Jorhat College-Amalgamated

Call Directions Website Contact the school

Jorhat College-Amalgamated যোৰহাট মহাবিদ্যালয়ৰ পৰিয়ালৰ বিষয়ে :
(যোৰহাট মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ দ্বাৰা নিয়ন্ত্ৰিত)

ছাত্ৰ একতা সভা উদ্যোগত আৰু  লাইব্ৰেৰী ক্লাৱ , সাহিত্য ক্লাৱ আৰু অসমীয়া বিভাগৰ সহযোগত ‘অন্বেষা গ্ৰন্থ যাত্ৰা’ৰ সামৰণি অনু...
21/03/2025

ছাত্ৰ একতা সভা উদ্যোগত আৰু লাইব্ৰেৰী ক্লাৱ , সাহিত্য ক্লাৱ আৰু অসমীয়া বিভাগৰ সহযোগত ‘অন্বেষা গ্ৰন্থ যাত্ৰা’ৰ সামৰণি অনুষ্ঠান আজি ২১মাৰ্চ তাৰিখে আয়োজিত হয় । এই সুযোগতে পোন প্ৰথমেই ধন্যবাদ জনাইছোঁ ‘অন্বেষা বুক এজেঞ্চি’লৈ যিয়ে এই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি ছাত্ৰসমাজৰ বৌদ্ধিক বিকাশত অমূল্য অৱদান আগবঢ়ালে ৷ তদুপৰি আমি সুখ লাভ কৰিছোঁ যে আজি নিৰ্দিষ্ট বক্তা হিচাপে এই সভাত উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা ‘বসুন্ধৰা’ আলোচনীৰ সম্পাদক শ্ৰদ্ধাৰ শাংকব কৌশিক বৰুৱা ছাৰ ৷ এই আপাহতে তেখেতলৈ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। লগতে সমূহ শিক্ষাগুৰু তথা জেচিয়ানক এই সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ ৷ আশা কৰোঁ সকলো উপকৃত হ’ল এই আয়োজনৰ দ্বাৰা ৷

আজি ১৯ মাৰ্চ ২০২৫ তাৰিখৰ পৰা ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু অসমৰ অন্যতম অগ্ৰণী প্ৰকাশন গোষ্ঠী ‘বনলতা’ৰ সহযোগত তিনিদিনীয়াকৈ ...
19/03/2025

আজি ১৯ মাৰ্চ ২০২৫ তাৰিখৰ পৰা ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু অসমৰ অন্যতম অগ্ৰণী প্ৰকাশন গোষ্ঠী ‘বনলতা’ৰ সহযোগত তিনিদিনীয়াকৈ এখনি গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ লগত সংগতি ৰাখি আজি এক ৰচনা প্ৰতিযোগিতাৰ আয়োজন হয় য’ত ৮০ ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানৰ সমন্বয়ক হিচাপে ছাত্ৰ একতা সভাক সহায় কৰা ড° ঊষামণি কাকতি বাইদেউলৈ ছাত্ৰ একতা সভাই অশেষ ধন্যবাদ জনাইছোঁ ৷ আশা কৰোঁ এই সৰু প্ৰয়াসৰ সমভাগী আৰু সমভোগী হৈ আগন্তুক দিনত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক গ্ৰন্থ বিপ্লৱৰ সূচনা কৰিব ৷

~ ছাত্ৰ একতা সভা ২০২৪-২৫বৰ্ষ
Jorhat College

আজি মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা তথা ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা শ্ৰদ্ধাৰ ৰূপালী বৰা ...
25/02/2025

আজি মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা তথা ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা শ্ৰদ্ধাৰ ৰূপালী বৰা বাইদেউৰ বিদায়ী বেলাত আজি কেন্দ্ৰীয়ভাৱে মহাবিদ্যালয়ৰ পৰা বিদায় সম্ভাষণ জনোৱা হয় ৷
এটা অধ্যায়ৰ সফল পৰিসমাপ্তি ৷
সময় গৈ থাকে, কিন্তু স্মৃতিবোৰ থকি যায়। আপোনাৰ অৱদান আৰু স্নেহ, সহায়-সহযোগিতা, মৰমৰ ওচৰত আমি সদায় ঋণী । আপুনি আনুষ্ঠানিকভাৱে যিমানেই দূৰ নহওক কিয় , মহাবিদ্যালয়ৰ হৃদয়ত আপুনি সদায় ওচৰেই থাকিব ৷ এজোপা চিৰসেউজ বটবৃক্ষ হৈ মহাবিদ্যালয়ক সদায় ছাঁ দি থাকিব ৷

