19/09/2026
পবিত্ৰ ‘জুবিন দিৱস’ৰ বিনম্ৰ শ্ৰদ্ধাৰ্ঘ্য
কিছুমান কণ্ঠ সময়ৰ সোঁতত কেতিয়াও হেৰাই নাযায়, কিছুমান সুৰ কেতিয়াও পুৰণি নহয়। আৰু কিছুমান শিল্পী মানুহৰ হৃদয়ৰ গভীৰ কোণৰ পৰা কেতিয়াও আঁতৰি নাযায়।
জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ প্ৰতিজন অসমীয়াৰ বুকুত বাজি থকা এক চিৰন্তন অনুভৱ। এজন স্ৰষ্টাৰ সৰ্বশ্ৰেষ্ঠ সফলতা হয়তো এয়াই যেতিয়া তেওঁৰ সৃষ্টিয়ে কোটিজনৰ অন্তৰত স্থায়ী ঘৰ সাজি লয়। জুবিনৰ যাদুকৰী সুৰে আমাৰ সকলোৰে মনত সেই আপোন ঘৰখন কাহানিবাই সাজি তুলিছে।
সময় সলনি হ’ব, দিন বাগৰিব; কিন্তু জুবিনৰ সুৰ প্ৰতিটো প্ৰজন্মৰ হৃদয়ত সদায় চিৰপ্ৰৱাহমান হৈ প্ৰতিধ্বনিত হৈ থাকিব।
পবিত্ৰ ‘জুবিন দিৱস’ উপলক্ষে আমাৰ প্ৰাণৰ শিল্পীজনালৈ যাচিলোঁ অলেখ মৰম আৰু অন্তৰভৰা শ্ৰদ্ধা।
ব্ৰাইট ফিউচাৰ পাব্লিক স্কুল, বৰ্ণি
জয় জুবিন দা ❤️
Bright Future Public School, Barni