Arya Vidyapeeth College Students' Union - AVCSU

Arya Vidyapeeth College Students' Union - AVCSU

Share

This is the only official page of Arya Vidyapeeth College Students' UNION (AVCSU) of all times.

15/05/2026

Today, Nayan Jyoti Kashyap, Vice President, Anurag Adhikari, General Secretary, Animesh Mallick, Major Games Secretary of AVCSU on behalf of the Union formally submitted a memorandum to the Principal of AVC requesting the establishment of a Gymnasium, Union Room, and Boys’ Common Room within the college campus.

This initiative has been taken with the aim of improving student welfare, promoting physical fitness, and creating a better academic and campus environment for all students.

11/05/2026

AVCSU President, Prabal P Patgiri and General Secretary, Anurag Adhikari, on behalf of the student unions, formally submitted a memorandum to the Controller of Examination highlighting the critical challenges faced by students regarding the payment process for the final examinations of the 2nd, 4th and 6th semesters.

The issue has now been resolved.

Photos from Arya Vidyapeeth College Students' Union - AVCSU's post 07/05/2026

“ব্যতিক্ৰম গোট”ৰ উদ্যোগত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত "Brain Quest Championship" নামৰ এখনি কুইজ প্ৰতিযোগিতা আজি আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ২নং আলোচনা কক্ষত অনুষ্ঠিত হয়। কুইজ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী শিক্ষাৰ্থীকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Photos from Arya Vidyapeeth College Students' Union - AVCSU's post 05/03/2026

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী সুস্মিতা চক্ৰৱৰ্তীৰ যোৱা ২ মাৰ্চ ২০২৬ তাৰিখ সোমবাৰে হোৱা এক পথ দুৰ্ঘটনাত আকস্মিক বিয়োগ হয়। তেখেতৰ বিয়োগে আমাক মৰ্মাহত কৰিছে সেয়েহে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি আজি মহাবিদ্যালয় প্ৰাংগণত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ কুমাৰ ভট্টাচাৰ্যৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।

05/02/2026

সংগীতৰ এক মায়াবী আবেলিৰ বাবে সাজু আৰ্য‍্য বিদ‍্যাপীঠ মহাবিদ‍্যালয়। এইবাৰৰ মহাবিদ‍্যালয় সপ্তাহত আমাৰ লগত থাকিব আমন্ত্ৰিত শিল্পী সান্নিধ‍্য ভূঞা।

৭ ফেব্ৰুৱাৰী, ২০২৬ :: শনিবাৰ

Arya Vidyapeeth College - Autonomous

02/02/2026

সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থাকি শোভাযাত্ৰাৰ শোভা বৰ্ধন কৰিবলৈ অনুৰোধ জনালোঁ।

Arya Vidyapeeth College - Autonomous

02/02/2026

সকলোৰে উপস্থিতি আৰু সহায়-সহযোগীতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

Arya Vidyapeeth College - Autonomous

Photos from Arya Vidyapeeth College Students' Union - AVCSU's post 02/02/2026

বাৰ্ষিক মহাবিদ‍্যালয় সপ্তাহ ২০২৫-২৬

Arya Vidyapeeth College - Autonomous

23/01/2026

ছাত্ৰ একতা সভাত নথকাৰ দিনৰে পৰা ছাত্ৰ ছাত্ৰীৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এখন নতুন কেণ্টিন গঢ়াক লৈ আমাৰ অহৰহ প্ৰচেষ্টা চলি আছিল। লগতে ছাত্ৰ একতা সভাত অহাৰ পূৰ্বেও আমি নিৰ্বাচনী প্ৰচাৰত নতুন কেণ্টিন গঢ়াক লৈ আমাৰ মত প্ৰকাশ কৰিছিলো আৰু নিৰ্বাচনৰ প্ৰায় চাৰি মাহ পিছতেই নতুন কেণ্টিনৰ উন্মোচন হ'ল। আমি ছাত্ৰ একতা সভাই ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ সমাধানক লৈ সদায় দায়বদ্ধ হৈ থকাৰ প্ৰতিশ্ৰুতি বহন কৰোঁ।

এই চেগতে মাননীয় অধ্যক্ষ মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Arya Vidyapeeth College - Autonomous

Photos from Arya Vidyapeeth College Students' Union - AVCSU's post 10/12/2025

আজি আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় আছু গোটৰ যৌথ উদ্যোগত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ অমৰ স্মৃতিত শ্বহীদ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

আজি শ্বহীদ তৰ্পণ কাৰ্য্যসূচীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে। মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ‍্যাপক অধ‍্যাপক ডঃ পংকজ গগৈ।

সৰ্বধৰ্মীয় প্ৰাৰ্থনাত উপস্থিত থাকে হিন্দু ধৰ্মগুৰু শঙ্কৰপুৰ নামঘৰৰ নানঘৰীয়া মদন মহন্ত, মুছলিম ধৰ্মগুৰু মহম্মদ জেনিছ নাদৱী, শিখ ধৰ্মগুৰু নগেন্দ্ৰ সিং আৰু খ্ৰিষ্টান ধৰ্মগুৰু দ্বীপেন বড়ো।

ইয়াৰোপৰি আজিৰ অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ ছাত্ৰ কল‍্যাণ বিষয়া ডঃ ৰূপমালা বৰ্মণ আৰু মহাবিদ‍্যালয় আছু গোটৰ সভাপতি বিশালজ্যোতি ভৰদ্ৰাজ।

Arya Vidyapeeth College AASU Unit

09/12/2025

অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতিত কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰ, ২০২৫ তাৰিখে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু আছু গোটৰ যৌথ উদ‍্যোগত অনুষ্ঠিত হ’বলগীয়া শ্বহীদ দিৱসৰ সমূহ কাৰ্যসূচীত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।

Arya Vidyapeeth College - Autonomous
Arya Vidyapeeth College AASU Unit

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


AK Azad Road, Tarun Nagar Guwahati
Guwahati