Someswar Sut

Someswar Sut শিক্ষা

17/06/2024

সপোন সপোন লগা এটি বাস্তব....🌾🌾🌾

তোমালোকৰ ঘৰলৈ গৈছিলো আজি সপোনত,
দেখিলো তোমাক পথাৰত পকাধানৰ মাজত।
আঘোণৰ পথাৰৰ সোনোৱালী ধানৰ সোনোৱালী ৰং,
তুমি দায় আছা সোনোৱালী ধান মনত কিযে ৰং।
দেখি তুমি লাজ লাজকৈ মাতিলা মোক,
ময়ো মাতিলো তোমাক মনৰ কিবা আনন্দত।
পকাধানৰ গোন্ধত ৰদৰ তাপত ৰবাব টেঙাৰ জুতি,
মোক মাতিলা খাও আহা একেলগে বহি।
ভাল লাগে আঘোনৰ পথাৰখন চায়,
কিযে ভাল লাগে তোমাৰলগত একেলগে পকাধান দায়।
মনৰ আনন্দত পথাৰত একেলগে বহি,
ৰং ধেমালিৰে পাৰ কৰিলো পাতিলো বহু কথা আজি।
ভাল লাগিল তোমাক দেখি তোমাক লগ পায়,
তোমাৰ মৰমবোৰে জীৱনৰ গতি সলাই।
বাস্তবত লগ পাম কেতিয়া,
নাপামেই নেকি লগ
সদায় সপোনতে লগ পাওঁ যেতিয়া।
তথাপিও আশা থাকিল এদিন লগ পাম,
সপোনত নাহিবা বাস্তবত জীৱন কটাম।

🌾 সোমেশ্বৰ সূত। লংকা, হোজাই। ৯/১১/২০২৩

04/12/2023

....নাযাবা মোক পাহৰি...

এদিন হঠাতে তোমাৰ
লগত হ'লো চিনাকি,
এনেকৈ বন্ধুত্ব হ'লো
গোটেই জীৱন থাকিম বুলি।

ৰাতিপুৱা গধুলি
খবৰ এটি লওঁ,
গুড মৰণিং, গুড নাইট বুলি।

কেতিয়াবা ফোনত
কেতিয়াবা মেছেজত,
ভাল বেয়া খবৰ লওঁ
দুয়োৰে মাজত।

কেনেকৈ সময়বোৰ
পাৰ হ'ল ভাবিব নোৱাৰি,
ভাল লগা স্মৃতিবোৰে
মনবোৰ সতেজ কৰি।

কিন্তু কিযে হ'ল ভাবি নাপাওঁ
সময়ৰ গতি,
লাহে লাহে পাহৰিব ধৰিছা স্মৃতি পাহৰি।

ভাল লাগে ভালপাওঁ
তোমাৰ কথাবোৰ,
তোমাৰ মৰমৰ
স্মৃতিবোৰে মনক কৰে
সদায় আমনি।

তোমাৰ স্মৃতিবোৰে
মৰমৰ উশাহ লৈ
তোমাৰ কথা ভাবি,
তুমি পাহৰিলে নিশ্চয়
যাব এদিন মোৰ মন মৰি।

সোমেশ্বৰ সূত।
হোজাই, (লংকা)।

04/12/2023

....নাযাবা মোক পাহৰি...

এদিন হঠাতে তোমাৰ
লগত হ'লো চিনাকি,
এনেকৈ বন্ধুত্ব হ'লো
গোটেই জীৱন থাকিম বুলি।

ৰাতিপুৱা গধুলি
খবৰ এটি লওঁ,
গুড মৰণিং, গুড নাইট বুলি।

কেতিয়াবা ফোনত
কেতিয়াবা মেছেজত,
ভাল বেয়া খবৰ লওঁ দুয়োৰে মাজত।

কেনেকৈ সময়বোৰ
পাৰ হ'ল ভাবিব নোৱাৰি,
ভাল লগা স্মৃতিবোৰে মনবোৰ সতেজ কৰি।

কিন্তু কিযে হ'ল ভাবি নাপাওঁ সময়ৰ গতি,
লাহে লাহে পাহৰিব ধৰিছা স্মৃতি পাহৰি।

ভাল লাগে ভালপাওঁ তোমাৰ কথাবোৰ,
তোমাৰ মৰমৰ
স্মৃতিবোৰে মনক কৰে
সদায় আমনি।

তোমাৰ স্মৃতিবোৰে মৰমৰ উশাহ লৈ
তোমাৰ কথা ভাবি,
তুমি পাহৰিলে নিশ্চয়
যাব এদিন মোৰ মন মৰি।

