Platinum Jubilee Year, GHSS, Gossaigaon

Platinum Jubilee Year, GHSS, Gossaigaon Welcome everyone to this group

07/06/2022

" দেশে স্বাধীনতা লাভৰ বছৰতে অৰ্থাৎ ১৯৪৭ চনত গোসাঁইগাঁৱৰ একাংশ শিক্ষানুৰাগী ব্যক্তিৰ নিৰলস তথা ঐক্যন্তিক প্ৰচেষ্টাত জন্ম লাভ কৰিছিল আজিৰ গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ে । গোসাঁইগাঁৱৰ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ ঐতিহ্যমণ্ডিত এই বিদ্যালয়খনে বিগত ৭৫ টা বছৰে নিৰন্তৰে জ্ঞানৰ পোহৰ বিলাই আজি "মহাৰজত জয়ন্তী"
(Platinum Jubilee) বৰ্ষত পদাৰ্পণ কৰাৰ এই পৱিত্ৰ সন্ধিক্ষণত অনুষ্ঠানটোৰ জন্ম লগ্নৰ স'তে জড়িত প্ৰাক্তন তথা বৰ্তমানৰ শ্ৰদ্ধাৰ সমূহ জ্ঞাত -অজ্ঞাত ব্যক্তি, শিক্ষক-শিক্ষয়িত্রী, বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী, লগতে ছাত্ৰ-ছাত্ৰী
আটাইকে
"মহাৰজত জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে জনাইছে
"মহাৰজত জয়ন্তী বৰ্ষ" ৰ
ওলগ, শুভেচ্ছা আৰু অভিনন্দন "

07/06/2022

গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহা ৰজত জয়ন্তী পালনাৰ্থে গঠিত উপ সমিতি সমূহৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন : বৰঙণি সংগ্ৰহ তথা লেনদেনৰ বাবে HDFC বেংকত একাউণ্ট নম্বৰ মুকলি :

অসমৰ পশ্চিম প্ৰান্তৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও চহৰত ১৯৪৭ চনত স্থাপন হোৱা গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে এইবেলি ৭৫ সংখ্যক বৰ্ষত পদাৰ্পণ কৰিলে। বিদ্যালয় খনৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে চলিত বৰ্ষত মহাৰজত জয়ন্তী উদযাপনৰ অৰ্থে গঠিত অভ্যৰ্থনা সমিতিৰ অধীনস্থ বিভিন্ন উপ সমিতি সমূহৰ আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। অভ্যৰ্থনা সমিতিৰ মুখ্য আহ্বায়ক গুনিন্দ্ৰ নাথ ব্ৰহ্মৰ আহ্বানত দিনৰ এঘাৰ বজাত বিদ্যালয়খনৰ শিক্ষক সকলৰ জিৰণি কোঠাত আয়োজিত সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নৰোত্তম দেৱ বসুমতাৰীয়ে । অধ্যক্ষ বিজয় মুছাহাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সৰ্বমুঠ এঘাৰখন উপ সমিতিৰ আহ্বায়ক সকলৰ লগতে সংশ্লিষ্ট উপ সমিতি সমূহৰ সমূহ সদস্য/সদস্যাসকল সভাত উপস্থিত থাকে । সভাত মহাৰজত জয়ন্তীৰ তাৰিখ/বাৰ নিৰ্ধাৰণ, পুঁজি সংগ্ৰহ, অতিথি নিমন্ত্ৰণ, স্মৃতিগ্ৰন্থ ছপা আদি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । বিতং আলোচনাৰ অন্তত অহা নৱেম্বৰ মাহৰ ৯, ১০ আৰু ১১ তাৰিখে তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে মহাৰজত জয়ন্তী উদযাপনৰ তাৰিখ ধাৰ্য্য কৰা হয়। ঠিক তেনেদৰে অনুষ্ঠানলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তথা বিটি আৰৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োক অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰোপৰি দেশ- বিদেশৰ বিভিন্ন স্থানত সিচৰতি হৈ থকা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ, সুভাকাংখী তথা সকলোৰে বাবে উপযোগী হোৱাকৈ মহাৰজত জয়ন্তী উপলক্ষে এটা ফেচবুক পেজ খোলাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাখনত বিত্ত উপ সমিতিৰ সদস্য মহেশ্বৰ ব্ৰহ্ম, খনীন্দ্ৰ নাথ দাস, প্ৰচাৰ উপ সমিতিৰ আহ্বায়ক শংকৰ চৌধুৰী, উৎপল দে, স্মৃতিগ্ৰন্থ উপ সমিতিৰ সদস্য অমৰদীপ ৰায়, সন্তুৰঞ্জন দাস, অধ্যাপক মনোজ কুমাৰ টুডু, শিক্ষক নিৰ্বাণ কুমাৰ ব্ৰহ্ম, সমৰ বসুমতাৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰী ক্ৰমে সন্তোষ কুমাৰ বসুমতাৰী আৰু ৰীতা দেৱনাথ, নৱজ্যোতি হাই মাদ্ৰাছাৰ প্ৰধান শিক্ষয়িত্ৰী মফিদা হাছান, গোসাঁইগাঁও মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় ক্ৰমে ডঃ কনেশ্বৰ বৰুৱা, প্ৰদীপ দাস, আৰু উপাধ্যক্ষ ধনঞ্জয় ব্ৰহ্মকে ধৰি আন কেবাগৰাকীও বক্তাই মহাৰজত জয়ন্তীৰ বিভিন্ন দিশ সামৰি ভাষণ প্ৰদান কৰে ।বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি ৰতন দেৱ নাথ, সমাজকৰ্মী ৰঙ্গলাল দত্ত, তিমিৰ বৰণ দাস প্ৰমুখ্যে বহু সংখ্যক ব্যক্তি উপস্থিত থকা সভাখনত মহাৰজত জয়ন্তীৰ অনুষ্ঠান ত্ৰুটিহীন, জাকজমকীয়া তথা সফল ভাৱে পতাৰ ক্ষেত্ৰত সকলোৱে ঐক্যমত পোষণ কৰে । ইপিনে উদযাপন সমিতিয়ে মহাৰজত জয়ন্তী উদযাপনৰ সতে সংগতি ৰাখি HDFC বেংকৰ গোসাঁইগাঁও শাখাত খোলা ( A/c No. 50200065663282 ,IFSC code : HDFC 0006967) একাউণ্ট নম্বৰযোগে ইচ্ছুক দাতাসকলে মহাৰজত জয়ন্তীলৈ বৰঙণি প্ৰদান কৰিব পাৰিব বুলি অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা জনাইছে ।

গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ বছৰত পদাৰ্পণ কৰিলে । এই উপলক্ষে প্লেটিনাম জয়ন্তী বৰ্ষ  উদযাপন কৰাৰ  ...
07/06/2022

গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ বছৰত পদাৰ্পণ কৰিলে । এই উপলক্ষে প্লেটিনাম জয়ন্তী বৰ্ষ উদযাপন কৰাৰ প্ৰস্তুতি চলিছে । তাৰে স'তে সংগতি ৰাখি এই ফেচবুক পেজটো সকলোৰে সুবিধাৰ্থে আজি ইং ৭/৬/২০২২ ইং তাৰিখে মুকলি কৰা হ'ল । সকলোৰে সহযোগিতা বিনম্ৰতাৰে কামনা কৰা হ'ল ।

Address

Gossaigaon
783360

Telephone

+18638324929

Website

Alerts

Be the first to know and let us send you an email when Platinum Jubilee Year, GHSS, Gossaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Platinum Jubilee Year, GHSS, Gossaigaon:

Shortcuts

Share

Category