৬২২ নং বৰমইনাপৰীয়া প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Jorhat
  • ৬২২ নং বৰমইনাপৰীয়া প্ৰাথমিক বিদ্যালয়

৬২২ নং বৰমইনাপৰীয়া প্ৰাথমিক বিদ্যালয় বিদ্যালয়

মধ্য চাওখাট (খ) সমল কেন্দ্ৰৰ  সমূহীয়া উৎসৱত আমাৰ বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহন আৰু নাটক প্ৰদৰ্শন আৰু সৃষ্ট...
05/02/2025

মধ্য চাওখাট (খ) সমল কেন্দ্ৰৰ সমূহীয়া উৎসৱত আমাৰ বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহন আৰু নাটক প্ৰদৰ্শন আৰু সৃষ্টিশীল নৃত্য পৰিৱেশন।

আজি আমাৰ বিদ্যালয়ৰ সৰস্বতী পূজা বিদ্যালয় পৰিচালনা সমিতি , সমূহ অভিভাৱকৰ সহযোগত পালন কৰা হয়।
03/02/2025

আজি আমাৰ বিদ্যালয়ৰ সৰস্বতী পূজা বিদ্যালয় পৰিচালনা সমিতি , সমূহ অভিভাৱকৰ সহযোগত পালন কৰা হয়।

Gunutsav 2025 আমাৰ বিদ্যালয়ত সফল পৰিসমাপ্তি
23/01/2025

Gunutsav 2025
আমাৰ বিদ্যালয়ত সফল পৰিসমাপ্তি

23/01/2025

গুণোৎসৱ ২০২৫

আমাৰ বিদ্যালয়ৰ সপোনসকলো শিশু যুগৰ সৈতে খোজ মিলাব পৰা হওঁক।তাৰে আশা কৰি বিভিন্ন জনৰ লগত এটা কম্পিউটাৰ শিক্ষা কথা ভাগ বতৰ...
21/09/2024

আমাৰ বিদ্যালয়ৰ সপোন
সকলো শিশু যুগৰ সৈতে খোজ মিলাব পৰা হওঁক।
তাৰে আশা কৰি বিভিন্ন জনৰ লগত এটা কম্পিউটাৰ শিক্ষা কথা ভাগ বতৰা কৰাৰ অন্তত এটা ভাল খবৰ আহিল আমি এটা কম্পিউটাৰ দান হিচাপে পালোঁ।
ধন্যবাদ কৃষ্ণা বৰুৱা বাইদেউ, তেখেতে বাক্সা জিলাৰ আয়ুক্ত , স্থানীয় অংগদবাদী কৰ্মী দীপা বাইদেউ সহযোগত সম্পূৰ্ণ এটা নতুন কম্পিউটাৰ ছেট লাভ কৰিবলৈ সক্ষম হ'লো।
বিদ্যালয় পৰিচালনা সমিতি সভাপতি অসীম কুমাৰ দত্ত দেৱ কো ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আজি ২১ ছেপ্তেম্বৰৰ বিশ্ব শান্তি দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰূপায়ন কৰা  "জলবায়ু পৰিৱৰ্তন...
21/09/2024

আজি ২১ ছেপ্তেম্বৰৰ বিশ্ব শান্তি দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰূপায়ন কৰা "জলবায়ু পৰিৱৰ্তনৰ সজাগতা" আৰু "বিদ্যালয় বৰ্হিভূত শিশুক বিদ্যালয়মুখী কৰা" কাৰ্যসূচীৰ অংশস্বৰূপে যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত মধ্য-যোৰহাট শিক্ষাখণ্ডৰ ৬২২ নং বৰমইনা পৰীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীৰ কেইখনমান স্থিৰচিত্ৰ

আগন্তুক জিলা দিৱসৰ লগত সংগতি ৰাখি গ্ৰন্থ দান দিৱসৰ আলোচনা তথা প্ৰস্তুতি মূলক এখন সভাও পালন কৰা হয় অভিনন্দন সভাৰ লগতে ।ম...
28/06/2024

আগন্তুক জিলা দিৱসৰ লগত সংগতি ৰাখি গ্ৰন্থ দান দিৱসৰ আলোচনা তথা প্ৰস্তুতি মূলক এখন সভাও পালন কৰা হয় অভিনন্দন সভাৰ লগতে ।মণ্ডল সমন্বয়ক মঞ্জুলা দত্ত ই এটা কিতাপৰ টোপোলা আগবঢ়াই। লগতে বিদ্যালয় পৰিয়ালৰ লখিমী দাস আৰু পল্লবী শইকীয়াই প্ৰতিমাহে শিশু আলোচনী বিদ্যালয়ত প্ৰদান কৰাৰ সিদ্ধান্ত ঘোষনা কৰে। প্ৰধান শিক্ষক অমৃত শৰ্মাই সকলোকে সহ যোগিতা কামনা কৰে আৰু গ্ৰন্থ দিৱস তথা জিলা দিৱস উপলক্ষে বিদ্যালয়ৰ পৰা এখন গ্ৰন্থ সম্পাদনাৰ আভাস প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰে।উক্ত সভাত মধ্য যোৰহাট শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ বৰুৱা মহোদয় উপস্থিত আছিল।