শুভ কামনা আৰু শুভ যাত্ৰা বাইদেউ! 🌸

24/02/2025
যোৱা ২৮ জানুৱাৰীতাৰিখৰ পৰা ৩১ জানুৱাৰীলৈকে মহাবিদ্যালয় সপ্তাহ উপলক্ষে মহাবিদ্যালয়ত বিভিন্ন শিতানত বিভিন্ন প্ৰতিযোগিতা আয়...
04/02/2025

যোৱা ২৮ জানুৱাৰীতাৰিখৰ পৰা ৩১ জানুৱাৰীলৈকে মহাবিদ্যালয় সপ্তাহ উপলক্ষে মহাবিদ্যালয়ত বিভিন্ন শিতানত বিভিন্ন প্ৰতিযোগিতা আয়োজিত হয় ৷ ২৮ জানুৱাৰী তাৰিখে উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয় সপ্তাহৰ উদ্বোধক হিচাপে উপস্থিত থাকে যোৰহাট জিলা আৰক্ষী অধীক্ষক মাননীয় শ্বেতাংক মিশ্ৰ ডাঙৰীয়া ৷ এই আপাহতে তেখেতলৈ পুনশ্চঃ ধন্যবাদ জনাইছোঁ ৷
ছাত্ৰ একতা সভাৰ সকলো বিভাগে নিজৰ নিজৰ বিভাগত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে ৷ এই ক্ষেত্ৰত সকলো উপদেষ্টাই সকলোকে সহায় কৰে ৷ এই চেগতে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সকলো সম্পাদক তথা শ্ৰদ্ধাৰ উপদেষ্টাক ধন্যবাদ জনাইছোঁ ৷
মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° পৰাণ বৰুৱা ডাঙৰীয়াৰ সভাপতিত্বত সঞ্চালনা হোৱা সামৰণিও বঁটা বিতৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডা° নবীন বৰদলৈ মহাবিদ্যালয় অধ্যক্ষ তথা আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাগুৰু ড° দিগন্ত কুমাৰ ফুকন ছাৰ , অসম গৌৰৱ আকাশজ্যোতি গগৈ ডাঙৰীয়া আৰু চিৰজেচিয়ান ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া ৷ তেওঁলোক সকলোকে এই চেগতে ধন্যবাদ জনাইছোঁ ৷ তদুপৰি এই অনুষ্ঠানত মঞ্চ সোৱনী কৰি গীতৰ শৰাই আগবঢ়ালৈ আমাৰ মাজত উপস্থিত হোৱা উদীয়মান গায়িকা বিকশিতা গগৈ ডাঙৰীয়ানী ৷ তেখতলৈকো ছাত্ৰ একতা সভাৰ তৰফৰ পৰা থাকিল অশেষ ধন্যবাদ ৷
মহাবিদ্যালয় সম্পাহ এটা দীঘলীয়া তথা বৃহৎ অনুষ্ঠান ৷ এই অনুষ্ঠান সফল কৰা সহায় কৰা প্ৰতিজন শ্ৰদ্ধাভাজন শিক্ষাগুৰু , মহাবিদ্যালয় কৰ্মচাৰীবৃন্দ তথা জেচিয়ানলৈকো থাকিল হিয়াৰ ধন্যবাদ ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয়  যুৱ মহোৎসৱৰ কিছু ভাল লগা অনুভৱ ৷  যোৰহাট মহাবিদ্যালয়ৰ হৈ অংশগ্ৰহণ কৰা প্ৰতিজনে...
30/01/2025

ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ কিছু ভাল লগা অনুভৱ ৷ যোৰহাট মহাবিদ্যালয়ৰ হৈ অংশগ্ৰহণ কৰা প্ৰতিজনে নিজৰ সৰ্বস্ব ত্যাগ কৰিলে মহাবিদ্যালয়খনৰ বাবে। এয়াই আমাৰ ছাত্ৰ একতা সভাৰ বাবে সুখ ৷ শ্ৰেষ্ঠ অভিনেতাৰ লগতে ঢোল বাদন , সংগীত , বাঁহী বাদন , চলচ্চিত্ৰ সমালোচনা , Musical documentation videography আৰু বিভিন্ন শিতানত পুৰস্কাৰ লাভ কৰাবলৈ সক্ষম হয় ৷
এই আপাহতে আয়োজক কলেজৰ NCC UNIT , NSS UNIT আৰু স্বেচ্ছাসেৱক সকলক যোৰহাট মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা ধন্যবাদ জনাব বিচাৰিছোঁ ৷ তেওঁকে প্ৰতিক্ষণে আমাক সহায় কৰিলে ৷ ৰাতিপুৱাৰ পৰা নিশা ২-৩ বজালৈকে তেওঁলোকে সেৱা আগবঢ়াই অনুষ্ঠানভাগত কোনো অসুবিধা নোপোৱাকৈ ৰাখিলে ৷
শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয় SPORTS BOARD , DUPGSU আৰু SPP কলেজ সকলোলৈকে ইমান সুন্দৰ অনুষ্ঠান মহাবিদ্যালয়সমূহক প্ৰদান কৰাৰ বাবে ধন্যবাদ জনাইছোঁ ৷

