25/09/2026
আৰ. জি. বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপক কোষৰ সহযোগত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম দিৱসটি আড়ম্বৰপূৰ্ণভাৱে আজি উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ কন্ফাৰেঞ্চ হলত আয়োজিত এই অনুষ্ঠানটিত অধ্যক্ষ প্ৰাণজিৎ কুমাৰ নাথ ছাৰে শুভাৰম্ভ কৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ দীপামনি হালৈ বাইদেউ-এ মূল বক্তা হিচাপে উপস্থিত থাকি আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এক গৱেষণামূলক বক্তৃতা প্ৰদান কৰে। উপাধ্যক্ষ ডঃ দিপক পাঠক ছাৰ আৰু অধ্যাপক ডঃ দিপাংকৰ তালুকদাৰ ছাৰে মহান ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মূল্যবান বক্তব্য ৰাখে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত স্নাতক চূড়ান্ত পৰীক্ষাত অসমীয়া বিভাগৰ পৰা সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ জয়ন্ত বৰ্মনক 'আশাৰ তৰা বঁটা' প্ৰদান কৰা হয়।
The birth anniversary of Anandaram Dhekial Phukan was celebrated under the initiative of the Department of Assamese and with the cooperation of the Internal Quality Assurance Cell (IQAC) of R.G. Barooah College. Principal Pranjit Kumar Nath Sir inaugurated the event, followed by an insightful keynote lecture delivered by Dr. Dipamani Haloi Mam on the life, contributions, and ideology of the pioneer. Vice Principal Dr. Dipak Pathak Sir and Dr. Dipankar Talukdar Sir also addressed the gathering, paying rich tributes to the visionary leader. The program concluded with the presentation of the 'Ashar Tora Bata' award to Jayanta Barman for achieving the highest marks in the final degree examination in Assamese Department, amidst enthusiastic participation from teachers and students.