14/12/2022
মিৰ্জাৰ কামৰূপ জাতীয় বিদ্যালয়
ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান
প্রতিদিন সেৱা, মির্জা, ১৩ ডিচেম্বৰ : কামৰূপ জাতীয় বিদ্যালয়, মিৰ্জাৰ বছৰজোৰা ৰূপালী জয়ন্তীৰ অহা ২৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। প্ৰথম দিনা পুৱা গছপুৰি ৰোপণ কৰিব প্ৰাক্তন উপ-বন সংৰক্ষক ধৰণীধৰ বড়োৱে, দুপৰীয়া শৈক্ষিক দিশৰ ওপৰত অনুষ্ঠিত বিভিন্ন প্রতিযোগিতাৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন কৰিব বিদ্যালয়খনৰ অধ্যক্ষ নীৰেন কলিতাই, বস্তি প্রজ্বলন কৰিব দক্ষিণ কামৰূপ নাথ যোগী সম্মিলনীৰ সভাপতি ৰাজেন্দ্ৰ কুমাৰ নাথে, স্মৃতি তর্পণ কৰিব সমাজকৰ্মী চিত্ৰা বৰুৱাই, সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব বোলছবি পৰিচালক, কবি হিমাংশু প্ৰসাদ দাসে। দুপৰীয়া বিদ্যালয়খনৰ অধ্যক্ষ নীৰেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত মুখ্য অতিথি হিচাপে ড° হাফিজ আহমেদ, বিশিষ্ট অতিথি
হিচাপে প্রাথমিক শিক্ষক সম্মিলনীৰ সভাপতি ৰাতুল গোস্বামী, নির্দিষ্ট বক্তা হিচাপে চিন্তাবিদ, নিবন্ধকাৰ ময়ূৰ বৰাই অংশগ্রহণ কৰিব। সন্ধিয়া সাংস্কৃতিক মঞ্চ মুকলি কৰিব বিধায়ক হেমাংগ ঠাকুৰীয়াই, নিশা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত-মাতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। তৃতীয় দিনা পুৱা মঞ্চ মুকলি কৰিব বিশিষ্ট সমাজসেৱক নাৰায়ণ চৌধুৰীয়ে, বস্তি প্রজ্বলন কৰিব পশু চিকিৎসা বিষয়া চন্দন কুমাৰ শইকীয়াই। দুপৰীয়া ন-পুৰণি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ সন্মিলন, বিয়লি বিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্রিত শিল্পীৰ গীত-মাত অনুষ্ঠানেৰে ৰূপালী জয়ন্তীৰ সামৰণি পৰিব। ৰূপালী জয়ন্তীৰ সকলো কাৰ্যসূচীত প্রাক্তন বৰ্তমানৰ ছাত্ৰ- ছাত্রী, অভিভাৱক, শুভাকাংক্ষীৰ উপস্থিতি বিদ্যালয় কর্তৃপক্ষই কামনা কৰিছে।