21/09/2024
যৌৱনৰ অসুখ
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from যৌৱনৰ অসুখ, Educational consultant, chandmari, Guwahati.
বয়সন্ধিৰ সকলো যুৱক-যুৱতীৰ বিভিন্ন সমস্যাৰ ওপৰত বিজ্ঞানসন্মত বিশ্লেষণ আৰু সামাজিক প্ৰতিকাৰৰ উপায় সম্পৰ্কীয় বিষয় প্ৰকাশ কৰা হ'ব। সকলোৱে যোগাত্মক দিশত সহযোগিতা আগবঢ়োৱাৰ আশা কৰিছোঁ।
■ মনত উদয় হোৱা ভিন্ন প্ৰশ্নৰ বাবে আমালৈ মেইল কৰক● [email protected]
21/09/2024
●বয়ঃসন্ধিকালৰ ল'ৰা-ছোৱালীসকলৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ ভূমিকা সম্পৰ্কে
■ বয়ঃসন্ধিকালৰ ল'ৰা-ছোৱালীসকলৰ দৈহিক মানসিক পৰিবৰ্তন হৈ অহা দেখা যায়। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে। সেয়েহে এই স্তৰত হোৱা পৰিবৰ্তন বোৰৰ বাবে লৰা ছোৱালী বোৰে বিভিন্ন পৰিস্থিতি আৰু সমস্যাৰ সন্মুখীন হৈ পৰে। সেইবাবে এই সময়ত ল'ৰা-ছোৱালীসকলৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত।
(a) কিশোৰ- কিশোৰী সকলৰ হোৱা দৈহিক পৰিবৰ্তনৰ বিষয়ে পিতৃ আৰু মাতৃয়ে তেওঁলোকক অৱগত কৰাব লাগে। যাতে দৈহিক পৰিবৰ্তন বোৰ ভালকে বুজি উঠি নিজকে সকলো পৰিস্থিতিত সমাযোজন কৰি তুলিব পাৰে।
(b) কৈশোৰ কালত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে যৌন সমস্যা। যৌন উদ্দীপনা ৰ বাবে কিশোৰ সকলে নিজৰ আবেগ বোৰ নিয়ন্ত্ৰণ কৰিব পৰা কৈ উচিত জ্ঞান আৰু শিক্ষা ল'ৰা-ছোৱালীসকলক প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকসকলে দিব লাগে।
(c)অৱসৰ সময় বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাথাকিলে তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰে এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়। সেয়েহে পিতৃ-মাতৃ আৰু শিক্ষকসকলে অৱসৰ সময়ৰ উপযুক্ত ব্যবহাৰৰ শিক্ষা দিব লাগে।
19/06/2022
Watch this reel by mahimboruah on Instagram posted on their Instagram profile • 42.7k people follow them.
