28/01/2024
কটন বিশ্ববিদ্যালয়
"বিশ্ববিদ্যালয় সপ্তাহৰ ২০২৪" উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰাত আমি আৱাসৰ পৰা "অসমীয়া যুঁজাৰু" বিষয়ক মূল বিষয় হিচাপে লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰোঁ ।
দীপ্ত সূৰুজে পৰশে সদায়
28/01/2024
কটন বিশ্ববিদ্যালয়
"বিশ্ববিদ্যালয় সপ্তাহৰ ২০২৪" উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰাত আমি আৱাসৰ পৰা "অসমীয়া যুঁজাৰু" বিষয়ক মূল বিষয় হিচাপে লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰোঁ ।
17/01/2024
সুন্দৰৰ পূজাৰীক আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসৰ সমূহ পৰিয়ালে সহশ্ৰদ্ধাৰে সোঁৱৰিলোঁ ।
14/01/2024
সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষ হিয়াভৰা ওলগ আৰু শুভেচ্ছা জনালোঁ । সকলোৰে মঙ্গল হওক ।
10/12/2023
শ্বহীদক স্মৰণ কৰি আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসে ৰঞ্জিত বৰপূজাৰীৰ বেদীত চাকি জ্বলাই স্মৰণ কৰোঁ ।
10/12/2023
ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আজি মৃত্যু দিন। আন্দোলনত অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত বহু অসমীয়া লোকে প্ৰাণ আহুতি দিছিল ।
"শ্বহীদ দিৱস" ৰ আজি পৱিত্ৰ দিনটোত অসম আন্দোলনত আত্মবলিদান দিয়া মহান শ্বহীদ সকলক আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসে সশ্ৰদ্ধ সোঁৱৰণ কৰি প্ৰণিপাত জনালোঁ ।
07/12/2023
অসমীয়া সাহিত্যৰ ধ্ৰুৱ তৰা তথা শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী প্ৰয়াত হোমেন বৰগোহাঞি ছাৰৰ জন্মবাৰ্ষিকীত আমি আৱাসৰ সমূহ পৰিয়ালে শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ ।
02/12/2023
বৰ অসম গঢ়োঁতা অসম সমাজ গঢ়োঁতা স্বৰ্গদেউ চাউলুং-ছ্যু-কা-ফা দেৱক শ্ৰদ্ধাৰে সোঁৱৰিলো ।
24/11/2023
জাতীয় বীৰ অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ আজি ৪০১ বছৰীয়া জন্ম জয়ন্তী । জন্ম জয়ন্তীৰ পাৰ্ক ক্ষণত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো । লগতে মাতৃভূমিৰ মৰ্যদা অক্ষুণ্ন ৰক্ষাৰ বৃহৎ স্বাৰ্থত ঐতিহাসিক শৰাইঘাটৰ যুদ্ধত মোগলক পৰাজিত কৰা প্ৰতিগৰাকী বীৰ অসমীয়া সেনানীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ ।
12/11/2023
শ্ৰদ্ধাৰ সমূহ অসমবাসীলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ হিয়া ভৰা ওলগ আৰু শুভেচ্ছা জনালোঁ । পোহৰৰ উৎসৱে ৰঙীন কৰক আশাৰ সপোন ।
05/11/2023
আজি সংগীতসূৰ্য ড০ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিক । অসম আৰু অসমীয়াৰ বাবেই গীত গাই গাই ভাগৰি নপৰা এই মহান শিল্পীজনাক ২০১১ চনৰ ৫ নৱেম্বৰ আজিৰ দিনটোতেই আমি হেৰুৱাইছিলো । তেওঁ নেথাকিলেও তেওঁ গানৰ সুৰ আৰু শব্দ প্ৰতিজন প্ৰবাসীৰ বুকুৰ আৰু হৃদয়ত আছে আৰু থাকিব ।
এই মহান শিল্পী গৰাকীৰ মৃত্যু বাৰ্ষিক দিনটোত আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসৰ হৈ তেখেতলৈ জনালো একাজলি শ্ৰদ্ধাঞ্জলি ।🙏