সোমেশ্বৰ সূত।
২ নং পিপলপুখুৰী,
লংকা।

16/08/2023

সংগ্ৰহঃ-
-সাৱধান হোৱা উচিত-
১) হোৱাটচ আপ(Whatsapp)ৰ চেটিংচত থকা "Media auto download " কেতিয়াও ক্লিক নকৰিব ।
২) হোৱাটচ আপ(Whatsapp)ৰ 'privacy' ত থকা "last seen, profile photo, status" এইবোৰ 'Every One'কেতিয়াও নকৰি ,কেৱল "my contact" ৰাখিব |
৩) কেমেৰা চেটিংচৰ 'GPS location info' option সদায় বন্ধ ৰাখিব |
৪) ফেচবুক(Facebook) একাউন্টত দিয়া আপোনাৰ জন্ম তাৰিখ option টো Only me কৰি ৰাখিব, Public কৰি নাৰাখিব ।
৫) Gmail, Facebook, Net Banking কৰা সময়ত “Remember Password Option” ভুলতো ক্লিক নকৰিব ।
৬) ATM/Debit/Credit বা অন্য কাৰ্ডৰ পিছফালে Online লেনদেনৰ বাবে দিয়া Pin Number টো মনত ৰাখি মোহাৰি পেলাব।
৭) “Internet” ত একাউন্ট খোলা সময়ত কৰা প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ নিদি দীঘল উত্তৰ Update কৰিব।
কেনেদৰে হেকাৰে পিন নম্বৰ পায় :-
১)Hacker বোৰে Facebook ৰ পৰা নাম আৰু জন্ম তাৰিখ লয় ।
২) এই details Income Tax Department ৰ Website ত আপডেট কৰে, আৰু তাৰ পৰা PAN Card আৰু মোবাইল নম্বৰ পায় ।
৩) তাৰ পাছত Duplicate PAN Card বনাই লয়
৪) তাৰ পাছত Police থানাত Mobile হেৰুওৱা দেখুৱাই Duplicate PAN Card লৈ Mobile Companyৰ পৰা আপোনাৰ নম্বৰৰ চিম কাৰ্ড উলিয়াই লয় ।
৫) তাৰ পাছত Internet Banking ৰ জৰিয়তে বেংকৰ Website ত আপোনাৰ বেংক একাউন্টৰ লগত Forgot my password option ত গৈ গণ্ডগোল কৰিবলৈ চেষ্টা কৰে ।
৬) পাছৰ option সহজে পাৰ কৰে, SIM Card ত Internet banking ৰ জৰিয়তে Pin নম্বৰ পাই যায় ।
***অনুগ্ৰহ কৰি এই Message টো সকলোকে শ্বেয়াৰ কৰিব, যাতে নিজৰ সুৰক্ষা কৰিব পাৰে।)
( কথাখিনি বৰ গুৰুত্বপূৰ্ণ, share কৰিলোঁ আশাকৰো আপোনালোক উপকৃত হব )

02/08/2023
02/08/2023

স্নায়ুতন্ত্র (nervous system):
স্নায়ুকলাৰ দ্বাৰা গঠিত যি তান্ত্ৰই বাহ্যিক নাইবা আভ্যন্তৰীণ উদ্দীপনা গ্রহণ, পৰিবহণ আদিৰ মাধ্যমত দেহৰ বিভিন্ন শৰীৰবৃত্তীয় কার্যাদি নিয়ন্ত্ৰণ আৰু বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় (cordination) সাধন কৰি পৰিবেশৰ লগত সম্পৰ্ক ৰক্ষা কৰে তাক স্নায়ুতন্ত্র (nervous system) বোলে । দেহৰ বিভিন্ন অংগসমূহৰ ক্ৰিয়া দুটা তন্ত্ৰই পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। এই তন্ত্ৰ দুটা হ’ল— স্নায়ুতন্ত্ৰ আৰু এণ্ড'ক্ৰাইন তন্ত্র । স্নায়ুতন্ত্ৰৰ নিয়ন্ত্রণ ক্রিয়া এণ্ড'ক্ৰাইন তন্ত্ৰতকৈ খৰতকীয়া আৰু ই তড়িৎ সংকেত (electric impulse)ৰ দ্বাৰা কাৰ্য কৰে। এই তড়িৎ সংকেতক স্নায়ু আৱেগ (nerve impulse) বোলে।