প্ৰিয় চিৰজেচিয়ান তথা জেচিয়ানসকল  - অহা ২৮ জানুৱাৰী তাৰিখৰ পৰা ১ফেব্ৰুৱাৰী তাৰিখলৈকে ২০২৫ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ অনুষ্ঠ...
23/01/2025

প্ৰিয় চিৰজেচিয়ান তথা জেচিয়ানসকল - অহা ২৮ জানুৱাৰী তাৰিখৰ পৰা ১ফেব্ৰুৱাৰী তাৰিখলৈকে ২০২৫ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত হ’ব । গতিকে সমূহ চিৰজেচিয়ান আৰু জেচিয়ানৰ সহযোগিতা কামনা কৰিলোঁ ৷

“জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশমই পিন্ধাে বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ”১৭/০১/২০২৫ তাৰিখে ৰূপান্তৰ বিপ্লৱী ৰূপ...
18/01/2025

“জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ
মই পিন্ধাে বিশ্ববেশ
নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ”
১৭/০১/২০২৫ তাৰিখে ৰূপান্তৰ বিপ্লৱী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক সোঁৱৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত শিল্পী দিৱস পালন কৰা হয়। উক্ত সভাত অধ্যক্ষ মহোদয়ৰ লগতে সমূহ শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি অনুষ্ঠানভাগ সুচাৰুৰূপে পৰিচালিত কৰে ৷
এই আপাহতে সকলোলৈকে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷

সামগ্ৰীকভাৱে সম্প্ৰীতি দত্ত আৰু ‘জেচিয়ান-৪৩’ দুয়োটা সত্ত্বাই সফল বুলিব পাৰি ৷ ৩৭১পৃষ্ঠাৰ বৃহৎ কলেবৰৰ জেচিয়ান আলোচনীখন সম...
12/01/2025

সামগ্ৰীকভাৱে সম্প্ৰীতি দত্ত আৰু ‘জেচিয়ান-৪৩’ দুয়োটা সত্ত্বাই সফল বুলিব পাৰি ৷ ৩৭১পৃষ্ঠাৰ বৃহৎ কলেবৰৰ জেচিয়ান আলোচনীখন সম্পাদন কৰাটো ইমান সহজ নাছিল ৷ এইখিনিতে সম্প্ৰীতি প্ৰতিক্ষণে সহায় কৰা দিপাংকৰ বৰুৱা আৰু ঋতু পেগুৰ সলাগ ল’ব লাগিব ৷ তিনিওজনৰ অহৰহ চেষ্টা আৰু সমূহ জেচিয়ানৰ সহযোগত এখন সুন্দৰ আলোচনী প্ৰকাশ পাইছে ৷ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱমহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আলোচনী প্ৰতিযোগিতালৈ এই আলোচনী প্ৰেৰণ কৰা হৈছে ৷ যোৱা তিনিটা মাহ ধৰি দিনে ৰাতিয়ে সম্প্ৰীতি দত্ত ব্যস্ত আছিল কেৱল এটা কামতে - আলোচনী কামত ৷ আশা কৰোঁ এই কষ্টই সমূহ জেচিয়ানৰ আশাবোৰ পূৰ কৰিব পাৰিব।

Join Us for the Jorhat District Day Book Donation Drive!We are excited to announce a book donation drive in celebration ...
28/06/2024

Join Us for the Jorhat District Day Book Donation Drive!

We are excited to announce a book donation drive in celebration of Jorhat District Day. Help us enrich our Jorhat College Library by donating books!

Date: 29.06.2024
Time: 10.00 A.M onwards
Venue: Jorhat College (Amalgamated)

We welcome donations of all types of books—academic, reference, fiction, non-fiction, and more.

How to Donate:

Drop off your books at the collection points set up at Jorhat College Library
Contact us at 9864820212 for more details.

Your contributions will make a significant difference in the lives of our students and the community. Join us in fostering a culture of learning and knowledge sharing!

Thank you for your support!

Jorhat College Library

Address

Na-ali, MG Road
Jorhat

Alerts

Be the first to know and let us send you an email when Jorhat College-Amalgamated posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Jorhat College-Amalgamated:

Shortcuts

Share