15/08/2026
যোৱা কালি পশ্চিম বংগৰ বি.এড নামভৰ্তিৰ প্ৰসংগত উত্থাপন কৰা আলোচনাত বিভিন্ন শ্ৰেণিৰ পৰা মিশ্ৰিত আৰু গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল। তাৰেই ধাৰাবাহিকতাত আজি আমি আলোচনা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা বি.এড প্ৰৱেশ পৰীক্ষা, আসনৰ সংখ্যা, প্ৰতিযোগিতা আৰু মাচুলৰ ভয়াবহ ছবিখনৰ বিষয়ে।
যোৱা ১৯ জুলাইত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা GUBEDCET প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ২৮ জুলাইত ইয়াৰ মেধা তালিকা প্ৰকাশ পায়। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছৰে পৰা ছাত্ৰ সমাজৰ মাজত গভীৰ উদ্বেগ আৰু মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ অন্যান্য বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ মাচুলৰ তুলনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ GUBEDCET-ৰ আবেদন মাচুল অত্যন্ত বেছি। প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ২০০০ টকাকৈ মাচুল দিবলগীয়া হয়, যিটো বহুতো দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে বাৰুকৈয়ে বোজা স্বৰূপ হৈ পৰে।
শিক্ষা খণ্ডত যুৱ প্ৰজন্মৰ আগ্ৰহ ক্ৰমাৎ বৃদ্ধি পাইছে যদিও ইয়াৰ বিপৰীতে চৰকাৰী বি.এড. কলেজৰ সংখ্যা অতি নগণ্য। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এইবছৰ ৩৬ খন কলেজক বি.এড. পাঠ্যক্ৰমৰ স্বীকৃতি দিয়া হৈছে, য’ত মুঠ আসনৰ সংখ্যা ৩,৪৫০ খন। আচৰিত কথা যে, ইয়াৰে মাত্ৰ ৭ খন চৰকাৰী প্ৰতিষ্ঠানত মুঠ ৪৫০ খন আসন আছে, য’ত বাকী ২৯ খন বেচৰকাৰী কলেজত ৩,০০০ খন আসন উপলব্ধ।
চৰকাৰী নিয়ম অনুসৰি আসনসমূহত সংৰক্ষণ নীতি প্ৰযোজ্য হয়, যাৰ ভিতৰত OBC/MOBC-ৰ বাবে ২৭%, SC-ৰ বাবে ৭%, STP-ৰ বাবে ১০%, STH-ৰ বাবে ৫%, PWD-ৰ বাবে ৩% আৰু অসংৰক্ষিত শ্ৰেণীৰ পৰা EWS-ৰ বাবে ১০% সংৰক্ষণ দিয়া হৈছে। এই সংৰক্ষণ ব্যৱস্থাৰ পিছত সাধাৰণ তথা অন্যান্য শ্ৰেণীৰ বাবে প্ৰকৃত আসনৰ সংখ্যা অতি সীমিত হৈ পৰে, যি প্ৰতিযোগিতাখন আৰু অধিক কঠিন কৰি তোলে।
এইবছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ২২,১৮৪ জন—যিটো পূৰ্বৰ তুলনাত যথেষ্ট বেছি। প্ৰতিযোগিতাৰ হাৰৰ কথা ক’বল গ’লে, প্ৰতিখন আসনৰ বিপৰীতে প্ৰায় ৭ জন প্ৰাৰ্থীয়ে প্ৰতিযোগিতা আগবঢ়াইছিল আৰু কেৱল মুঠ নম্বৰৰ প্ৰায় ৫০% বা ততোধিক লাভ কৰা প্ৰাৰ্থীসকহে আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। বি.এড. এটা গুৰুত্বপূৰ্ণ পেছাদাৰী পাঠ্যক্ৰম হ’লেও অসমত ইয়াৰ আসনৰ সংখ্যা অতি সীমিত হোৱাৰ ফলত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী শিক্ষকতাৰ সপোন পূৰণ কৰাত বাধাৰ সন্মুখীন হৈছে।
এই আলোচনাত মাচুলৰ কথাখিনি উল্লেখ নকৰিলে কথাখিনি আধৰুৱা হ'ব। চৰকাৰী অনুষ্ঠানক বাদ দি ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠানত বি.এড কৰিব বাবে আপোনাৰ হাতত জমা থাকিব লাগিব ২-৩ লাখ টকা। কাৰণ নামভৰ্তি দিনটোতে আপুনি যেনেকৈ নহওঁক ১ লাখ টকা জমা কৰিব লাগিব। যিটো বহু ছাত্ৰ-ছাত্ৰীৰ বাবে মানসিক আৰ্থিক চাপৰ সৃষ্টি কৰে। ব্যক্তিগত অনুষ্ঠানতো মাচুলৰ তাৰতম্য দেখা যায়।
এতিয়া আমি কাউন্সিলিং কথাখিনি আলোচনা কৰিম। প্ৰতিখন অনুষ্ঠানে নিজৰ নিজৰ সুবিধা অনুযায়ী আবেদনৰ তাৰিখ, মেধা তালিকা প্ৰকাশ, নামভৰ্তি কৰে। যাৰ বাবে বহু সময়ত বহু প্ৰশ্ন উত্থাপন হয়। ভাৰসাম্য দেখা নাযায়। কেবাখনো অনুষ্ঠানে মুঠ আসন ১০০ খন আসনৰ বিপৰীতে ৮০ খনৰ মেধা তালিকা প্ৰকাশ কৰাৰো তথ্য দেখা যায়। এনে বহু সমস্যাৰ দেখা পোৱা যায়। এই পদ্ধতিটো কেন্দ্ৰীয়ভাৱে হোৱা হয় ছাত্ৰ ছাত্ৰীৰো সুবিধা হয়।
এই সকলো কথা সামৰি .....
অসমৰ শৈক্ষিক উত্তৰণৰ বাবে যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিবলৈ বি.এড.ৰ দৰে গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম এটাক অৱহেলা কৰি চলিলে নচলিব। চৰকাৰী তথ্য অনুসৰি এতিয়াও উচ্চ শিক্ষা বিভাগত বহু হাজাৰ শিক্ষকৰ পদ ৰিক্ত হৈ আছে। গতিকে সামগ্ৰিক স্বাৰ্থত চৰকাৰে আসন বৃদ্ধি আৰু এই সমগ্ৰ সমস্যাটো গুৰুত্বসহকাৰে লোৱা উচিত। অসমৰ ছাত্ৰ সংগঠনসমূহৰ লগতে শিক্ষক-কৰ্মচাৰী পৰিষদেও ভৱিষ্যতে এই গুৰুত্বপূৰ্ণ বিষয়টোত সজোৰে মাত মাতিব লাগিব। নিসন্দেহে ই অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক গভীৰভাৱে প্ৰভাৱিত কৰা এটা জ্বলন্ত সমস্যা।
(তথ্য খিনি ভুল হ'লে শুধৰাই ল'ব )
জয় আই অসম।