12/09/2025
Freshmen Social 2k25
Organised by ULCSU 2024-25
Official Page of University Law College Students Union, Gauhati University.
12/09/2025
Freshmen Social 2k25
Organised by ULCSU 2024-25
05/09/2025
আজি শিক্ষক দিৱস উপলক্ষে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনোৱা হয় ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত এক সুন্দৰ গীত কথাৰ মাজেৰে অনুষ্ঠিত সভাখনিত প্ৰতিগৰাকী শিক্ষাগুৰু উপস্থিতিয়ে আজিৰ দিনটো সজীৱ কৰি তুলিলে ৷ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিলোঁ ৷
04/09/2025
আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত ফণীধৰ দত্ত প্ৰেক্ষাগৃহত স্নাতক আইনৰ প্ৰথম ষন্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক অভিমুখীকৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত ছাৰ ৷ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° দীপাংকৰ দাস ছাৰৰ স্বাগত অভিভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ছাৰ আৰু অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ সঞ্চালক ড° শ্যামল প্ৰসাদ শইকীয়া ছাৰ ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত গীত কবিতাৰ আলাপেৰে সমগ্ৰ অনুষ্ঠানটি সফলতাৰে সম্পন্ন হয় ৷
01/09/2025
আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু Majestic Academy ৰ সহযোগত ’A Brainstorming Session How to Crack AJS’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা ছাৰ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° দীপাংকৰ দাস ছাৰ ৷ আমন্ত্ৰিত শিক্ষাগুৰু সকলৰ দ্বাৰা পৰিচালিত এই বিশেষ অনুষ্ঠানটিত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে অনাগত দিনত শৈক্ষিকভাৱে বহুদুৰ আগবাঢ়ি যাব বুলি আশা কৰিলোঁ ৷
29/08/2025
আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত “A Lesson For Exposure In Law” বিষয়ত এক বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ৷ উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড° মুকুণ্ডকাম শৰ্মা ছাৰ ৷ মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° দীপাংকৰ দাস ছাৰে আঁত ধৰা অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° উৎপল শৰ্মা ছাৰ আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° জ্যোতি প্ৰসাদ বৰা ছাৰ ৷ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এক সুন্দৰ কথোপকোথন তথা বাৰ্তালাপৰ মাজেৰে আলোচনা চক্ৰটি সফলতাৰে সম্পন্ন হয় ৷
18/08/2025
আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ’ৰেগিং বিৰোধী সপ্তাহ ২০২৫’ উপলক্ষে এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ উক্ত আলোচনা চক্ৰত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° উৎপল শৰ্মা ছাৰ, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জণ কাকতি ছাৰ, শ্ৰেণীসমূহৰ উপ সচিব ড° অৰিজিৎ বৰা ছাৰ ৷ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° দীপাংকৰ দাসে আদৰণী বক্তব্য আগবঢ়োৱা আলোচনা চক্ৰটিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসমৰ প্ৰাক্তন অতিৰিক্ত এড্ভ’কেট জেনেৰেল শ্ৰীযুত সত্যেন শৰ্মা ছাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগৰ অধ্যাপক ড° পলী ভক্লিন্ বাইদেউ ৷
23/07/2025
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদুলি আকৌ এবাৰ উদুলি মুদুলি ৷
বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ ৷ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত অধ্যয়নৰ হেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজিৰ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী তৰুণ-তৰুণীলৈ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰসন্থাৰ তৰফৰ পৰা আন্তৰিক স্বাগতম ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷
16/07/2025
আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিৱ মহোদয়ক সাক্ষাৎ কৰি শেহতীয়া নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণত হোৱা কাৰিকৰি বিজুতিৰ বিষয়ে অৱগত কৰোঁ ৷ যাৰবাবে বহু ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণত অসুবিধাৰ সন্মুখীন হৈছে ৷ সেয়ে প্ৰ-পত্ৰ পূৰণৰ অন্তিম সময়সীমা আৰু কেইদিনমান বৃদ্ধি কৰিবলৈ সন্মানীয় সচিব মহোদয়ক স্মাৰক পত্ৰযোগে আহ্বান জনাও ৷ এই সম্পৰ্কত সচিব মহোদয়ে আশাপ্ৰদ সহাৰি আগবঢ়াই ৷
28/06/2025
আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ সদ্য প্ৰয়াত মাতৃৰ প্ৰতি একাঁজলি শ্ৰদ্ধাঞ্জলিৰে শোকবাৰ্তা প্ৰদান কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হয় ৷
05/06/2025
আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় মুকলি মঞ্চৰ বাকৰিত দুটি গছপুলি ৰূপন কৰা হয় ৷ উক্ত বৃক্ষৰূপন কাৰ্যসুচীত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° দীপাংকৰ দাস ছাৰ আৰু শিক্ষক চম্পক গোস্বামী ছাৰে অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় শিক্ষাগুৰু সকলেও সহযোগিতা আগবঢ়ায় ৷
24/05/2025
বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্ৰ ৰয়েল পাৰভেজৰ নেতৃত্বত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত এটি নতুন উদ্ভাৱনে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰিয়ালটিলৈ এটি নতুন গৌৰৱৰ বাট মুকলি কৰিছে ৷ এতিয়াৰে পৰা গুৱহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা বা গুৱাহাটীত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীয়ে PG বা ভাড়াঘৰ বিচাৰিবলৈ কোনো চিন্তাৰ আৱশ্যক নাই ৷ নতুনকৈ সৃষ্টি কৰা ’Roomie’ শীৰ্ষক App টোৰ জৰিয়তে সহজতে লাভ কৰিব পাৰিব PG বা ভাড়াঘৰ ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে সুবিধাজনক এনে সৃষ্টিৰ বাবে বন্ধু ৰয়েল পাৰভেজ তথা Team Roomie লৈ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো ৷