জ্ঞানপীঠ বঁটা গ্ৰহণ অনুষ্ঠানত কবি নীলমণি ফুকনে দিয়া লিখিত ভাষণৰ দৃশ্য-শ্ৰব্য ৰূপ
21/12/2021
অপৰাধপ্ৰৱণতা : বৰ্তমান সমাজৰ এক ভয়াৱহ ব্যাধি
-গংগোত্ৰী কাশ্যপ
'Juvenile Deliquency' অৰ্থাৎ অপৰাধপ্ৰৱণতা বৰ্তমান সমাজৰ লগতে গোটেই বিশ্বৰ বাবেও এক ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈছে৷ অকল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে এই অপৰাধপ্ৰৱণতা দিনে দিনে ইমান দ্ৰুতগতিত বৃদ্ধি পাই আহিছে যে ই সমাজৰ সচেতন নাগৰিক, শিক্ষাবিদ, মনোবৈজ্ঞানিক, সমাজবিদ সকলোকে চিন্তিত কৰি তুলিছে৷ অপৰাধপ্ৰৱণ ব্যক্তিয়ে সমাজৰ সাধাৰণ আচৰণসমূহৰ পৰা নিজকে আঁতৰাই ৰাখে আৰু অসামাজিক কামত নিজকে লিপ্ত কৰায়৷ মনোবৈজ্ঞানিক হেড্ ফিল্ডে কৈছিল, "অপৰাধপ্ৰৱণতাক এক অসামাজিক আচৰণ বুলিব পাৰি (Deliquency may be defined as antisocial behaviour)৷”
মানুহ সামাজিক প্ৰাণী৷ এখন সুস্থ সমাজ অবিহনে কোনো মানুহেই ভালদৰে জীৱন নিৰ্বাহ কৰিব নোৱাৰে৷ কবি William Cowper-এ কৈছিল- “Society, Friendship and Love divinely bestowed upon man অৰ্থাৎ সমাজ, বন্ধুত্ব আৰু প্ৰেম ঐশ্বৰিক অৱদান৷” শান্তিপূৰ্ণ সমাজ এখন সকলোৰে কাম্য৷ সমাজপ্ৰিয় হোৱা বাবেই প্ৰত্যেকজন ব্যক্তিয়ে সমাজত কিছুমান অধিকাৰ ভোগ কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে সমাজত প্ৰচলিত ব্যৱস্থাৰ লগত সংগতি ৰাখি কিছুমান কাৰ্য আৰু দায়িত্ব পালন কৰিব লাগে৷ এই প্ৰচলিত সমাজৰ নীতি-নিয়মসমূহ যদি কোনো ব্যক্তিয়ে ভংগ কৰে তেনে ব্যক্তিৰ আচৰণক আমি অসামাজিক আচৰণ অৰ্থাৎ অপৰাধপ্ৰৱণতা বুলি ক’ব পাৰোঁ৷
অপৰাধপ্ৰৱণতা সাধাৰণতে কৈশোৰকালৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ পৰিলক্ষিত হয়৷ মনোবিদসকলে মানুহৰ জীৱনটো বিভিন্ন স্তৰত ভাগ কৰিছে৷ কৈশোৰ কালছোৱাত সাধাৰণতে ল’ৰা-ছোৱালীবোৰৰ দেহ মানসিক প্ৰয়োজনবোৰ সলনি হয় আৰু এই প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ ব্যৰ্থ হ’লে তেওঁলোকে অসামাজিক কামত লিপ্ত হোৱা দেখা যায়৷ ১৮বছৰ বা তাতকৈ কম বয়সৰ ল’ৰা-ছোৱালীবোৰে কৰা এনে অপৰাধক কৈশোৰ অপৰাধপ্ৰৱণতা বুলি কোৱা হয়৷ অপৰাধপ্ৰৱণতা যে কৈশোৰকালতে