বৰপুখুৰী আদমেদ নগৰ নতুন প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Hojai
  • বৰপুখুৰী আদমেদ নগৰ নতুন প্ৰাথমিক বিদ্যালয়

বৰপুখুৰী আদমেদ নগৰ নতুন প্ৰাথমিক বিদ্যালয় “শিক্ষাই হ’ল শক্তিশালী অস্ত্ৰ, যাৰ দ্বাৰা বিশ্বক পৰিবৰ্তন কৰিব পাৰি।” নেলচন মণ্ডেলা।

গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰা দিনটোত  বৰপুখুৰী আহমেদ নগৰ নতুন প্ৰাথমিক বিদ্যালয়ত বৰপুখুৰী ক্লাষ্টাৰৰ মাননীয় CRCC মহোদয় ...
01/07/2026

গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰা দিনটোত বৰপুখুৰী আহমেদ নগৰ নতুন প্ৰাথমিক বিদ্যালয়ত বৰপুখুৰী ক্লাষ্টাৰৰ মাননীয় CRCC মহোদয় শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত এক আন্তৰিক সম্প্ৰীতি ভোজৰ আয়োজন কৰা হয়।
এই সৌহাৰ্দ্যপূৰ্ণ মিলনমেলাই সকলোৰে মাজত পাৰস্পৰিক সহযোগিতা, সম্প্ৰীতি আৰু কৰ্ম-সমন্বয়ৰ বন্ধন অধিক সুদৃঢ় কৰে। উপস্থিত সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোৰে সুস্বাস্থ্য, সুখ-শান্তি আৰু আনন্দময় গ্ৰীষ্মকালীন বন্ধৰ শুভেচ্ছা জ্ঞাপন কৰা হ'ল।

🏫 নতুন ৰূপত সাজি উঠিয়াছে আমাৰ বৰপুখুৰী আহমেদ নগৰ নতুন প্ৰাথমিক বিদ্যালয়।শিক্ষাৰ অনুকূল, পৰিষ্কাৰ আৰু নান্দনিক পৰিৱেশ স...
30/06/2026

🏫 নতুন ৰূপত সাজি উঠিয়াছে আমাৰ বৰপুখুৰী আহমেদ নগৰ নতুন প্ৰাথমিক বিদ্যালয়।
শিক্ষাৰ অনুকূল, পৰিষ্কাৰ আৰু নান্দনিক পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে বিদ্যালয়খনৰ সৌন্দৰ্যবৃদ্ধি আৰু পৰিৱেশ উন্নয়নৰ বিভিন্ন কাম সম্পন্ন কৰা হৈছে। এই নতুন ৰূপে ছাত্ৰ-ছাত্ৰীসকলৰ মনত বিদ্যালয়ৰ প্ৰতি অধিক আগ্ৰহ সৃষ্টি কৰাৰ লগতে গুণগত শিক্ষাৰ এক সুস্থ পৰিৱেশ গঢ়ি তোলাত সহায়ক হ'ব বুলি আমাৰ বিশ্বাস।
এই উন্নয়নমূলক প্ৰয়াসত সহযোগিতা আৰু সমৰ্থন আগবঢ়োৱা বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, শুভাকাঙ্ক্ষী তথা সংশ্লিষ্ট সকলোলৈ বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে।
“সুন্দৰ বিদ্যালয় – গুণগত শিক্ষা – উজ্জ্বল ভৱিষ্যৎ।” 🌿📚
#বিদ্যালয় #শিক্ষা #অসম

“আজিৰ দিনটো সচাঁকে আমাৰ বাবে গৰ্বৰ! 🎉আমাৰ বিদ্যালয় Literacy ত Cluster Level-TLM Exhibition ত🥇 প্ৰথম স্থান লাভ কৰিব পাৰিল...
20/11/2025

“আজিৰ দিনটো সচাঁকে আমাৰ বাবে গৰ্বৰ! 🎉
আমাৰ বিদ্যালয় Literacy ত Cluster Level-TLM Exhibition ত🥇 প্ৰথম স্থান লাভ কৰিব পাৰিলে।

বিশেষকৈ Samim Laskar Madam আৰু Babli Das Madam-ৰ অক্লান্ত পৰিশ্ৰম আৰু সহযোগিতাই এই সফলতা সম্ভৱ কৰিলে।🙏💐

লগতে বিচাৰকৰ ভুমিকাত থকা CRCC Kamal Paul আৰু RP Rishi Chauhan Sir -ক আন্তৰিক ধন্যবাদ—অনুষ্ঠানটো সুন্দৰভাৱে সফল ৰূপে আগবঢ়াই দিয়াৰ বাবে। 🙌✨

লগতে TLM Exhibition-ৰ Organizing Committee আৰু Cluster CRCC Sir-ক অশেষ ধন্যবাদ—Program টো অত্যন্ত ধুনীয়াকৈ পৰিচালনা কৰাৰ বাবে। 👏💛

আৰু স্থান প্ৰাপ্ত আন বিদ্যালয়লৈ আমাৰ বিদ্যালয়ৰ ফালৰ পৰা অভিনন্দন।🙏

এই সফলতাৰ বাবে আমি বিদ্যালয় কর্তৃপক্ষ সকলোৰে ওচৰত সম্পূৰ্ণভাবে কৃতজ্ঞ। 🙏💙”**
Kamal Paul
Samagra Siksha Hojai
Hojai District Administration

12/10/2025
সৃষ্টিশীল আৰ্ট & ক্রাফ্টে আয়ান আহমেদ তোমাৰ প্ৰতিভাৰ বাবে আন্তৰিক অভিনন্দন, 🌟
10/10/2025

সৃষ্টিশীল আৰ্ট & ক্রাফ্টে

আয়ান আহমেদ তোমাৰ প্ৰতিভাৰ বাবে আন্তৰিক অভিনন্দন, 🌟

আজিৰ দিনটোত আমাৰ বিদ্যালয়ৰ আৰফান হোসেন  নামৰ ২য় শ্ৰেনীৰ এজন প্ৰতিভাৱান ছাত্ৰ মাটিৰে সুন্দৰ ফুল-মুল নিৰ্মাণ কৰি নিজৰ সৃ...
06/10/2025

আজিৰ দিনটোত আমাৰ বিদ্যালয়ৰ আৰফান হোসেন নামৰ ২য় শ্ৰেনীৰ এজন প্ৰতিভাৱান ছাত্ৰ মাটিৰে সুন্দৰ ফুল-মুল নিৰ্মাণ কৰি নিজৰ সৃষ্টিশীলতা আৰু কৌশল প্ৰকাশ কৰিছে। বিদ্যালয় পৰিয়ালে তেওঁৰ এই উদ্যোগক আন্তৰিকভাৱে প্ৰশংসা জনাইছো। 👏🎨

🌸🌿

Samagra Siksha Hojai
SSA, Assam
Hojai District Administration
Uttar Barpukhuri News Live

Address

Jugijan Road
Hojai
BARPUKHURI

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 12pm

Website

Alerts

Be the first to know and let us send you an email when বৰপুখুৰী আদমেদ নগৰ নতুন প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share