অভিভাৱক হিচাপে মোৰ ভুলবোৰ

অভিভাৱক হিচাপে মোৰ ভুলবোৰ

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অভিভাৱক হিচাপে মোৰ ভুলবোৰ, Education, Guwahati.

👨‍👩‍👧 এজন অভিভাৱক হিচাপে – My Fault হৈছে বাস্তৱিক গল্প, সঁচা প্ৰতিফলন, আৰু দৈনন্দিন পাঠৰ বাবে এটা সুৰক্ষিত স্থান।
❤️ শিকক, বিকাশ ঘটাওক, ২১শ শতাব্দীৰ মাতৃত্ব-পিতৃত্ব সম্পূর্ণ নিখুঁত নহয়
🌱 কাৰণ প্ৰতিটো “ভুল” উন্নতিৰ এটা সুযোগ। অভিভাৱক হিচাপে মই ছাত্ৰ

10/04/2026

আপুনি জানেনে বাৰু আজি আমি যিটো প্লে' স্কুল পাই আছোঁ সেইটো কিহৰ ৰূপ বা প্ৰথম ক'ত হৈছিল খেল-বিদ্যালয়ৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে 1837 চনত জাৰ্মানীত ফ্ৰিডৰিখ ফ্ৰোবেলৰ দ্বাৰা পৰিচয় কৰোৱা হৈছিল। তেওঁ প্ৰথম কিণ্ডাৰগাৰ্টেন কাৰ্যসূচী প্ৰতিষ্ঠা কৰিছিল। খেল-বিদ্যালয়ৰ চাই মোৰ এটা কথা মনত পৰিছিল মই যেতিয়া এইচ এছত পঢ়ি আছিলোঁ হয়তো চন দুহেজাৰ এক দুই সেই সময়ত ৱেষ্ট বেংগলৰ অৰ্থাৎ পশ্চিমবংগৰ কোনোবা এখন মাতৃভাষাৰ কিতাপত মই এটা ষ্ট'ৰি বা সংকলন পঢ়িছিলোঁ সেই ষ্টৰিটোৱেই মোক সঁচা কৰি মনত সাঁচ পেলাইছে মই মোৰ জীৱনত সেই ষ্ট'ৰিটো বহুবাৰ আৰাইছোঁ কিন্তু হয় মোৰ নিচিনা এজন সাধাৰণ মানুহে হয়তো বা তাৰ অৰ্থ বুজি পাবলৈ বহুত টান বা যদি কিবা বুজি পাইছো তাকো বাস্তৱত ৰূপায়িত কৰিবলৈ মোৰ নিচিনা এজন মানুহৰ সমৰ্থনাই তথাপিতো মই মোৰ প্ৰয়াসৰে কথাষাৰ ক'বলৈ চেষ্টা কৰিছোঁ সেয়া লেচনটোৰ নাম আছিল থাই দেশৰ পঢ়া শুনা যিজন তাৰ ৰাইটাৰ আছিল তেওঁ লিখিছিলে তেওঁৰ কোনোবা এজন ঘনিষ্ঠ সম্পৰ্কীয় বন্ধু হেনো থাইলেণ্ডত থাকিছিলে আৰু তেওঁ তাতে শিক্ষকতা কৰিছিলে এবাৰ কিবা কাৰণত তেওঁ থাইলেণ্ড ঘূৰিব যোৱাত বন্ধু জনৰ লগত লগ কৰিবৰ বৰ মন গ'ল। সেই হিচাপে তেওঁ তাক সংযোগ স্থাপন কৰিছিল আৰু লগ কৰিবলৈ তেওঁক এটা নিৰ্দিষ্ট স্কুলত আহিব দিছিল যিখনত তেওঁ শিক্ষকতা কৰি আছিল। তেওঁ স্কুলত সোমাই শিক্ষকৰ সাধাৰণ কক্ষ(teachers common room) সেই নিৰ্দিষ্ট শিক্ষকজনৰ বিষয়ে সোধাত তেওঁলোকে তেওঁক সেই শিক্ষকজনে ক্লাছতে পঢ়াই থকাৰ কথা ক'লে। আৰু কলে আপুনি ক্লাছৰ সন্মুখতে গৈ তেওঁক লগ ধৰিব পাৰে কোনো অসুবিধা নাই। সেই মৰ্মে তেওঁ সেই নিৰ্দিষ্ট ক্লাছৰ সন্মুখত গৈ প্ৰায় দহ মিনিটমান অপেক্ষা কৰিলে। সেই অপেক্ষাৰ মাজত তেওঁ সৰু সুৰা শব্দেৰে ইংগিত দিলে যাতে কোনোবাই তেওঁৰফালে চকু তুলি চায়, কিন্তু