Unofficial information of Tutors,,,Assam

Unofficial information of Tutors,,,Assam update information about all categories of newly provincialised School/college tutors.

06/11/2022

অসমৰ শৈক্ষিক ক্ষেত্ৰৰ নতুন সংযোজন টিউটৰ :: এটি আলোচনা
=======================

২০২১ চনৰ ৫ ফেব্ৰুৱাৰী তৰিখে অসম চৰকাৰে ভেঞ্চাৰ স্কুল - কলেজৰ প্ৰায় ২৬ হাজাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰিছিল আৰু সেয়া আছিল সোনোৱাল চৰকাৰৰ অন্তিম নিযুক্তি মেলা । ইয়াৰ মূল লক্ষ্যনীয় বিষয়টো আছিল যে একাংশ শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দিছি, যি অসম বুলি নহয় ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যতে দেখা নোপোৱা এক না-ভূত নাশ্ৰুত কথা। চৰকাৰে প্ৰাদেশীকৰণ আইন ২০১৭, সংশোধনী ২০১৮ অনুসৰি কব খোজে যে একাংশ শিক্ষকৰ প্ৰয়োজনীয় অৰ্হতা নাই বাবে তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি দিয়া হৈছে । এতিয়া কথা হ’ল ২০-২৫ বছৰ ধৰি বিনা বেতনে শিক্ষা দান কৰি অহা শিক্ষক সকল সঁচাকৈয়ে টিউটৰৰ যোগ্য, নে চৰকাৰে গভীৰ ষড়যন্ত্ৰ কৰি এই শিক্ষক সকলক টিউটৰ সজাইছে, ই এক ডাঙৰ সাঁথৰ।কিয়নো, ৫ ফেব্ৰুৱাৰী , ২০২১ ইং তাৰিখে নিযুক্তি দিয়া এই টিউটৰ সকল কিন্তু ২০১১ আৰু সংশোধনী বিধেয়ক ২০১৩ অনুসৰি শিক্ষক হিচাপে যোগ্য বিবেচিত হৈছিল আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ২০১৫ চনত অনলাইন যোগে ইয়াৰ তালিকাও প্ৰকাশ কৰিছিল। যি তালিকা আজিও প্ৰতি জন দুৰ্ভগীয়া শিক্ষক(টিউটৰ)ৰ হাতে হাতে মজুত আছে। ইয়াৰে আকৌ কলেজ শিক্ষকক খিনিক সম্পূৰ্ণ মৰ্যাদা সহকাৰে নিযুক্তি প্ৰদান কৰি কেৱল মাত্ৰ নিযুক্তি পত্ৰ দিবলৈ বাকী থকা এই শিক্ষক সকলক বিজেপি চৰকাৰে ইচ্ছাকৃতভাৱে প্ৰতাৰণা কৰি পুনৰ একেখন আইনৰ ২০১৭-২০১৮ ত সংশোধনী আনি নতুন নতুন ধাৰা ,যেনে--বি,এড , ডি,এল,এড , ৫০ শতাংশ আদিৰ সৃষ্টি কৰি টিউটৰ সজাই নিযুক্তি দিলে ৷ এই সকল শিক্ষকৰ বাবে ধাৰ্য কৰা যোগ্যতাৰ মাপকাঠি কিমান যুক্তিসংগত।কিয়োনো সেয়াও এক ডাঙৰ প্ৰশ্ন ৷ প্ৰথমতে, এই টিউটৰ সকলে ২০১৩ সংশোধিত বিধেয়ক অনুসৰি শিক্ষক হিচাপে যোগ্য বিবেচিত হৈছিল । তদুপৰি ইয়াৰ একাংশই এতিয়াও শিক্ষকৰ মৰ্যাদা লাভ কৰি চাকৰি কৰি আছে। অথচ একেই শিক্ষাগত মানদণ্ড ৷ গতিকে ই চৰম অন্যায়।