সৃষ্টি হ’ব তেনে নহয়৷ শৈশৱকালৰ পৰা শিশুটোৱে কি পৰিৱেশত ডাঙৰ হৈছে সেইটো বিশেষকৈ মন কৰিবলগীয়া৷ কাৰণ এটা সুস্থ পৰিৱেশতহে শিশু এটিৰ সুস্থ মানসিকতা গঢ় লৈ উঠে৷ অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত এটা কথা প্ৰায়ে কোৱা হয় যে “অপৰাধক ঘিণ কৰক, অপৰাধীক নহয়(We should hate the crime and not the criminals)৷”
সমগ্ৰ ভাৰতবৰ্ষৰ কথা মই নকওঁ, সাম্প্ৰতিক সময়ত দেখা গৈছে আমাৰ ৰাজ্যখনত উচ্ছৃংখল যুৱ-মানসিকতা তথা বিকৃত মানসিকতাই বাৰুকৈয়ে গা কৰি উঠিছে৷ কিশোৰ-কিশোৰীয়ে কৰা অপৰাধৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ সৌ সিদিনা গুৱাহাটীৰ উজানবজাৰত এটা মোবাইলৰ বাবে ককায়েকে ভনীয়েকক কুকুাৰেৰে মৰিয়াই হত্যা কৰা ঘটনাটো এতিয়ালৈ পাহৰিব পৰা নাই৷ এয়াই জানো অসুস্থ মানসিকতা নহয়? কিছুদিন আগত কলিয়াবৰত ৬বছৰীয়া কন্যাশিশু এটিক ৮ আৰু ১১ বছৰীয়া দুটি শিশুয়ে অশ্লীল ভিডিঅ’ চাবলৈ অমান্তি হোৱাৰ বাবেই হত্যা কৰি শৌচালয়ত পেলাই থৈ যোৱা ঘটনাটো মনত পৰিলে এতিয়াও কঁপি উঠোঁ৷ চিন্তা হয়, আচলতে কোন ফালে গৈ আছে সমাজখন? ইমান কম বয়সতে কিদৰে সেই সৰু ল’ৰা দুটাই অশ্লীল ভিডিঅ’ৰ কথা গম পালে? ইয়াৰ বাবেই প্ৰথমতে আঙুলি উঠে পিতৃ-মাতৃৰ ফালে৷ কাৰণ পিতৃ-মাতৃৰ অমনোযোগিতাৰ ফলতেই তেনে এটা অপৰাধ সংঘটিত হৈছে৷ হত্যা, হিংসা, ধৰ্ষণ, অপহৰণ, চুৰি, ডকাইতিৰ ঘটনা টিভি খুলি চালে বা মোবাইলটো খুলি চালেই সঘনাই দেখিবলৈ পাওঁ৷ এটা সময়ত বলাৎকাৰ, অপহৰণ আদিবোৰ আচহুৱা ঘটনা যেন লাগিছিল, কিন্তু এতিয়া এইবোৰ এক নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে৷ বৰ্তমান সময়ত অপৰাধ তথা অপৰাধীৰ সংখ্যা ইমানে বৃদ্ধি পাইছে যে ঘৰৰ এজন সদস্য বাহিৰলৈ ওলাই গ’লে ঘূৰি নহা পৰ্যন্ত আন সদস্যকেইজনে চিন্তা কৰি থাকিবলগীয়া দিন আহি পৰিছে৷
কিছুসংখ্যক শিক্ষাবিদে কয় যে অপৰাধীৰ জন্ম হয়, গঢ়ি নুঠে আৰু আন কিছুমানে কয় যে অপৰাধী গঢ়ি তোলা হয়, কিন্তু নজন্মে৷ সেয়েহে অপৰাধপ্ৰৱণতা বৃদ্ধিৰ প্ৰধান কাৰণসমূহৰ বিষয়ে জনাটো নিতান্তই প্ৰয়োজনীয়৷ তলত ইয়াৰ অলপ আভাস দিবলৈ চেষ্টা কৰিছোঁ৷