তেওঁ আচৰিত হ'ল কোনো এটা ছাত্ৰ বা শিক্ষক কোনেও তেওঁৰ ফালে মূৰ দাঙি চোৱা নাছিল, অৱশেষত তেওঁ শিক্ষকজনৰ নাম কাঢ়ি মাতিবলৈ বাধ্য হ'ল। কিন্তু কি আচৰিত সেই শিক্ষকজনৰ নামকাঢ়ি মাতাৰ পিছত অকল শিক্ষকজনেই তেওঁৰ ফালে মূৰ দাঙি চালে তাৰ বাহিৰে কোনো ছাত্ৰই তেওঁৰ ফালে এবাৰো মোৰ দাঙি চোৱা নাই। এই ঘটনাত তেওঁ কৌতুহল জন্মিলে কি আচৰিত এজন মানুহৰ নাম কাঁহী বাহিৰৰ পৰা মাতাৰ পিছতো সেই নিৰ্দিষ্ট মানুহজনৰ বাহিৰে আৰু কোনেও তেওঁৰ ফালে মূৰ দাঙি চোৱা নাই। অৱশেষত ক্লাছৰ অন্তত সেই বন্ধুজনৰ লগত তেওঁ ৰাতিটো তাতে থাকিলে, অৰ্থাৎ বন্ধুজনৰ ৰুমতে তেওঁ ৰাতিটো থাকিলে। ইমান দিন পিছত দুজন বন্ধু লগ পোৱাৰ হেঁপাহ পলাই বহুত কিবা কিবি কথা পাতিলে। কিন্তু ইতিমধ্যে তেওঁৰ মনত এটা প্ৰশ্নই বৰকৈ আমনি কৰি আছিল, তেতিয়া তেওঁ বন্ধুজনক সুধিলে মই এটা কথা তেতিয়াৰে পৰা সুধিম সুধিম বুলি ভাবি আছোঁ, যে এইটোনো দেশৰ কেনেকুৱা পঢ়া শুনা য'ত পঢ়ি থকা অৱস্থাত মই বাহিৰত তোক মাতাৰ পিছত কোনো এটা ছাত্ৰই মোৰ ফালে মূৰ দাঙি চোৱা নাই। ইয়াৰ আঁৰত কি আছে কিয় ছাত্ৰ ছাত্ৰীসকলৰ ইমান মনোযোগ, আমাৰ তাততো আমি হাজাৰ চেষ্টাৰ ফলতো সেই মনোযোগ গঢ়ি উঠাব পৰা নাই, তেতিয়া শিক্ষকজনে হাঁহিলে আৰু ক'লে তুমি যদি মোৰো নাম মাতিছা সঁচা অৰ্থত ক'বলৈ গ'লে একে নামৰ কোনো ছাত্ৰ ক্লাছত আৰু দ্বিতীয়জন নাছিলে। গতিকে নিৰ্দিষ্ট নাম মাতাৰ পিছত সেই মানুহজনৰ বাহিৰে বেলেগ ব্যক্তিয়ে মূৰ দাঙি চোৱাৰ যুক্তিনো ক'ত। তেতিয়া মই সুধিলোঁ আমাৰ তাততো তেনেকুৱা নহয়, আমাৰ তাত কোনোবাই মাতাৰ পিছত আমি প্ৰতিজনে কোনে মাতিছে চাবলৈ আগ্ৰহ প্ৰকাশ কৰোঁ। বন্ধুজনে ক'লে হয় সেয়া বেলেগ ক্ষেত্ৰত হ'ব পাৰে কিন্তু থাইলেণ্ডৰ এডুকেশ্যনৰ ক্ষেত্ৰত সেয়া সম্পূৰ্ণ বিপৰীত কাৰণ তেওঁলোকৰ প্ৰতিটো কামত মনোযোগ আৰু একাগ্ৰতা অনন্য তাৰ আচল কাৰণটো তুমি জানানে ? আচলতে আমাৰ ভাৰতবৰ্ষত আমি গতিয়াই গতিয়াই কিতাপ পঢ়া লিখা শিকাওঁ। আজি বাস্তৱত যদিও যথেষ্ট প্লে স্কুল গঢ়ি উঠিছে কিন্তু সঁচা অৰ্থত সেইখিনি নামতে প্লে' স্কুল । ছাত্ৰ ছাত্ৰী যোৱাৰ পিছত খেলতকৈও বেছি পঢ়া শুনাৰ কাৰণেই প্ৰেছাৰ দিয়া হয়। আৰু আমি অভিভাৱকসকলেও মনে মনে ভাবোঁ স্কুলখন প্লে' স্কুলেই হওক বা কিবা নৰ্মেল স্কুল, সঁচা অৰ্থত আমি তাক খেলিবলৈ দিয়া নাই, আমি পঢ়িবলৈহে দিছোঁ, খেলাটো আমাৰ ঘৰতো খেলিব পাৰে। এইখিনিতে পাৰ্থক্য। আমাৰ থাই দেশত নিয়ম সম্পূৰ্ণ বিপৰীত। সঁচা অৰ্থত প্লে' স্কুল মানে তাতে শিক্ষকে অকল খেলহে শিকায়, পঢ়া শুনা কৰাৰ কাৰণে কোনো আগ্ৰহ নেদেখুৱায়, আচলতে আমি মানুহজাতিটো পৰিৱৰ্তনশীল, আৰু অকল মানুহ ক'লে ভুল হ'ব জীৱ মানেই পৰিৱৰ্তনশীল। প্ৰতিটো জীৱ যেনেকৈ এটা কোষৰ পৰা সৃষ্টি হৈ তাৰ নিৰ্দিষ্ট আকাৰ লয়, ঠিক তেনেকে আমি মানুহ জাতিটো পৰিৱৰ্তনশীল। আমাৰ আজিৰ অৱস্থা আৰু কালিৰ অৱস্থা যদি একেই থাকে তেতিয়াহ'লে আমাৰ মনত অনিহাৰ সৃষ্টি হয়, জীয়াই থকাৰ হেঁপাহ নাইকিয়া হয়, মনত ফুৰ্তি নোহোৱা হয়, ঠিক তেনেকেই আমি যদি সপ্তাহত সপ্তাহ ৰেষ্টুৰেণ্টৰ পৰা ভাল খোৱা বোৱা খাওঁ, অৱশেষত আমাৰ ঘৰৰ সেই আলু পিটিকা আৰু দালিকণ অমৃত যেন সোৱাদ লাগে। ঠিক তেনেকৈয়ে আমাৰ ইয়াত স্কুলত শিক্ষাৰ্থীসকলক বা কণ কণ ল'ৰা ছোৱালীহঁতক স্কুলত খেলিব দিয়া হয়। খেলাটো অৱশেষত এনেকুৱা পৰ্যায় পায় গৈ যে খেলি খেলি সিহঁতৰ আমনি লগা। হয় তেতিয়া সেই শিশুৱে চাৰিওফালে ঘূৰি নতুন কিবা বিচাৰি ফুৰে, কেনেকৈয়ে এদিন তেওঁলোকে আৱিষ্কাৰ কৰে শ্ৰেণীকোঠত ৰখা সেই কিতাপবোৰ। যিবোৰ অকল সজাই থোৱা হয় কেতিয়াও তেওঁলোকক পঢ়িবৰ কাৰণে হাতত তুলি দিয়া নহয়। তেওঁলোকে নিজে হাতেৰে তুলি লয় সেই কিতাপ। আৰু কৌতুহলবশতঃ শিক্ষক বা গাইডক আহি সোধে ইয়াৰে আমি কেনেকৈ খেলিব পাৰি ? ইয়াৰ ব্যৱহাৰনো কি ? ইয়াক কি কয় ? ইতাদি ইতাদি ।তেতিয়া শিক্ষকে খেলৰ চলেৰে এক নতুন খেল শিকায় যি হ'ল পঢ়া আৰু লিখন পদ্ধতি সেয়া কোনো পঢ়া শুনা নহয় এক নতুন খেল যাক সেহঁতে নিজে বুটলি আনিছে। গতিকে নিজে বাছনি কৰা সেই খেলটো বাৰু কেতিয়াও আমনি লাগিব পাৰেনে? শৈশৱত আমি বাছনি কৰা আমাৰ প্ৰতিটো বস্তু জীৱনত এক আকৰ্ষনীয় ৰূপে থাকি যায়ষ গতিকে ঠাই দেশৰ পঢ়া শুনা কোনোবাই ল'ৰা ছোৱালীৰ ওপৰত জাপি দিয়া বুজ নহয়। ই এক খেল হে যাক তেওঁলোকে নিজে আৱিষ্কাৰ কৰিছে সেই কাৰণেই ঠাই দেশৰ পঢ়া শুনা আৰু ইয়াৰ প্ৰতিটো শিক্ষাৰ্থীৰ মনোযোগ, কিতাপৰ প্ৰতি থকা তেওঁলোকৰ ধাউতি শলাগ ল'বলগীয়া।
বৰ্তমানৰ ডিজিটেল সংযোগ, শিশুকেন্দ্ৰিক শিক্ষণ-পদ্ধতি, আৰু অভিভাৱক সম্পৃক্তি এইবোৰৰ বিশেষত্ব। মোৰ কথাখিনি যদি ভাল লাগে শ্বেয়াৰ কৰিব মোৰ কথাত যদি অজান্তে কোনোবাৰ মনত কোনো বেয়া লাগিছে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী, ধন্যবাদ। আসা কৰিছো পোষ্টটো শ্বেয়াৰ কৰিব, আপোনালোকৰ মতামতৰৰ আসাৰে.....