দ্বিতীয়তে, এই শিক্ষক সকলক যেতিয়া ৰাইজ তথা স্কুল পৰিচালনা সমিতিয়ে নিযুক্তি দিছিল তেতিয়া কিন্তু শিক্ষকৰ বাবে নিৰ্ধাৰণ কৰা এই ধৰণৰ ধাৰা সমূহ অসমত বলবৎ হোৱা নাছিল।আনকি চৰকাৰেও এই বিদ্যালয় সমুহক ২০০৬ চনৰ আগতে স্কুল পৰিদৰ্শক, জিলা শিক্ষা বিষয়া, খণ্ড শিক্ষা বিষয়া সমূহৰ একাদিক্ৰমে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয়লৈ পৰিদৰ্শন কৰাই প্ৰাৰম্ভিক অনুমতি প্ৰদান কৰিছিল।কথা হ'ল যদি চৰকাৰৰ ভেন্সাৰ স্কুল প্ৰাদেশীকৰণ কৰাৰ কোনো ব্যবস্থাই নকৰে বা ইয়াত নিযুক্ত শিক্ষক খিনিক সম্পূৰ্ণ মৰ্যাদাই প্ৰদান নকৰে তেন্তে ২০-২৫ বছৰ আগতে চৰকাৰে অনুমতি প্ৰদান কৰিব নালাগিছিল।চৰকাৰে অনুমতি প্ৰদান কৰি আৰু শিক্ষা কাৰ্যত ব্ৰতী কৰাই শেষত এই ধৰনে প্ৰতাৰণা কৰাটো এটা অতি পৰিতাপৰ বিষয়, এটা ঘোৰ অন্যায়। তৃতীয়তে,২০/২৫ বছৰ আগত নিযুক্তি পোৱা এই শিক্ষক সকলৰ ক্ষেত্ৰত নতুন শিক্ষা নীতিৰ আধাৰত নতুন ধাৰা সমূহ বলবৎ কৰা কোনো কাৰণতে যুক্তি সংগত হব নোৱাৰে। ই এক চৰম প্ৰতাৰণা। কিয়োনো সেই সময়ত অসমৰ শিক্ষা ব্যবস্থাত এই ধৰণৰ কোনো ধাৰা নাছিল। চতুৰ্থতে, সততে টিউটৰ সকলক মুখ্যমন্ত্ৰী মহোদয়ে ইতিকিং কৰি থকা পৰিলক্ষিত হয়। এই ক্ষেত্রত তেখেতে জনা উচিত যে এই যোগ্য শিক্ষক সকলক ইচ্ছাকৃত ভাৱে অযোগ্য সজাই টিউটৰ নাম দিয়া হৈছে ৷ এই শিক্ষক সকলো বৰ্তমানৰ নিযুক্তি দিয়া শিক্ষক সকলৰ তুলনাত কোনো গুণে কম নহয়। টিউটৰ সকলে যেতিয়া ডিগ্ৰী লাভ কৰিছিল তেতিয়া অসমৰ শিক্ষা ব্যবস্থা আছিল জটিল, পৰিক্ষা পদ্ধতি আছিল অতিশয় জটিল।সেই সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক পৰিক্ষাৰ উত্তীৰ্ণৰ হাৰ আছিল একেবাৰে নিম্ন, ২৫-২৯% ৰ ভিতৰত ৷ স্নাতক অথবা স্নাতকোত্তৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আঙুলিত গণিব পৰা ধৰণৰ। কিন্তু বৰ্তমান ইয়াৰ ওলোটা ছবি। উত্তীৰ্ণৰ হাৰ উৰ্ধমুখী হৈ ৭০%,৮০%,৯০% হোৱা পৰিলক্ষিত হৈছে।ইয়াৰ মূল কাৰণ হৈছে পৰীক্ষা পদ্ধতি অতি সৰল কৰাটো ৷ যি কথা মুখ্যমন্ত্ৰী- শিক্ষা মন্ত্ৰী দুয়ো ভালদৰে জানে। তথাপি এনে লাগে ৰাজনৈতিক স্বাৰ্থৰ কাৰণে সকলোৱে জানিও নজনাৰ ভাও ধৰে ৷ এটা কথা মুখ্যমন্ত্ৰী মন্ত্ৰী মহোদয়ে সততে গৌৰৱ কৰি থকা নিকা নিযুক্তিৰ টেট শিক্ষক সকলৰ মাজৰ পৰাও যে ভুৱা ডিগ্ৰী ধাৰী ওলাইছে সেই কথা পাহৰি যাব নালাগে ৷ তদুপৰি এনেকুৱা ডিগ্ৰীধাৰী আৰু যে নোলাব তাৰ কোনো মানে নাই।
