Sankardev Sishu Niketan,Hawaipur

Sankardev Sishu Niketan,Hawaipur শংকৰদেৱ শিশু নিকেতন,হাৱাইপুৰ
স্থাপিত- ১৯৯৯
সংকুল-হোজাই
বিভাগ-নগাঁও।
জিলা-হোজাই (অসম)
পিন-৭৮২৪৪৬ ।

29/04/2026
২০২৫-২৬ শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে নিকেতনৰ কাৰ্যালয়ত প্ৰ-পত্ৰ দি থকা হৈছে। আপোনাৰ সন্তানটিৰ নাম ভৰ্তিৰবাবে সোনকালে প্ৰ-প...
25/12/2024

২০২৫-২৬ শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে নিকেতনৰ কাৰ্যালয়ত প্ৰ-পত্ৰ দি থকা হৈছে। আপোনাৰ সন্তানটিৰ নাম ভৰ্তিৰবাবে সোনকালে প্ৰ-পত্ৰ সংগ্ৰহ কৰক।

30/09/2024

আমাৰ ছাত্ৰ-ছাত্ৰী সকল লিখা পঢ়াত ব্যস্ত

04/08/2024

💐সুভাষিতম্💐
পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমং তপঃ।
পিতৰি প্ৰীতিমাপন্নে প্ৰীয়ন্তে সৰ্ব দেৱতাঃ॥

অৰ্থ🖋
পিতায়েই স্বৰ্গ পিতায়ে ধৰ্ম পিতৃ মাতৃয়ে পৰম তপস্যা।
পিতৃ - মাতৃ সন্তোষ্টহৈ থাকিলে সকলো দেৱতা সন্তোষ্ট হৈ থাকে।

19/07/2024

# # সুভাষিত # #

য়েষাং ন বিদ‍্যা ন তপো ন দানং
জ্ঞানং ন শীলং ন গুণো ন ধৰ্মঃ।
তে মৰ্ত্যলোকে ভুবিভাৰভুতাঃ
মনুষ‍্যৰূপেণ মৃগাশ্চৰন্তি॥

অৰ্থ :---- যিসকল লোকৰ বিদ‍্যা, তপস্যা, দান, জ্ঞান, চৰিত্ৰ, গুণ, ধৰ্ম এইবিলাক নাথাকে তেওঁলোক পৃথিৱীৰ বোজাস্বৰূপ। তেওঁলোকে মৰ্ত্যলোকত মানুহৰ বেশ ধৰি পশুৰূপে বৰ্তি থাকে।

26/05/2024

সুভাষিত
আলস্যং হি মনুষ্যাণাং শৰীৰস্থো মহান্ ৰিপুঃ।
নাস্ত্যুদ্যমসমো বন্ধুঃ কৃত্বা য়ং নাৱসীদতিঃ।।
অৰ্থ
এলাহেই মানুহৰ শৰীৰত থকা ডাঙৰ শত্ৰু, উদ্যমৰ সমান বন্ধু নাই, যিহেতু পৰিশ্ৰম কৰা মানুহ কেতিয়াও দুখী নহয়।

09/05/2024

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শংকৰদেৱ শিশু নিকেতন হাৱাইপুৰৰ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনালোঁ।

24/04/2024

২৩/০৪/২০২৪ তাৰিখে শংকৰদেৱ বিদ্যা নিকেতন, হোজাই গীতাশ্ৰমত অনুষ্ঠিত হৈ যোৱা হোজাই সংকুল ভিত্তিক "বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ ২০২৪-২৫" ৰ প্ৰতিযোগীতাত শংকৰদেৱ শিশু নিকেতন হাৱাইপুৰৰ ছাত্ৰ-ছাত্ৰী সকল:-
১/ *প্ৰণামী কলিতাই ১০০ আৰু ২০০ মিটাৰ দৌৰত প্ৰথম আৰু হাই জাম্পত দ্বিতীয় স্থান অধিকাৰ কৰে।*
২/ *ৰিয়া জয়ছোৱালে গধূৰ বস্তু দলিওৱা আৰু দিচকাছথ্ৰত প্ৰথম স্থান, ৬০০ মিটাৰ দৌৰত তৃতীয় আৰু লংজাম্পত দ্বিতীয় স্থান অধিকাৰ কৰে।*
৩/ *অংকুমনি শইকীয়াই গধূৰ বস্তু দলিওৱাত দ্বিতীয় আৰু দিচকাছথ্ৰত তৃতীয় স্থান অধিকাৰ কৰি নিকেতনলৈ গৌৰৱ কঢ়িয়াই আনে।*
আটাইকেইজন ছাত্ৰ-ছাত্ৰীলৈ নিকেতনৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো। আগলৈ আৰু ভাল প্ৰদৰ্শন হৱ বুলি আশা ৰাখিলোঁ...!
"আন্তৰিক অভিনন্দন... বিজয়ী ভৱ"...!!!

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Sankardev Sishu Niketan,Hawaipur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share