Siddique Ali Soworani High School Alumni Association

  • Home
  • India
  • Hajo
  • Siddique Ali Soworani High School Alumni Association

Siddique Ali Soworani High School Alumni Association Siddique ali Soworani high school established 1993

29/11/2024

পৰম শ্ৰদ্ধাৰ দাদা, বাইদেউ সমনীয়া আৰু অনুজসকল আশা কৰিম মহান আল্লাহৰ কৃপাত সকলোৱে ভালে আছে। আপোনালোক নিশ্চয়কৈ অৱগত যে আমাৰ সকলোৰে শৈশৱ-কৈশৰ অতিবাহিত অৰ্থাৎ আমাৰ জীৱনৰ আটাইতকৈ মধুৰ সময়খিনি পাৰ কৰি অহা আপোন বিদ্যালয় ছিদ্দিক আলী সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপনা কালৰপৰা বৰ্তমানলৈ সকলোবোৰ প্ৰাক্তনে সমিল‌ মিলেৰে এখনি মিলন সমাৰোহ‌ অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে। এই সম্পৰ্কে সকলোবোৰ প্ৰাক্তনে ইতিমধ্যে যোৱা দেওবাৰে এখনি সাধাৰণ সভা অনুষ্ঠিত কৰি সামূহিক সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা সভাৰ সৰ্বসন্মত প্ৰস্তাৱ মৰ্মে আন এখন সাধাৰণ সভা আহ্বান কৰাৰ সিদ্ধান্তত উপনীত হৈ অহা দেওবাৰে অৰ্থাৎ ১ ডিচেম্বৰ ২০২৪ ইং তাৰিখে ব্যাপকভাৱে সাধাৰণ সভা আহ্বান কৰিছে। যোৱা সাধাৰণ সভাত সকলো প্ৰাক্তনৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এক উখল মাখল উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছিল । এইখিনিতে উল্লেখ্য থাকে যে অহা দেওবাৰ অৰ্থাৎ ১ ডিচেম্বৰ ২০২৪ ইং তাৰিখে অনুষ্ঠিতব্য সাধাৰণ সভাখনি অতিকৈ প্ৰাসংগিক কিয়নো সেই সভাত সকলোৰে উপস্থিতিত সকলোবোৰ পূৰ্ণাংগ কমিটি গঠন কৰা হ'ব। গতিকে আপোনালোক সকলোৱে নিজৰ বিদ্যালয়ৰ প্ৰতি আনুগত্য দেখুৱাই যথা সময়ত নিশ্চিতভাৱে উপস্থিত হোৱাৰ কামনা কৰা হ'ল।

স্থান:- বিদ্যালয় প্ৰাঙ্গন
সময়:- আবেলি ঠিক ১ বজা
দিনাংক:- ১ ডিচেম্বৰ ২০২৪ ইং, দেওবাৰ।

ধন্যবাদেৰে
আহব্বায়ক মণ্ডলী আৰু সকলোবোৰ শ্ৰেণী প্ৰতিনিধি।

আজি আনুষ্ঠানিক ভাৱে সন্মানীয় শিক্ষাগুৰু সকলৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মিলন সমাৰোহ সম্পৰ্কে আশীৰ্বাদ পৰামৰ্শ  আৰু উৎসাহ...
27/11/2024

আজি আনুষ্ঠানিক ভাৱে সন্মানীয় শিক্ষাগুৰু সকলৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মিলন সমাৰোহ সম্পৰ্কে আশীৰ্বাদ পৰামৰ্শ আৰু উৎসাহ উদ্দীপনা গ্ৰহণ কৰোঁ।এই আশীৰ্বাদ পৰ্বত সহযোগীতা আগবঢ়োৱা জেষ্ঠ ভাতৃ বাইদেউ সহপাঠী আৰু কনিষ্ঠ বন্ধু বান্ধৱী ভাইটি ভন্টি সকলক অলেখ অলেখ ধন্যবাদ জনাইছোঁ।

20/11/2024

#ছিদ্দিক_আলী_সোৱৰণী_উচ্চ_মাধ্যমিক_বিদ্যালয়
#প্ৰাক্তন_ছাত্ৰ-ছাত্ৰী_মিলন_সমাৰোহ

পোন প্ৰথমে সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অৰ্থাৎ দাদা, বাইদেউ, সহপাঠী আৰু অনুজসকলৰ কুশল কামনা কৰিলোঁ। দোৱা প্ৰাৰ্থনা কৰিম মহান আল্লাই সকলোকে ভালে ৰাখক। উৎসুকতাৰ সৈতে আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ সুখী হম যে জেষ্ঠ, সমনীয়া আৰু কনিষ্ঠসকলৰ সৰ্বসন্মতিক্ৰমে অহা দেওবাৰ অৰ্থাৎ ২৪-১১-২০২৪ ইং তাৰিখে ছিদ্দিক আলী সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ -ছাত্ৰীক আহ্বান কৰি এখনি বিশেষ সাধাৰণ সভা আয়োজন কৰা হৈছে।
সেয়েহে সভাত ১৯৯৩ বৰ্ষৰ পৰা বৰ্তমানলৈ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি যোৱা সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল।

সময় : আবেলি ঠিক ২ বজা
স্হান: ছিদ্দিক আলী সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগন।

ইতি
আহব্বায়ক মন্ডলী
প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ছিদ্দিক আলী সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয় ।

বিঃদ্ৰ :- সকলোৱে যথা সময়ত উপস্থিত হয়‌ যেন। সভা চূড়ান্তভাৱে ঠিক ২ বজাতে আৰম্ভ কৰা হ'ব।

Address

Bangalpara
Hajo
781002

Website

Alerts

Be the first to know and let us send you an email when Siddique Ali Soworani High School Alumni Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category