স্নায়ুতন্ত্রৰ বিভাগসমূহ (DIVISIONS OF NERVOUS SYSTEM):
স্তন্যপায়ী প্ৰাণীৰ স্নায়তন্ত্ৰক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে-
কেন্দ্রীয় স্নায়ুতন্ত্র (Central nervous system)
প্রান্তীয় স্নায়ুতন্ত্র (Peripheral nervous system) আৰু
স্বয়ংক্রিয় স্নায়ুতন্ত্ৰ (Autonomic nervous system)।

কেন্দ্রীয় স্নায়ুতন্ত্র (CENTRAL NERVOUS SYSTEM): মস্তিষ্ক আৰু স্নায়ুৰজ্জু লৈ কেন্দ্রীয় স্নায়ুতন্ত্র গঠিত হয়।

মস্তিস্ক (BRAIN): স্নায়ুৰজ্জুৰ অগ্রভাগত কৰোটিৰ দ্বাৰা সুৰক্ষিত কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ ফোপোলা স্ফীত যিটো অংশত বুদ্ধি, চিন্তা, স্মৃতি ইত্যাদি স্নায়ৱিক আবেগসমূহ কেন্দ্রীভূত হৈ থাকে তাকে মস্তিষ্ক বোলে পৈণত মানুহৰ মস্তিষ্কৰ ওজন প্রায় 1.36 কে.জি.। প্রাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত ইয়াৰ আয়তন প্রায় 1500 ঘন চেণ্টিমিটাৰ। মানুহৰ মস্তিষ্ক প্ৰায় 10000 নিযুত স্নায়ুকোষ বা নিউৰ’নৰ দ্বাৰা গঠিত ।

মস্তিষ্কৰ অংশসমূহ (Regions of brain): মস্তিষ্কটোক তিনিটা প্ৰধান অংশত বিভক্ত কৰিব পাৰি, যেনে-
প্রমস্তিষ্ক বা অগ্রমস্তিষ্ক (Fore brain or prosencephalon)
মধ্যমস্তিষ্ক (Mid brain or mesencephalon) আৰু
পৰাং মস্তিষ্ক বা পশ্চাৎ মস্তিষ্ক (Hind brain)।

প্রমস্তিষ্ক বা প্ৰ'ছেনচেফালন (Fore brain or prosencephalon): এই অংশ অগ্রভাগৰ দুই-তৃতীয়াংশ বিস্তৃত হৈ থাকে আৰু তিনিটা অংশৰ দ্বাৰা গঠিত। যেনে-
ঘ্ৰাণপিণ্ড বা ৰিনেনচেফালন (OLfactory lobe or rhinencephalon)
চেৰিব্রেল অর্ধগোলক বা টেলেনচেফালন (Cerebral hemisphere or telencephalon) আৰু
ডায়েনচেফালন বা থেলামেনচেফালন (Diencephalon or thalamencephalon)।

ঘ্রাণপিণ্ড (OIfactory lobe or rhinencephalon): মস্তিষ্কৰ সন্মুখপ্ৰান্তত এযোৰ সৰু, গোটা ঘ্রাণপিণ্ড থাকে। ই পৃষ্ঠদিশত চেৰিব্রেল অর্ধগোলকৰ দ্বাৰা সম্পূৰ্ণৰূপে পৰিৱেষ্টিত হৈ থাকে। ঘ্রাণপিণ্ডৰ সন্মুখপ্রান্ত উখহা,ইয়াক ঘ্রাণ টেমুনা (olfactory bulb) আৰু পশ্চাৎ ভাগৰ চাপখোৱা অংশক ঘ্রাণনলী (olfactory tract) বোলে। ঘ্রাণপিণ্ড ঘ্রাণ সংবেদনশীল।

