গুৱাহাটী বিশ্ববিদ্যালয় AT 7 Bus Stand ত থকা প্ৰস্ৰাৱগাৰৰ (Toilet)অত্যন্ত বেয়া অৱস্থাই বহুতু অসুবিধাৰ সৃষ্টি কৰি আহিছে। আমি দেখি আহিছোঁ যে বাছৰ বাবে অপেক্ষাত থকা শিক্ষাৰ্থীসকলৰ বিশেষকৈ ছাত্ৰীসকলে প্ৰয়োজনীয়তাত ছাত্ৰাৱাস অথবা কৰ্মচাৰী আৱাসলৈ যাব লগা হয়।
সততে দৃষ্টিগোচৰ হোৱা এই অসুবিধাসমুৰ প্ৰতি লক্ষ্য ৰাখি আমি AT 7 ছাত্ৰাৱাসৰ আৱাসীসকলে আজি প্ৰস্ৰাৱগাৰটো পৰিষ্কাৰ কৰোঁ।অনাগত দিনত প্ৰস্ৰাৱগাৰৰ পানী ব্যৱস্থা, বিদ্যুৎ সংযোগ আদি দিশত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।
Lachit Borphukan AT7 Boys' Hall, Gauhati University
AT7 Boys' Hall, Gauhati University,
Gopinath Bordoloi Nagar, Jalukbari, Guwahati-781014, Assam.
10/09/2024
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৪ বৰ্ষৰ আন্তঃ আৱাসৰ শ্ৰেষ্ঠ নৱাগতৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা আমাৰ আৱাসৰ কনিষ্ঠ আৱাসী বিশাল বৰালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।
আগুৱাই যোৱা, উজ্জ্বল নক্ষত্র হৈ জিলিকি পৰা।
জয়তু অসম আৰ্হি ৭নং লাচিত বৰফুকন ছাত্রবাস।।।
জয়তু গুৱাহাটী বিশ্ববিদ্যালয়।।।
22/08/2024
গুঃ বিঃ সপ্তাহত আন্তঃ আৱাস-নিৱাস মুকাভিনয় প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ‘অসম আৰ্হি ৭ নং লাচিত বৰফুকন ছাত্ৰাৱাস’
চে গুৱেভাৰে কৈছিল, “যদি হিংসা আৰু অন্যায় দেখি তোমাৰ বুকু জ্বলিছে, তেন্তে তুমি মোৰ কমৰেড।”
কমৰেডে বান্ধে কথাৰ গড়। সত্যত অৱগাহন আৰু যৌক্তিক চিন্তাত অলৰ-অচৰ।
আমি ন্যায্য প্ৰাপ্তিৰ হকে মাত মাতিছিলো। ছাত্র সমাজৰ সাধনাত গুজি দিয়া বঞ্চনালৈ আঙুলি টোঁৱাই প্ৰশ্ন কৰিছিলো। বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত সদলে বহি লৈ আমি উজাগৰ ৰাতিটোত উৰুৱাইছিলো কূটনীতিৰ বিপৰীতে ন্যায় আৰু আস্থাৰ পতাকা। উপলক্ষ্য আছিল বিশ্ববিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী অনুষ্ঠান। দিনটো আছিল ৯ মাৰ্চ, ২০২৪।
আজি উদযাপনৰ দিন। আজি ছাত্র সমাজৰ আস্থাভাজন কণ্ঠক অভিবাদন জনোৱাৰ দিন। আজি আমাৰ দিন।
বিশ্ববিদ্যালয় সপ্তাহত আমাৰ আৱাসে আন্তঃ আৱাস-নিৱাসৰ মুকাভিনয় (Mime) প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলো। আজি পৰম আকাংক্ষিত বঁটাটি গ্ৰহণ কৰি আমি সুখী আৰু গৌৰৱান্বিত।
ন্যায়ৰ হকে আমাৰ এই সংগ্রামত অহৰহ সাহস যচা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ তথা সমূহ শুভাকাংক্ষীৰ ওচৰত আমি কৃতজ্ঞ।
ধন্যবাদ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ।
ধন্যবাদাৰ্হ অসম আৰ্হি ৭ নং লাচিত বৰফুকন ছাত্ৰাৱাস। আমাৰ আৱাসে ছাত্র সমাজৰ প্ৰতি কৰা অন্যায়ৰ হকে সদায়েই মাত মাতি আহিছে আৰু অনাগত সময়তো ন্যায়সংগত কণ্ঠ হৈ থাকিব। কাম আৰু কথাৰ গড় বান্ধিবলৈ লাচিতৰ সেনানী সদাপ্ৰস্তুত।
জয়তু অসম আৰ্হি ৭ নং লাচিত বৰফুকন ছাত্ৰাৱাস।
জয়তু গুৱাহাটী বিশ্ববিদ্যালয়।
19/08/2024
