বালিখুটি প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Jorhat
  • বালিখুটি প্ৰাথমিক বিদ্যালয়

বালিখুটি প্ৰাথমিক বিদ্যালয় education

বিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ একতা সভা, মাতৃগোট, শিক্ষকগোট সকলোৰে সহায় সহযোগিতাত ২০২৫ চনৰ গুণোৎসৱ ত আমাৰ বিদ...
27/03/2025

বিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ একতা সভা, মাতৃগোট, শিক্ষকগোট সকলোৰে সহায় সহযোগিতাত ২০২৫ চনৰ গুণোৎসৱ ত আমাৰ বিদ্যালয়ে A+ লাভ কৰিছে। সেয়ে সকলোকে অশেষ ধন্যবাদ।

ধন্যবাদ
06/12/2024

ধন্যবাদ

ত্ৰিৰংগা যাত্ৰা
13/08/2024

ত্ৰিৰংগা যাত্ৰা

যোৰহাট জিলা প্ৰতিষ্ঠা দিৱস ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা গ্ৰন্থদান কাৰ্যসূচী ত আমাৰ বিদ্যালয় লৈ আজি বিভিন্ন জনে মুঠ 48 ...
29/06/2024

যোৰহাট জিলা প্ৰতিষ্ঠা দিৱস ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা গ্ৰন্থদান কাৰ্যসূচী ত আমাৰ বিদ্যালয় লৈ আজি বিভিন্ন জনে মুঠ 48 খন গ্ৰন্থ দান কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ ফালৰ পৰা উপ-সভাপতি দীপ হাজৰিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমিতি ৰ ফালৰ পৰা বিশ্বজিৎ খাউণ্ড আৰু বিতোপন হাজৰিকা ই লগতে প্ৰাক্তন ছাত্ৰী প্ৰনামিকা, প্ৰতিক্ষা, অংকিতা ই বিদ্যালয়ৰ পুথিভঁৰাললৈ গ্ৰন্থ দান কৰে। আমাৰ প্ৰতেক জন ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে ও বিদ্যালয় লৈ আহি একো খন কৈ গ্ৰন্থ দান কৰে। বিদ্যালয় ৰ গাতে লাগি থকা যতীন দাৰ কণমানি ল'ৰা জনে ও বিদ্যালয়লৈ এখন কিতাপ দান দিয়ে। বিদ্যালয় ৰ শিক্ষয়িত্ৰী কেইগৰাকী ও আজিৰ গ্ৰন্থ দান কাৰ্যসূচী ৰ অংশীদাৰ। তেওঁলোক সকলোলৈ আজিৰ কাৰ্যসূচী সফল কৰি তোলা ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ছাত্ৰ-ছাত্ৰী সকলে ও নিজ হাতেৰে লিখা সাধু কবিতা আদি আমাৰ হাতত তুলি দিয়ে। তেওঁলোক লৈও মৰম দিলোঁ

বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক পৰিচালনা সমিতিৰ লগতে ৰাইজক নতুন বা পুৰনি এখনকৈ হ'লেও কিতাপ ...
26/06/2024

বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক পৰিচালনা সমিতিৰ লগতে ৰাইজক নতুন বা পুৰনি এখনকৈ হ'লেও কিতাপ বিদ্যালয়ৰ পুথিভঁৰাললৈ দান দিবলৈ আহ্বান জনালোঁ

১ জুলাই জিলা দিৱস ৰ লগত সংগতি ৰাখি
20/06/2024

১ জুলাই জিলা দিৱস ৰ লগত সংগতি ৰাখি

বিদ্যালয়ৰ পাচলি বাগিছা ত কৰ্মৰত অৱস্থাত আমাৰ বিদ্যালয়ৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰকেইজন। তোমালোকৰ কষ্টৰ ফচল জাতিলাও ৰঙালাউ...
19/05/2024

বিদ্যালয়ৰ পাচলি বাগিছা ত কৰ্মৰত অৱস্থাত আমাৰ বিদ্যালয়ৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰকেইজন। তোমালোকৰ কষ্টৰ ফচল জাতিলাও ৰঙালাউ বিদ্যালয়তো খালে আৰু আমি ঘৰতও খাই আমনি লাগিল। ছাত্ৰ কেইজন এইবাৰ এই বিদ্যালয়ৰ পৰা গ'লগৈ। তোমালোক যোৱাৰ পিছৰ পৰাই ক্ৰিকেট বেট বল ফুটবল কোনেও নেখেলা হ'ল। তোমালোকলৈ মনত পৰে।

17/05/2024

এগৰাকী প্ৰধান শিক্ষয়িত্ৰী হিচাপে যোৱাকালি বিদ্যালয় সম্পৰ্ক ত মই এই ফেচবুক পৃষ্ঠাত দিয়া পোষ্ট টোৱে যদি কাৰোবাৰ সন্মান ত আঘাত সানিছে তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা-ভিক্ষা মাগিছো। আচলতে মোৰ উদ্দেশ্য সেইটো নাছিল,কালি বিদ্যালয় ত ট্ৰেক্টৰ কেইখনে শ্ৰেণী চলি থকা সময়ত যি উপদ্ৰৱ চলালে তাৰ বাবে হে কৰিব লগা হল, বাকী বিদ্যালয় সম্পৰ্কত মাত মাতিবলৈ আমাৰ অধিকাৰ নাই,,আমাক ল'ৰা-ছোৱালী পঢ়াবলৈ হে চৰকাৰে দৰমহা দিছে গতিকে আমি ল'ৰা ছোৱালী হে পঢ়াম। আজিৰ পৰা ছাত্ৰ-ছাত্ৰী ৰ শৈক্ষিক দিশৰ বাদে অন্যান্য কোনো দিশৰ কথা আমি চিন্তা নকৰোঁ। আজিৰ পৰা আকৌ নতুন এক আশাৰে বিদ্যালয় লৈ ৰাম।পুনৰ বাৰ কৈছোঁ ট্ৰেক্ট ৰৰ উৎপাতত হে এই পোষ্ট টো কৰিলোঁ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ বন্ধ কৰা আমাৰ উদ্দেশ্য নহয় ।আপোনালোকে মোক ক্ষমা কৰি দিব।

আমাৰ বিদ্যালয় খনৰ অৱস্থা চাওক। বিদ্যালয়ৰ চৰকাৰী মাটিত বিদ্যালয়ৰ পৰিচালনা সমিতিক নজনোৱাকৈ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ...
16/05/2024

আমাৰ বিদ্যালয় খনৰ অৱস্থা চাওক। বিদ্যালয়ৰ চৰকাৰী মাটিত বিদ্যালয়ৰ পৰিচালনা সমিতিক নজনোৱাকৈ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছে। বিদ্যালয়ৰ চাৰিসীমাৰ কাটা তাৰৰ বেৰ খুলি মাটি ভৰাইছে, শ্ৰেণী চলি থকা সময়ত ট্ৰেক্টৰৰ গিপগিপনী মুখৰ ওপৰত কাকো কেৰেপেই নকৰে, বিদ্যালয়ৰ গছ বন কাটি তহিলং কৰি দিছে। প্ৰধান শিক্ষয়িত্ৰী, শিক্ষয়িত্ৰী কাৰো কথা নুশুনে।

Address

Solmora Phc Road
Jorhat

Telephone

+919365181094

Website

Alerts

Be the first to know and let us send you an email when বালিখুটি প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to বালিখুটি প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category