প্ৰাক্তন শিক্ষাৰ্থী সংস্থা, অসম জাতীয় বিদ্যালয়

  • Home
  • India
  • Guwahati
  • প্ৰাক্তন শিক্ষাৰ্থী সংস্থা, অসম জাতীয় বিদ্যালয়

প্ৰাক্তন শিক্ষাৰ্থী সংস্থা, অসম জাতীয় বিদ্যালয় Axam Jatiya Vidyalaya Alumni Association

১৯৯৪ চন ১ জানুৱাৰি

অসমৰ শৈক্ষিক ইতিহাসত জন্ম হৈছিল কেইজনমান অসমক ভালপোৱা অসমীয়াৰ উদ্যোগত অসম জাতীয় বিদ্যালয়
অসম জাতীয় বিদ্যালয়ে অসমত এক শৈক্ষিক বিপ্লবৰ সুচনা কৰি সমগ্ৰ অসমত এই বিদ্যালয়ৰ বীজ সিঁচি দিছে| আমি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী হিচাপে সদায় গৌৰববোধ কৰু|এই বিদ্যালয়ৰ পৰা বৰ্তমানলৈ ১১ টা শ্ৰেণীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে আৰু সেই কাৰনে ২০০৯ চনৰ ০৫ জুলাই মাহ্ত অসম জাতীয় বিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ জন্ম হ’য়|বৰ্তমান এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ৰ কিছু সংখ্যকে নিজকে বিভিন্ন স্থানত প্ৰ্তিস্থা কৰিছে আৰু কিছু সংখ্যকে প্ৰ্তিস্থা কৰিবলৈ অগ্ৰসৰ হৈছে|আমি প্ৰাক্তন শিক্ষাৰ্থী সংস্থাই এই পেজটো প্ৰস্তত কৰাৰ মুল উদ্দেশ্য হ’ল সকলোৱে যাতে এজনে আনজনৰ লগত সম্পৰ্ক ৰাখিব পাৰো আৰু বিভিন্ন সময়ত যিকোনো ক্ষেত্ৰত সহায় কৰিব পাৰো|আৰু আন এক উদ্দেশ্য হ’ল ২০১৪ চনত আমি প্ৰাক্তন শিক্ষাৰ্থী সংস্থাই প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অনুস্থিত কৰিম বুলি সিদ্বান্ত গ্ৰ্হণ কৰা হৈছিল,সেয়ে সকলোৰে অংশগ্ৰহনৰ বাবে আৰু সহজ যোগাযোগৰ বাবে ফেচবুক মাধ্যমটোৰ জৰিয়তে প্ৰথম পৰ্যায়্ত নাম পণ্জীয়্ন কৰিব লৈছো আৰু ইয়াৰ দ্বাৰা পাছৰ পৰ্যায়্ত আমি সদস্য অৰ্ন্ত্ভুক্তি পত্ৰৰে অৰ্ন্ত্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম|আমি বৰ্তমান অৰ্ন্ত্ভুক্তি পত্ৰ ছ্পা কৰি উলিয়াইছো|আৰু প্ৰাক্তন শিক্ষাৰ্থী সংস্থা জীয়াই ৰখাৰ বাবে আমাক সকলোৰে সহায় সহযোগিতা দৰকাৰ হ’ব|আশাঁকৰো সহায় সহযোগিতা পাম|আৰু এটা কথা জনাওঁ যে এই অসম জাতীয় বিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাত যাতে কোনোৱে ৰাজনীতি অথবা অযথা তৰ্ক-বিতৰ্কৰ সুচনা নকৰে আৰু সংস্থাই যি সিদ্বান্ত গ্ৰহণ কৰে সেই সিদ্বান্ত সকলোৱে মানি ল’ব লাগিব কিয়নো সকলোবোৰ সিদ্বান্ত আলোচনাৰ মাজেৰে গ্ৰ্হণ কৰা হ’ব|

ধন্যবাদ
অসম জাতীয় বিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থা
নুনমাটী,গুৱাহাটী,অসম

আজি ১৩ছেপ্টেম্বৰ......ছাৰ ....
13/09/2026

আজি ১৩ছেপ্টেম্বৰ......ছাৰ ....

