10/04/2026
আপুনি জানেনে বাৰু আজি আমি যিটো প্লে' স্কুল পাই আছোঁ সেইটো কিহৰ ৰূপ বা প্ৰথম ক'ত হৈছিল খেল-বিদ্যালয়ৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে 1837 চনত জাৰ্মানীত ফ্ৰিডৰিখ ফ্ৰোবেলৰ দ্বাৰা পৰিচয় কৰোৱা হৈছিল। তেওঁ প্ৰথম কিণ্ডাৰগাৰ্টেন কাৰ্যসূচী প্ৰতিষ্ঠা কৰিছিল। খেল-বিদ্যালয়ৰ চাই মোৰ এটা কথা মনত পৰিছিল মই যেতিয়া এইচ এছত পঢ়ি আছিলোঁ হয়তো চন দুহেজাৰ এক দুই সেই সময়ত ৱেষ্ট বেংগলৰ অৰ্থাৎ পশ্চিমবংগৰ কোনোবা এখন মাতৃভাষাৰ কিতাপত মই এটা ষ্ট'ৰি বা সংকলন পঢ়িছিলোঁ সেই ষ্টৰিটোৱেই মোক সঁচা কৰি মনত সাঁচ পেলাইছে মই মোৰ জীৱনত সেই ষ্ট'ৰিটো বহুবাৰ আৰাইছোঁ কিন্তু হয় মোৰ নিচিনা এজন সাধাৰণ মানুহে হয়তো বা তাৰ অৰ্থ বুজি পাবলৈ বহুত টান বা যদি কিবা বুজি পাইছো তাকো বাস্তৱত ৰূপায়িত কৰিবলৈ মোৰ নিচিনা এজন মানুহৰ সমৰ্থনাই তথাপিতো মই মোৰ প্ৰয়াসৰে কথাষাৰ ক'বলৈ চেষ্টা কৰিছোঁ সেয়া লেচনটোৰ নাম আছিল থাই দেশৰ পঢ়া শুনা যিজন তাৰ ৰাইটাৰ আছিল তেওঁ লিখিছিলে তেওঁৰ কোনোবা এজন ঘনিষ্ঠ সম্পৰ্কীয় বন্ধু হেনো থাইলেণ্ডত থাকিছিলে আৰু তেওঁ তাতে শিক্ষকতা কৰিছিলে এবাৰ কিবা কাৰণত তেওঁ থাইলেণ্ড ঘূৰিব যোৱাত বন্ধু জনৰ লগত লগ কৰিবৰ বৰ মন গ'ল। সেই হিচাপে তেওঁ তাক সংযোগ স্থাপন কৰিছিল আৰু লগ কৰিবলৈ তেওঁক এটা নিৰ্দিষ্ট স্কুলত আহিব দিছিল যিখনত তেওঁ শিক্ষকতা কৰি আছিল। তেওঁ স্কুলত সোমাই শিক্ষকৰ সাধাৰণ কক্ষ(teachers common room) সেই নিৰ্দিষ্ট শিক্ষকজনৰ বিষয়ে সোধাত তেওঁলোকে তেওঁক সেই শিক্ষকজনে ক্লাছতে পঢ়াই থকাৰ কথা ক'লে। আৰু কলে আপুনি ক্লাছৰ সন্মুখতে গৈ তেওঁক লগ ধৰিব পাৰে কোনো অসুবিধা নাই। সেই মৰ্মে তেওঁ সেই নিৰ্দিষ্ট ক্লাছৰ সন্মুখত গৈ প্ৰায় দহ মিনিটমান অপেক্ষা কৰিলে। সেই অপেক্ষাৰ মাজত তেওঁ সৰু সুৰা শব্দেৰে ইংগিত দিলে যাতে কোনোবাই তেওঁৰফালে চকু তুলি চায়, কিন্তু তেওঁ আচৰিত হ'ল কোনো এটা ছাত্ৰ বা শিক্ষক কোনেও তেওঁৰ ফালে মূৰ দাঙি চোৱা নাছিল, অৱশেষত তেওঁ শিক্ষকজনৰ নাম কাঢ়ি মাতিবলৈ বাধ্য হ'ল। কিন্তু কি আচৰিত সেই শিক্ষকজনৰ নামকাঢ়ি মাতাৰ পিছত অকল শিক্ষকজনেই তেওঁৰ ফালে মূৰ দাঙি চালে তাৰ বাহিৰে কোনো ছাত্ৰই তেওঁৰ ফালে এবাৰো মোৰ দাঙি চোৱা নাই। এই