Feeling low on energy or noticing a drop in strength can often be linked to poor nutrition. Adding simple, protein-rich foods to your daily routine can support healthy weight gain and improve overall stamina. Small dietary changes, when done consistently can make a noticeable difference in how your body feels and functions.
Yoga and Wellness Centre
Yoga and Wellness Centre, Nayanpur
Calm your mind, balance your body, and feel naturally energized with Vayu Mudra ✨
Just 15 minutes daily can help reduce stress, support joint health, improve digestion, and bring inner peace 🌿🧘♀️
15/05/2026
Eye strain from endless screen time? Throat discomfort after long days? Back stiffness becoming your daily companion? Your body is whispering something.
Matsyasana can help bring flexibility to the spine, ease tension, and support overall well-being. Small mindful practices can make a big difference.
Kapha-Kaarak Mudra ✨
Practice daily for calmness, balance & positive energy
08/05/2026
# # #প্ৰশ্ন উত্তৰ # # # #
1. ৰাতিপুৱা উঠি কেনেকুৱা পানী খাব লাগে ?
উত্তৰ: কুহুমীয়া গৰম পানী ।
2. পানী কিদৰে খাব লাগে ?
উত্তৰ : বহি লৈ লাহে লাহে খাব লাগে ।
3. খাদ্য কিমান বাৰ চোবাই খাব লাগে ?
উত্তৰ : 32 বাৰ ।
4. পেট ভৰাই খাদ্য কেতিয়া খাব লাগে ?
উত্তৰ : কেৱল ৰাতিপুৱা ।
5. ৰাতিপুৱাৰ খাদ্য কোন সময়ত খাব লাগে ?
উত্তৰ : সূৰ্য্য উদয় হোৱাৰ দুই ঘণ্টাৰ ভিতৰত ।
6. ৰাতিপুৱা খাদ্যৰ লগত কি খাব লাগে ?
উত্তৰ : ফলৰ ৰস ।
7. দুপৰীয়া খাদ্যৰ লগত কি খাব লাগে ?
উত্তৰ : দৈৰ তলৰ পানী ।
8. ৰাতি খাদ্য খাই কি খাব লাগে ?
উত্তৰ : গৰম গাখীৰ হালধি মিহলাই ।
9. টেঙা ফল কেতিয়া খাব নালাগে ?
উত্তৰ : ৰাতি ।
10. ফ্ৰীজৰ বস্তু কেতিয়া খাব পাৰি ?
উত্তৰ : কেতিয়াও নোৱাৰি , ই শৰীৰ দুৰ্বল কৰে , পাচন শক্তি কমাই দিয়ে , মেদ বঢ়ায় , প্ৰজনন ক্ষমতা হ্ৰাস কৰে , হাত ভৰি জিন জিন কৰে , নুপুংসকতা আনি দিয়ে ।
11. খাদ্য ৰান্ধি কিমান সময়ৰ ভিতৰত খাব পাৰি ?
উত্তৰ : 40 মিনিটৰ ভিতৰত খাব লাগে ।
12. ৰাতি কিমান খাদ্য খাব লাগে ?
উত্তৰ : আপোনাৰ এখন হাতৰ তলুৱাত যিখিনি ধৰে ।
13. খাদ্য খোৱাৰ কিমান সময় পিছত পানী খাব পাৰি ?
উত্তৰ: এক ঘণ্টা ।
14. খাদ্য খোৱাৰ কিমান সময় আগতে পানী খাব পাৰি ?
উত্তৰ : 48 মিনিট ।
15. ৰাতি ফল খোৱাটো ভালনে ?
উত্তৰ : ৰাতি কেঁচা বস্তু খোৱা নিষেধ ।
16. ৰাতিপুৱা ভাত খাই কি কৰিব লাগে ?
উত্তৰ : কাম ।
17. দুপৰীয়া ভাত খাই কি কৰিব লাগে ?
উত্তৰ : 20 মিনিট বাওঁফালে কাটি হৈ শুই লব লাগে আৰু তাৰ পিছত কাম কৰিব লাগে ।
18. ৰাতি ভাত খাই কি কৰিব লাগে ?
