Garamur Sri Sri Pitambar Dev Higher Secondary School

Garamur Sri Sri Pitambar Dev Higher Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Garamur Sri Sri Pitambar Dev Higher Secondary School, School, Jorhat.

দ্বিতীয় বাৰ মাজুলী বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে ৰাইজক সেৱা কৰিবলৈ সুযোগ লাভ কৰা কৰ্মদক্ষ জনতাৰ আপোন - বিভূষণৰে ...
16/05/2026

দ্বিতীয় বাৰ মাজুলী বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে ৰাইজক সেৱা কৰিবলৈ সুযোগ লাভ কৰা কৰ্মদক্ষ জনতাৰ আপোন - বিভূষণৰে বিভূষিত শ্ৰী যুত ভুৱন গাম ডাঙৰীয়াক বিদ্যালয়ৰ পৰিয়াল বৰ্গই শুভেচ্ছা জনোৱাৰ কিছু অন্তৰংগ মূহুৰ্ত......
শ্ৰদ্ধাৰ বিধায়ক মহোদয় বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি। এই আপাহতে আপোনাৰ ৰাজনৈতিক জীৱনৰ উত্তৰণ আন্তৰিকতাৰে কামনা কৰিলোঁ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ ত বিদ্যালয়ৰ ফলাফল-মুঠ অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা - ৯২ জনমুঠ উত্তীৰ্ণ ৰ সংখ্যা - ৮০ জন...
10/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ ত বিদ্যালয়ৰ ফলাফল-

মুঠ অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা - ৯২ জন
মুঠ উত্তীৰ্ণ ৰ সংখ্যা - ৮০ জন
উত্তীৰ্ণ ৰ শতকৰা হাৰ:- ৮৬.৯৫ %

প্ৰথম বিভাগ- ২০ জন( ষ্টাৰ মাৰ্ক প্ৰাপ্ত- ** ২ জন)
দ্বিতীয় বিভাগ- ৪৯ জন
তৃতীয় বিভাগ- ১১ জন

সমূহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন!! বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে কৰা ত্যাগ আৰু কষ্ট ৰ প্ৰতি আমি চিৰ কৃতজ্ঞ।।

সকলোৰে উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ । তোমালোক হৈ উঠা একো একো জন সমাজ আৰু জাতিৰ সঁচা আৰু সফল মানুহ ।।।

আপোনালোকৰ শুভাশীষ বিচাৰি…................
জয়তু গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
দিনাংক - ১০ এপ্ৰিল ২০২৬

30/12/2025

*সাদৰ নিমন্ত্ৰণ*

বিদ্যালয়ৰ সমূহ অৱসৰপ্ৰাপ্ত শিক্ষা গুৰু, প্ৰাক্তন ছাত্ৰ -ছাত্ৰী, অভিভাৱক - অভিভাৱিকা, বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সদস্যবৃন্দ, বিদ্যালয়ৰ মাতৃগোট আৰু বিদ্যালয়ৰ শুভাকাংক্ষী সকললৈ।
জয়জয়তে আপোনালোক‌ সকলোলৈকে গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা ইংৰাজী নববৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ।

আপোনাসৱক জনাবলৈ পাই সুখী হৈছো যে বিদ্যালয়ৰ গৌৰৱোজ্জল ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ০২ জানুৱাৰী, ২০২৬ তাৰিখ শুক্ৰবাৰে নিৰ্ধাৰিত কাৰ্যসূচীৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
আপোনাসৱক ব্যক্তিগতভাৱে লগ ধৰি এই অনুষ্ঠানভাগিলৈ নিমন্ত্ৰণ জনোৱাৰ হেঁপাহ আছিল যদিও সময়ৰ অভাৱৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।

সেয়েহে এই সামাজিক বাৰ্তাযোগে আপোনাসৱক উক্ত সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে বিদ্যালয়ৰ উক্ত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ কৰযোৰে নিমন্ত্ৰণ জনালোঁ।

সেৱাৰে
কুমুদ গোস্বামী
অধ্যক্ষ
বিবেক দত্ত
সম্পাদক
শিক্ষক কৰ্মচাৰী গোট
গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাজুলী

এটি যুগৰ অৱসান ঘটিল। অসমীয়া সংগীত জগতৰ ভোটা তৰা সদৃশ মানুহজন আজি নাই।অনাকাংক্ষিত খবৰটোৱে সমগ্ৰ অসমবাসীক মৰ্মাহত কৰি তুল...
20/09/2025

