Electral পাউদাৰৰ বিষয়ে থকা আমাৰ এক ভুল ধাৰনা!
Nirav's Veda সুস্হ শৰীৰ-সুস্হ মন
D.R.P-Health & Nutrition(IS,Kamrup metro, Govt.
of Assam)
Lifestyle coach
Fitness Nutritionist cm Kinesiologist(University of Mumbai)
News Live's Best Fitness Coach cm Physique awardee, 2024
Best Fitness Educator,2025 Awardee (Axom Xeuji Award)
এটকাওঁ খৰচ নকৰাকৈ ঘৰতেই কৰক সহজ 5টা exercise!
ছয়াবিনৰ ক্ষেত্ৰত থকা এটা ভুল ধাৰনা!
DIETING ৰ প্ৰকৃত অৰ্থ বুজো আহক!
প্ৰায়ে কিছুমান মানুহ লগ পাও যিসকলে মোক কয় যে "দাইটিং কৰি কৰি মোৰ গেছট্ৰিক হৈছে" ," Dieting কৰি exercise কৰিলে মই দুৰ্বল হওঁ" " dieting কৰিলে আজিকালি মূৰ ঘূৰাই"," Dieting কৰাৰ পিছৰ পৰাই মোৰ thyroid বাঢ়িছে, Liver function ত খেলিমেলি আহিছে,ইত্যাদি,ইত্যাদি।
সচাঁ কথাটো হ'ল যদি dieting কৰি যদি আপোনালোকে এনেকুৱা অসুৱিধাৰ সন্মূখীন হৈ আছে তেন্তে আপোনালোকে সঠিক Diet follow কৰি থকাই নাই। আপোনালোকৰ Diet ত কিবা নহয় কিবা এটা ভুল হৈ আছে।
বহুতে Dieting মানে কেৱল বইল আৰু সোৱাদ নোহোৱা লগতে বহুত দামী দামী খাদ্য খোৱাটোক হে বুজে । বহুতে আকৌ Dieting মানে ভাত খোৱা বন্ধ কৰি দিয়াটো বুজে। কিছুমানে আকৌ Dieting মানে "মই আজিকালি একোৱেই নাখাওঁ "বুলি কয়। এনেকুৱা কিছুমান ভুল চিন্তাধাৰাৰ কাৰনেই বহুত মানুহৰ মাজত মই ওপৰত উল্লেখ কৰা অসুবিধাবোৰ দেখা যায়।
সকলো মানুহৰে দৈনিক শাৰিৰীক শক্তি অপচয় কৰিবলৈ 24 ঘন্টাত যিমান কেল'ৰিৰ আহাৰৰ প্ৰয়োজন হয় তাক কোৱা হয় maintainance callorie।ওজন আৰু উচ্চতা অনুসৰি সকলো মানুহৰে এই maintainence callorie বেলেগ বেলেগ হয়। আমাৰ শৰীৰটোক দৈনন্দিন যিমান কেল'ৰিৰ আহাৰৰ প্ৰয়োজন হয় তাতকৈ কম কেল'ৰি (calorie deficit)ৰ আহাৰ গ্ৰহন কৰিলে ওজন কমিব আৰু তাতকৈ বেছি কেল'ৰি(calorie surplus)ৰ আহাৰ গ্ৰহন কৰিলে ওজন বাঢ়িব । গতিকে আমি এই কেল'ৰিৰ সঠিক হিচাপ কৰি যদি আমি আমাৰ শৰীৰটোক সঠিক সময়ত সঠিক আহাৰ দি থাকো তেতিয়া হলে আমাৰ শৰীৰত ওপৰত উল্লেখ কৰা সমস্যাবোৰ কেতিয়াওঁ নহয়? Dieting মানে বহুতৰ মতে খোৱা কমাই দিয়া, ভাত বন্ধ কৰি দিয়া, এইবোৰ ভ্ৰান্ত ধাৰনাত কেতিয়াওঁ নাথাকিব।
