Magnet Computer Learning Centre-MCLC

Magnet Computer Learning Centre-MCLC Computer Learning Programe First Time At Dharapur...

We Provided Courses Are
1)BASIC ; 2)DCA ; 3)AD Contact No: 9706680676

28/10/2025

ইছ্যু ডাইভাৰ্ট হ'বলৈ নিদিব ৰাইজ আমি ভাগৰা নাই নাভাগৰো।
আহক আকৌ এবাৰ লিখোঁ
3.6 M

22/10/2025

Celebrating my 5th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

22/10/2025

19/09/2025

হোমেন বৰগোহাঞিদেৱেৰ "মোৰ টোকাবহীৰ পৰা" নামৰ গ্ৰন্থখনত থকা এটি সুন্দৰ প্ৰবন্ধ আপোনালোকলৈ আগবঢ়োৱা হ'ল। পঢ়ি নিশ্চয় ভাল পাব।

"কিতাপে মানুহক কেনেকৈ সহায় কৰিব পাৰে"

বলিয়া কুকুৰে কামুৰিলে মানুহৰ জলাতংক নামৰ এবিধ ভয়ংকৰ যন্ত্রণাদায়ক বেমাৰ হয়। এই বেমাৰত মানুহৰ মৃত্যু অনিবার্য। লুই পেষ্টিউবে ইয়াৰ নিৰাময়কাৰী বেজী আৱিষ্কাৰ নকৰালৈকে এই বেমাৰৰ কোনো চিকিৎসা নাছিল। মই যে এই টোকাটো লিখিবলৈ আজিলৈকে জীয়াই আছো সিয়ো কেৱল লুই পেষ্টিউৰৰ জহতহে। মোৰ আঁঠ বছৰ বয়সতে মোক বলিয়া কুকুৰে কামুৰিছিল। আমাৰ গাঁৱৰ পৰা চৌবিশ মাইল দূৰৰ লখিমপুৰ চহৰলৈ নাৱেৰে গৈ মই তল পেটত লুই পেষ্টিউবে আৱিষ্কাৰ কৰা চৈধ্যটা বেজী ল'ব লগা হৈছিল। তেতিয়াহে মোৰ প্ৰাণৰক্ষা পৰিছিল। জলাতংক ৰোগৰ ঔষধ আৱিষ্কাৰ কৰাৰ উপৰি লুই পেষ্টিউৰে বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল। ৰোগৰ বিৰুদ্ধে মানুহৰ অন্তহীন সংগ্ৰামৰ ইতিহাসত বেক্টেৰিয়াৰ আবিষ্কাৰ আছিল এটা যুগান্তকাৰী ঘটনা। এই সংগ্ৰামত লাভ কৰা যিকেইটা চমকপ্রদ বিজয়ে মানব জাতিক অশেষ যাতনা আৰু আতংকৰ পৰা মুক্তি দিছে, সেইবোৰৰ ভিতৰত লুই পেষ্টিউৰৰ যুগান্তকাৰী আৱিষ্কাৰকেইটা বিশেষভাবে উল্লেখযোগ্য।
এই পৃথিৱীত যিমান দিনলৈকে মানুহ থাকিব, সিমান দিনলৈকে লুই পেষ্টিউৰৰ নামো স্মৰণীয় হৈ থাকিব। লুই পেষ্টিউৰৰ জীৱনৰ এটা অধ্যায়ৰ বিষয়ে লুই উইণ্টাৰমেয়াৰে লিখিছে-