ঘটনাত তেওঁ কৌতুহল জন্মিলে কি আচৰিত এজন মানুহৰ নাম কাঁহী বাহিৰৰ পৰা মাতাৰ পিছতো সেই নিৰ্দিষ্ট মানুহজনৰ বাহিৰে আৰু কোনেও তেওঁৰ ফালে মূৰ দাঙি চোৱা নাই। অৱশেষত ক্লাছৰ অন্তত সেই বন্ধুজনৰ লগত তেওঁ ৰাতিটো তাতে থাকিলে, অৰ্থাৎ বন্ধুজনৰ ৰুমতে তেওঁ ৰাতিটো থাকিলে। ইমান দিন পিছত দুজন বন্ধু লগ পোৱাৰ হেঁপাহ পলাই বহুত কিবা কিবি কথা পাতিলে। কিন্তু ইতিমধ্যে তেওঁৰ মনত এটা প্ৰশ্নই বৰকৈ আমনি কৰি আছিল, তেতিয়া তেওঁ বন্ধুজনক সুধিলে মই এটা কথা তেতিয়াৰে পৰা সুধিম সুধিম বুলি ভাবি আছোঁ, যে এইটোনো দেশৰ কেনেকুৱা পঢ়া শুনা য'ত পঢ়ি থকা অৱস্থাত মই বাহিৰত তোক মাতাৰ পিছত কোনো এটা ছাত্ৰই মোৰ ফালে মূৰ দাঙি চোৱা নাই। ইয়াৰ আঁৰত কি আছে কিয় ছাত্ৰ ছাত্ৰীসকলৰ ইমান মনোযোগ, আমাৰ তাততো আমি হাজাৰ চেষ্টাৰ ফলতো সেই মনোযোগ গঢ়ি উঠাব পৰা নাই, তেতিয়া শিক্ষকজনে হাঁহিলে আৰু ক'লে তুমি যদি মোৰো নাম মাতিছা সঁচা অৰ্থত ক'বলৈ গ'লে একে নামৰ কোনো ছাত্ৰ ক্লাছত আৰু দ্বিতীয়জন নাছিলে। গতিকে নিৰ্দিষ্ট নাম মাতাৰ পিছত সেই মানুহজনৰ বাহিৰে বেলেগ ব্যক্তিয়ে মূৰ দাঙি চোৱাৰ যুক্তিনো ক'ত। তেতিয়া মই সুধিলোঁ আমাৰ তাততো তেনেকুৱা নহয়, আমাৰ তাত কোনোবাই মাতাৰ পিছত আমি প্ৰতিজনে কোনে মাতিছে চাবলৈ আগ্ৰহ প্ৰকাশ কৰোঁ। বন্ধুজনে ক'লে হয় সেয়া বেলেগ ক্ষেত্ৰত হ'ব পাৰে কিন্তু থাইলেণ্ডৰ এডুকেশ্যনৰ ক্ষেত্ৰত সেয়া সম্পূৰ্ণ বিপৰীত কাৰণ তেওঁলোকৰ প্ৰতিটো কামত মনোযোগ আৰু একাগ্ৰতা অনন্য তাৰ আচল কাৰণটো তুমি জানানে ? আচলতে আমাৰ ভাৰতবৰ্ষত আমি গতিয়াই গতিয়াই কিতাপ পঢ়া লিখা শিকাওঁ। আজি বাস্তৱত যদিও যথেষ্ট প্লে স্কুল গঢ়ি উঠিছে কিন্তু সঁচা অৰ্থত সেইখিনি নামতে প্লে' স্কুল । ছাত্ৰ ছাত্ৰী যোৱাৰ পিছত খেলতকৈও বেছি পঢ়া শুনাৰ কাৰণেই প্ৰেছাৰ দিয়া হয়। আৰু আমি অভিভাৱকসকলেও মনে মনে ভাবোঁ স্কুলখন প্লে' স্কুলেই হওক বা কিবা নৰ্মেল স্কুল, সঁচা অৰ্থত আমি তাক খেলিবলৈ দিয়া নাই, আমি পঢ়িবলৈহে দিছোঁ, খেলাটো আমাৰ ঘৰতো খেলিব পাৰে। এইখিনিতে পাৰ্থক্য। আমাৰ থাই দেশত নিয়ম সম্পূৰ্ণ বিপৰীত। সঁচা অৰ্থত প্লে' স্কুল মানে তাতে শিক্ষকে অকল খেলহে শিকায়, পঢ়া শুনা কৰাৰ কাৰণে কোনো আগ্ৰহ নেদেখুৱায়, আচলতে আমি মানুহজাতিটো