বিদায় বন্ধু।
30/06/2026

বিদায় বন্ধু।

আকৌ নোহোৱা হ’ল আমাৰ মাজৰ পৰা এজনAbhijit Sarma শেষ বিদায়ঔম শান্তি 💐
30/06/2026

আকৌ নোহোৱা হ’ল আমাৰ মাজৰ পৰা এজন

Abhijit Sarma শেষ বিদায়

ঔম শান্তি 💐

03/06/2026

ASSAM JATIYA BIDYALAY EDUCATIONAL AND SOCIO-ECONOMIC TRUST PresentsBigyan Jeevan - A documentary on the life and work of Khiradhar Baruah, scientist, popular...

30/12/2025
 #এটা_জীৱন_এজন_জুবিন…(Most Special Charity Event, organised by AJB Alumni Association) চাওঁতে চাওঁতে প্ৰায় দুটি মাহ পাৰ...
22/11/2025

#এটা_জীৱন_এজন_জুবিন…
(Most Special Charity Event, organised by AJB Alumni Association)

চাওঁতে চাওঁতে প্ৰায় দুটি মাহ পাৰ হ'ল । জুবিন গাৰ্গ বহু দূৰলৈ গুছি গ’ল । অসমীয়াই কত আৰ্তক্ষণ লেখি লেখি আজিও হিয়া ঢাকুৰি আছে। কিন্তু জুবিনেইতো কৈছিল, শেষ বুলিলেই শেষ নহয় !

১৮নৱেম্বৰত আহি পাইছিল জুবিন গাৰ্গৰ ৫৩তম জন্মদিন । অনেক চিন্তা-চৰ্চাৰ অন্তত অজাবি প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ দ্বাৰা থিৰাং কৰা হয়, যে এইবেলি জুবিন গাৰ্গৰ সেই সোণোৱালী গৌৰৱময় ঐতিহ্যৰ আমি উদযাপন কৰিম। জুবিনে শিশুৰ সৈতে সময় কটাই তৃপ্তি পাইছিল । সেয়েহে তেওঁ বিচৰাৰ দৰেই তেখেতৰ জন্মদিনটো, জালুকবাৰীস্থিত এখনি শিশু আশ্ৰম “অসম শিশু কল‍্যাণ সদন”ত ২২গৰাকী কন‍্যাশিশুৰ মাজত বৰ উলহ-মালহেৰে পালন কৰা হয় । এই উপলক্ষত সংস্থাৰ তৰফৰ পৰা আশ্ৰমখনলৈ বহু শিশু উপযোগী সামগ্ৰী, যেনে- কিতাপ, বহী, নানা ৰং, লিখনৰ সামগ্ৰী, অজাবিৰ প্ৰকাশিত “বাখৰ”, খেলৰ সামগ্ৰী, Sanitary Pad, অনেক খাদ‍্যসামগ্ৰী (Packaged) আৰু কিছু আৰ্থিক অনুদান আগবঢ়োৱা হয়। লগতে সংস্থাৰ সদস‍্যসকলে তেওঁলোকৰ সৈতে দুটা কেক কাটি গোটেই আবেলিটো জুবিনৰ গীতে-মাতে নৃত‍্যৰে অতিবাহিত কৰে ।

অজাবি প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ এই হেঁপাহৰ সপোনটিক সঁচা কৰি তোলাৰ বাবে অজাবিৰ প্ৰতিজন প্ৰাক্তন শিক্ষাৰ্থীক অশেষ ধন‍্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

এটি জীৱন এজন জুবিনসকলোলৈ অশেষ ধন‍্যবাদ যিসকলে জুবিন দাৰ জন্মদিনটো উদযাপন কৰাৰ বাবে মানসিক,শাৰীৰিক তথা আৰ্থিক ভাৱে আমাক স...
19/11/2025

এটি জীৱন
এজন জুবিন

সকলোলৈ অশেষ ধন‍্যবাদ যিসকলে জুবিন দাৰ জন্মদিনটো উদযাপন কৰাৰ বাবে মানসিক,শাৰীৰিক তথা আৰ্থিক ভাৱে আমাক সহায় কৰিলে।

চিৰদিন চিৰ তৰুণ হৈ আমি জিলিকি থাকিম সকলোৰে মৰম আৰু বিশ্বাসৰ বাবে।

কাইলৈ পুৱা আমি “এটি জীৱন এজন জুবিন” শীৰ্ষক অনুস্হানৰ আলোকচিত্ৰ সমূহ সকলোৰে বাবে দিয়া হব।