'প্ৰাদেশিকীকৰণৰ সংশোধনী বিধেয়ক -২০১৩ অনুসৰি যোগ্য বিবেচিত হোৱা এই শিক্ষক সকলক পুনৰ প্ৰাদেশীকৰণ সংশোধনী বিধেয়ক ২০১৭-১৮ অনুসৰি টিউটৰ সজোৱা কাৰ্য আৰু অযোগ্য টিউটৰ বুলি সততে কৰি থকা অপমান, ইতিকিং চৰম প্ৰতাৰণা অসমৰ শিক্ষা জগতত এক লজ্জাজনক ঘটনা হিচাপে চিহ্নিত হৈ ৰব । এই ক্ষেত্ৰত বিভিন্ন দল-সংগঠন আৰু আমাৰ বৌদ্ধিক মহলৰ প্ৰতিবাদ তথা সমালোচনাৰ প্ৰয়োজন আছিল যদিও একনায়কত্ববাদলৈ অগ্ৰসৰ হোৱা গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে সকলো আজি ভয়ত ত্ৰস্তমান। তদুপৰি বৌদ্ধিক মহলৰ একাংশ নামধাৰী গন্য- মান্য ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আস্থা ভাজন হবলৈ গৈ এখন জটিল প্ৰাদেশীকৰণ আইন প্ৰস্তুত কৰি, উল্লেখ কৰিবলৈ লাজ লগা অতি নিম্ন পৰিমানৰ দৰমহাৰ গাঁঠনি প্ৰস্তুত কৰি দিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ক পতিয়ন নিয়াব খোজে যে চাকৰিও দিয়া হব আৰু চৰকাৰৰ ধনো ৰাহি হব । এনেকৈ বুজাব খোজে যে তেওঁলোকৰ নিচিনা মুখ্যমন্ত্ৰীক ভাল পোৱা, অসমক ভাল পোৱা আন কোনো নাই। কিন্ত আচলতে এই লোক সকলে অসমীয়া যুৱক যুৱতী সকলৰ কেতিয়াও উন্নতি হোৱাটো নিবিচৰা যেন হে অনুমান হয়। সাধাৰণতে আইন প্ৰনয়ন কৰে জনসাধাৰণৰ হিতৰ কাৰনে কিন্ত শিক্ষকৰ যোগ্যতা প্ৰদান কৰা শিক্ষক সকলক আইন খন ভংগ কৰি টিউটৰ সজোৱা ধৰণৰ ঘটনা ভাৰত বৰ্ষত এয়াই কিজানি প্ৰথম । হয়তো মানৱ দৰদী ,দক্ষ ,কৰ্মযোগী মুখ্যমন্ত্ৰী মহোদয়ৰ টিউটৰৰ বিষয়ে এই সকলোবোৰ সম্পূৰ্ণ ৰূপে জ্ঞাত নহয় আৰু ভাৱ হয়, এক স্বাৰ্থন্বেষী গোটে তেখেতক বিপথে পৰিচালিত কৰিছে।যাৰবাবে তেখেতে টিউটৰ সকলৰ প্ৰতি ভাল মনোভাৱ পোষণ নকৰে। দুখৰ বিষয়, এই সমস্ত কথা মুখ্যমন্ত্ৰী মহোদয়ৰ কৰ্ণপাত কৰাৰ উদ্দেশ্যে টিউটৰ সকলৰ ফালৰ পৰা সাক্ষাৎ বিচাৰি বহু আবেদন নিবেদন কৰা হৈছে যদিও আজিকোপতি সাক্ষাৎ লাভ কৰিবলৈ সক্ষম হোৱা নাই। আশা কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ নিজাববীয়া হস্তক্ষেপত টিউটৰ সকলৰ সমস্যা সমূহ অতি সোনকালে সমাধান হব।
ৰাজু কলিতা।https://www.facebook.com/profile.php?id=100069906790543
৮৮২২৯৯২৩৬৩

Digital creator

Address

Guwahati
O6

Telephone

+918822992363

Website

Alerts

Be the first to know and let us send you an email when Unofficial information of Tutors,,,Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Unofficial information of Tutors,,,Assam:

Shortcuts

Share