পৰিৱৰ্তনশীল, আৰু অকল মানুহ ক'লে ভুল হ'ব জীৱ মানেই পৰিৱৰ্তনশীল। প্ৰতিটো জীৱ যেনেকৈ এটা কোষৰ পৰা সৃষ্টি হৈ তাৰ নিৰ্দিষ্ট আকাৰ লয়, ঠিক তেনেকে আমি মানুহ জাতিটো পৰিৱৰ্তনশীল। আমাৰ আজিৰ অৱস্থা আৰু কালিৰ অৱস্থা যদি একেই থাকে তেতিয়াহ'লে আমাৰ মনত অনিহাৰ সৃষ্টি হয়, জীয়াই থকাৰ হেঁপাহ নাইকিয়া হয়, মনত ফুৰ্তি নোহোৱা হয়, ঠিক তেনেকেই আমি যদি সপ্তাহত সপ্তাহ ৰেষ্টুৰেণ্টৰ পৰা ভাল খোৱা বোৱা খাওঁ, অৱশেষত আমাৰ ঘৰৰ সেই আলু পিটিকা আৰু দালিকণ অমৃত যেন সোৱাদ লাগে। ঠিক তেনেকৈয়ে আমাৰ ইয়াত স্কুলত শিক্ষাৰ্থীসকলক বা কণ কণ ল'ৰা ছোৱালীহঁতক স্কুলত খেলিব দিয়া হয়। খেলাটো অৱশেষত এনেকুৱা পৰ্যায় পায় গৈ যে খেলি খেলি সিহঁতৰ আমনি লগা। হয় তেতিয়া সেই শিশুৱে চাৰিওফালে ঘূৰি নতুন কিবা বিচাৰি ফুৰে, কেনেকৈয়ে এদিন তেওঁলোকে আৱিষ্কাৰ কৰে শ্ৰেণীকোঠত ৰখা সেই কিতাপবোৰ। যিবোৰ অকল সজাই থোৱা হয় কেতিয়াও তেওঁলোকক পঢ়িবৰ কাৰণে হাতত তুলি দিয়া নহয়। তেওঁলোকে নিজে হাতেৰে তুলি লয় সেই কিতাপ। আৰু কৌতুহলবশতঃ শিক্ষক বা গাইডক আহি সোধে ইয়াৰে আমি কেনেকৈ খেলিব পাৰি ? ইয়াৰ ব্যৱহাৰনো কি ? ইয়াক কি কয় ? ইতাদি ইতাদি ।তেতিয়া শিক্ষকে খেলৰ চলেৰে এক নতুন খেল শিকায় যি হ'ল পঢ়া আৰু লিখন পদ্ধতি সেয়া কোনো পঢ়া শুনা নহয় এক নতুন খেল যাক সেহঁতে নিজে বুটলি আনিছে। গতিকে নিজে বাছনি কৰা সেই খেলটো বাৰু কেতিয়াও আমনি লাগিব পাৰেনে? শৈশৱত আমি বাছনি কৰা আমাৰ প্ৰতিটো বস্তু জীৱনত এক আকৰ্ষনীয় ৰূপে থাকি যায়ষ গতিকে ঠাই দেশৰ পঢ়া শুনা কোনোবাই ল'ৰা ছোৱালীৰ ওপৰত জাপি দিয়া বুজ নহয়। ই এক খেল হে যাক তেওঁলোকে নিজে আৱিষ্কাৰ কৰিছে সেই কাৰণেই ঠাই দেশৰ পঢ়া শুনা আৰু ইয়াৰ প্ৰতিটো শিক্ষাৰ্থীৰ মনোযোগ, কিতাপৰ প্ৰতি থকা তেওঁলোকৰ ধাউতি শলাগ ল'বলগীয়া।
বৰ্তমানৰ ডিজিটেল সংযোগ, শিশুকেন্দ্ৰিক শিক্ষণ-পদ্ধতি, আৰু অভিভাৱক সম্পৃক্তি এইবোৰৰ বিশেষত্ব। মোৰ কথাখিনি যদি ভাল লাগে শ্বেয়াৰ কৰিব মোৰ কথাত যদি অজান্তে কোনোবাৰ মনত কোনো বেয়া লাগিছে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী, ধন্যবাদ। আসা কৰিছো পোষ্টটো শ্বেয়াৰ কৰিব, আপোনালোকৰ মতামতৰৰ আসাৰে.....
10/04/2026
05/04/2026
04/04/2026