সকলো ভাগৰুৱা

ইতি
আমি
প্ৰাক্তন শিক্ষাৰ্থী সংস্হা,অজাবি

*“ এটা জীৱন, এজন জুবিন…”*_এটি নহয়, দুটি নহয়, আছে বহু কথা__গোপন হিয়াৰ মনৰ কোণত, বেদনাৰেই গঁথা…._               চাওঁতে চাও...
15/11/2025

*“ এটা জীৱন, এজন জুবিন…”*

_এটি নহয়, দুটি নহয়, আছে বহু কথা_
_গোপন হিয়াৰ মনৰ কোণত, বেদনাৰেই গঁথা…._
চাওঁতে চাওঁতে প্ৰায় ৫৭টা দিন পাৰ হ'ল । প্ৰতিজন অসমীয়াৰ বুকুৰ তেজেৰে ভাৰাক্ৰান্ত হৈ পৰিল অসমৰ আকাশ। জুবিন যোৱাৰ আৰ্ত ক্ষণ লেখি লেখি বিদিৰ্ণ আমাৰ হৃদয়বোৰ....
কিন্তু জুবিনক লৈতো আমি বহুত গৌৰৱীও ! এইবেলি সেই গৌৰৱময় ঐতিহ্যৰ উদযাপন কৰিব নোৱাৰি নে ?!

হে প্ৰিয় অজাবি সতীৰ্থ !
যোৱা ৩ নৱেম্বৰ তাৰিখে সফলতাৰে আয়োজিত হোৱা "মিথ্ৰা" অনুষ্ঠান আমি জুবিন গাৰ্গৰ নামৰ উৎসৰ্গিত কৰিলোঁ । আহক, এইবাৰ আমি জুবিন গাৰ্গক উদযাপন কৰোঁ । অহা ১৮ নৱেম্বৰ, ২০২৫ তাৰিখে, জুবিন গাৰ্গৰ ৫৩তম জন্মদিৱসত আমি অজাবি প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত এটি বিশেষ কাৰ্যসূচী গ্ৰহণৰ মনস্থ কৰিছোঁ । এই কাৰ্যসূচী তলত উল্লিখিত ধৰণৰ----
১) আমি জালুকবাৰীৰ সুন্দৰবৰী অঞ্চলত অৱস্থিত অসম শিশু কল্যাণ সদন শীৰ্ষক শিশু আশ্ৰমখনৰ শিশুসকলৰ সৈতে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিম ।
২) জুবিন গাৰ্গৰ গীতে-মাতে আমি তাত দিনটো উপভোগ কৰিম ।
৩) শিশুসকলৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিম ।
৪) আমাৰ সংস্থাৰ তৰফৰ পৰা অনাথ আশ্ৰমখনত আমি কাপোৰ, খোৱাবস্তু, কিতাপ, পুতলা আৰু কিছু অনুদান আগবঢ়াম ।
জুবিনে শিশুসকলৰ লগত থাকি শান্তি পাইছিল । আহকচোন, আমিও জুবিনে বিচৰাৰ দৰেই এই শিশুসকলৰ বাবে সেইদিনটো মধুৰ কৰি তোলো ! অজাবিৰ সমূহ প্ৰাক্তন শিক্ষাৰ্থীক এই কাৰ্যসূচীৰ অংশীদাৰ হ'বলৈ সহৃদয়তাৰে আহ্বান জনাইছোঁ ।
বিদ্ৰ: কোনোবাই কিবা অনুদান বা সামগ্ৰী দিব খুজিলে 86388 74267 নম্বৰত আমাক যোগাযোগ কৰে যেন।

স্থানঃ অসম জাতীয় বিদ‍্যালয়
তাংঃ ১৮ নৱেম্বৰ, ২০২৫
সময়ঃ দিনৰ ১২.৩০ বজাৰপৰা ১.৩০ বজালৈ

আপোনালৈ অশেষ‌ ধন্যবাদ আৰু মৰম যাচিলোঁ
06/11/2025

আপোনালৈ অশেষ‌ ধন্যবাদ আৰু মৰম যাচিলোঁ

Address

Noonmati
Guwahati
781020

Website

Alerts

Be the first to know and let us send you an email when প্ৰাক্তন শিক্ষাৰ্থী সংস্থা, অসম জাতীয় বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to প্ৰাক্তন শিক্ষাৰ্থী সংস্থা, অসম জাতীয় বিদ্যালয়:

Shortcuts

Share

Category