10/04/2026

parenting and education secrets for academic success # how to deal with teenage attitude # communication tips for parents of teens # managing teenage # gentle parenting methods explained # raising confident children techniques # communication with children # positive discipline strategies for kids # how to build strong parent child relationship #

05/04/2026

আপোনাৰ বাৰু কেতিয়াবা এনেকুৱা লাগিছেনে, যে আপুনি ইমান চেষ্টা কৰাৰ পিছতো ইমান পঢ়োৱাৰ পিছতো ল'ৰাটো বা ছোৱালীজনীয়ে সেইখিনি ভালকৈ পঢ়িব বা কৰিব পৰা নাই কিয় ? তেন্তে শুনক…………
আপুনি বাৰু জানেনে আজিৰ দিনত পিতৃ মাতৃত্ব অতিকে এক কঠিন কামত পৰিণত হৈছে । আচলতে এটা সময় আছিল যেতিয়া আমি ইয়াৰ বিষয়ে এক্সট্ৰা কোনো শৈক্ষিক অৰ্হতা বা শিক্ষা নোলোৱাকেই আমাৰ মা দেউতাই আমাক ধুনীয়াকে পোহপাল দিবলৈ সক্ষম হৈছিল । কিন্তু আজি সেয়া যেন প্ৰায় অসম্ভৱ লাগিছে, আমি ইমান শিক্ষিত হৈও সন্তানক সঠিকভাৱে পোহপাল দিবলৈ অক্ষম হৈছোঁ। আপুনি কেতিয়াবা ভাবি চাইছেনে তাৰ কাৰণবোৰ ? আচলতে বৰ্তমান আমি যান্ত্ৰিক যুগত থাকি থাকি নিজেও যন্ত্ৰ যেন হৈ পৰিছোঁ, আমাৰ নিজৰ মাজতে মানৱীয়তা প্ৰায় হেৰাই গৈছে, কিন্তু এটা জীৱন্ত বস্তুক পোহপাল দিবলৈ মানৱীয়তাৰ অতিকে প্ৰয়োজন। আচলতে এটা সময় আছিল যেতিয়া আমাৰ সংসাৰখনো ডাঙৰ আছিল, তাতে মা, দেউতা, ভাইটি, ভণ্টী, খুৰা, পেহা, বৰ্তা, আইতা চবক লৈ আমি বসবাস কৰিছিলোঁ আৰু আমাৰ অজান্তেই আমাৰ মাজত গঢ়ি উঠিছিল তাৰ এক সমঞ্জস্যতা, তাৰ এক মেনেজমেণ্ট ইয়াৰ উপৰিও আমি প্ৰায় প্ৰতিঘৰে, গৰু ,ছাগলী, হাঁহ, কুকুৰা, মেকুৰী, কুকুৰ, ঘোঁৰা ইত্যাদি পোহপাল দিছিলোঁ বা পুহিছিলোঁ এটা সময় আমাৰ খেতিৰ কাৰণেও গৰুহাল অতি প্ৰয়োজন আছিল। ক'ৰবাত যোৱাৰ কাৰণে মানুহ ঘোঁৰা পুহিছিল, বস্তু কঢ়িওৱাৰ কাৰণে গৰুৰ গাড়ী ব্যৱহাৰ কৰিছিল বা ম'হৰ গাড়ী ব্যৱহাৰ কৰিছিল। প্ৰতিজন মানুহেই খেতিৰ লগত যেনেহ'লেও সংযুক্ত আছিল আজি আমি গৰুৰ ঠাইত ট্ৰেক্টৰ ব্যৱহাৰ কৰিবলৈ লৈছোঁ, তাৰ প্ৰধান কাৰণটো হৈছে ট্ৰেক্টৰত আমি কম সময়ত কম খৰচত বেছি মাটি চহাব বা বেছি কাম কৰিব পৰা উপযোগী হৈছোঁ কিন্তু ইয়াৰ বেয়া প্ৰভাৱটো হৈছে আমি ট্ৰেক্টৰ এখন চলাবলৈ যাওঁতে বা বাইক এখন চলাবলৈ যাওঁতে তাক প্ৰতিদিনাই চোৱাৰ কোনো প্ৰয়োজন নাই । অকল আমি ব্যৱহাৰৰ সময়তে তাক চোৱা চিতা বা পেট্ৰ'ল ইত্যাদি ভৰাব লাগে কিন্তু সেই ঠাইত যদি আমি এহাল গৰু পুহোঁ, তাতে আমাৰ প্ৰতিদিনা খোৱা দিব লাগিব নিৰ্দিষ্ট সময়ত তাৰ প্ৰতিটো বস্তুৱে আমি চকু দিব লাগিব আজি কাম নকৰোঁ বুলি গৰুহালক নোখোৱাই ৰাখিব নোৱাৰোঁ, আজি কাম নকৰোঁ বুলি তাক পানী নোখোৱাকৈ ৰাখিব নোৱাৰোঁ কাম নাথাকিলেও তাৰ নিদিষ্ট সময়ত খোৱা বোৱা ঘূৰা পকা গোটেইখিনি আমি মেইনটেইন কৰিব লাগিব তাতে আচল কথাটো হৈছে প্ৰতিদিনাই আমি তাৰ কথা ভাবিব লাগিব, আমি তাৰ যত্ন ল'ব লাগিব, আমি তাক পোহপাল দিব লাগিব, তাৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব, সেয়ে আমাৰ অজান্তিতেই আমাৰ মাজত সৃষ্টি হৈছিল এক নিৰা নপৰা মানেজমেণ্ট ঠিক তেনেকৈয়ে আজি আমি আমাৰ ল'ৰা ছোৱালীক পঢ়াতেই হওক বা ব্যৱহাৰতেই হওক, অক্ষমতাৰ এটা কাৰণ হ'ল আমাৰ প্ৰতিদিনাই আমি তাৰ কথা ভাবিব লাগিব । আপুনি বাৰু আপোনাৰ ল'ৰা বা ছোৱালীজনীক প্ৰতিদিনাই তাৰ খোৱা বোৱা তাৰ স্বাস্থ্য তাৰ পঢ়া শুনা গোটেইখিনি নিয়মিতকৈ চাইনে ? আজি ব্যস্ততাৰ মাজত আমাৰ মেনেজমেণ্টৰ এটা ডাঙৰ ভুল আমি প্ৰতিদিনাই সময় নিদিয়া হৈছোঁ ঠিক বাইকত তেল ভৰোৱাৰ নিচিনা বা ট্ৰেক্টৰ খেতিৰ সময়ত ব্যৱহাৰ কৰাৰ নিচিনা আমি হয়তো সপ্তাহত এদিন কেতিয়াবা মাহেকে পহেকে তাৰ উমান ল'ব গৈছোঁ, বা পৰীক্ষাৰ আগত বেছি নম্বৰ লাগে সেইকাৰণে আমি এহঁতৰ ওপৰত অধিক চাপ প্ৰয়োগ কৰিছো, কিন্তু সেই চাপ আমি কেতিয়াও স্কুল আৰম্ভণিৰ পৰা দিব পৰা নাই। আমি পাহৰি গৈছোঁ ই কোনো যন্ত্ৰ নহয়, আমাৰ ট্ৰেক্টৰ বা বাইকৰ নিচিনা ইয়াক পোহপাল দিবলৈ আমাৰ প্ৰতিদিনাই তাৰ প্ৰতিটো বস্তু চকু দিব লাগিব। প্ৰতিটো বস্তুতেই আমি তাক তিল তিলকে গঢ়ি তুলিব লাগিব। একদিনতে যান্ত্ৰিক বস্তুৰ নিচিনা আমি তাক এচেম্বল কৰিব নোৱাৰোঁ বা কোনো ঠফটৱেৰ (Software) ল'ডৰ নিচিনা, কোনো ঠফটৱেৰ এটা যেনেকৈ আমি কম্পিউটাৰত ল'ড কৰি দিলেই কাম আৰম্ভ কৰে, আকৌ আনষ্টল কৰিলেই তাৰ কোনো প্ৰভাৱ নাথাকে, তেনেকৈ আমি মানুহৰ ক্ষেত্ৰত আশা কৰিব নোৱাৰোঁ। অকল মানুহেই নহয় কোনো জীৱ জন্তু অৰ্থাৎ যি জীৱ যাৰ প্ৰাণ আছে তাৰ ক্ষেত্ৰত আশা কৰিব নোৱাৰোঁ। জীৱৰ এক বৈশিষ্ট্য ই সময়ৰ সোঁতত তিল তিল কৈ উন্নত (developed) হয়। যেনেকৈ প্ৰতিটো প্ৰাণীয়ে এটা কোষৰ পৰাই এটা সময়ত এটা পূৰ্ণাংগ প্ৰাণীত পৰিণত হয় তাৰ মগজুৰ কোষ জন্মৰ পৰা প্ৰায় আঠাইছ বছৰলৈকে প্ৰতিদি হাজাৰ হাজাৰ নতুন কোষৰ জন্ম হয় আৰু কিছুসংখ্যক কোষ মৰি যায় ঠিক তেনেকেই সিহঁতৰ পঢ়া শুনাখিনিও আমি প্ৰতিদিনাই তিল তিলকৈ অলপ অলপকৈ আগবঢ়াই লৈ যাব লাগিব। অকল পৰীক্ষাৰ এক বা দুই মাহ আগত আমি কোনো কম্পিউটাৰ ঠফটৱেৰ (Software assembling) এছেম্বলিং সংযোজন কৰা দি তাক সংযোগ কৰিব নোৱাৰোঁ। আপুনি এবাৰ ভাবক যদি আপোনাৰ ঘৰত কোনোবা টাবত এটা গছপুলি আপুনি ৰুই থৈছে আৰু সেয়া সুস্থ সৱল আছে। কিন্তু আপুনি একমাহমান পানী বা একো তাতে দিয়া নাই সি জানো জীয়াই থাকিব ? আপুনি হয়তো দুই বছৰত যি কৰিছে সেই গোটেই দুই বছৰৰ ফল এসপ্তাহতে মৰহি যাব, আপুনি হয়তো কব মাটিত থকা গছপুলি নমৰে টাবত কিয় মৰে ? আজি আমাৰ সৰু পৰিয়াল সচাকৈ এটা টাব তাতকৈ বেছি একো নহয়, গতিকে আপুনি যদি বিচাৰিছে, আপোনাৰ সন্তানটো মানুহৰ নিচিনা মানুহ হিচাপে বা জীৱশ্ৰেষ্ঠ মানুহ হিচাপে গঢ়ি তুলিব, তাতে আপুনি এটা কথা ভালকৈ মনত ৰখা প্ৰয়োজন, যে আপুনিও তাক প্ৰতিদিনাই তিল তিলকৈ সজাব লাগিব, সেয়া তাৰ পঢ়া শুনাই হওক বা তাৰ মানৱীয়তা, গতিকে এইখিনিতে মই প্ৰতিটো অভিভাৱক এটা কথাই বৰকৈ অনুৰোধ কৰিম, আপোনালোকে গোটেই বছৰটো নিজৰ সন্তানক চকু নিদি, অকল পৰীক্ষাৰ কেইদিনমান আগত তাক যদি চাপ দিয়ে, সি কেতিয়াও ভাল হ'ব নোৱাৰে। লগতে আপোনাৰ মানসিকতাও বেয়া হ'ব বিপৰীতে আপুনি তাক অতিপাত শাসনত পেলাব লাগিব বা হয়তো কেতিয়াবা দেখা যায় আমি শিকোৱা বস্তুবোৰ নোৱাৰাৰ কাৰণে আমি তেতিয়া মাৰ ধৰ কৰিবলৈও বাধ্য হওঁ। মাৰধৰ নকৰিলেও দাবী ধমকি দিবলৈ বাধ্য হওঁ। কিন্তু আমি এবাৰো ভাবি নাচাওঁ, যে সি বা তাই আমি প্ৰতিদিনা ব্যৱহাৰ কৰাৰ আমাৰ বাইকখন বা যান্ত্ৰিক যুগৰ কম্পিউটাৰটো নিচিনা কোনো যন্ত্ৰ নহয়। ই এক জিৱন্ত মানৱ সম্পদ হে, গতিকে মোৰ প্ৰতিজন অভিভাৱকলৈ এটা অনুৰোধ আপুনি যদি আপোনাৰ সন্তানটোক পঢ়াই শুনাই বা যিকোনো কলাতেই নিপুণ কৰিব খুজিছে, এটা কথা আপুনি ভালকে মনত ৰাখক জীৱক জীৱৰ নিচিনাই আমি শিক্ষা দিব লাগিব। যান্ত্ৰিকভাৱে আমি যিবোৰ জীৱন উন্নত কৰিব নোৱাৰোঁ। মোৰ কথাখিনি যদি ভাল লাগে শ্বেয়াৰ কৰিব মোৰ কথাত যদি অজান্তে কোনোবাৰ মনত কোনো বেয়া লাগিছে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী, ধন্যবাদ।আসা কৰিছো পোষ্টটো শ্বেয়াৰ কৰিব, আপোনালোকৰ মতামতৰৰ আসাৰে.....

