14/03/2026
আজিয়েই ডাউনলড কৰি লওক AIR RADIO App । কাইলৈ ১৫ মাৰ্চ, ৰাতিপুৱা ১০:৩০ বজাত শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 'চেমনীয়া চ'ৰা'ত মুজুৰা কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলে পৰিবেশন কৰা ভিন্নসুৰী অনুষ্ঠান ।
----------------------------------------------------------------------------------যোৱা ১১ মাৰ্চত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ষ্টুডিঅ'ত 'চেমনীয়া চ'ৰা'ৰ বাবে মুজুৰা কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা বিভিন-গীত-মাত আদিৰ বাণীবদ্ধ কৰা হয় । বৰগীত, খোলবাদন, কবিতা আবৃত্তি, সাধুকথা, ভূপেন্দ্ৰ সংগীত, বিষ্ণুৰাভা সংগীতৰ লগতে মহহো গীত আৰু জুবিন গাৰ্গৰ গীতেৰে সজোৱা বিচিত্ৰানুষ্ঠানটিত অংশগ্ৰহণ কৰা চেমনীয়া সকল হ'ল- অহিৰ বৰুৱা, নিয়াশা মেধি, দেৱনা দেৱী, ত্ৰিবেণী দেৱী, বৰষাৰণী গগৈ, নিষ্ঠাপ্ৰিয়া কুমাৰী, ৰশ্মিনন্দা কলিতা আৰু নৈঋতি পৰাশৰ ।
অনুষ্ঠানটোৰ পৰিচালনা: বাবী ভৰালী
প্ৰযোজনা: ঋতুপৰ্ণ দাস
প্ৰযোজনা সহযোগী: ভাস্বতী কলিতা
08/02/2026
অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ ব্যৱহাৰিক পৰীক্ষা আজি মুজুৰা কলা কেন্দ্ৰত অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় । পৰীক্ষক ৰূপে উপস্থিত থাকে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী শ্ৰীযুত প্ৰভাকৰ গোস্বামী । পৰীক্ষাৰ প্ৰাক মুহুৰ্তত তেখেতক এখনি ফুলাম গামোচা, চেলেং চাদৰ, জাপি আৰু এটি ফুলৰ পুলিৰে মুজুৰা কলা কেন্দ্ৰৰ তৰফৰ পৰা উস্ম আদৰণি জনোৱা হয় । উল্লেখ্য যে, পিয়লি ফুকন নগৰ উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত খৰ্গেশ্বৰ নাথদেৱ উপস্থিত থাকি শিক্ষাৰ্থী সকলক শুভেচ্ছা জনায় ।
11/01/2026
ভোগালীৰ প্ৰাকক্ষণত মুজুৰা কলা কেন্দ্ৰ আৰু আৰোগ্য যোগ কেন্দ্ৰৰ তৰফৰ পৰা সকলোলৈকে শুভ কামনা জনালোঁ🙏🙏
16/12/2025
মুজুৰা কলা কেন্দ্ৰৰ কেইগৰাকীমান শিক্ষাৰ্থী বিভিন্ন নৃত্য ভংগীমাত ।
14/12/2025
অসম সত্ৰ মহাসভাৰ দ্বাৰা পৰিচালিত সত্ৰীয়া নৃত্য আৰু খোলবাদ্যৰ লিখিত পৰীক্ষা আজি মুজুৰা কলা কেন্দ্ৰত সূন্দৰভাৱে অনুষ্ঠিত হৈ যায় ।
26/11/2025
নগাঁও আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত 'ৰণাংগন'ৰ ২৪ নৱেম্বৰ সংখ্যাত প্ৰকাশিত বাতৰিটোৰ বাবে সম্পাদক মণ্ডলীক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ।
19/11/2025
আজি 'আমাৰ অসম', 'দৈনন্দিন বাৰ্তা' আৰু 'দৈনিক বাতৰি কাকত'ত প্ৰকাশিত বাতৰি ।
17/11/2025
অসম সত্ৰ মহাসভাৰ উদ্যোগত সত্ৰীয়া সংস্কৃতি দিৱস ৰূপালী জয়ন্তী উপলক্ষে অনুষ্ঠিত খোল বাদন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ অহিৰ বৰুৱাৰ