15/08/2026
👉সমগ্ৰ দেশৰ লগতে শুকমানাহত অৱস্থিত অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান আমাৰ পল্লা প্ৰৱাহ একাডেমিতো অতি উলহ-মালহ আৰু হৰ্ষ-উল্লাসেৰে দেশৰ ৮০তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে আৰম্ভ হোৱা সমগ্ৰ কাৰ্যসূচীৰ সময়ছোৱাত বিদ্যালয়ৰ সমগ্ৰ চৌহদ দেশপ্ৰেমৰ অপূৰ্ব শিহৰণেৰে মুখৰিত হৈ পৰে।
👉দিৱসটোৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশৰ উদ্দেশ্যে এক মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
👉একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক গীত,আৱেগিক নৃত্য,নিখুঁত অভিনয় আৰু সুন্দৰ বক্তৃতা প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে মন জয় কৰে। অনুষ্ঠানত একাডেমীৰ অধ্যক্ষা মোমেনা খাতুনৰ লগতে অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজৰ অৰ্থপূৰ্ণ ভাষণৰ জৰিয়তে শিক্ষার্থীসকলক স্বাধীনতা সংগ্ৰামৰ ইতিহাস,শ্বহীদসকলৰ ত্যাগ আৰু এজন সু-নাগৰিক হিচাপে দেশৰ প্ৰতি থকা দায়িত্ব-কৰ্তব্যৰ বিষয়ে গভীৰভাৱে অৱগত কৰায়।
ইফালে,স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় আনন্দৰ মাজতে প্ৰতিষ্ঠানখনত এক আৱেগঘন পৰিৱেশৰো সৃষ্টি হয়। একাডেমীখনৰ ৩ গৰাকী দক্ষ আৰু প্ৰিয় শিক্ষক—সমাজ বিজ্ঞানৰ শিক্ষক আছিফ হুছেইন,আৰৱী বিভাগৰ শিক্ষক গোলাপ হুছেইন আৰু হিন্দী বিভাগৰ শিক্ষক শ্বাহিনুৰ হুছেইনে বিশেষ চাকৰি তথা কৰ্মসংস্থাপন লাভ কৰাৰ বাবে তেওঁলোকক এই বিশেষ মঞ্চতে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়।
👉শিক্ষকসকলৰ এই কৃতকাৰ্যতাত আজিৰ প্ৰতিষ্ঠানখন গৌৰৱান্বিত হোৱাৰ সমান্তৰালভাৱে বিদায়ৰ ক্ষণত এক অভূতপূৰ্ব আৱেগিক পৰিৱেশ প্ৰকট হৈ পৰে।আমি শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰিয় শিক্ষক তিনিগৰাকীৰ দিহা-পৰামৰ্শ আৰু অতীতৰ মধুৰ স্মৃতিবোৰ সোঁৱৰণ কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত তথা নতুন কৰ্মজীৱনৰ সফলতাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু উলগ জনাও।
👉স্বাধীনতা দিৱসৰ অপাৰ আনন্দ আৰু প্ৰিয় শিক্ষকসকলক বিদায় দিয়াৰ সংমিশ্ৰিত আৱেগ—এই দুয়োৰে অভূতপূৰ্ব মিলনৰ জৰিয়তে পাল্লা প্ৰৱাহ একাডেমীৰ এই বিশেষ দিনটো ইতিহাসৰ পাতত সদায়লৈ স্মৰণীয় হৈ ৰ’ব।