04/04/2026

শিশুৰ চিন্তাৰ লক্ষন (Anxiety) আৰু ইয়ৰ সমাধান

শিশুৰ প্ৰতিটু আচৰন একো একো টা লক্ষন যাক হয়তু আমি অনুধাৱন কৰিব নোৱাৰু

১. সহজে খং উঠে
সাধাৰনতে চিন্তাৰ বাবে শিশুৰ ৰাগ বা খং বেছি দেখা যায়। সাধাৰণতে চিন্তাৰ বাবে শিশুৰ আচৰণত পৰিৱৰ্তন দেখা যায়। তেওঁলোকে সৰু কথাতেই সহজে ৰাগ বা খং কৰিব পাৰে। মনত থকা ভয় আৰু অস্থিৰতা তেওঁলোকৰ খঙৰ ৰূপত প্ৰকাশ পায়। নিজৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰিলে খং বেছি হয়। সেইকাৰণে শিশুক বুজি লোৱা আৰু শান্তভাৱে সহায় কৰা খুবেই জৰুৰী।
সমাধান:
• আপুনি শান্ত থাকক
• দীঘলকৈ শ্বাস লোৱাৰ অভ্যাস শিকাওক
• অনুভৱবোৰ কথা কৈ ক’বলৈ সহায় কৰক বা মৰমেৰে সোধক