তোমালোকৰ সাফল্যত আমি গৰ্বিত।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত গবেষণাৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে তোমালোকক হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ💚
জয়তু অসম আৰ্হি ৭নং লাচিত বৰফুকন ছাত্রাবাস।
12/08/2024
অসম আৰ্হি ৭নং লাচিত বৰফুকন ছাত্রবাসৰ নবনির্বাচিত ছাত্ৰাধীক্ষক আৰু সহঃ ছাত্ৰাধীক্ষক ক্রমান্বয়ে যুৱৰাজ গুৰুং আৰু স্ৱোদেম মুছাহাৰীক শুভেচ্ছা জ্ঞাপন কৰিলোঁ💚।
06/08/2024
নীল- নক্ষত্ৰৰ দ্বাৰা আয়োজিত অসম ভিত্তিক কিতাপ পঢ়ি অনুভৱ লিখা প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰা আমাৰ আৱাসৰ আৱাসী অন্তৰীপ কাকতিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কামালুদ্দীন আহমেদ ছাৰে পুৰস্কাৰটি প্ৰদান কৰে। এনেদৰে নিজ প্ৰতিভাৰে উজ্জ্বল হৈ থাকিবলৈ তোমাক আৱাসৰ তৰফৰ পৰা শুভকামনা জনালোঁ।
09/06/2024
তৰবৰ সপোনৰ ঘাটত বহি আমি কাণ উনাই শুনি থাকোঁ সাৰস্বত বৃন্দগান, ঘ্ৰাণত কঢ়িয়াই ফুৰো বিজয়-ফুলৰ নিৰ্য্যাস।
Batch of 2022-2023
05/06/2024
বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছাৰে—
আহক, জগতসভাত সপোন-সেউজীয়া কুন্দশাল স্থাপনৰ অংগীকৃত বাতৰি বিলাই দি যাপন কৰোঁ শ্ৰান্তিহৰ সম্ভাৱনা।
অসম আৰ্হি ৭ নং লাচিত বৰফুকন ছাত্রাৱাস
গুৱাহাটী বিশ্ববিদ্যালয়
26/05/2024
আমাৰ আৱাসৰ আৱাসী, অন্তৰীপ কাকতিৰ প্ৰথমখন অনুবাদ পুথি ,ফ্ৰান্সিছ হডজছন বাৰ্নেটৰ ‘A Little Princess’-ৰ অসমীয়া ৰূপান্তৰ ‘অকণমানি ৰাজকুমাৰী’, অসম গ্ৰন্থমেলা ২০২৩ বৰ্ষৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হয়। প্ৰকাশকঃ অসম প্ৰকাশন পৰিষদ। আৱাসৰ তৰফৰ পৰা তোমাক শুভকামনা জনোৱাৰ লগতে তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
14/05/2024
সদ্য অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোৰ্খা ছাত্র সন্থাৰ নৱাগত আদৰণি সভাত আমাৰ আৱাসৰ আৱাসী সঞ্জীব অলিয়ে শ্ৰেষ্ঠ নৱাগতৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আৱাসৰ তৰফৰ পৰা তোমাক অভিনন্দন জ্ঞাপন কৰিলোঁ।
14/05/2024
হোষ্টেলৰ মাদকতা সুকীয়া, সময়ৰ গতিত এদিন জুনিয়ৰ হৈ হোষ্টেলত অহা ল'ৰাজন ছিনিয়ৰ হৈ গুচি যায়গৈ। এই দুবছৰীয়া পাকচক্রত সময়বোৰ কেতিয়া পাৰ হৈ যায় গমকে পোৱা নাযায়। যোৱাৰ পাছত কেৱল থাকি যায়, হোষ্টেলীয়া জীৱনৰ স্মৃতিবোৰ, আবেগবোৰ। ব্যস্ত জীৱনৰ কোনোবা সুৰুঙাৰে কেতিয়াবা কালচক্রৰ তাগিদাদ এৰি যোৱা স্মৃতিবোৰৰ মায়া বিচাৰি এসময়ৰ হোষ্টেলাৰবোৰ আহি উলাইহি আবেগ, বন্ধুত্ব, বিশ্বাস, মৰম, ভাতৃত্বৰে ভৰপূৰ হোষ্টেলৰ পদূলিত, জীপাল হৈ পৰে পুৰণি দিনবোৰ, নতুনৰ লগত পুৰণিৰ সংমিশ্রণত আলোড়িত হৈ পৰে হোষ্টেলৰ আড্ডাৰ মধ্যকেন্দ্ৰ বাৰাণ্ডাখন। তেনে এক গধূলিৰ আবেগ বিহব্বল মূহুর্তক আলোকচিত্রৰে ধৰি ৰখাৰ প্ৰয়াস নকৰাকৈ থাকিব পাৰি জানো???
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Address
Street No. 10, Gauhati University, Gopinath Bordoloi Nagar, Jalukbari
Guwahati
781014