উত্তৰ: ৰাতি খাদ্য খাই 10 মিনিট বজ্ৰাসন কৰি বহি লৈ পাছত কমেও 1000 যোজন খোজ কাঢ়ি দুই ঘণ্টা পাছত শুব লাগে ।
19. ৰাতি খাদ্য খোৱাৰ সময় কি ?
উত্তৰ : সূৰ্য্য অস্ত যোৱাৰ আগতে বা 1 ঘণ্টাৰ ভিতৰত ।
20. ঘৰত ব্যৱহাৰ হোৱা বিহ কি কি ?
উত্তৰ : চেনী , নিমখ , মৈদা , ৰিফাইন তেল , ডালদা ।
21. দুপৰীয়া আঞ্জাত কি দিব লাগে ?
উত্তৰ : আজৱাইন বা জনিগুটি ।
22. ৰাতি চালাড খাব পাৰিনে ?
উত্তৰ: নোৱাৰি ।
23. খাদ্য খোৱাৰ সঠিক নিয়ম কি ?
উত্তৰ : মাটিত বা পিৰাত বহি কাঁহীখন মাটিৰ পৰা কমেও 1 ফুট ওপৰত ৰাখি ।
24. গাখীৰৰ লগত হালধি মিহলোই খালে কি হয় ?
উত্তৰ : কেঞ্চাৰ হব নোৱাৰে আৰু হজম শক্তি বঢ়ায় ।
25. সোণৰ পানী কেতিয়া খাব লাগে ?
উত্তৰ : অক্টোবৰৰ পৰা মাৰ্চলৈ ।
26. তামৰ পানী কেতিয়া খাব পাৰি ?
উত্তৰ : জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ ।
27. মাটিৰ পাত্ৰৰ পানী কেতিয়া খাব লাগে ?
উত্তৰ : মাৰ্চৰ পৰা জুন মাহলৈ ।
28. ৰাতিপুৱা কেইটা বজাত উঠিব লাগে ?
উত্তৰ : ব্ৰহ্ম মূহুৰ্তত অৰ্থাৎ সূৰ্য্য উদয় হোৱাৰ ডেৰ ঘণ্টা আগত ।
29. অধ্যয়ন কৰা বা কিতাপ পঢ়াৰ সময় কি ?
উত্তৰ : ব্ৰহ্ম মুহুৰ্ত আৰম্ভ হোৱাৰ পৰা সূৰ্য্য উদয় হোৱালৈ ।
30 . ৰাতিপুৱা কিমান পানী খাব লাগে ?
উত্তৰ : কমেও 3 গিলাচ ডাঙৰে আৰু শিশুৰ বাবে প্ৰযোজ্য নহয় ।
Post Courtesy: Acharya Pankaj Pathak, Assam
07/05/2026
ফ্ৰাঞ্চত এবাৰ দুৰ্ভীক্ষ আহিছিল। খাবলৈ খাদ্য নোহোৱা হৈ গৈছিল। ধনী মানুহবোৰে চয়াবিনৰ গুটি সিজাই খাইছিল। লাখ লাখ মানুহৰ খাব নাপাই মৃত্যু হৈছিল। সেই সময়ৰ ফ্ৰাঞ্চৰ মহাৰানী Marie Antoinette এ ৰাইজক দুৰ্ভীক্ষ কম কৰাৰ বাবে উপায় বিচাৰিছিল। তেতিয়াই কিছুমানে নতুন উপায় উলিয়াই লৈছিল। অলপ ঘেঁহুক বেছি কৰি বেছি মানুহে খাব পৰাকৈ ব্ৰেড, কেক আদিৰ দৰে বস্তু বনাবলৈ ল’লে।
ব্ৰেড বনালে কম ঘেঁহু লাগে আৰু ফুলি যায় বাবে কম খালেই পেট ভৰি যায় আৰু কম বস্তুৰে বেছি মানুহৰ পেট ভৰাব পাৰি । ব্ৰেডৰ নিচিনা কেক, বোন আদি বিভিন্ন বস্তু বনাবলৈ ল’লে। লাহে লাহে সমগ্ৰ ইউৰোপতে এইবোৰ চলিবলৈ লয়। সাধাৰনতে মধ্যবিত্ত আৰু দূখীয়া মানুহবোৰেহে এইবোৰ খাইছিল ।
