18/11/2025
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিতব্য বাৰ্ষিক অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হৈ যায়। 'সতীৰ্থ সমাজ'ৰ সভাপতি অধ্যাপক উমেশ ডেকাই সঞ্চালনা কৰা অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট কণ্ঠশিল্পী শ্ৰীযুত সমৰ হাজৰিকাদেৱে আৰু বীজ ভাষণ প্ৰদান কৰে অসমৰ বিশিষ্ট সংগীত সমালোচক শ্ৰীযুত লোকনাথ গোস্বামীদেৱে। এই অধিৱেশনৰ সৈতে সংগতি ৰাখি সতীৰ্থ সমাজৰ উদ্যোগত আয়োজিত "অসমৰ জাতীয় জীৱনত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ" শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰত শতাধিক গৱেষক-অধ্যাপকে গৱেষণা পত্ৰ পাঠ কৰে।