B.k academy

Call Directions

B.k academy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from B.k academy, Education, Jorhat.

আজি ২১ জুন,আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি বি কে একাডেমিৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা যোগ অনুশীলনৰ কিছু মুহূৰ্ত আপোনালো...
21/06/2026

আজি ২১ জুন,আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি বি কে একাডেমিৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা যোগ অনুশীলনৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়াই দিলোঁ৷

20/06/2026

ৰাভা সংগীত পৰিবেশন৷

জনতাৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ মৃত্যু তিথি তথা বিষ্ণুৰাভা দিৱসত শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উ...
20/06/2026

জনতাৰ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ মৃত্যু তিথি তথা বিষ্ণুৰাভা দিৱসত শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উঠি অহা নৱ প্ৰজন্মক শিল্পীগৰাকীৰ সতে পৰিচয় কৰাই দিবলৈ সমূহ অসমবাসীৰ লগতে বি কে একাডেমীৰ তৰফৰ পৰাও আজিৰ এই দিৱসটি উদযাপন কৰা হয়৷অধ্যক্ষ শ্ৰী উত্তম হাজৰীকাদেৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত হিমাংশু শইকীয়াই বক্তৃতা প্ৰদানৰ লগতে মেঘালী শইকীয়া,আবিৰ অনুৰণ হাজৰীকা,দেবাংকুৰ শইকীয়া,অভিশ্ৰুতি হাজৰীকাকে আদি কৰি কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰাভাসংগীত পৰিবেশন কৰি অনুষ্ঠানটি সজাই তোলে৷তলত অনুষ্ঠানটিৰ কেইটিমান মুহূৰ্ত সন্নিবিষ্ট কৰা হ'ল৷-

28/04/2026
17/04/2026

উচ্চতৰ মাধ্যমিকৰ ১ম বৰ্ষৰ Arts আৰু Science দুয়োটা শাখাতে দৰ্পণ পৰ্টেল যোগে অন্যান্য সকলো বিদ্যালয়ৰ লগতে আমাৰ বিদ্যালয়ৰ বাবেও অনলাইন আবেদন চলি আছে৷ইচ্ছুক ছাত্ৰ -ছাত্ৰীসকলে আমাৰ বিদ্যালয়ৰ দৰ্পণ পৰ্টেল HOBIBUL HUSSAIN SHISHU NIKETAN নামেৰে search কৰিব পাৰিব৷তাৰোপৰি বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতো তলত দিয়া নম্বৰত যোগোযোগ কৰিব পাৰিব৷

যোগাযোগৰ নম্বৰ-
9957526700,8486370567

বি কে একাডেমিৰ এগৰাকী অতি নিষ্ঠাবান কৰ্মী, জ্যেষ্ঠ শিক্ষয়িত্ৰী জিতু মণি বৰা (জিতা বাইদেউ)ৰ যোৱা দেওবাৰ ,১২-০৪-২০২৬ তাৰিখ...
16/04/2026

বি কে একাডেমিৰ এগৰাকী অতি নিষ্ঠাবান কৰ্মী, জ্যেষ্ঠ শিক্ষয়িত্ৰী জিতু মণি বৰা (জিতা বাইদেউ)ৰ যোৱা দেওবাৰ ,১২-০৪-২০২৬ তাৰিখে এটি পথ দুৰ্ঘটনাত পতিত হৈ যোৰহাট চিভিল হস্পিতালত চিকিৎসাধীন হৈ থকা অৱস্থাত যোৱাকালি ৰাতি প্ৰায় ৮:২০মান বজাত পৰলোকপ্ৰাপ্তি ঘটে৷এগৰাকী প্ৰকৃতাৰ্থত সৎ সাহসী,মানৱদৰদী ,ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত প্ৰিয় জিতা বাইদেউৰ এই আকস্মিক, অনাকাংক্ষিত মৃত্যুত বি কে একাডেমি পৰিয়াল অত্যন্ত মৰ্মাহত হোৱাৰ লগতে আজি সমগ্ৰ বি কে একাডেমি পৰিয়ালে বাইদেউৰ অন্তিম যাত্ৰাত বিদ্যালয়ৰ তৰফৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ছাত্ৰ ছাত্ৰীসকলেও শোকাকুল নয়ণেৰে বাইদেউৰ নশ্বৰদেহক চিৰবিদায় জনায় বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ৷লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷বাইদেউৰ পৱিত্ৰ আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ চিৰশান্তি লাভ কৰক এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা৷

09/02/2026

আগন্তুক হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ বি কে একাডেমিৰ তৰফৰ পৰা সফলতা আৰু উজ্জ্বল ভবিষ্যতৰ বাবে আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। 🌟💫🎉👏💖

20/09/2025

Address

Jorhat

Telephone

+919127353968

Website

Alerts

Be the first to know and let us send you an email when B.k academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category