লাহে লাহে আমিও আধুনিক হ’লো। আমাৰ খাবলৈ যথেষ্ট বস্তু থকাৰ পাছতো বগা চাহাববোৰে যি খাইছিল সেইবোৰহে পছন্দ কৰিবলৈ ল’লো।
ব্ৰেড খালে মানুহৰ মধুমেহ, উচ্চ ৰক্তচাপ আদি কেতিয়াও নকমে। লগতে মানুহজন ফুলি যায়, শৌচ খোলোচা নহয়, শকত হয়। ইয়াৰ উপৰিও অনেক ৰোগৰ কাৰণ এই ব্ৰেড।
Post Courtesy: Acharya Shri Pankaj Pathak, Assam
27/04/2026
আপোনাৰ খোৱা বাচনটোত লুকাই আছে স্বাস্থ্যৰ ৰহস্য::
এসাজ পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত খাদ্য খাবৰ বাবে আমি কি কি নকৰো! বজাৰত বিচাৰি বিচাৰি ভাল শাক-পাচলি, ভাল মছলা, ভাল তেল আৰু ভাল চাউল আনো। তাৰ পিছতো পাকঘৰত ২-৩ বাৰকৈ ধুই চাফা কৰাৰ পিছতহে ৰন্ধা হয় আৰু তাৰ পিছতহে খোৱা হয়। মুঠৰ ওপৰত খোৱা খাদ্যৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰো।
কিন্তু এইবোৰৰ উপৰিও আপুনি ভাবি চাইছেনে যে আপুনি ৰন্ধা-বঢ়া কৰা, বস্তু থোৱা আৰু খাদ্য খোৱা বাচনবোৰ কিমান স্বাস্থ্যসন্মত? হয়তো এই দিশত বহুত কম মানুহেহে গুৰুত্ব দিয়ে। কিন্তু এই ক্ষেত্ৰতো আন আন খোৱা বস্তুৰ সমানেই গুৰুত্ব দিয়াটো দৰকাৰ।
অতীতত ৰজা-মহাৰজাসকলে সোণ-ৰূপ আদিৰ বাচনত খাদ্য খাইছিল। প্ৰজাসকলে তাম, পিতল, কাঁহ আদিৰ বাচন ব্যৱহাৰ কৰিছিল। এই সকলোবোৰ স্বাস্থ্যসন্মত আছিল। কিন্তু আধুনিক যুগত এনে কিছুমান সহজলভ্য বস্তু আহি পৰিছে যিবোৰে আমাৰ কাম অতি সহজে আৰু কম সময়ৰ ভিতৰত কৰি দিয়ে। যাৰ বাবে আমি এই বস্তুবোৰ গ্ৰহণ কৰিবলৈ ধৰিছোঁ।
📍এলুমিনিউমৰ অপকাৰিতা:
বৰ্তমান দিনত ঘৰত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা বাচন হ’ল এলুমিনিউমৰ। এইবিধ ধাতু আমাৰ শৰীৰৰ বাবে একেবাৰেই অনুপযোগী। এলুমিনিউমৰ বাচনত ৰন্ধা খাদ্য খালে মানুহৰ শৰীৰত ৪০ তাৰো অধিক ৰোগ হ’ব পাৰে। এইবিধ ধাতু শৰীৰে গ্ৰহণ কৰিব নোৱাৰে আৰু কিডনীয়ে ফিল্টাৰ কৰি উলিয়াই দিব নোৱাৰে। ই শৰীৰৰ বিভিন্ন ঠাইত টেমুনাৰ সৃষ্টি কৰিব পাৰে; হাওঁফাওঁৰ ৰোগ যেনে— টিবি, হাপানি, ব্ৰংকাইটিছ আদি হ’ব পাৰে। টাইপ-২ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ আদিও হ’ব পাৰে।