'লুই পেষ্টিউৰৰ জীৱন যেতিয়া নানা অসুখ-অশান্তি আৰু প্রিয়-বিচ্ছেদৰ যন্ত্রণাৰে পৰিপূৰ্ণ হৈ উঠিছিল, ঠিক সেই সময়তেই তেওঁ জীৱনৰ সৰ্বশ্রেষ্ঠ আবিষ্কাৰবোৰ কৰিছিল। ১৮৫৯ চনত তেওঁৰ ডাঙৰ জীয়েকৰ টাইফাছ ৰোগত মৃত্যু হয়। তেওঁৰ নুমলীয়া জীয়েক কেমিলিৰো মাত্র দুবছৰ বসয়তে ১৮৬৫ চনত মৃত্যু হয়। তাৰ আঠ মাহৰ পিছতে বাৰবছৰীয়া পুতেক চেচিলেও মাত্র কেইদিনমান সন্নিপাত জ্বৰত ভুগি প্রাণ হেৰুৱায়। কঠোৰ পৰিশ্রমে পেষ্টিউৰক ইতিমধ্যে আধামৰা কৰি পেলাইছিল। এতিয়া ইটোৰ পিছত সিটোকৈ সন্তানৰ মৃত্যুৰ আঘাতে তেওঁক সাময়িকভাবে পক্ষাঘাতগ্রস্ত কৰি পেলালে। মগজৰ ভিতৰত ৰক্তক্ষৰণ হোৱাৰ ফলত তেওঁ মুখেৰে কথা ক'ব নোৱৰা হ'ল। বাঁওহাতখনো অসাৰ হৈ পৰিল। 'হাতখন সীহৰ নিচিনা গধুৰ হৈ শৰীৰৰ ওপৰত বোজা হৈ পৰিছে'- পেষ্টিউবে যন্ত্রণাত কেকাবলৈ ধৰিলে- 'কোনোবাই হাতখন কাটি দিলেই মই ৰক্ষা পৰোঁ।'
কিন্তু এনে অবস্থাতো ধৈর্য আৰু আত্মসংযমে তেওঁক লগ এৰা নিদিলে। ছেমুবেল স্মাইলছৰ Self-Help আৰু বোছেৰ Of The Knowledge of God নামৰ কিতাপ দুখন পঢ়ি তেওঁ নিজকে বলীয়ান কৰি তুলিলে। দেহ আৰু মনৰ সকলো দুৰ্বলতাৰ পৰা তেওঁ অচিৰেই নিৰাময় লাভ কৰিলে।
অর্থাৎ জীৱনৰ এটা চৰম সংকটৰ পৰা তেওঁক ৰক্ষা কৰিলে কিতাপে।
জাঁ জেকছ কছোৰ বিষয়ে এজন লেখকে লিখিছে "Rousseu was one of those rare individuals who, by some strange alchemy, became the voice of mankind at a crucial moment in history" আন এজন লেখকৰ মতে 'গ্যেটে আৰু ভলটেয়াৰৰ ৰচনাত আমি দেখিছিলোঁ এখন জগতৰ মৃত্যু; কছোৰ ৰচনাত দেখিবলৈ পালোঁ আন এখনৰ জগতৰ জন্ম।' মানুহৰ ইতিহাসত কছোৰ গুৰুত্ব বুজাবলৈ ইয়াতকৈ বেছি কথা কোৱাৰ বোধহয় প্রয়োজন নাই। তথাপিতো আৰু এটা মাত্র উক্তি যোগ দিব খোজোঁ। হেভলক ইলিছে কৈছিল যে যীশুখৃষ্টৰ পিছতেই পাশ্চাত্য জগতৰ আটাইতকৈ প্রভাৱশালী মানুহজন হ'ল জাঁ জেকছ কছো।
এনেহেন এজন মানুহৰো জীৱনলৈ এবাৰ এটা ভয়ংকৰ সংকট আহিছিল। তেওঁক বিমর্ষতাই (Depression) গ্ৰাস কৰি ধৰিছিল আৰু সেই বিমৰ্ষতাৰ কাৰণ আছিল এক ব্যাখ্যাতীত মৃত্যুভয়। বাল্টাৰ পেটাৰৰ এখন ৰচনাৰ পৰা আমি জানিব পাৰোঁ যে এটা প্রাণঘাতী ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি ৰুছোৱে সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই সন্দেহেই তেওঁক মানসিকতভাৱে পক্ষাঘাতগ্রস্ত কৰি পেলাইছিল। তেওঁ নিজকে প্রশ্ন কৰিছিল- জীৱনৰ বাকী থকা দিনকেইটা মই কি কৰি কটাম বা কেনেকৈ সেই দিনকেইটাৰ সদ্ব্যৱহাৰ কৰিম? এই প্রশ্নৰ উত্তৰ পাবলৈ তেওঁৰ বেছি সময় নালাগিল। ঠিক সেই সময়তে তেওঁ ভলটেয়াৰৰ কিতাপবোৰ পঢ়িবলৈ আৰম্ভ কৰিছিল।

ভলটেয়াৰৰ নিমজ, পৰিষ্কাৰ আৰু সতেজ গদ্যত তেওঁ আৱিষ্কাৰ কৰিলে একধৰণৰ বৌদ্ধিক উদ্দীপনা। তেওঁ অনুভৱ কৰিলে যে একে ধৰণৰ বৌদ্ধিক উদ্দীপনা অনুভৱ কৰিব পৰা কিবা এটা কামত হাত দিব পাৰিলেই তেওঁৰ মৃতপ্রায় জীৱনটো পুনৰ সঞ্জীৱিত হৈ উঠিব। তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। তেওঁৰ কলমৰ পৰা এনে মৌলিক কথাবোৰ ওলাবলৈ ধৰিলে যে এটা সময়ত তেওঁ হেভলক ইলিছৰ ভাষাত পাশ্চাত্য জগতৰ আটাইতকৈ প্ৰভাৱশালী মানুহত পৰিণত হ'ল।
ৰুছোক ৰক্ষা কৰিলে কিতাপে।
টাইটানিক জাহাজখন সাগৰত ডুবিবলৈ আৰম্ভ কৰাৰ সময়ত এজনী ষোল বছৰীয়া ছোৱালীয়ে এখন কিতাপ পঢ়ি আছিল। জাহাজত সোমোৱা সাগৰৰ পানীয়ে তাইৰ হাতৰ পৰা কিতাপখন উটুৱাই নিয়াৰ উপক্ৰম কৰিলে। তাই লাইফবোটত উঠাৰ কথা পাহৰি, নিজৰ প্ৰাণৰক্ষাৰ কথা পাহৰি, প্ৰাণপণ চেষ্টা কৰিবলৈ ধৰিলে সেই কিতাপখন উদ্দাম জলস্রোতৰ পৰা উদ্ধাৰ কৰিবলৈ। সেই সময়ত তোলা কেইবাখনো ফটোৰ ভিতৰত এই ফটোখনো আজিলৈকে সংৰক্ষিত হৈ আছে, আৰু লগতে সংৰক্ষিত হৈ আছে মানুহৰ আত্মাৰ সহচৰস্বৰূপ কিতাপৰ প্ৰতি মানুহৰ চৰম ব্যাকুলতাৰ অবিনাশী চিত্রৰূপ।

উৎস: ফেচবুক

゚viralシalシ

16/09/2025

Address

Dharapur
Guwahati
781017

Alerts

Be the first to know and let us send you an email when Magnet Computer Learning Centre-MCLC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category