* দৰিদ্ৰতা(Poverty) :- 'অভাৱে স্বভাৱ নষ্ট কৰে' বুলি এষাৰ কথা আছে৷ কেতিয়াবা কেতিয়াবা ঘৰুৱা দৰিদ্ৰতাই অপৰাধপ্ৰৱণতাত ইন্ধন যোগায়৷ অতি দৰিদ্ৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে অভাৱৰ মাজত ডাঙৰ হৈ এসময়ত যেতিয়া নিজৰ আকাংক্ষাসমূহ পূৰণ কৰিব নোৱাৰি হতাশগ্ৰস্ত হৈ পৰে তেতিয়াই চৌৰ্য বৃত্তি অৱলম্বন কৰি নিজৰ অভাৱ পূৰণৰ চেষ্টা কৰে৷
* ভগ্ন পৰিয়াল(Broken Home) :- ভগ্ন পৰিয়ালে সেইসমূহ পৰিয়ালক বুজায় য’ত স্বামী আৰু স্ত্ৰীৰ মাজত কোনো ধৰণৰ সম্বন্ধ নাথাকে৷এনে পৰিয়ালৰ শিশুবোৰে বহুত মানসিক কষ্ট সহ্য কৰিবলগা হয়৷ 'হিলী’ আৰু ‘ব্ৰোনাৰ’ নামৰ শিক্ষা সমাজবিজ্ঞানী দুজনে তেওঁলোকৰ অমূল্য গ্ৰন্থ ‘New Light on Delinquence and its Treatment’-ত অপৰাধপ্ৰৱণ শিশুৰ বিস্তৃত বৰ্ণনা উল্লেখ কৰিছে। সেই অপৰাধপ্ৰৱণ শিশুবিলাকৰ বেছিভাগেই ভগ্ন পৰিয়ালত জন্মলাভ কৰি তাৰ মাধ্যমেৰে বিকাশ লাভ কৰিবলৈ সক্ষম হয়।
* ক্ৰটিপূৰ্ণ অনুশাসন (Defective Discipline):- অতি কঠোৰতা বা অতি বিনম্ৰতাৰে কৰা অনুশাসনেও শিশু এটিৰ আচৰণ অপৰাধমূলক কৰি তোলে৷
* বেয়া সংগ (Bad Companion) :- বেয়া সংগও হৈছে অপৰাধপ্ৰৱণতাৰ এটা কাৰণ৷ ঘৰৰ বাহিৰত ল’ৰা-ছোৱালীয়ে বন্ধু-বান্ধৱীৰ লগত মিলিত হয়৷ যদি সমনীয়াৰ লগত মিলিত হৈ জুৱাৰ আদ্দা, চিনেমা হল, ৰাস্তাত ঘূৰি-পকি নিজৰ মানসিক ক্ষতি সাধন কৰে তেন্তে ইয়ো ল’ৰা-ছোৱালীক অপৰাধপ্ৰৱণ কৰি তোলে৷
অপৰাধপ্ৰৱণতা ৰোধ কৰাৰ বাবে পৰিয়াল, শৈক্ষিক প্ৰতিষ্ঠান, সমাজ তথা ৰাষ্ট্ৰ এই সকলোবোৰেই দায়িত্ব লোৱা উচিত।
পৰিয়ালৰ সদস্যসকলে কিশোৰ-কিশোৰীসকলক এক সুস্হ পৰিৱেশ প্ৰদান কৰাটো খুবেই গুৰুত্বপূৰ্ণ। "আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ", গতিকে পৰিয়ালৰ প্ৰতিজন সদস্যই এটা সুস্হ পৰিৱেশৰ মাজত ৰাখি ল'ৰা-ছোৱালীক আগুৱাই নিব লাগে। আজিকালি যিহেতু যৌথ পৰিয়াল খুব কমেই দেখা যায় তেনে ক্ষেত্ৰত পিতৃ-মাতৃয়ে নিজৰ সন্তানক ব্যক্তিগত মনোযোগ দিব পাৰে। অভিভাৱক হিচাপে ল'ৰা-ছোৱালীক উপযুক্ত নিৰ্দেশনা প্ৰদান কৰাৰ লগতে কাম-কাজবোৰ নিৰীক্ষণ কৰাটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰাটো দৰকাৰী।