আজি ইংৰাজী 28 জুন,2024622 নং বৰ মইনাপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ এটা বিশেষ দিন।আজি বিদ্যালয়ৰ উদ্যোগত আৰু সমূহ অভিভাৱকৰ সহ ...
28/06/2024

আজি ইংৰাজী 28 জুন,2024
622 নং বৰ মইনাপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ এটা বিশেষ দিন।
আজি বিদ্যালয়ৰ উদ্যোগত আৰু সমূহ অভিভাৱকৰ সহ যোগত উচ্চ আৰু উচ্চতৰ মাধ্যিকক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱা হয়। মইনপৰীয়া অঞ্চলৰ সমূহ প্ৰথম বিভাগত উৰ্ত্তীণ ছাত্ৰ ছাত্ৰীৰ সামৰি লোৱা হয় এই অভিনন্দন অনুষ্ঠানত ,বিশেষ ভাৱে বিদ্যালয়ৰ দহ গৰাকীৰ অধিক ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উৰ্ত্তীণ হৈ বিদ্যালয় খনক গৌৰবৰ সুযোগ দিয়াৰ বাবে বিদ্যালয়ৰ পৰিয়াল গৌৰৱৰ অধিকাৰী।
আজিৰ এই অনুষ্ঠানৰ অন্যতম এক আকৰ্ষণ মধ্য যোৰহাট শিক্ষক সন্মিলনীৰ দ্বাৰা অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষাত একাদশ স্থান প্ৰাপ্ত ছাত্ৰ জ্যোতিষ্মন দত্তক অভিনন্দন প্ৰদান।
অনুষ্ঠান ভাগ অনুষ্ঠিত হয় মইনা পৰীয়া নামঘৰৰ প্ৰেক্ষাগৃহত ,এই আপাহতে মইনাপৰিয়া নামঘৰৰ পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰা হল।
অনুষ্ঠানত উপস্থিত থাকি মধ্য যোৰহাট শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰদ্ধাৰ মনোজ কুমাৰ বৰুৱা ছাৰ, খণ্ড সমল ব্যক্তি বসন্ত বৰা, মণ্ডল সমন্বয়ক নিৰঞ্জন ভূঞা,মঞ্জুলা দত্ত, বিশিষ্ট সাংবাদিক,যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাম প্ৰসাদ ফুকন দেৱ, মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জীৱন বৰকোচ ডাঙৰীয়া,অজিৎ বৰা দেৱ, অৱসৰ প্ৰাপ্ত শিক্ষক ব্ৰজেন দত্ত, মেলেঙ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ দত্ত দেৱ ,মইনা পৰীয়া অঙ্গনাবাডী কেন্দ্ৰৰ নবনীতা বাইদেউ, দীপা বাইদেউ আদিকে কৰি অভিনন্দন গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক মণ্ডলী আৰু বিদ্যালয়ৰ সমূহ পৰিয়াল তথা পৰিচালনা সমিতিৰ সভাপতি অসীম দত্ত দেৱে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ আৰম্ভনিতে বিদ্যালয়ৰ প্ৰধান শিক্ষক অমৃত শৰ্মা দেৱে উদেশ্য বাখ্যা কৰে। ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য গীতেৰে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়।
এটা সুন্দৰ আৰু পৰিপূৰ্ণ দিন বিদ্যালয় পৰিয়াল টোৱে পৰিকল্পনা কৰি বিদ্যালয়ৰ সমূহ অভিভাৱকৰ কায়িক ,মানসিক সহযোগত পালন কৰিবলৈ সক্ষম হয়।

27/03/2024

বিদ্যালয়ৰ গৌৰৱ

মধ্য যোৰহাট প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত পঞ্চম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ শ্ৰী জ্যোতিষ্মান দত্তই একাদশ স্থান অধিকাৰ কৰি আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।।
বিদ্যালয়ৰ তৰফৰ পৰা উজ্জল ভৱিষ্যত কামনা কৰা হ'ল।

বিদ্যালয়ৰ ফলাফল ঘোষণা 19 মাৰ্চ 2024
20/03/2024

বিদ্যালয়ৰ ফলাফল ঘোষণা
19 মাৰ্চ 2024

Address

বৰমইনাপৰীয়া গাঁও
Jorhat

Telephone

+919954099015

Website

Alerts

Be the first to know and let us send you an email when ৬২২ নং বৰমইনাপৰীয়া প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ৬২২ নং বৰমইনাপৰীয়া প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category