Shankardev Shishu Kunja, Ambikagiri Nagar, Ghy - 24

Shankardev Shishu Kunja, Ambikagiri Nagar, Ghy - 24

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Shankardev Shishu Kunja, Ambikagiri Nagar, Ghy - 24, Child Development, ambikagiri nagar, Guwahati.

16/05/2026
28/04/2026

মৌ মিঠা মাত.....

Photos from Shankardev Shishu Kunja, Ambikagiri Nagar, Ghy - 24's post 10/05/2023

শংকৰদেৱ শিশু কুঞ্জত ককা-আইতাৰ সন্মিলন

ভাৰতীয় সংস্কৃতি,ঐতিহ্য আৰু পৰম্পৰাৰ ভেঁটিত প্ৰকৃত মানুহ গঢ়াৰ মহান উদ্দেশ্যেৰে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্হানৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ নিকেতনসমূহে বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত কৰি আহিছে।ইয়াৰে অংশ হিচাপে গুৱাহাটীৰ অম্বিকাগিৰী নগৰস্হিত শংকৰদেৱ শিশু কুঞ্জত আজি বিভিন্ন কাৰ্যসূচীৰে নিকেতনৰ কণ কণ ছাত্র-ছাত্রীৰ ককা আইতাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ বাবে এখনি ককা আইতাৰ সন্মিলন অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি
ড: ধৰণীধৰ গোস্বামীদেৱে।গোস্বামীদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সন্মিলনত নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে অমূল্যচৰণ চৌধুৰী আৰু ড:নৃপেন শৰ্মাদেৱ , বৰ্তমানৰ কোষাধ্যক্ষ মুকুট শৰ্মা দেৱ , শিৱ প্ৰসাদ শৰ্মা দেৱ উপস্থিত থাকে। নিকেতন পৰিচালনা সমিতিৰ সম্পাদক ড°প্ৰদীপ শৰ্মাই আদৰনি ভাষণ আগবঢ়ায়।
আজিৰ এই অনুষ্ঠানত নিকেতনৰ প্ৰধান আচাৰ্যা শ্ৰীযুতা কমলা গোস্বামীয়ে প্ৰাস্তবিক ভাষণ আগবঢ়ায়। অনুষ্ঠানটি উদ্বোধন কৰে এগৰাকী আদৰ্শ মাতৃ,সু-সাহিত্যিক ,সমাজ সেৱিকা ,অসম সাহিত্য সভাৰ উপ -সভাপতি শ্ৰীযুতা মৃণালিনী দেৱী বাইদেৱে।লগতে উপস্হিত থাকে কামৰূপ মহানগৰ সাহিত্য সভাৰ সভাপতি সবিতা দেৱী বাইদেউ।ইয়াৰ উপৰিও স্হানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগতে নিকেতনৰ কণ কণ ছাত্র -ছাত্রীসকলৰ ককা -আইতা উপস্হিত থাকে। অনুষ্ঠানত ককা আইতাসকলে গীত,কবিতা আবৃওি আদিৰ জৰিয়তে নিজৰ নিজৰ স্বকীয় প্ৰতিভাসমূহ ফুটাই তোলে।নিকেতনৰ কণ কণ ছাত্র ছাত্রীসকলেও গীত ,নৃত্য পৰিৱেশন কৰে।এনেদৰে আচাৰ্য-আচাৰ্যা ,কৰ্মচাৰী , অভিভাৱক-অভিভাৱিকা সকলোৰে পূৰ্ণ সহযোগিতাত অনুষ্ঠানটি সফলতাৰে সম্পন্ন হয়।

Photos from Shankardev Shishu Kunja, Ambikagiri Nagar, Ghy - 24's post 03/05/2023

২০২২-২৩ শিক্ষা বৰ্ষৰ ছাত্ৰছাত্ৰী সকলৰ আকৰ্ষণীয় কাৰ্যক্ৰম....

Photos from Shankardev Shishu Kunja, Ambikagiri Nagar, Ghy - 24's post 03/05/2023

২০২৩ -২৪ শিক্ষা বৰ্ষৰ অংকুৰ আৰু মুকুল শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ মাতৃ সকলৰ ২৬আৰু ২৭এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যোৱা কৰ্মশালাৰ আলোকচিত্ৰ সমূহ সাচি ৰাখিলোঁ৷

03/05/2023

শিশু সকলৰ বাৰ্তালাপ

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Ambikagiri Nagar
Guwahati
781024