মানুহ সুযোগসন্ধানী৷ অসুস্হ মানসিকতাৰ লোকসকলে অপৰাধ সংঘটিত কৰিবলৈ সুযোগৰ অপেক্ষাত থাকে৷ যেতিয়াই সুযোগ পায় ভাল-বেয়া বিচাৰ নকৰাকৈ অপৰাধ সংঘটিত কৰে৷ কাৰণ তেওঁলোকৰ মানসিকতাই অপৰাধমূলক৷ গতিকে সমাজৰ একো একোজন দায়িত্বশীল ব্যক্তি তথা সচেতন নাগৰিক হিচাপে আমি এইবোৰৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয়৷ কিয়নো সুস্থ সমাযোজনে সুস্থ ব্যক্তিত্ব আৰু এখন সুস্থ সমাজ গঢ়ি তোলাত সহায় কৰে৷
28/08/2019
১৮৯৭ চনৰ অসমৰ বৰ ভূঁইকপ
প্ৰণৱ নাথ
সেই সময়ৰ পশ্চিম অসম মূলত: শ্বিলং সংলগ্ন অঞ্চলবোৰ সামৰি, বিস্তৰ ক্ষয়-ক্ষতিৰে ভাৰতৰ ইতিহাসৰ সৰ্বাধিক মাপৰ (ৰিখটাৰ স্কেলত ৮.১; কোনো কোনোৰ মতে ৮.৮) ভূমিকম্পৰ জোকাৰণিটো অনুভূত হৈছিল ১৮৯৭ চনৰ ১২ জুন, শনিবাৰে সন্ধ্যা সময়ত৷
১,৬৫২জন লোক নিহত হোৱা ভূমিকম্পটোত 'জন'ৰ ক্ষতিতকৈ 'ধন'ৰ ক্ষতি আছিল অকল্পনীয়। বহুদিনজুৰি হৈ থকা বৰষুণেও বিৰতি লোৱাত ল'ৰা-ছোৱালীবোৰ খেলিবলৈ ওলাই গৈছিল আৰু ডাঙৰ মানুহবোৰেও যাৱতীয় কামৰ বাবে ঘৰৰ বাহিৰত থকাত মৃতকৰ সংখ্যা তুলনামূলকভাৱে কমিছিল৷
Secretariat pressত ১০জনসহ শ্বিলঙত নিহত হোৱা ২৯জনৰ মাজত দুজন ইউৰোপিয়ানো আছিল৷ তেওঁলোক হ'ল সেই সময়ৰ Inspector General of Police, মিষ্টাৰ মেককেব চাহাবৰ উপৰি survey departmentৰ অৱসৰপ্ৰাপ্ত বিষয়া মিষ্টাৰ ৰছেনৰ’ড৷ নিহতৰ সংখ্যা বেছি আছিল খাচী পাহাৰৰ 'চহৰা'ৰ ওচৰৰ গাঁওবোৰত (প্ৰায় ৯১৬জন)৷ কাৰণ তাত ঘৰবোৰ ভাঙি যোৱাৰ উপৰি ভূমিস্খলনো হৈছিল৷
উপায়ুক্ত জে চি আৰবাথনটৰ তথ্য অনুসৰি, সন্ধিয়া ৫.১১ মিনিটত মূল ভূমিকম্পটোৰ জোকাৰণি অনুভূত হৈছিল৷ ৫০ ছেকেণ্ডৰ মূল ভূমিকম্পটোৰ পিচতো একেৰাহে অহা বহুতো সৰু-বৰ ভূমিকম্পৰ কম্পন ৫.১৬ বজালৈ অনুভূত হৈয়েই আছিল৷
ভূমিকম্পটোৰ ফলত শ্বিলং মালভূমি ১০ মিটাৰ পৰ্যন্ত ওখ হৈ যোৱাৰ লগতে আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তন হৈছিল৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে শিলঘাট অঞ্চলত বানপানী হৈছিল৷ সেই সময়ৰ Geological Survey of Indiaৰ Superintendent ৰিচাৰ্ড ডিক্সন অ’ধামে উল্লেখ কৰা মতে, ভূ-ভাগ এনেদৰে কঁপিছিল যে এটা বাটিত থোৱা জেলিৰ টুকুৰা এটাহে যেন লৰি আছিল৷ তেখেতে উল্লেখ কৰা মতে, উত্তৰা-দক্ষিণাকৈ কঁপি থকাৰ বাবে ঘৰবোৰ ঠাইতে খহি খহি পৰিছিল৷ ৰাস্তাবোৰ দীঘলে দীঘলে ফাঁটি গৈছিল৷
