৰমা অতিক্...
11/09/2026

বহুজনৰ ত্যাগ আৰু শ্ৰমৰ বিনিময়ত ১৯৬৬ চনৰ ১৫ জুলাইত বাহনা মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। এক সুদীৰ্ঘ গৌৰৱোজ্জল পৰিক্ৰমা অতিক্ৰম কৰি বৰ্তমান মহাবিদ্যালয়খনিয়ে হীৰক জয়ন্তী বৰ্ষৰ সমাপ্তিৰ দিশত আগবাঢ়িছে। হীৰক জয়ন্তী বৰ্ষত শিক্ষানুষ্ঠানখনে বিভিন্ন শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ পাছত ২০২৬ চনৰ ১০ আৰু ১১ অক্টোবৰ, শনিবাৰ আৰু দেওবাৰে হীৰক জয়ন্তী বৰ্ষৰ বৰ্ণাঢ্য় সামৰণী অনুষ্ঠানটি আয়োজন কৰিবলৈ আগবাঢ়িছে। তদুপলক্ষে উক্ত দুয়ো দিনৰ বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত আৰু মহিমামণ্ডিত কৰি তুলিবলৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।

💻 Workshop on Information and Communication TechnologyIQAC, Bahona College-ৰ উদ্যোগত ১ম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে...
10/09/2026

💻 Workshop on Information and Communication Technology

IQAC, Bahona College-ৰ উদ্যোগত ১ম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে “Workshop on Information and Communication Technology” শীৰ্ষক দুদিনীয়া কৰ্মশালা ৯ আৰু ১০ ছেপ্টেম্বৰ ২০২৬ তাৰিখে অনুষ্ঠিত হয়।

কৰ্মশালাখনত দুগৰাকী সমল ব্যক্তি ক্ৰমে Mr. Jayanta Bordoloi আৰু Dr. Anupam Chanda-এ ৯ আৰু ১০ ছেপ্টেম্বৰত ছাত্ৰ-ছাত্ৰীসকলক ICT-ৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত সাৰগৰ্ভিত আলোচনা আগবঢ়ায়।

কৰ্মশালাখনত Computer & Operating Systems, MS Office, Digital Communication, Online Platforms, E-resources আৰু LMS (ONOS, SWAYAM, NPTEL) আদি বিষয়ৰ ওপৰত ব্যৱহাৰিক আৰু জ্ঞানসমৃদ্ধ আলোচনা কৰা হয়। সমল ব্যক্তিসকলৰ সাৱলীল উপস্থাপন আৰু আন্তঃক্ৰিয়ামূলক আলোচনাই ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল প্ৰযুক্তিৰ সঠিক আৰু ফলপ্ৰসূ ব্যৱহাৰৰ বিষয়ে অধিক সচেতন আৰু দক্ষ কৰি তোলাত সহায় কৰে।

📚 জ্ঞান, প্ৰযুক্তি আৰু দক্ষতাৰ সমন্বয়ে শিক্ষাৰ্থীৰ ভৱিষ্যৎ অধিক শক্তিশালী হওক এই লক্ষ্যৰে এই কৰ্মশালাখন এক সুন্দৰ পদক্ষেপ।

Organised by: IQAC, Bahona College

বাহনা মহাবিদ্যালয়ৰ সাংস্কৃতিক বিকাশ কোষ আৰু ছাত্ৰ একতাৰ সভাৰ যৌথ উদ্যোগত মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জ...
10/09/2026

বাহনা মহাবিদ্যালয়ৰ সাংস্কৃতিক বিকাশ কোষ আৰু ছাত্ৰ একতাৰ সভাৰ যৌথ উদ্যোগত মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্মজয়ন্তী উপলক্ষে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

অসমীয়া জাতিৰ সাংস্কৃতিক চেতনাক সমৃদ্ধ কৰা, মানৱতা আৰু সাম্যৰ বাণী গীতেৰে বিলাই যোৱা মহান শিল্পীগৰাকীলৈ এই পৱিত্ৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

তেখেতৰ অমৰ সৃষ্টি আৰু আদৰ্শই আমাৰ প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি থাকক। ❤️

“মানুহে মানুহৰ বাবে…” 🎶

Cpl. Dipjyoti Dutta from our College NCC Coy is representing NER directorate in All India Thal Sainik Camp, 2026 at DG N...
06/09/2026

Cpl. Dipjyoti Dutta from our College NCC Coy is representing NER directorate in All India Thal Sainik Camp, 2026 at DG NCC,New Delhi.
AITSC is one of the flagship events of the National Cadet Corps, bringing together 969 selected cadets from all 17 NCC State Directorates across India. Camp features a range of challenging competitions, including Obstacle Course, Shooting and Map Reading.
He is a 3rd semester student of English department.

Today faculty members of Bahona College visited Anupam’s home and gave him Rs. 30,000 for his MBBS admission at Assam Me...
03/09/2026

Today faculty members of Bahona College visited Anupam’s home and gave him Rs. 30,000 for his MBBS admission at Assam Medical College

মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা অধ্যাপিকা ক্ৰমে ড° পৰিণীতা বৰা (ৰসায়ন বিভাগ) আৰু ড° মধুস্মৃতা বৰুৱা চাংকাকতি (অসমীয়া বিভ...
31/08/2026

মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা অধ্যাপিকা ক্ৰমে ড° পৰিণীতা বৰা (ৰসায়ন বিভাগ) আৰু ড° মধুস্মৃতা বৰুৱা চাংকাকতি (অসমীয়া বিভাগ)ক আনুষ্ঠানিক বিদায় সম্ভাষণ

Today, Principal sir and teaching staff of Bahona College met honourable Education Minister of Assam to invite him to th...
28/08/2026

Today, Principal sir and teaching staff of Bahona College met honourable Education Minister of Assam to invite him to the closing ceremony of the diamond jubilee celebrations program

Address

BAHONA, JORHAT
Jorhat
785101

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Bahona College বাহনা মহাবিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bahona College বাহনা মহাবিদ্যালয়:

Shortcuts

Share