এটি যুগৰ অৱসান ঘটিল। অসমীয়া সংগীত জগতৰ ভোটা তৰা সদৃশ মানুহজন আজি নাই।
অনাকাংক্ষিত খবৰটোৱে সমগ্ৰ অসমবাসীক মৰ্মাহত কৰি তুলিছে।শব্দৰ অভাব হৈছে মনৰ বেদনা প্ৰকাশত। এক বৃহৎ অনুষ্ঠান স্বৰূপ, কাকো কেতিয়াও খাটিৰ নকৰা, নিজৰ আদৰ্শত অটল থকা, খেয়ালী মন আৰু সৃষ্টিশীলতাৰ অন্য এক নামেই হৈছে - জুবিন গাৰ্গ - যি দুৰ্গত জনৰ বাবে সদায় আছিল ভগবান যাৰ গোটেই অসম তথা পৃথিবীখনকে নিজৰ ঘৰ আৰু পৰিয়াল বুলি ভাবিব পৰাকৈ আছিল এক বিশাল মন।
তুমি বিহীনতাৰ এই দুখৰ মূহুৰ্তত আমি গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় মাজুলীৰ পৰিয়ালবৰ্গই তোমালৈ যাঁচিচো অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।
তোমাৰ বিদেহ আত্মাই চিৰ শান্তি লাভ কৰক!!
ওম: শান্তি!!

27/08/2025

যোৱা ইংৰাজী ২৫/০৮/২০২৫ তাৰিখ সোমবাৰে শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় মাজুলীৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃ বিদ্যালয় দিহানাম প্ৰতিযোগিতাত বিদ্যালয়ৰ শ্যামকানু দিহানাম দলটিয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। দলটিলৈ অভিনন্দন 🎉🎉 দায়িত্বত নিয়োজিত শিক্ষাগুৰু সকল ধন্যবাদৰ পাত্ৰ 🙏🙏
বিদ্যালয়ৰ দিহানাম দলটিয়ে পৰিবেশন কৰা দিহানামৰ কিয়দংশ আপোনালোকৰ বাবে আগবঢ়ালোঁ।

বিদ্যালয় চৌহদত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কিছু স্থিৰ আলোকচিত্ৰ ।
16/08/2025

বিদ্যালয় চৌহদত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কিছু স্থিৰ আলোকচিত্ৰ ।

প্ৰজ্ঞা ফাউণ্ডেশ্যন, মাজুলীৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বন্দে মাতৰম শীৰ্ষক গীতৰ আধাৰত...
16/08/2025

প্ৰজ্ঞা ফাউণ্ডেশ্যন, মাজুলীৰ উদ্যোগত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বন্দে মাতৰম শীৰ্ষক গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতাত বিদ্যালয়ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ।
স্থান:- মাজুলী মিলন সংঘ
তাং:- ১৫/০৮/২০২৫

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পেৰেডত বিদ্যালয়ৰ গাইড দলটিৰ তৃতীয় স্থান দখল। বিদ্যালয়ৰ তৰফৰ পৰা দলটিৰ লগতে দায়িত্বত থকা শি...
16/08/2025

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পেৰেডত বিদ্যালয়ৰ গাইড দলটিৰ তৃতীয় স্থান দখল। বিদ্যালয়ৰ তৰফৰ পৰা দলটিৰ লগতে দায়িত্বত থকা শিক্ষক-শিক্ষয়িত্ৰী সকলক আন্তৰিক অভিনন্দন।
স্থান:- কাছাৰী ময়দান, গড়মূৰ মাজুলী
তাং:- ১৫/০৮/২০২৫

উচ্চতৰ মাধ্যমিক শাখাৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ বাবে অসম চৰকাৰৰ অভিলাষী আঁচনি "নিযুত মইনা" ৰ প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচী ব...
08/08/2025

উচ্চতৰ মাধ্যমিক শাখাৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ বাবে অসম চৰকাৰৰ অভিলাষী আঁচনি "নিযুত মইনা" ৰ প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। উক্ত প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ কৰুণা বৰা ছাৰে।

বিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ ৰ কিয়দাংশযোগাভ্যাস কৰকশৰীৰ আৰু মন সুস্থ ৰাখক!!
21/06/2025

বিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ ৰ কিয়দাংশ
যোগাভ্যাস কৰক
শৰীৰ আৰু মন সুস্থ ৰাখক!!

Address

Jorhat
785104

Website

Alerts

Be the first to know and let us send you an email when Garamur Sri Sri Pitambar Dev Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category