চেৰিব্রেল অর্ধগোলক (Cerebral hemisphere or telencephalon) : এই অংশ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশ আৰু ই মস্তিষ্কৰ আন অংশবোৰক ঢাকি ৰাখে। মস্তিষ্কত এযোৰ চেৰিব্ৰেল অর্ধগোলক থাকে। দুয়োটা চেৰিব্ৰেল অর্ধগোলকক একেলগে চেৰিব্ৰাম । (cerebrum)বোলা হয়। চেৰিব্রেল অর্ধগোলকৰ উপৰিভাগ গভীৰ খাদৰ দ্বাৰা চাৰিটা পিণ্ডত বিভক্ত -অগ্রভাগত ফ্রন্টেল (frontal), মধ্যভাগত পেৰাইটেল (parietal), পশ্চাৎভাগত অক্সিপিটেল (occipital) আৰু পাৰ্শ্বদিশত টেম্প'ৰেল (temporal) পিণ্ড। প্ৰতিটো চেৰিব্রেল অর্ধগোলকৰ অন্তৰ্ভাগত এটাকৈ ৰস (fluid)-ৰে পৰিপূৰ্ণ হৈ থকা গহ্বৰ বা খাদ থাকে। হহঁতক পাৰ্শ্বগহ্বৰ (lateral ventricle) বা পেৰাচিল (paracoel) বোলে।
চেৰিব্ৰামৰ প্ৰধান কাৰ্যসমূহ হ’ল -
শৰীৰৰ বিভিন্ন গ্রাহক ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু-প্রেৰণা গ্রহণ কৰা।
ফ্রন্টেল পিণ্ডই ঐচ্ছিক পেশীসমূহৰ সঞ্চালন নিয়ন্ত্ৰণ কৰে।
ফ্রন্টেল পিণ্ডই বিভিন্ন ধৰণৰ সংবেদনশীলতা, চলনক্রিয়া, স্মৃতিশক্তি, বুদ্ধি, , চিন্তাশক্তি বাকশক্তি আদি নিয়ন্ত্রণ কৰে।
পেৰাইটেল পিণ্ডই উষ্ণতা,স্পর্শশক্তি, বিষ, স্বাদ গ্রহণ আদি নিয়ন্ত্ৰণ কৰে।
অক্সিপিটেল পিণ্ডই শ্রৱণ আৰু দৃষ্টি নিয়ন্ত্ৰণ কৰে।

ডায়েনচেফালন (Diencephalon or thalamencephalon):
এই অংশ চেৰিব্রেল অর্ধগোলকৰ দ্বাৰা পৰিৱেষ্টিত। ইয়াক থেলামেনচেফালন (thalamencephalon)ও বোলা হয়। ই দুটা অংশৰ দ্বাৰা গঠিত-
থেলামাছ (Thalamus): ধূসৰ কলাৰ দ্বাৰা গঠিত এযোৰ সৰু থেলামাছ চেৰিব্রামৰ তলত অৱস্থিত। থেলামাছে বিভিন্ন অংশৰ পৰা অহা বিষ, উষ্ণতা, স্পর্শ, উদ্দীপনা আদি গ্রহণ কৰি চেৰিব্ৰামলৈ প্রেৰণ কৰে। সেইবাবে থেলামাছক মস্তিষ্কৰ দ্বাৰৰক্ষী (gate keeper) বুলি কোৱা হয়। থেলামাছ দুটা হেবিনুলাৰ সংযোজক (habenular commissure)-ৰ দ্বাৰা এটা আনটোৰ লগত সংযোজিত।
হাইপ'থেলামাছ (Hypothalamus): ডায়েনচেফালনৰ তলভাগত হাইপ'থেলামাছ অৱস্থিত । ই ভোক লগা (hunger), পিয়াহ লগা (thirsi), আৱেগ (emotion) আদি নিয়ন্ত্রণ কৰে।
ডায়েনচেফালনৰ কাৰ্যসমূহ (Functions of diencephalon):
মস্তিষ্কৰ নির্দিষ্ট অংশসমূহলৈ সংবেদনা পঠিয়াই দিয়ে।
ই স্বয়ংক্রিয় স্নায়ুতন্ত্ৰ পৰিচালনা কৰে।
নিউৰ'হৰম'ন ক্ষৰণ কৰে।
পিটুইটাৰী গ্ৰন্থিৰ পশ্চাৎ পিণ্ড গঠনকৰে।
দেহৰ স্থিতিৰক্ষণশীলতা (homeostasis) নিয়ন্ত্ৰণ কৰে আৰু ভোক লগা, পিয়াহ লগা, টোপনি, খং, প্রেম, ঘৃণা আদি কার্য পৰিচালনা কৰে।

মধ্যমস্তিষ্ক বা মেছেনচেফালন (Midbrain or mesencephalon):
মধ্যমস্তিষ্ক সম্পূৰ্ণৰূপে চেৰিব্রেল অর্ধগোলকৰ দ্বাৰা পৰিবেষ্টিত। ই দুটা অংশৰ দ্বাৰা গঠিত। যেনে— নেত্রপিণ্ড (optic lobe) আৰু ক্ৰুৰা চেৰিব্রি (crura cerebri)।

