08/02/2024
সমসাময়িকী
২০২৪/৪৫
🔴 কৃষি খণ্ডৰ তিনিটা নতুন পদক্ষেপ
✅ কৃষি মন্ত্ৰালয়ে কৃষি খণ্ডৰ সংস্কাৰ, কৃষকসকলৰ জীৱনৰ উন্নীতকৰণ, অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণ আৰু তথ্যৰ সুব্যৱহাৰৰ উদ্দেশ্যেৰে তিনিটা নতুন পদক্ষেপৰ আৰম্ভণি কৰে।
✅ কিষাণ ঋণ পৰ্টেল
✔️ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয়, পশুপালন আৰু দুগ্ধ বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ সহযোগত কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ লাভৰ ব্যৱস্থাক অধিক সুচল কৰাৰ বাবে এই পৰ্টেলটো মুকলি কৰা হয়।
✔️ এই পৰ্টেলটো হৈছে এটা একক উৎস, যাৰ জৰিয়তে কৃষকৰ তথ্য, ঋণৰ বিশেষত্বসমূহ, সুদৰ সুবিধাসমূহ, আঁচনি খনৰ অগ্ৰগতি আদি তথ্য লাভ কৰিব পাৰি।
✅ "ঘৰ ঘৰ কেচিচি অভিযান"
✔️ চৰকাৰৰ সাৰ্বজনীন অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ উদ্দেশ্য আগত ৰাখি প্ৰত্যেকজন কৃষকে যাতে কোনো বাধা নোহোৱাকৈ ঋণ লাভৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে ঘৰ ঘৰ কেচিচি (কিষাণ ক্ৰেডিট কাৰ্ড) অভিযান আৰম্ভ কৰা হয়।
✔️ ২০২৩ চনৰ ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈকে চলা এই অভিযানত কেচিচি একাউন্ট নথকা পিএম কিষাণ হিতাধিকাৰীসকলক অন্তৰ্ভুক্তিকৰণৰ লক্ষ্য লোৱা হয়।
✅ WIND নিয়মাৱলী/মেনুৱেল প্ৰকাশ
✔️ WIND (Weather Information Network Data Systems) অৰ্থাৎ "বতৰৰ সূচনা নেটৱৰ্ক তথ্য ব্যৱস্থা" হৈছে পঞ্চায়ত পৰ্যায়ত স্বয়ংক্ৰিয় বতৰ কেন্দ্ৰ আৰু বৃষ্টি মাপক যন্ত্ৰৰ (Automatic Weather Stations & Rain Gauge) এক শক্তিশালী নেটৱৰ্ক।
✔️ নিয়মাৱলীখনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক WINDS ৰ সফল ৰূপায়ণৰ বাবে মাৰ্গদৰ্শন কৰিছে।
✔️ লগতে উন্নত কৃষি কাৰ্যৰ বাবে বতৰৰ তথ্যৰ কিদৰে সুব্যৱহাৰ কৰিব পাৰি, তাৰ বিষয়েও ব্যৱহাৰিক নিৰ্দেশনা সন্নিৱিষ্ট আছে।
✔️ পৰ্টেলটোৰ ব্যৱহাৰ, তথ্য বিশ্লেষণ, আৰু ব্যৱহাৰৰ সমূহ নিয়মাৱলী সামৰি লোৱা হৈছে।
* * *