দেহৰ অৱয়ৱ, শৰীৰৰ গঠন,ওজন, বেমাৰ ইত্যাদিবোৰৰ ভিত্তিত কৰি প্ৰতিজন মানুহৰ DIET বেলেগ বেলেগ হ'ৱ পাৰে। আৰু দামী দামী খাদ্যবস্তুবোৰ কিনি আমি Diet follow কৰাতকৈ সদায় ঘৰুৱা আৰু কম খৰচত সহজতে উপলব্ধ খাদ্যবস্তুৰে আমি আমাৰ Diet লিষ্টখন বনাই ল'ৱ লাগে। সেইকাৰনেই যাকে তাকে দেখি নাইবা যাৰে তাৰে কথা শুনি আপোনালোকে DIETING কৰিবলৈ নল'ব। ই পিছলৈ বহুত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।
বহুতে ইউটিউবত DIET ৰুটিন চাই Dieting কৰে । ইউটিউবত যিবোৰ DIET উপলব্ধ সেইবোৰ আমাৰ অসমৰ পৰিবেশৰ লগত,অসমৰ মানুহৰ খাদ্যাভ্যাষৰ লগত মুঠেওঁ মিল নাই। গতিকে তেনেকুৱা DIET যদি আমি কৰিব যাও আমাৰ দৈনন্দিন জীৱনত বহুখিনি সমস্যা আহি পৰিব পাৰে । সকলোৰে শাৰীৰীক অবয়ব , কাম কাজ , জীৱন ধাৰণৰ প্ৰণালী,পৰিবেশ আদি বেলেগ বেলেগ। গতিকে সকলোৱে একে ধৰনৰ DIETING কৰিলে কেনেকৈ হব ?
আমি যি ঠাইত জন্ম গ্ৰহন কৰি বসবাস কৰো আচলতে আমাৰ DIETING ও সেই ঠাইৰ খাদ্যৰে কৰিব পাৰিলে ভাল। । তেতিয়া কম খৰচতে আৰু সতেজ খাদ্যবস্তুৰে আমি আমাৰ DIETING কৰিব পাৰো । তেতিয়া অন্ততঃ এই সোৱাদ নথকা আৰু DIET কৰি ভাল নলগা অসুবিধাটোৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো। অসমৰ দৰে ঠাইত নৰসিংহ, ভেদাইলতা, কচু , মানিমুনি , কলফুল আদি পুষ্টিকৰ খাদ্যৰে আমাৰ চাৰিওঁফাল ভৰি আছে। এনেকুৱা খাদ্যবোৰেৰেই আমি আমাৰ DIETING কৰিব পাৰো। অসমৰ ঠলুৱা খাদ্যবোৰ ব্যৱহাৰ কৰিওঁ আমি আমাৰ ওজন কমোৱা নাইবা ওজন বঢ়োৱা DIET কৰিব পাৰো।
গতিকে DIETING মানে ভাত খোৱা বন্ধ কৰি দিয়া,কমকৈ খোৱা, কেৱল বইল খাই থকা, কেৱল ক্ষীণাবলৈ হে DIETING কৰা আদি ভ্ৰান্ত ধাৰনাৰ পৰা নিজক বাহিৰলৈ আনক আৰু আমাৰ চাৰিওঁফালে উপলব্ধ সেউজীয়া শাক-পাচলি, বতৰৰ ফল-মূল আদি প্ৰচূৰ পৰিমানে খোৱা কৰক। এতিয়াৰে পৰা DIETING ৰ নামত নিজৰ শৰীৰটোক অযথা কষ্টত কেতিয়াওঁ নাৰাখিব। কিন্তু সেইবুলি আকৌ মই বেছি তেল দিয়া খাদ্য, বাহিৰৰ খাদ্য, ফাষ্ট ফুড, চিপ্চ এইবোৰ কিন্তু খাবলৈ কোৱা নাই ।😊😊🙏🙏
15/05/2026
শিশুসকলৰ মানসিক,শাৰিৰীক আৰু বৌদ্ধিক বিকাশৰ ওপৰত লক্ষ্য ৰাখি Achintta Shankar দাৰ কাহিনী আৰু পৰিচালনাৰে, OUTRICH ADVERTISING PVT. LTD. ৰ বেনাৰত HOMEWORK চলচিত্ৰখনি সমগ্ৰ অসমত আজি মুক্তি লাভ কৰিছে।শিশুসকলক কেৱল পঢ়াৰ বোজা জাপি দি প্ৰকৃতি আৰু শিশু মনৰ যি বিশাল পৰিধিৰ পৰা সন্তানক দূৰৈত ৰাখি পিতৃ-মাতৃসকলে যি ভুল কৰে তেনেকুৱা এটা ধুনীয়া বিষয়বস্তুৰ ওপৰতেই নিৰ্মান কৰা হৈছে এই বোলছবিখন। পিতৃ-মাতৃ সকলৰ লগতে নতুনকৈ বিয়া হোৱা দম্পত্তী সকল যিসকলে সন্তানৰ পৰিকল্পনা কৰি আছে তেখতসকলৰ বাবেওঁ এইখন বোলছবিখন বহুতেই গুৰুত্বপূৰ্ন। এনেকুৱা বিষয়ৰ ওপৰত চিনেমা হয়তো আগতে অসমত হোৱা নাছিল। গতিকে আপোনালোক সকলোলৈ এটাই অনুৰোধ... "হোমৱৰ্ক" বোলছবিখন যাতে অসমৰ প্ৰতিজন নাগৰিকে মৰমেৰে আঁদৰি লয়। 🙏🙏 কাৰন এনেকুৱা বিষয়ৰ ওপৰত চিনেমা নিৰ্মান কৰাটো সচাঁকৈ এক শুভ বাৰ্তা....
এই পোষ্টটিৰ জড়িয়তে "হোমৱৰ্ক" বোলছবিৰ লগত জড়িত প্ৰতিজন কলা-কুশলী তথা ব্যক্তিক বহুত বহুত শুভকামনা জনালো । 💐💐💐💐💐
5 ৰ পৰা 15 বছৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লগতে তেখেতসকলৰ পিতৃ-মাতৃৰ বাবে!
07/05/2026
একেৰাহে তিনিটা কাৰ্য্যকালৰ বাবে অপ্ৰতিৰোধ্য বিজয় সাৱ্যস্ত কৰা বাবে আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ মূখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ চৰকাৰী বাসগৃহত আজি এখন ফুলাম গামোচা আৰু এটি ফুলৰ থোপাৰে সম্বৰ্ধনা জনাওঁ। তেখেতৰ নেতৃত্বত যোৱা দুটা কাৰ্য্যকালতকৈওঁ এইটো কাৰ্য্যকালত যেন জাতি-মাটি আৰু ভেটিৰ লগতে অসমৰ সৰ্বাংগীন উন্নয়ন হওঁক, তাৰেই কামনা কৰিলো। 🙏🙏😊😊
BTS "কাহিনী"
এখন চিনেমা, য'ত নাই কোনো cut!
এটি কাহিনী মাত্ৰ এটা শ্ব'টত....
অতি শীঘ্ৰে আপোনাৰ ওচৰৰ চিত্ৰগৃহত! 😊
আপোনালোকৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈ
অসমীয়া চিনেমা ইতিহাসত প্ৰথমবাৰৰ বাবে!
এটি "কাহিনী"... সম্পূৰ্ন এটা শ্ব'টত...
No cuts, No breaks!
A single story in a single shot...
অতি শীঘ্ৰে আপোনাৰ ওচৰৰ চিনেমাহলত......
Direction: Kangkan Rajkhowa
Story/script: Rajdweep
Music: Siddhant Sagar
অসমীয়া চিনেমা ইতিহাসত প্ৰথমবাৰৰ বাবে...
এটি "কাহিনী"... সম্পূৰ্ন এটা শ্ব'টত...
No cuts, No breaks!
A single story in a single shot...
অতি শীঘ্ৰে আপোনাৰ ওচৰৰ চিনেমাহলত......
আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰি....
ৰাতি ভাত খোৱাটো উচিত নে অনুচিত! ৰাতি ভাত খালে ডায়েবেটিছ হয় নেকি?
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Telephone
Website
Address
Guwahati
781034