পৰাং মস্তিষ্ক বা পশ্চাৎ মস্তিষ্ক (Hind brain):
পৰাং মস্তিষ্ক চেৰিবেলাম (cerebellum), মেডুলা অবলংগেটা (medulla oblongata)আৰু পনছ ভেৰ'লি (pons varolli) অংশ লৈ গঠিত হয়।
চেৰিবেলাম (Cerebellum): এই অংশ চেৰিব্ৰেল অর্ধগোলকৰ তলত অৱস্থিত আৰু পূৰ্ণ বিকশিত । ইয়াৰ প্ৰধান কাৰ্য হৈছে— কিছুমান ঐচ্ছিক পেশীৰ ক্রিয়া নিয়ন্ত্ৰণ কৰা আৰু দেহৰ সমতা ৰক্ষা কৰা।
মেডুলা অবলংগেটা (Medulla oblongata): চেৰিবেলামৰ তলফালে থকা মস্তিষ্কৰ পশ্চাৎ ভাগক মেডুলা অবলংগেটা বোলে। ইয়াৰ পশ্চাৎ অংশ চাপখোৱা আৰু ই স্নাযুৰজুডালৰ লগত সংযুক্ত । মেডুলা অবলংগেটাৰ প্রধান কাৰ্যসমূহ হল- দেহৰ অনৈচ্ছিক পেশীসমূহৰ কার্য নিয়ন্ত্রণ কৰা। হৃদযন্ত্রৰ স্পন্দন, শ্বাসক্ৰিয়া , তেজবাহিকাৰ সংকোচন, গ্রন্থিসমূহৰ ক্ষৰণ আদি কাৰ্য ইয়াৰ দ্বাৰা নিয়ন্ত্রিত হয়। ইয়াৰ উপৰিও কাহ উঠা (coughing), বমি হোৱা, প্রস্রাব তথা মলত্যাগৰ অনুভূতি, খাদ্য গিলা, অন্ত্ৰৰ সংকোচন-প্রসাৰণ অদিও মেডুলা অংশই নিয়ন্ত্ৰণ কৰে।

স্নায়ুৰজ্জু (SPINAL CORD): মানুহৰ স্নায়ুৰজ্জুডালৰ দৈৰ্ঘ্য প্ৰায় 18 ইঞ্চি। স্নায়ুৰজ্জুডাল পৃষ্ঠীয় আৰু অংকীয় অনুদৈর্ঘ্য খাদৰ দ্বাৰা দুটা অর্ধাংশত বিভক্ত। প্রতি কশেৰুকাৰ সংযোগস্থলত স্নায়ুৰজ্জুডাল খাঁজবিশিষ্ট আৰু প্ৰতি খণ্ডৰ পৰা এযোৰকৈ মুঠ 31 যোৰ ৰজ্জুুস্নায়ু (spinal nerve) ওলায়।

কার্য: স্নায়ুৰজ্জুৱে পৰিৱেশৰ পৰা আগত অনুভূতি গ্রহণ কৰি মস্তিস্কলৈ প্ৰেৰণ কৰে আৰু মস্তিষ্কৰ নির্দেশ অনুযায়ী বিশ্লেষিত অনুভূতি পেশী আৰু আভ্যন্তৰীণ অংগসমূহলৈ প্ৰেৰণ কৰে।

প্রান্তীয় স্নায়ুতন্ত্ৰ (Peripheral nervous System): কেন্দ্রীয় স্নায়ুতন্ত্র অর্থাৎ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ পৰা উৎপন্ন হোৱা স্নায়ুবোৰ দেহৰ বিভিন্ন অংশত বিস্তৃত হৈ যি স্নায়ুতন্ত্র গঠন কৰে তাক প্রান্তীয় স্নায়ুতন্ত্ৰ বোলে। স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই স্নায়ুতন্ত্র 12 যোৰ কৰোটি স্নায়ু আৰু 31 যোৰ ৰজ্জুস্নায়ুৰ দ্বাৰা গঠিত। কার্যৰ ওপৰত ভিত্তি কৰি স্নায়ুবোৰক তিনিটা ভাগত বিভক্ত কৰা হৈছে, যেনে-
সংবেদী স্নায়ু (Sensory nerve): এইবোৰ সংবেদী স্নায়ুতন্তুৰে গঠিত। ইহঁতে গ্রাহক ইন্দ্ৰিয়ৰ পৰা কেন্দ্রীয় স্নায়ুতন্ত্রলৈ সংবেদনা কঢ়িয়াই আনে।
চালক স্নায়ু (Motor nerve): এইবোৰ চালক স্নায়ুতন্তুৰে গঠিত। এই স্নায়ুবোৰে কেন্দ্রীয় স্নায়ুতন্ত্রৰ পৰা নির্দেশ চালক অংগ (পেশী, গ্রন্থি, অংগ-প্ৰত্যংগ) সমূহলৈ কঢ়িয়াই আনে।
মিশ্ৰ স্নায়ু (Mixed nerve): এইবোৰ সংবেদী আৰু চালক– দুই প্রকাৰ স্নায়ুতন্তুৰ দ্বাৰা গঠিত। ইহঁতে সংবেদী আৰু চালক দুয়োপ্রকাৰৰ ক্ৰিয়া কৰে।

