21/03/2025
ছাত্ৰ একতা সভা উদ্যোগত আৰু লাইব্ৰেৰী ক্লাৱ , সাহিত্য ক্লাৱ আৰু অসমীয়া বিভাগৰ সহযোগত ‘অন্বেষা গ্ৰন্থ যাত্ৰা’ৰ সামৰণি অনুষ্ঠান আজি ২১মাৰ্চ তাৰিখে আয়োজিত হয় । এই সুযোগতে পোন প্ৰথমেই ধন্যবাদ জনাইছোঁ ‘অন্বেষা বুক এজেঞ্চি’লৈ যিয়ে এই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি ছাত্ৰসমাজৰ বৌদ্ধিক বিকাশত অমূল্য অৱদান আগবঢ়ালে ৷ তদুপৰি আমি সুখ লাভ কৰিছোঁ যে আজি নিৰ্দিষ্ট বক্তা হিচাপে এই সভাত উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা ‘বসুন্ধৰা’ আলোচনীৰ সম্পাদক শ্ৰদ্ধাৰ শাংকব কৌশিক বৰুৱা ছাৰ ৷ এই আপাহতে তেখেতলৈ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। লগতে সমূহ শিক্ষাগুৰু তথা জেচিয়ানক এই সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ ৷ আশা কৰোঁ সকলো উপকৃত হ’ল এই আয়োজনৰ দ্বাৰা ৷