26/07/2026
আজিৰ পবিত্ৰ কাৰ্গিল বিজয় দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) হোজাই নগৰ শাখাৰ উদ্যোগত কাৰ্গিল যুদ্ধত দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰা বীৰ জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
তেওঁলোকৰ অতুলনীয় সাহস, দেশপ্ৰেম আৰু সৰ্বোচ্চ ত্যাগ চিৰদিনে আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।
"শহীদসকল অমৰ হওক। জয় হিন্দ। 🇮🇳"