স্বয়ংক্রিয় স্নায়ুতন্ত্ৰ (Autonomic Nervous System):
স্নায়ুতন্ত্ৰৰ যি অংশই দেহত থকা আভ্যন্তৰীণ অংগসমূহৰ কাৰ্যকাৰিতা নিয়ন্ত্ৰণ কৰে অৰ্থাৎ, দেহত থকা অনৈচ্ছিক পেশীসমূহক নিয়ন্ত্ৰণ কৰে তাকে স্বয়ংক্রিয় স্নায়ুতন্ত্ৰ বোলে। স্বয়ংক্রিয় স্নায়ুতন্ত্ৰৰ কেইটামান প্রধান বিশেষত্ব হ 'ল-
এই তন্ত্ৰৰ অন্তর্গত স্নায়ু প্রগণ্ডবোৰ কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ বাহিৰত অৱস্থিত।
ইয়াৰ সক্রিয়তা ইচ্ছাৰ অধীন নহয়।
কেন্দ্রীয় স্নায়ুতন্ত্ৰই ইয়াৰ সক্রিয়তা নিয়ন্ত্ৰণ কৰে।
ইহঁত অনৈচ্ছিক হ'লেও সম্পূৰ্ণৰূপে ঐচ্ছিক নিয়ন্ত্ৰণৰ বাহিৰত নহয়।

কার্য অনুসৰি স্বয়ংক্রিয় স্নায়ুতন্ত্ৰটো দুটা ভাগত বিভক্ত-
ছিমপেথেটিক স্নায়ুতন্ত্র (Sympathetic nervous system) আৰু
পেৰাছিমপেথেটিক স্নায়ুতন্ত্র (Parasympathetic nervous system)।

স্বয়ংক্রিয় স্নায়ুতন্ত্রৰ কার্যসমূহ (Functions of autonomic nervous system): স্বয়ংক্রিয় স্নায়ুতন্ত্রই প্রাণীৰ দেহাভ্যন্তৰৰ স্থিতাৱস্থা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছিমপেথেটিক আৰু পেৰাছিমপেথেটিক স্নায়ুতন্ত্রৰ কার্য পৰস্পৰ বিৰোধী। প্ৰাণীৰ দেহাভ্যন্তৰত কোনো ধৰণৰ পৰিৱৰ্তন ঘটিলে, যেনে- হৃদস্পন্দনৰ হাৰ, ৰক্তচাপ, তেজত শৰ্কৰাৰ পৰিমাণ কমি গ’লে ছিমপেথেটিক স্নায়ুতন্ত্র সক্ৰিয় হৈ উঠে আৰু এই অৱস্থাত প্ৰাণীক পৰিস্থিতিৰ সন্মুখীন হবলৈ অধিক শক্তিশালী কৰি তোলে। আনহাতে পেৰাছিমপেথেটিক স্নায়ুতন্ত্ৰই পুনৰাই প্ৰাণীৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত আৰু সক্রিয় স্থিতাৱস্থা বজাই ৰখাত সহায় কৰে।

ছিমপেথেটিক স্নায়ুতন্ত্রৰ কাৰ্য :
চকুৰ আইৰিছ প্রসাৰিত কৰে।
লালটি গ্ৰন্থিৰ ক্ষৰণ হ্রাস কৰে।
হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে।
পাকস্থলীৰ ক্ষৰণত বাধা প্ৰদান কৰে।
যকৃতত গ্লাইক’জেনক গ্লুক'জলৈ পৰিৱৰ্তন কৰি তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে।
পাকস্থলীৰ বিচলন হ্রাস কৰে।
মস্তিষ্কৰ ৰক্তনলীৰ সংকোচন ঘটায়।

পেৰাছিমপেথেটিক স্নায়ুতন্ত্রৰ কাৰ্য :
চকুৰ আইৰিছ সংকুচিত কৰে।
লালটি গ্ৰন্থিৰ ক্ষৰণ বৃদ্ধি কৰে।
হৃদস্পন্দনৰ হাৰ হ্রাস কৰে।
পাকস্থলীৰ ক্ষৰণ বঢ়ায়।
যকৃতত পিত্ত প্রবাহত বাধা দিয়ে।
পাকস্থলীৰ বিচলন বৃদ্ধি কৰে।
মস্তিষ্কৰ ৰক্তনলীৰ প্রসাৰণ ঘটায়।

