Sahinur Parbin Sunni

Sahinur Parbin Sunni Alima

31/12/2025

মায়া বিনি গানটো মোৰ ভাগিন আৰু ভাতিজা দুজনে মিলি বহুত সুন্দৰ বাবে গায়ছে।

31/12/2025

মায়া বিনি গানটো মোৰ ভাগিন আৰু ভাতিজা দুজনে মিলি বহুত সুন্দৰ বাবে গায়ছে।

11/10/2025
11/10/2025

বাশকান্দী হুজুৰৰ জীৱনী আৰু কৰ্ম

তেখেতক “বাশকান্দীৰ পীৰ সাহেব” বা “বাশকান্দী হুজুৰ” নামেও জনা যায়।

সংক্ষিপ্ত পৰিচয়:

মাওলানা আহমদ আলী বাশকান্দী (ৰহঃ) ১৯১৫ চনত অসমৰ বদরপুৰ গাঁৱত এজন সম্ভ্ৰান্ত সুফি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেখেত এজন অতি বিশিষ্ট ইছলামিক পণ্ডিত, বক্তা, সুফি সাধক আৰু ব্ৰিটিছ-বিৰোধী আন্দোলনৰ অগ্ৰগণ্য যোদ্ধা আছিল। নিজৰ জীৱনৰ এটা ডাঙৰ অংশ তেখেত ইছলাম প্রচাৰ আৰু সমাজ সংস্কাৰৰ কামত উৎসৰ্গ কৰিছিল।

কর্ম আৰু অৱদান:

১. শিক্ষা আৰু পাণ্ডিত্য:
তেওঁ ভাৰতৰ বিখ্যাত দাৰুল উলুম দেওবন্দ মাদ্ৰাছাত শিক্ষা লাভ কৰিছিল আৰু হাদিছ, তাফছিৰ আদিত গভীৰ জ্ঞান অৰ্জন কৰিছিল। তেওঁ অতি মেধাবী আছিল আৰু কেৱল আঢ়াই মাহৰ ভিতৰতে সম্পূৰ্ণ কুৰআন মুখস্থ কৰিছিল।

২. স্বাধীনতা সংগ্ৰামত ভূমিকা:
মাওলানা আহমদ আলী বাশকান্দী ব্ৰিটিছ-বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈছিল। তেওঁ নিজৰ শিক্ষক হুসাইন আহমদ মাদানীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে কাম কৰিছিল আৰু বহুবার কাৰাবাসো ভোগ কৰিছিল। তেওঁ ভাৰত-বিভাজনৰ কঠোৰ বিৰোধিতা কৰিছিল আৰু শিলচত সিলেট গণভোটত ভাৰতক সমৰ্থন জনাবলৈ গুৰুত্বপূর্ণ ভূমিকা লৈছিল।

৩. দাৰুল উলুম বাশকান্দী:
এই মাদ্ৰাছাটো হাফেজ আকবর আলীয়ে প্ৰতিষ্ঠা কৰিছিল, কিন্তু মাওলানা আহমদ আলী বাশকান্দীৰ তত্ত্বাৱধানত ই এটা ডাঙৰ ইছলামিক বিশ্ববিদ্যালয়লৈ পৰিণত হয়। ইয়াৰে পৰা বহু ইছলামিক পণ্ডিত, লেখক আৰু সমাজ সংস্কাৰক ওলায়।

৪. জামিয়ত উলামা-ই-হিন্দ:
তেওঁ ৪৪ বছৰ ধৰি অসমৰ ৰাজ্যিক জামিয়ত উলামা-ই-হিন্দৰ সভাপতি আছিল। এই পদৰ পৰা তেওঁ অসমৰ মুসলিম সমাজৰ বিভিন্ন সামাজিক, ধৰ্মীয় আৰু ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে কাম কৰিছিল।

আধ্যাত্মিক জীৱন:

তেওঁ এজন সুফি সাধক আছিল আৰু তেওঁৰ জীৱনত আধ্যাত্মিকতাৰ গভীৰ প্ৰভাৱ আছিল। হাজাৰ হাজাৰ মানুহ তেওঁলোকৰ আধ্যাত্মিক দিশৰ পৰামৰ্শৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। তেওঁ মানুহক কুসংস্কাৰ আৰু ধৰ্মীয় বিকৃতিৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছিল।

মাওলানা আহমদ আলী বাশকান্দী (ৰহঃ) ২০০০ চনৰ ১১ জুনত ইহকাল ত্যাগ কৰিছিল। অসমৰ লগতে সমগ্ৰ ভাৰতৰ মুসলিম সমাজত তেওঁৰ অৱদান বিশেষভাৱে স্মৰণীয় আৰু অনুকৰণীয়।
⭕Mohibul ডাঙৰীয়াৰ ফেচবুক ৱালৰ পৰা সংগ্ৰহ....

“কাপোৰৰ তলত সকলোৱে নাঙঠ”গতিকে যাৰে তাৰে  কাপোৰ খুলি সময় নষ্ট কৰি লাভ নাই। চিধাচিধি দুটা কথাৰ উত্তৰ লাগে-জুবিন দাৰ হত্যাক...
11/10/2025

“কাপোৰৰ তলত সকলোৱে নাঙঠ”
গতিকে যাৰে তাৰে কাপোৰ খুলি সময় নষ্ট কৰি লাভ নাই।
চিধাচিধি দুটা কথাৰ উত্তৰ লাগে-
জুবিন দাৰ হত্যাকাৰী কোন ‼️
আৰু
কিয় কৰিলে এই কাণ্ড ❓❓❗️❗️



__Manas Robin page

Address

Guwahati
784115

Telephone

+9613265205

Website

Alerts

Be the first to know and let us send you an email when Sahinur Parbin Sunni posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Sahinur Parbin Sunni:

Shortcuts

Share

Category