আমাৰ সমাজত এলুমিনিউমৰ প্ৰচলন কেতিয়াও নাছিল। চিপাহী বিদ্ৰোহৰ পিছত ১৮৬০ চনত ব্ৰিটিছসকল পুনৰ ঘূৰি আহি নতুন নতুন আইন বনাই ভাৰতীয়সকলক জেলত ভৰাই থবলৈ ধৰিলে আৰু জেলত এলুমিনিউমৰ বাচনত খাবলৈ দিছিল, যাতে কয়দীসকল সোনকালে বেমাৰত পৰি মৃত্যু হয়। তেতিয়াৰ পৰাই জেলত এইবিধ ধাতুৰ বাচন ব্যৱহাৰ হৈ আহিছে। আমি একো বুজি নাপাই নিজকে আধুনিক সজাবলৈ গৈ সকলোৰে ঘৰে ঘৰে এইবিধ বিষাক্ত ধাতু সোমাই লৈছোঁ।
📍বন চাইনা (Bone China)::
আজিকালি পাকঘৰত এইবিধ বস্তুৰ জনপ্ৰিয়তা বহুত বাঢ়ি গৈছে। সহজে ভাঙি নাযায় আৰু পাতল হোৱা বাবে মানুহে পছন্দ কৰে। কিন্তু এবাৰ ভাবি চাইছেনে এইবোৰ কিহেৰে বনায়? ইংৰাজীত 'Bone' শব্দৰ অৰ্থ হ’ল হাড়। অৰ্থাৎ এইবোৰ হাড়ৰ গুড়িৰ দ্বাৰা নিৰ্মিত বাচন। চীনত মানুহে কুকুৰ, গাহৰি আৰু গৰুৰ মাংস প্ৰচুৰ পৰিমাণে খায়। গতিকে কিহৰ হাড়েৰে এইবোৰ বাচন বনায়, সেয়া নিজেই ভাবি লওক।
📍নন-ষ্টিক (Non-stick) বাচন::
কম তেলত আৰু কম গেছত ৰন্ধা-বঢ়া হয় বাবে গৃহিণীসকলে এইবিধ বাচন বহুত পছন্দ কৰে। কিন্তু আপুনি হয়তো নাজানে যে এইবিধ বাচন গৰম কৰিলে নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্যই কৰ্কট ৰোগ (Cancer) সৃষ্টি কৰিব পাৰে।
আমাৰ অনুৰোধ
গতিকে সকলো ৰাইজলৈ এটি অনুৰোধ— এইবিলাক বাদ দি আমাৰ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰক। স্বাস্থ্যও থাকিব, ধনো বাচিব।
📍 কাঁহ-পিতল: কাঁহ-পিতলৰ বাচন বৰ্তমান সময়ত উত্তম। এটা দামী কোম্পানীৰ ৫ লিটাৰৰ কুকাৰত ১৫০০-২০০০ টকা লাগে, কিন্তু ভাত বনাবৰ বাবে এটা পিতলৰ চৰু ৭০০-৮০০ টকাত পোৱা যায়। ইয়াৰ ফলত অসমৰ টকা অসমতেই থাকিব।
📍মাটিৰ বাচন: তাতকৈও ভাল হ’ল মাটিৰ বাচন। যদি মাটিৰ বাচনত খাদ্য বনায়, সেই খাদ্য দেৱতাই খোৱাৰ যোগ্য হয় বুলি কোৱা হয়। তাৰোপৰি আমাৰ কুমাৰ, হীৰা আদি লোকসকলে নিজৰ ল’ৰা-ছোৱালীক দুবেলা দুমুঠি ভালকৈ খুৱাব পাৰিব আৰু স্কুল-কলেজলৈ পঠাব পাৰিব।
Photo & Text Content Credit: Acharya Pankaj Pathak, Assam
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Ganeshguri
Guwahati