স্নায়ু প্ৰেৰণাৰ প্রবাহ (Conduction of nerve impulse):
এটা নিউৰ'নৰ এক্সন আৰু আন এটা নিউৰ'নৰ ডেনড্রন বা দেহকোষৰ মাজত থকা অতি ক্ষুদ্র খালী সংযোগী পথক ছাইনেপছ (synapse) বোলে । নিউৰ'নবোৰৰ প্রান্তীয় অংশ অলপ বহল, ইয়াক ছাইনেপটিক স্ফীতি (synaptic k**b) বোলে। ছাইনেপটিক গাঁঠিত এচিটাইল ক’লাইন (acetyl choline) নামৰ এক প্ৰকাৰৰ ৰাসায়নিক পদার্থ ক্ষৰণ হয়। এচিটাইল ক’লাইনে ছাইনেপটিক গাঁঠিৰ মাজেৰে এডাল নিউৰ'নৰ পৰা স্নায়ু প্ৰেৰণা আন এডাললৈ পৰিবহণ কৰে।সেয়েহে এচিটাইল ক’লাইনক ৰাসায়নিক স্নায়ু পৰিবাহক (chemical neurotransmitter) বোলা হয়।

প্রতীপ ক্ৰিয়া (REFLEX ACTION):
আমাৰ দৈনন্দিন জীৱনত আমি যিবোৰ কাৰ্য কৰি থাকো তাৰ অধিকাংশই আমাৰ জ্ঞাতসাৰে অর্থাৎ, নিজৰ ইচ্ছা অনুযায়ী সম্পন্ন হয়। কিন্তু এনে বহুতো কাৰ্য আছে যিবোৰ আমাৰ অজ্ঞাতসাৰে, অনিচ্ছাকৃত নাইবা স্বতঃস্ফুৰ্তৰ্তভাৱে মস্তিষ্কৰ নিৰ্দেশ বা নিয়ন্ত্ৰণ অবিহনে সম্পন্ন হয়। এই ধৰণৰ সকলোবোৰ কার্য প্রতীপ ক্ৰিয়াৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, হঠাৎ তীব্ৰ পোহৰ চকুত পৰিলে স্বতঃস্ফূৰ্তভাৱে চকুৰ পতা বন্ধ হৈ যায়, গৰম ইস্ত্ৰিত হাত পৰিলে তৎক্ষণাৎ আমি হাতখন আঁতৰাই আনো ইত্যাদি।

প্রতীপ ক্ৰিয়াৰ কেইটামান উদাহৰণ তলত দিয়া হ'ল-
জুইত হাত পৰিলে দ্রুত হাতৰ অপসাৰণ।
চকুত ধূলি পৰাৰ উপক্রম হ’লে নাইবা কিবা বস্তু চকুৰ পিনে অহা দেখিলে স্বতঃস্ফূৰ্তভাৱে চকুৰ পতা বন্ধ হোৱা।
হঠাৎ তীব্ৰ পোহৰ চকুত পৰিলে চকু বন্ধ হোৱা।
খাদ্যৰ গোন্ধত মুখত লালটি ক্ষৰণ হোৱা।
ভয়াৱহ দৃশ্যত গাৰ নোম থিয় দিয়া।
চকী বা টুলত ভৰি ওলোমাই বহি থকা অৱস্থাত আঁঠুৰ তলত থকা কণ্ডৰাত মৃদু আঘাত কৰিলে ভৰিৰ জোঁকাৰণিৰ সৃষ্টি হোৱা ইত্যাদি।

প্রতীপ ক্ৰিয়া কেনেদৰে হয় (How renex action occurs):
প্রতীপ ক্ৰিয়াৰ স্নায়ু প্রবাহ কেনেদৰে হয় সেয়া এটা পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা হ’ল। হঠাৎ গৰম ইস্ত্ৰিত হাত লাগিলে হাতখন তৎক্ষণাৎ ইস্ত্ৰিটোৰ পৰা গুচাই অনা হয়। হাতৰ ছালত থকা গ্ৰাহক কোষবোৰ (receptor cells) উদ্দীপ্ত হৈ সংবেদী স্নায়ুৰ মাধ্যমত স্নায়ু সংবেদক স্নায়ুৰজ্জুলৈ প্ৰেৰণ কৰে। স্নায়ুৰজ্জুৰ পৰা পোৱা নিৰ্দেশ চালক (motor) স্নায়ুৰ মাধ্যমত হাতৰ পেশীবোৰলৈ অহাৰ লগে লগে সেইবোৰ উদ্দীপ্ত হৈ সংকুচিত হয়, ফলত হাতখন ইস্ত্ৰিটোৰ পৰা গুচি আহে।

