19/09/2026
জুবিন দিৱসত লক্ষ লক্ষ শিক্ষাৰ্থীৰ কণ্ঠত "দিয়া ঘূৰাই দিয়া..."
শ্ৰদ্ধা আৰু আৱেগেৰে ভৰা পৰিৱেশত আজি অসম জাতীয় বিদ্যালয়ত প্ৰাণৰ শিল্পী,অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত পালন কৰা হয় 'জুবিন দিৱস।'এক বিশাল পৰিসৰত আয়োজন কৰা জুবিন দিৱস আজি সমগ্ৰ ৰাজ্যৰ বিভিন্ন জাতীয় বিদ্যালয়ত একেলগে পালন কৰি জুবিনৰ সংগীত ,সৃষ্টিশীল কৰ্মৰাজি আৰু জুবিনৰ বিশাল অবিনাশী সত্তাক সোঁৱৰণ কৰা হয়।
বিদ্যালয়ৰ পুৱাৰ সমাৱেশৰ মূল কাৰ্য্যসূচীত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডা° নাৰায়ণ শৰ্মা, সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী আৰু পৰিচালনা সমিতিৰ আন সদস্যসকল, জুবিন গাৰ্গ ন্যাসৰ তৰফৰ পৰা গৰিমা শইকীয়া গাৰ্গ, গৌতম শৰ্মা, ৰাহুল গৌতম শৰ্মাকে ধৰি জুবিন গাৰ্গৰ কেইবাগৰাকীও আত্মীয়স্বজনৰ উপস্থিতিত খোল, তাল ,শংখৰ নিনাদত জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখযোগ্য যে পুৱাৰ সমাৱেশৰ অনুষ্ঠানত সকলোকে উদ্দেশ্য কৰি ‘জুবিন গাৰ্গ অমৰ হওক’ শীৰ্ষক ‘আজিৰ চিন্তা’ অসমৰ প্ৰতিখন জাতীয় বিদ্যালয়তেই আজি পাঠ কৰা হয়। তাৰপিছতে বিদ্যালয়ৰ প্ৰাংগণত প্ৰায় ২,৬০০ গৰাকী ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীবৃন্দই মিলি জুবিন গাৰ্গৰ কালজয়ী গীত ‘দিয়া ঘূৰাই দিয়া’ শীৰ্ষক গীতটো পৰিৱেশন কৰে। উল্লেখযোগ্য যে একে সময়তে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত সমগ্ৰ ৰাজ্যখনৰ আন জাতীয় বিদ্যালয়সমূহতো সৰ্বমুঠ প্রায় ছয় লক্ষাধিক শিক্ষাৰ্থীয়ে এই গীতটো পৰিৱেশন কৰে।
গীতটো গোৱাৰ পাছত বিদ্যালয় চৌহদৰ পৰা ‘শ্ৰদ্ধাৰ্ঘ্য যাত্ৰা'ৰ বাবে দুখন সুসজ্জিত বাহন সমগ্র গুৱাহাটী মহানগৰীত পৰিভ্ৰমণৰ বাবে ওলাই যায়। জুবিন গাৰ্গৰ যুগজয়ী গীতসমূহ বজাই আগবঢ়া বাহন দুখন গুৱাহাটীৰ মুঠ ৬০ টা প্ৰান্তলৈ গৈ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি জনোৱা শ্ৰদ্ধাৰ্ঘ্য যাত্ৰা সমাপন কৰে।
পুৱাৰ সমাবেশৰ পাছতেই শিক্ষাৰ্থীসকলৰ বাবে ‘জুবিন দিৱসৰ বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হয়।
অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাংবাদিক, লিখক দিগন্ত ওজাই জুবিনগাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে মনোগ্ৰাহী বক্তব্য আগবঢ়ায়। একেটি অনুষ্ঠানতে অৱসৰী অধ্যাপক নৰেন পাটগিৰি পৰিচালিত ‘জীয়া জুবিন' শীর্ষক চুটি নাটক এখন মঞ্চস্থ কৰা হয়।
উল্লেখ্য যে জুবিন গাৰ্গৰ গীতৰ আধাৰত বিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রীয়ে দুয়োটা অনুষ্ঠানতে বিভিন্ন মনোগ্ৰাহী কাৰ্য্যসূচী পৰিবেশন কৰে।অনুষ্ঠানৰ শেষত সকলোৱে সমবেত কণ্ঠেৰে ‘মায়াবিনী ৰাতিৰ বুকুত' শীৰ্ষক গীতটি গাই ঈশ্বৰপুত্ৰক শ্ৰদ্ধা নিবেদন কৰে।
September 19 descends on Assam with a heavy, collective silence. It marks a day of profound cultural mourning. Zubeen Garg was not merely a musician. He carried the raw, untamed spirit of this land in his voice. He anchored a restless generation and pulled them back to the roots of Assam’s music and culture during a time of immense cultural drift.
Working jointly with the Zubeen Garg Nyas, Assam Jatiya Bidyalay transformed this quiet grief into a massive act of remembrance. Two thousand five hundred students stood together on our Noonmati grounds and claimed the notes of ‘Diya Ghurai Diya’. The sheer magnitude of their young voices moved Garima Saikia Garg deeply. She spoke with clear urgency about the need to instill his radical humanity, his deep love for nature, and his fierce self respect in this new generation. She affirmed a shared future vision where the Zubeen Garg trust and Assam Jatiya Bidyalay Trust will work together to carry his legacy forward.
The day demanded a serious academic reflection on his legacy. Dr Narayan Sharma addressed the morning assembly with a vital observation. He noted how Zubeen demonstrated that an artist can achieve immense global reach while remaining stubbornly loyal to their mother tongue. Writer Diganta Oza added critical historical context during his interaction with the senior students. He explained how Zubeen revived a deep faith in indigenous sounds when society was drifting away, effectively engineering a modern renaissance in Assamese music.
This tribute echoed far beyond Noonmati. Across the state, nearly six lakh students belonging to the vast network of Jatiya Bidyalays sang that exact same song at the very same moment. A Shradharghya Yatra then carried his memory through sixty landmark locations across the historic arteries of Guwahati.