Deptt. of Modern Indian Languages & Literary Studies, Gauhati University

  • Home
  • India
  • Guwahati
  • Deptt. of Modern Indian Languages & Literary Studies, Gauhati University

Deptt. of Modern Indian Languages & Literary Studies, Gauhati University A Teaching and Research Department of Gauhati University, Assam. Gopinath Bordalai Nagar 781014

19/09/2026
19/09/2026

‘সৰ্বভাৰতীয় প্ৰেক্ষাপটত জুবিন গাৰ্গ’ শীৰ্ষক বিষয়ত ড° ধূৰ্জ্জটি শৰ্মাৰ বক্তৃতাৰ কিয়দাংশ ।

#জুবিনস্মৰণ

19/09/2026

জুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শ সম্পৰ্কে জ্যেষ্ঠ অধ্যাপক দিলীপ বৰাৰ মননশীল বক্তৃতা ।

#জুবিনস্মৰণ

'জুবিন দিৱস' উপলক্ষে বিশেষ বক্তৃতানুষ্ঠানজুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শ তথা সৰ্বভাৰতীয় পৰিসৰত তেওঁৰ গুৰুত্ব আৰু প্ৰাসংগিক...
18/09/2026

'জুবিন দিৱস' উপলক্ষে বিশেষ বক্তৃতানুষ্ঠান

জুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শ তথা সৰ্বভাৰতীয় পৰিসৰত তেওঁৰ গুৰুত্ব আৰু প্ৰাসংগিকতাক কেন্দ্ৰ কৰি বিভাগত আজি এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।

আজিৰ অনুষ্ঠানত ‘জুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শ’ বিষয়ত বক্তৃতা প্ৰদান কৰে বিভাগৰ জ্যেষ্ঠ অধ্যাপক দিলীপ বৰাই আৰু ‘সৰ্বভাৰতীয় প্ৰেক্ষাপটত জুবিন গাৰ্গ’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিভাগৰ সহকাৰী অধ্যাপক ড° ধূৰ্জ্জটি শৰ্মাই।

তদুপৰি আজিৰ অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ৰ সচিব তথা বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া ড° মৃনাল জ্যোতি ডেকা। তেখেতেও জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শন সম্পৰ্কে অনুষ্ঠানত বক্তব্য ৰাখে।

অনুষ্ঠানৰ শেষত বিভাগৰ সকলোৱে ‘মায়াবিনী’ গীতটো পৰিৱেশন কৰে।



নৱাগত আদৰণী সভা ২০২৬ আজি বিভাগত অনুষ্ঠিত হোৱা ‘নৱাগত আদৰণী সভা’ৰ কিছু আলোকচিত্ৰ।📅 তাৰিখ: ১৭ ছেপ্টেম্বৰ ২০২৬📍 স্থান: বিভা...
17/09/2026

নৱাগত আদৰণী সভা ২০২৬

আজি বিভাগত অনুষ্ঠিত হোৱা ‘নৱাগত আদৰণী সভা’ৰ কিছু আলোকচিত্ৰ।

📅 তাৰিখ: ১৭ ছেপ্টেম্বৰ ২০২৬
📍 স্থান: বিভাগৰ সভাকক্ষ
🕛 সময়: দুপৰীয়া ১২ বজাৰ পৰা

আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়





#গুৱাহাটীবিশ্ববিদ্যালয়
#নৱাগতআদৰণীসভা

'জুবিন দিৱস' উপলক্ষে বিশেষ বক্তৃতানুষ্ঠানজুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শ তথা সৰ্বভাৰতীয় পৰিসৰত তেওঁৰ গুৰুত্ব আৰু প্ৰাসংগিক...
17/09/2026

'জুবিন দিৱস' উপলক্ষে বিশেষ বক্তৃতানুষ্ঠান

জুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শ তথা সৰ্বভাৰতীয় পৰিসৰত তেওঁৰ গুৰুত্ব আৰু প্ৰাসংগিকতাক কেন্দ্ৰ কৰি বিভাগত কাইলৈ এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে।

📌 বিষয়:
- জুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শ- বক্তা অধ্যাপক দিলীপ বৰা
- সৰ্বভাৰতীয় প্ৰেক্ষাপটত জুবিন গাৰ্গ- বক্তা: ড° ধূৰ্জ্জটি শৰ্মা

আয়োজক:
স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষক ফ’ৰাম
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়

📅 তাৰিখ: ১৮ ছেপ্টেম্বৰ ২০২৬
⏰ সময়: দিনৰ ১২ বজাৰ পৰা
📍 স্থান: বিভাগৰ সভাকক্ষ, গুৱাহাটী বিশ্ববিদ্যালয়