প্রতীপ চাপ বা প্রতীপ বৃত্তাংশ (Renex arc) :
কোনো নির্দিষ্ট প্রতীপ ক্রিয়া সম্পাদনত স্নায়ুস্পন্দন যি পথেৰে পৰিবাহিত হয় সেই পথক প্রতীপ চাপ বা প্রতীপ বৃত্তাংশ বোলে। অধিকাংশ প্রতীপ চাপ পাঁচটা অংশ লৈ গঠিত হয়, যেনে-
গ্রাহক (Receptor) ঃ সংজ্ঞাবহ বা অন্তর্বাহী স্নায়ুতন্ত্রৰ প্রান্তস্থিত সংবেদন গ্রহণকাৰী বিশেষ অংগক গ্রাহক (receptor) বোলে।
অন্তর্বাহী স্নায়ু (Afferent nerve ): প্রান্তীয় গ্রাহক অংগৰ পৰা স্নায়ুতন্ত্রৰ যি সংবেদী (sensory) স্নায়ুয়ে স্নায়ু উত্তেজনা (nerve impulse) কেন্দ্রীয় স্নায়ুলৈ পঠিয়ায় তাক অন্তর্বাহী স্নায়ু বোলে।
প্রতীপ কেন্দ্ৰ (Rchex centre): কেন্দ্রীয় স্নায়ুতন্ত্রৰ অন্তর্ভুক্ত স্নায়ুৰজ্জুৰ যি অংশত অন্তর্বাহী স্নায়ুৱে স্নায়ুসন্ধিৰ মাধ্যমত বহির্বাহী বা চালক (motor) স্নায়ুৰ লগত সংযোগ স্থাপন কৰে তাক প্ৰতীপ কেন্দ্র বোলে। সংজ্ঞাবাহী স্নায়ুৰ দ্বাৰা কোষক উদ্দীপ্ত কৰি চালক স্নায়ু প্ৰবাহলৈ ৰূপান্তৰিত হয় আৰু চালক স্নায়ুৰ মাধ্যমত কাৰক অংগ (effector organ) লৈ প্রেৰিত হয়।
বহির্বাহী স্নায়ু (Efferent nerve) : যি স্নায়ুসূত্রই প্রতীপ কেন্দ্ৰৰ পৰা চালক উদ্দীপনা কাৰক অংগলৈ লৈ আহে তাক বহির্বাহী স্নায়ু বোলে।
কাৰক অংগ (Effector organ): অংগসমূহৰ যি পেশীয়ে বহির্বাহী স্নায়ুৰ দ্বাৰা অনা নির্দেশ পালন কৰে তাক কাৰক অংগ বোলে।

প্রতীপ ক্ৰিয়াৰ প্ৰকাৰ (Types of reflexes):
ৰুছ বিজ্ঞানী আইভান পাভলভ (Ivan Pavlovy)-এ প্ৰতীপ ক্ৰিয়াক দুটা ভাগত ভাগ কৰিছে—
সহজাত বা চৰ্তহীন প্রতীপ (Inborn or unconditional reflex) আৰু
অর্জিত বা চৰ্তাবদ্ধ প্রতীপ (Acquired or conditional reflex)।

1. সহজাত বা চৰ্তহীন প্রতীপ : যিবোৰ প্রতীপ ক্রিয়া জন্মগত, স্থিৰ (fixed) আৰু কোনো চৰ্তাধীন নহয়, সেইবোৰক সহজাত বা চৰ্তহীন প্রতীপ ক্ৰিয়া বোলে। উদাহৰণস্বৰূপে, শিশুৰ জন্মৰ লগে লগে মাতৃৰ স্তনপান, উজ্জ্বল পোহৰত চকুৰ মণিৰ সংকোচন, ভৰিত কাঁইটে বিন্ধিলে লগে লগে ভৰি গুচাই অনা ইত্যাদি।
2. অর্জিত বা চৰ্তাবদ্ধ প্রতীপ : যিবোৰ প্ৰতীপ ক্রিয়া জন্মগত নহয় আৰু বহুবাৰ অনুশীলনৰ ফলত অর্জিত হয়, তেনেবোৰক অর্জিত বা চৰ্তাবদ্ধ প্রতীপ বোলে। উদাহৰণস্বৰূপে, শিশুৰ খোজ কঢ়া বা কথা কোৱা শিকা, পিয়ানো, গিটাৰ, হাৰম’নিয়াম ইত্যাদি বজোৱা, গাড়ী চলোৱা ইত্যাদি।

01/08/2023

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Someswar Sut posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category