21/06/2020
অনুগ্ৰহ কৰি অন্ধবিশ্বাসত ভোল নাযাব ।
সূৰ্য চন্দ্ৰ আৰু পৃথিৱী একেটা লাইনত পৰিলে চন্দ্ৰটোৰ বাবে আমি সূৰ্যৰ পোহৰ দেখা নাপাওঁ । অতি চমুকৈ এয়াই সূৰ্য গ্ৰহণ।
সূৰ্য গ্ৰহণৰ সময়ত মাত্ৰ আপুনি খালি চকুৰে এই দৃশ্য নাচাব, কাৰণ ইয়ে আমাৰ চকুৰ ৰেটিনাত প্ৰভাৱ পেলাব পাৰে। বাকী সকলো নিয়মিত কাম আপুনি কৰিব পাৰে।
আহক অন্ধবিশ্বাস পৰিহাৰ কৰি এক যুক্তিপূৰ্ণ তথা বৈজ্ঞানিক সমাজ গঢ়ো।
আহক এই মহাজাগতিক পৰিঘটনাৰ আমোদ লওঁ।
বি. দ্ৰ. সূৰ্যও পৃথিৱীৰ চাৰিওফালে ঘূৰিছিল বুলি মানুহে বিশ্বাস কৰিছিল, কিন্তু সময়ত আমি আগবাঢ়িলোঁ আৰু বিজ্ঞানৰ লগত যুক্তিপূৰ্ণ ভাৱে আগুৱালোঁ । আহক news channel বা আন কাৰোবাৰ কথা অকল নুশুনি, নিজে আগবাঢ়ো সত্য- সঁচা আৰু যুক্তি তথা বৈজ্ঞানিক ভিত্তিক লৈ।