দাৰুল উলুম বিদ্যাপুৰ হালধিবাৰী আল-আমিন মাদ্ৰাছাৰ তহফিজুল ক্বুৰআন শাখা।
দাৰুল উলুম আল-আমিন মাদ্ৰাছা
দাৰুল উলুম বিদ্যাপুৰ হালধিবাৰী আল-আম?
05/10/2023
দাৰুল উলুম বিদ্যাপুৰ হালধিবাৰী আল-আমিন মাদ্ৰাছাৰ নিৰ্মীয়মান মছজিদৰ সন্মুখত
23/08/2023
আমাৰ দেশ ভাৰতবৰ্ষৰ বাবে আজি এক ঐতিহাসিক গৌৰৱৰ দিন যে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ISRO এ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ আজি চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। উল্লেখযোগ্য যে চন্দ্ৰৰ দক্ষিণ মেৰুত আজিলৈকে কোনোৱে soft landing কৰাব পৰা নাই, ইয়াৰ পূৰ্বে তিনিখন দেশে চন্দ্ৰৰ দক্ষিণ মেৰুত যান অবতৰণ কৰাব পাৰিছে যদিও Hard landing ৰ বাবে চন্দ্ৰযানসমূহ ধ্বংস হৈছে।
আমি প্ৰাৰ্থনা কৰোঁ আৰু আমি সম্পূৰ্ণ আশাবাদী যে চন্দ্ৰযান-৩ ৰ সফল অবতৰণৰ দ্বাৰা আধুনিক পৃথিৱীত ভাৰতে নতুন ইতিহাস ৰচনা কৰিব ,
ইনশ্বা আল্লাহ । গতিকে সকলোৱে নিজৰ নিজৰ ধৰণে এই অভিযানৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাই দেশৰ এই ঐতিহাসিক গৌৰৱৰ ক্ষণটোৰ সাক্ষী হোৱা উচিত। স্কুল কলেজ সমূহৰ লগতে আমাৰ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী সকলকো সুবিধা অনুযায়ী LIVE Telecast ৰ জড়িয়তে দেখুওৱাৰ ব্যৱস্থা কৰা প্ৰয়োজন ।
আমি ISRO ৰ বিজ্ঞানী সকল তথা সমূহ ভাৰতবাসীলৈ অগ্ৰীম শুভেচ্ছা জনালোঁ। চন্দ্ৰযান ৩ সফল হওঁক। সমূহ ভাৰতবাসী গৌৰৱান্বিত হওঁক। এই কামনা কৰিলোঁ।
🙏বিনীত🙏
আব্দুল কাদিৰ
সাধাৰণ সম্পাদক
দাৰুল উলুম বিদ্যাপুৰ হালধিবাৰী আল-আমিন মাদ্ৰাছা
15/08/2023
সমগ্ৰ দেশৰ লগতে আজি “দাৰুল উলুম বিদ্যাপুৰ হালধিবাৰী আল-আমিন মাদ্ৰাছা প্ৰাঙ্গণত ৭৭ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। স্মৃতি হিচাপে বিশেষ কিছুমান দৃশ্য আগবঢ়ালোঁ।
30/07/2023
23/07/2023
আজি ২৩ জুলাই ২০২৩ ইং তাৰিখ দেওবাৰে পুৱা ১০ বজাত ''দাৰুল উলুম বিদ্যাপুৰ হালধিবাৰী আল-আমিন মাদ্ৰাছা'' প্ৰাঙ্গণত, মাদ্ৰাছাৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সৰ্বসন্মতিক্ৰমে সম্পাদকীয় প্ৰতিবেদনৰ অনুমোদন জনাই আগন্তুক দুই বছৰৰ বাবে নতুনকৈ এখন পূৰ্ণাংগ কমিটি গঠন কৰা হয়। উক্ত সভাত উপস্থিত থাকি কাৰ্যসূচী সফল ৰূপায়নত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সদনৰ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আগন্তুক দিনত আৰু অধিক সহায় -সহযোগিতা আৰু দিহা পৰামৰ্শ পোৱাৰ আশা ৰাখিলোঁ।
সদৌ শেষত মহান আল্লাহ পাকৰ ওচৰত সকলোৰে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে দোৱা কৰিছোঁ।আমীন।
ইতি
আব্দুল কাদিৰ
সাধাৰণ সম্পাদক (মুহতমিম)
দাৰুল উলুম বিদ্যাপুৰ হালধিবাৰী আল-আমিন মাদ্ৰাছা।
ডাক: ও থানা: উৰিয়ামঘাট, জিলা: গোলাঘাট (অসম)
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Sarupather
Golaghat
785601