Melamora Junior College

Melamora Junior College Melamora Jr. college
Golaghat District
PO Melamora

02/08/2022
ইয়াৰ দ্বাৰা জনোৱা যায় যে মেলামৰা জুনিয়ৰ কলেজত উচ্চতৰ মাধ্যমিক ১ম বৰ্ষৰ নামভৰ্ত্তিৰ বাবে চলি থকা অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্...
06/08/2021

ইয়াৰ দ্বাৰা জনোৱা যায় যে মেলামৰা জুনিয়ৰ কলেজত উচ্চতৰ মাধ্যমিক ১ম বৰ্ষৰ নামভৰ্ত্তিৰ বাবে চলি থকা অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰাপ্ত তথ্য অনুসৰি কলেজৰ আসনৰ সংখ্যাতকৈ অনলাইন প্ৰ-পত্ৰৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । কলেজৰ আসনৰ সংখ্যা যিহেতু সীমিত গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি অৰ্থাৎ কলেজ কৰ্তৃপক্ষই অনলাইন পঞ্জীয়ণ আৰু প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ বাধ্য হৈছোঁ । এই সংক্ৰান্তত বিশেষ জানিবলগীয়া থাকিলে কভিড নীতিনিয়মৰ মাজেদি কলেজ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে ।

ধন্যবাদেৰে --
কলেজ কৰ্তৃপক্ষ ।

Admission Process For 2021 is live✅ in our official website. Kindly Visit our website :-www.melamorajrcollege.com .Thank...
01/08/2021

Admission Process For 2021 is live✅ in our official website. Kindly Visit our website :-www.melamorajrcollege.com .

Thank You College Administration

প্ৰথমেই আমি মেলামৰা জুনিয়ৰ কলেজৰ হৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা প্ৰতিজন ছাত্ৰ-ছাত্ৰীলৈ হিয়াভৰা ...
30/07/2021

প্ৰথমেই আমি মেলামৰা জুনিয়ৰ কলেজৰ হৈ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা প্ৰতিজন ছাত্ৰ-ছাত্ৰীলৈ হিয়াভৰা মৰম ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
বৰ্তমান ক'ৰণা মহামাৰীৰ ২য় ঢৌৰ অাগ্ৰাসনে অামাৰ সমাজৰ সকলো দিশলৈকে শংকা অাৰু অনিশ্চয়তা কঢ়িয়াই অানিছে । সেয়ে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অামাৰ কলেজত উচ্চতৰ মাধ্যমিক ১ বৰ্ষৰ Online নামভৰ্ত্তি প্ৰক্ৰিয়া (admission process) ৰ Registration যোৱা ২০ জুলাই, ২০২১ তাৰিখৰ পৰা আৰম্ভ হৈছে । গতিকে এতিয়া নামভৰ্ত্তি প্ৰক্ৰিয়াৰ বাবে "নামভৰ্ত্তিৰ ফৰ্ম" (Admission form) কালিলৈ সন্ধ্যা ৬ বজাৰ পৰা কলেজৰ official website ত উপলব্ধ হ'ব । গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্ত্তিৰ বাবে ৰেজিষ্ট্ৰেচন (Registration) কৰিছে তেওঁলোকে কালিলৈৰ পৰা Form Fill up কৰিব পাৰিব । লগতে জনাওঁ যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে registration কৰা নাই তেওঁলোকে প্ৰথমে registration কৰি নামভৰ্ত্তিৰ Form Fill Up কৰিব পাৰিব ।
লগতে এই বিষয়ে সবিশেষ জানিবৰ তলত দিয়া ম'বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব --
✅9365164437/9476527112
✅Mails us [email protected]

ধন্যবাদেৰে -- মেলামৰা জুনিয়ৰ কলেজ কৰ্তৃপক্ষ

নমস্কাৰ গ্ৰহণ কৰিব । এই সময় অত্যন্ত ভয়াবহ ও স্পৰ্শকাতৰ । কভিড মহামাৰীৰ ভয়াবহতাৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষত হাইস্কুল শিক্ষান্...
19/07/2021

নমস্কাৰ গ্ৰহণ কৰিব ।

এই সময় অত্যন্ত ভয়াবহ ও স্পৰ্শকাতৰ । কভিড মহামাৰীৰ ভয়াবহতাৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰা হ'ল যদিও চৰকাৰী কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগে এটি নিৰ্দিষ্ট পদ্ধতিৰ মাধ্যমেৰে উক্ত দুয়োটি পৰীক্ষাৰে ফলাফল ৩১ জুলাই,২০২১ ৰ আগেয়ে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি, মেলামৰা জুনিয়ৰ কলেজ কৰ্তৃপক্ষই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্ত্তি প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কামকাজসমূহ অনলাইন যোগে আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । আমাৰ মেলামৰা জুনিয়ৰ কলেজত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্ত্তিৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে প্ৰথমে অনলাইন যোগে ৰেজিষ্ট্ৰেচন (Registration) কৰিব লাগিব । তলত আমাৰ মহাবিদ্যালয়ৰ অফিচিয়েল ৱেবচাইটি (Official Website) দিয়া হৈছে । ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে তলত দিয়া লিংকটোত ক্লিক কৰি Registration কৰিব লাগিব । এই Registration প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে । Registration কৰিবৰ বাবে --- প্ৰথমে লিংকটোত ক্লিক কৰিব লাগিব । তাৰ পিছত Registration ৰ অপশ্যন (option) টোত ক্লিক কৰিলে ফৰ্মখন দেখা পোৱা যাব । তাৰ পিছত ফৰ্মখন Fill up কৰি শেষত SUBMIT বোলা অপশ্যন (option) টোত ক্লিক কৰিলে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব । Registration সম্পূৰ্ণ হোৱাৰ পিছত ফৰ্মখনত দিয়া আপোনালোকৰ Email ID লৈ আমাৰ পৰা একোটা Confirmation Mail যাব ।
গতিকে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক তলত দিয়া লিংকত ক্লিক কৰি Registration কৰিবৰ বাবে জনোৱা হ'ল ।