2. পেট বিষ হোৱা

অধিক চিন্তাই শৰীৰত প্ৰভাৱ পেলায় (পেটত সমস্যা হয়)। অধিক চিন্তাই শিশুৰ আৰু শৰীৰৰ সংযোগৰ বাবে হয়। চিন্তিত হলে পাচন প্ৰক্ৰিয়াতো সমস্যা হয়। সেয়েহে শিশুৰ মানসিক শান্তি বজাই ৰখা অত্যন্ত জৰুৰী।
সমাধান:
• স্কুল বা পৰীক্ষাৰ আগতে হয় নেকি লক্ষ্য কৰক
• সঠিক খাদ্য আৰু টুপনি বজাই ৰাখক
• বেছি হ’লে ডাক্তৰৰ পৰামৰ্শ লওক

৩. ❓ “কি হ’লে?” বেছি সোধে

অধিক চিন্তা কৰা আৰু ভয় পোৱা, চিন্তা আৰু ভয় পোৱা শিশুৰ এটা সাধাৰণ লক্ষণ।
তেওঁলোকে সঘনাই প্ৰশ্ন কৰে। ই ভবিষ্যতৰ বিষয়ে অধিক দুশ্চিন্তা কৰাৰ ফল। নিজকে নিৰাপদ অনুভৱ নকৰাৰ কাৰণে এইটো হয়। সেইকাৰণে শিশুক আশ্বাস আৰু আত্মবিশ্বাস দিয়া খুবেই জৰুৰী।
সমাধান:
• সৰলকৈ নিশ্চয়তা দিয়ক (“তুমি সুৰক্ষিত”)
• বেছি বুজাই চিন্তা বৃদ্ধি নকৰিব
• বৰ্তমানত মনোযোগ দিয়াৰ অভ্যাস গঢ়ক

৪. নিদ্ৰা নাহে বা টুপনী নাহ

মনটো শান্ত নহয় নিদ্ৰা নাহে মানে শিশুৰ মনটো শান্ত নহয়। চিন্তা আৰু ভয়ৰ বাবে তেওঁলোক সহজে শুব নোৱাৰে। ৰাতি বহু চিন্তা কৰাৰ বাবে নিদ্ৰা বিঘ্নিত হয়।ই তেওঁলোকৰ স্বাস্থ্য আৰু মনত প্ৰভাৱ পেলায়।
সেইকাৰণে শুই থকাৰ আগতে শান্ত পৰিৱেশ দিয়া খুবেই জৰুৰী।
সমাধান:
• নিয়মীয়া শুই থকাৰ সময় ৰাখক
• মোবাইল/স্ক্ৰিন দূৰত ৰাখক
• কাহিনী বা সুৰেৰে শান্ত কৰক

৫. স্কুললৈ যাব নোখোজে

ভয়, স্কুললৈ যাব নোখোজা শিশুৰ বাবে এটা গুৰুত্বপূর্ণ লক্ষণ।
ইয়াৰ অৰ্থ হৈছে তেওঁলোকে ভয়, চাপ বা কোনো সমস্যা অনুভৱ কৰিছে। বন্ধু, শিক্ষক বা পঢ়াশুনাৰ চাপ ইয়াৰ কাৰণ হ’ব পাৰে। শিশুৱে নিজৰ সমস্যা স্পষ্টকৈ ক’ব নোৱাৰিবও পাৰে। সেয়েহে ধৈৰ্যৰে কথা পাতি মূল কাৰণ বুজি লোৱা খুবেই জৰুৰী।
সমাধান:
• কোমলভাৱে কথা পাতক
• সমস্যাৰ মূল কাৰণ বিচাৰ কৰক
• শিক্ষকসকলৰ সহায় লওক

৬. নিখুঁত হ’বলৈ চেষ্টা কৰে

শিশুৱে সদায় নিখুঁত হ’বলৈ চেষ্টা কৰে। ইয়াৰ মূল কাৰণ হৈছে ভুল কৰাৰ ভয়।
তেওঁলোকে ভাবে যে ভুল কৰিলে শাস্তি বা সমালোচনা পাব। এই চিন্তাই তেওঁলোকক অধিক চাপত ৰাখে। সেয়েহে তেওঁলোকক ভুল কৰাটো স্বাভাৱিক বুলি বুজোৱা খুবেই জৰুৰী।
সমাধান:
• ফলাফল নহয়, চেষ্টাৰ প্ৰশংসা কৰক
• ভুল কৰাটো স্বাভাৱিক বুলি শিকাওক
• অতিরিক্ত চাপ নিদিব

৭. বাথৰুমলৈ বেছি যায়

চিন্তাৰ শাৰীৰিক প্ৰভাৱ বাথৰুমলৈ বেছি যোৱা চিন্তাৰ এটা শাৰীৰিক লক্ষণ। চিন্তাৰ ফলত শৰীৰত এনে প্ৰতিক্ৰিয়া দেখা যায়। এইটো স্বাভাৱিক, সেয়ে শিশুক বকা নকৰিব। শান্তভাৱে কথা পাতি তেওঁলোকক আশ্বাস দিয়ক।তেওঁলোকক নিৰাপদ আৰু স্বস্তিত অনুভৱ কৰোৱাটো খুবেই জৰুৰী।