শ্বিলঙৰ দুটা ওখ স্মৃতিস্তম্ভ Quinton আৰু William ধ্বংস হৈ যায়৷ চেৰাপুঞ্জীৰ পৰা শ্বিলঙলৈ ৰাজধানী স্থানান্তৰকৰণৰ সময়ত বনোৱা সকলো কাৰ্যালয় ঘৰ ভাঙি নষ্ট হৈ যায়৷ শ্বিলঙৰ Ferndale Hotel আৰু Beauchamp lodge এক মুহূৰ্ততে বাগৰি পৰিছিল৷ Asley Hall আৰু MacGregor's Houseও এবাৰতেই আধা অংশ খহি পৰিছিল৷
পাহাৰৰ পৰা খহনীয়া হৈ উমিয়াম হ্ৰদত পৰিছিলগৈ৷ উমত্ৰু নদীৰ কাষত গুৱাহাটী-শ্বিলং (GS) ৰোডৰ ডেৰ মাইল পথ সম্পূৰ্ণ নষ্ট হৈ গৈছিল৷ 'মাওখাৰ'ৰ বজাৰত থকা খাচী স্মৃতিচিহ্নবোৰ ছিটিকি ছিটিকি পৰি ভাঙি গৈছিল৷
ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অহা Welsh Missionৰ প্ৰতিবেদন মতে, খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু শিলহাটত ঘৰবোৰৰ অস্তিত্বই নাছিল৷ Cathedral Church of Marry, David Scott Memorial, জি-এছ ৰোড, পিডব্লিউডি বিল্ডিং, মেককেব বাসভৱন, মিছেচ নাইটিংগেলৰ বাসভৱন, গেৰিছন গ্ৰাউণ্ড, বাৰাছুন বজাৰ, শ্বিলং জে’ল, গ’ল্ফ লিংকছ, অল ছেইণ্টছ কেথেড্ৰেল, ডাকঘৰ, ৰাজ্যপালৰ বাসভৱন, পুলিচ বজাৰসহ গোটেই শ্বিলং চহৰখন ধ্বংস হৈ যায়৷ আনকি ৱাৰ্ডছ হ্ৰদো পানীবিহীন হৈ গৈছিল৷ চহৰৰ বাসিন্দাসকলে শ্বিলং ক্ৰিকেট গ্ৰাউণ্ডত আশ্ৰয় লৈছিল৷ তথ্য অনুসৰি, ভূমিকম্পৰ পিছত শ্বিলঙৰ জনসংখ্যা হৈছিল ৮,৩৮৪জন৷
টেলিগ্ৰাফ বিষয়া জে জি মৰগানে উল্লেখ কৰিছিল যে ভূমিকম্প অহাৰ আগৰে পৰাই আৰু বহু পিছলৈকে সাংঘাটিক ধৰণৰ বৈদ্যুতিক চুম্বকীয় তৰঙ্গৰ প্ৰাদুৰ্ভাৱ হৈছিল৷ এয়া আছিল tectonic plate displacementৰ পৰিণতি৷
ভয়ানক ভূমিকম্পটোৱে নিশ্চিহ্ন কৰি দিয়াৰ এমাহৰ ভিতৰতে পথৰ মেৰামতি সম্পূৰ্ণ কৰা হৈছিল৷ লগতে ভূমিকম্পৰ পৰা আহিব পৰা বিভিন্ন ভয়াৱহতাৰ পৰা বাচিবলৈ সমিতি বনোৱা হৈছিল৷ যাৰ এক ফল হ'ল 'অসম আৰ্হিৰ ঘৰ'৷ ইয়াৰ পিছতেই ঘৰ বনোৱা ভেটিবোৰ বহু তলৰ পৰা বহলকৈ বনোৱাৰ লগতে 'অসম আৰ্হি'ৰ কাঠৰ ঘৰৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিয়া হৈছিল৷
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Chandmari
Guwahati
781003