এই অনুষ্ঠানলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ।

#জুবিনগাৰ্গ




Gauhati University

বিভাগৰ অনুষ্ঠানৰ বাতৰি।ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ চেন্নাইস্থিত Central Institute of Classical Tamil (CICT)-ৰ...
17/09/2026

বিভাগৰ অনুষ্ঠানৰ বাতৰি।

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ চেন্নাইস্থিত Central Institute of Classical Tamil (CICT)-ৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ সহযোগত ৩ ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হোৱা 'Translation of classical Assamese Vaishnava Literature into Classical Tamil' শীৰ্ষক কৰ্মশালাৰ আজি সামৰণি পৰে।



#অসম

নৱাগত আদৰণী সভা ২০২৬ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ উদ্যোগত কাইলৈ বিভাগৰ ‘নৱাগত...
16/09/2026

নৱাগত আদৰণী সভা ২০২৬

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ উদ্যোগত কাইলৈ বিভাগৰ ‘নৱাগত আদৰণী সভা’ৰ আয়োজন কৰা হৈছে।

📅 তাৰিখ: ১৭ ছেপ্টেম্বৰ ২০২৬
📍 স্থান: বিভাগৰ সভাকক্ষ
🕛 সময়: দুপৰীয়া ১২ বজাৰ পৰা

এই অনুষ্ঠানত সকলো শিক্ষাৰ্থীক উপস্থিত থাকিবলৈ আন্তৰিকতাৰে আহ্বান জনালোঁ।

আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়





#গুৱাহাটীবিশ্ববিদ্যালয়
#নৱাগতআদৰণীসভা

আজি দিনৰ ২ বজাৰ পৰা বিভাগৰ সভাকক্ষত ‘শিক্ষক দিৱস’ৰ সৈতে সংগতি ৰাখি এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। শিক্ষক দিৱসৰ সৈতে স...
08/09/2026

আজি দিনৰ ২ বজাৰ পৰা বিভাগৰ সভাকক্ষত ‘শিক্ষক দিৱস’ৰ সৈতে সংগতি ৰাখি এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আমাৰ বিভাগে প্ৰতি বছৰেই এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰি আহিছে।

এইবাৰৰ বক্তৃতানুষ্ঠানৰ বিষয় আছিলঃ ‘হাস্য-ব্যঙ্গ কথন শৈলী’।

বক্তৃতাটি প্ৰদান কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অৱসৰী অধ্যাপক তথা শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ অধ্যাপক মুকুল চক্ৰৱৰ্তীদেৱে। তেখেতে অতি ৰসালকৈ আৰু স্বভাৱসুলভ ব্যঙ্গ কথনশৈলীৰে এই বক্তৃতাটি প্ৰদান কৰে।

এই অনুষ্ঠানতে বিভাগৰ অধ্যাপকসকলক শিক্ষাৰ্থীসকলে শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা জ্ঞাপন কৰে।







‘ভূপেন্দ্ৰ ভুৱনঃ শতবৰ্ষৰ সোঁৱৰণ’ শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠানটিৰ সামৰণি অংশ হিচাপে আজি বিভাগত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱ...
08/09/2026

‘ভূপেন্দ্ৰ ভুৱনঃ শতবৰ্ষৰ সোঁৱৰণ’ শীৰ্ষক বৰ্ণাঢ্য অনুষ্ঠানটিৰ সামৰণি অংশ হিচাপে আজি বিভাগত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতি বিষয়ক এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।

বক্তৃতাটিৰ বিষয় আছিল- ‘প্ৰতিধ্বনি শুনো আমিঃ ভূপেন হাজৰিকাৰ জীৱন আৰু গীত’।

এই বক্তৃতাটি প্ৰদান কৰে কলিকতা বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক শ্যামল চক্ৰৱৰ্তীয়ে। তেখেতে ভাৰতীয় প্ৰেক্ষাপটত ভূপেন হাজৰিকাৰ সাংস্কৃতিক, সাহিত্যিক অৱদানৰ কথা আলোকপাত কৰাৰ লগতে পল ৰবচন, বব ডিলান, হেমাঙ্গ বিশ্বাস, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰসংগ উল্লেখ কৰি বৃহঙ্গম দৃষ্টিৰে ভূপেন হাজৰিকাৰ বৰ্ণময় জীৱনটোৰ সন্দৰ্ভত আলোকপাত কৰে। তেখেতৰ মনোজ্ঞ বক্তৃতাটিৰ পৰা আমাৰ ছাত্ৰ-ছাত্ৰী তথা গৱেষকসকল যথেষ্ট উপকৃত হৈছে।

অনুষ্ঠানৰ শেষত গৱেষক ছাত্ৰ-ছাত্ৰীসকলে ৯টা ভাষাত ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক গীতটি পৰিৱেশন কৰে।




Gauhati University

Address

Jalukbari
Guwahati

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Deptt. of Modern Indian Languages & Literary Studies, Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share