16/10/2025
**বাতৰি কাকতত প্ৰকাশৰ বাবে সংক্ষিপ্ত তথ্য
**বাক্সা জেলৰ ঘটনাত অতিৰিক্ত এছ পি গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে মানৱাধিকাৰ আয়োগত অভিযোগ দাখিল**
ইণ্ডিয়ান ষ্টুডেণ্টছ অৰ্গেনাইজেচন (ISO)ৰ তৰফৰ পৰা ১৫ অক্টোবৰ, ২০২৫ তাৰিখে (বুধবাৰ) বাক্সা জেলৰ বাহিৰত প্ৰতিবাদৰ সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) গীতাৰ্থ দেৱ শৰ্মাৰ অত্যধিক লাঠীচাৰ্জৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ (NHRC) আৰু অসম ৰাজ্য আৰক্ষী জৱাবদিহিতা আয়োগত এক আবেদন দাখিল কৰা হৈছে। এই ঘটনা অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ প্ৰতিবাদৰ সৈতে জড়িত, য’ত প্ৰতিবাদকাৰী, সাংবাদিক আৰু আৰক্ষীৰ কেইবাজনো আহত হৈছিল। আবেদনত মানৱাধিকাৰ লংঘন, আৰক্ষী নিৰ্দেশনা উলংঘা আৰু গণতান্ত্ৰিক অধিকাৰ হৰণৰ অভিযোগ উত্থাপন কৰা হৈছে।
আমি নিৰপেক্ষ তদন্ত, দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা, আহতসকলৰ বাবে চিকিৎসা সহায় আৰু ক্ষতিপূৰণৰ দাবী জনাইছো। এই আবেদন ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত ৩৫৫/২৫ (২৬) নম্বৰত পঞ্জীয়ন কৰা হৈছে। ISO এই ঘটনাৰ ন্যায় বিচাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
#ভাৰতীয়ছাত্ৰসংগঠন #भारतीयछात्रसंगठन
21/09/2025
A Humble Appeal to the Hon’ble Prime Minister of India
The Indian Students’ Organisation (ISO) has submitted a heartfelt memorandum to the Hon’ble Prime Minister Shri Narendra Modi ji, through the Hon’ble Chief Minister of Assam Dr. Himanta Biswa Sarma, urging the Government of India to confer the Bharat Ratna upon Shri Zubeen Garg.
Zubeen Garg is not just a legendary artist but the soul of Assam and the cultural heartbeat of India. His music has united generations, spoken of love, unity, and justice, and carried the voice of Assam and the Northeast to the national stage with dignity.
Honouring him with the Bharat Ratna would be a recognition of his unparalleled contributions to music, art, and culture, as well as a tribute to the rich heritage of Assam and the Northeast.
🙏 We earnestly hope the Government of India considers this heartfelt appeal in memory of our beloved Zubeen Da.
#আইএছও #आईएसओ #भारतीयछात्रसंगठन #ভাৰতীয়ছাত্ৰসংগঠন
20/09/2025
গোহাৰি
ভাৰতীয় ছাত্ৰ সংগঠনৰ তৰফৰ সমূহ অসমবাসী আৰু ভাৰতবাসী ৰাইজলৈ
#ভাৰতীয়ছাত্ৰসংগঠনৰ #গোহাৰি #भारतीयछात्रसंगठन #আইএছও
10/03/2025
🚨 **Upholding Women’s Dignity in Assam Assembly** 🚨
Indian Students Organization submitted a memorandum to the Speaker, condemning MLAs for dragging women into Assembly debates. Assam, the land of *Maa Kamakhya* & *Nari Shakti*, cannot tolerate such disrespect. We demand strict action & a code of conduct amendment. Let debates be about **floods, jobs, and education—not someone’s wife or sister.**
10/10/2024
ভাৰতবৰ্ষৰ বাণিজ্যিক ভেটি গঢ় দিয়া বিশিষ্ট উদ্যোগপতি তথা দানবীৰ পদ্ম বিভূষণ শ্ৰী ৰতন টাটাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।
তেখেতৰ সততা, মমতা আৰু ভাৰতবৰ্ষৰ প্ৰতি থকা অপাৰ মৰম ভৱিষ্যত প্ৰজন্মৰ উদ্যোগী ভাৰতীয়সকলক অনুপ্ৰাণিত কৰিব।
তেখেতৰ বিয়োগে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ বাবে অপূৰণীয় ক্ষতিসাধন কৰিলে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো।
07/09/2024
পৱিত্ৰ গণেশ চতুৰ্থী উপলক্ষে ভক্তিপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা যাচিলোঁ। অনাগত দিনবোৰত সমাজৰপৰা সকলো অপায়-অমংগল আঁতৰি যাওক আৰু সকলোৰে মংগল, সুখ-সমৃদ্ধি সাধন হওক, তাৰেই কামনাৰে সিদ্ধিদাতাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।
05/09/2024
On this special occasion of Teacher’s Day, the Indian Student Organisation proudly felicitated two exceptional educators, **Dr. Manjuri Sharma**, Head of Nephrology, and **Dr. Shubhra Das**, Head of Ophthalmology. These remarkable individuals have dedicated their lives not just to the art of healing, but to the sacred task of nurturing the doctors of tomorrow.
Their unwavering commitment to their students, their passion for the craft, and their compassion for humanity inspire us all. In their hands, knowledge becomes a guiding light, illuminating the path for the next generation of healers.
Today, we celebrate their wisdom, their service, and the indelible mark they leave on our nation's healthcare system. Thank you, Dr. Sharma and Dr. Das, for shaping not just careers, but lives. Your service is truly commendable, and we are forever grateful for your unwavering dedication.
**Happy Teacher’s Day!**
Indian Student Organisation
25/08/2024
আজি অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সাক্ষাৎ কৰি ইণ্ডিয়ান ষ্টুডেণ্ট অৰ্গেনাইজেচনৰ ফালৰ পৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰো । মহামান্য ৰাজ্যপাল মহোদয়ে ছাত্ৰ ৰাজনীতিৰ সন্দৰ্ভত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায় ।
14/11/2023
নগাঁও জিলা সমিতিৰ উদ্যোগত শিশু দিৱস উপলক্ষে নৱজীৱন অনাথ আলয়ত কণ কণ শিশুসকলৰ সৈতে উদ্দাপন কৰে । অনাথ আলয়ৰ কৰ্তৃপক্ষক তেওঁলোকৰ সহযোগীতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো লগতে শিশুসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।