সমাধান:
• বকা নকৰিব
• শান্তভাৱে আশ্বাস দিয়ক
• প্ৰয়োজন হ’লে চিকিৎসকৰ পৰীক্ষা কৰক

৮. মনোযোগ নিদিয়ে

চিন্তাই মন বিভ্ৰান্ত কৰে মনোযোগ নিদিয়া চিন্তাৰ এটা সাধাৰণ লক্ষণ। চিন্তাই শিশুৰ মন সহজে বিভ্ৰান্ত কৰি তোলে। সেয়ে তেওঁলোকে এটা কামত ধ্যান দিব নোৱাৰে। কামবোৰ সৰু সৰু অংশত ভাগ কৰি দিয়া উচিত। এইদৰে ধীৰে ধীৰে মনোযোগ বৃদ্ধি কৰিব পাৰি।
সমাধান:
• কামবোৰ সৰু অংশত ভাগ কৰক
• বিঘ্ন কমাওক
• অলপ সময় পঢ়া + বিশ্ৰাম দিয়ক

৯. নিজৰ বিষয়ে বেয়া কয়

আত্ম বিশ্বাস কম নিজৰ বিষয়ে বেয়া কোৱা আত্মবিশ্বাস কম হোৱাৰ লক্ষণ। চিন্তাৰ বাবে শিশুৱে নিজকে কম মূল্যৱান বুলি ভাবে। ইয়াৰ ফলত নেতিবাচক চিন্তা বৃদ্ধি পায়। তেওঁলোকক ইতিবাচক চিন্তা শিকোৱা খুবেই জৰুৰী। মৰম আৰু সহায় আগবঢ়ালে আত্মবিশ্বাস ধীৰে ধীৰে বৃদ্ধি পায়।
সমাধান:
• নেতিবাচক কথা সংশোধন কৰক
• ইতিবাচক চিন্তা শিকাওক
• মৰম আৰু সহায় আগবঢ়াওক

১০. বেয়া সপোন দেখে
ভয় মনত থাকি যায় বেয়া সপোন দেখা শিশুৰ মনত ভয় থকাৰ লক্ষণ। দিনৰ চিন্তা আৰু ভয় ৰাতিতো মনত থাকি যায়। ইয়াৰ ফলত তেওঁলোক ঘনঘন জাগি উঠে বা ভয় পায়। শিশুক শান্তভাৱে সান্ত্বনা দিয়াটো খুবেই জৰুৰী। নিৰাপদ পৰিৱেশে তেওঁলোকৰ ভয় কমাবলৈ সহায় কৰে।

সমাধান:
• লগে লগে শান্ত কৰক
• সপোনটো বিষয়ে কথা পাতক
• লাইট জ্বলাই শুবলৈ দিব পাৰে

29/03/2026

এজন অভিভাৱক হিচাপে আমাৰ দায়িত্ব হৈছে আমাৰ শিশুক সৰ্বশ্ৰেষ্ঠ ব্যৱস্থাপনা প্ৰদানৰ চেষ্টা কৰা, কিন্তু পৰীক্ষা-নিরীক্ষা কৰা অতি বিপজ্জনক, কাৰণ জীৱন এটা অবিৰাম প্ৰক্ৰিয়া, এবাৰ ভুল হলে পূৰ্বৱৰ্তী অৱস্থানলৈ উভতি যোৱা প্ৰায় অসম্ভৱ।
মোৰ ভাবিলে আচৰিত লাগে আমাৰ ২১ শতিকাৰ পিতৃ-মাতৃসকলৰ ওপৰত, যেতিয়া তেওঁলোকে এখন মোবাইল বা বৈদ্যুতিন গ্যাজেট ক্ৰয় কৰে, তেওঁলোকে তাৰ মানুয়েল বিচাৰে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো চায়, যাৰ যি কোনো বেয়া যোৱ অংশ সলনি কৰিব পাৰি বা কিবা ভাঙি যোৱ অংশ সলনি বা মেরামত কৰিব পাৰি কিন্তু আনফালে, যেতিয়া তেওঁলোকে এগৰাকী শিশুক লয়, তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে যে এইটো পৰীক্ষামূলক বস্তু নহয়। আমি দেৱশিশু টোক মানুহ হিচাপে গড় দিবলৈ তাৰ মানুয়েল অধ্যয়ন কৰিব লাগিব—কেনেকৈ শিশুটোক তাৰ ভৱিষ্যতৰ বাবে গড় দিব পাৰি যাতে এজন বিশিষ্ট মানুহ হিচাপে জিৱন জাপন তথা নেতৃত্ব প্ৰদান কৰিব পাৰে তাৰ বিষয় তেওঁলোকৰ অধ্যয়ন কৰিবলৈ ধৈৰ্য্য নাথাকে, আৰু ভাবে যে এইটো স্বয়ংচালিতভাৱে চলি যাব।

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address


Guwahati
781025