02/09/2026
মহাপুৰুষীয়া গীতৰ সুৰ, সত্ৰীয়া সংস্কৃতিৰ মহান আদৰ্শ আৰু আমাৰ অমূল্য ঐতিহ্যক হৃদয়ত ধাৰণ কৰিয়েই মোৰ এই সৰু সংগীতৰ যাত্ৰা। 🙏✨
মোৰ একান্ত প্ৰয়াস—এই পৱিত্ৰ সাংস্কৃতিক ধাৰাৰ মাজেৰে নতুন প্ৰজন্মৰ মাজত জ্ঞানৰ পোহৰ বিলাই দিয়া আৰু আমাৰ ঐতিহ্যক শুদ্ধ ৰূপত আগবঢ়াই নিয়া। 🌿🎶
আপোনালোক সকলো শুভাকাংক্ষীৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাই এই যাত্ৰাক অধিক শক্তিশালী কৰি তুলিব বুলি বিশ্বাস কৰোঁ। মোৰ এই সৰু প্ৰচেষ্টা এদিন ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আমাৰ মহান সত্ৰীয়া সংস্কৃতিৰ সুগন্ধি বিলাব পাৰক—সেয়াই মোৰ আন্তৰিক কামনা। 🙏❤️
আজি মাহুৰ ধনশ্ৰী ৰাগৰ এটি সৰু আভাস🎵✨