www.melamorajrcollege.com

Admission সংক্ৰান্তীয় খবৰৰ বাবে যোগাযোগৰ নাম্বাৰ -- 9365164437

ধন্যবাদেৰে --
মেলামৰা জুনিয়ৰ কলেজ কৰ্তৃপক্ষ ।
১৯-০৭-২০২১

Folks we are getting tech savvy 😎
19/07/2021

Folks we are getting tech savvy 😎

Assam🇮🇳 a land of cultural diversity and unity .We as Melamora Junior College always want to preserve and flourish this ...
19/07/2021

Assam🇮🇳 a land of cultural diversity and unity .We as Melamora Junior College always want to preserve and flourish this brother hood and unity . Some snaps from Folklore representation of Cultural unity in diversity .

উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠ্যক্ৰমত সংযোজিত হোৱা "স্বদেশ অধ্যয়ন" বিষয়টিৰ সম্পৰ্কে আপুনি জানেনে ?✅ভুগোল-বুৰঞ্জী-ৰাজনীতি-সা...
19/07/2021

উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠ্যক্ৰমত সংযোজিত হোৱা "স্বদেশ অধ্যয়ন" বিষয়টিৰ সম্পৰ্কে আপুনি জানেনে ?

✅ভুগোল-বুৰঞ্জী-ৰাজনীতি-সাহিত্য আদি কেইবাটিও বিষয়ক একত্ৰিত কৰি স্বদেশ অধ্যয়ন বিষয়টোৰ সৃষ্টি ।

✅এই বিষয়টিয়ে ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক কাৰ্যক্ষেত্ৰত গৈ নিজে পৰ্যবেক্ষণ কৰি জৰীপ (Survey) কৰাৰ সুবিধা প্ৰদান কৰে । এই জৰীপ হৈছে - ভৌগোলিক আৰু ঐতিহাসিক জৰীপ ।

✅ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যত জীৱনত অৱৰ্তীণ হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা (competitive exam) সমূহৰ ক্ষেত্ৰত এই বিষয়টিয়ে যথেষ্ঠ সহায় কৰিব পাৰে ।

ক'ৰণা মহামাৰীৰ এই সংকট কালত ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশটো বৰ্তাই ৰাখিবলৈ আমাৰ কলেজৰ অনলাইন শ্ৰেণীৰ কিছু দৃশ্যাংশ --  #...
09/07/2021

ক'ৰণা মহামাৰীৰ এই সংকট কালত ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশটো বৰ্তাই ৰাখিবলৈ আমাৰ কলেজৰ অনলাইন শ্ৰেণীৰ কিছু দৃশ্যাংশ --

# আজিৰ শ্ৰেণী --
# পাঠদান কৰিছে সমীৰণ শইকীয়া ই ।

 #স্মৃতিৰ_দলিচাসময়বোৰ তেতিয়া ভাল আছিল ।  #আন্তৰাষ্ট্ৰীয়_যোগ_দিৱস_উদযাপন - ২০১৯
21/06/2021

#স্মৃতিৰ_দলিচা

সময়বোৰ তেতিয়া ভাল আছিল ।
#আন্তৰাষ্ট্ৰীয়_যোগ_দিৱস_উদযাপন - ২০১৯

20/06/2021

অসমীয়া জাতীয় জীৱনৰ পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ পূণ্য মৃত্যু তিথিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ মহাবিদ্যালয়ৰ ২য় বৰ্ষৰ ছাত্ৰী প্ৰিয়াক্ষী হাজৰিকাই আগবঢ়োৱা এটি আবৃত্তি ।

“ম‍ই খুনী নহয়, ডকাইতো নহয়। ম‍ই বিপ্লৱী, ম‍ই শিল্পী। ম‍ই ৰাইজৰ সেৱক। মোৰ জীৱন কাহিনী বিপ্লৱী শিল্পীৰ।” (বিষ্ণু প্ৰসাদ ৰাভ...
19/06/2021

“ম‍ই খুনী নহয়, ডকাইতো নহয়। ম‍ই বিপ্লৱী, ম‍ই শিল্পী। ম‍ই ৰাইজৰ সেৱক। মোৰ জীৱন কাহিনী বিপ্লৱী শিল্পীৰ।” (বিষ্ণু প্ৰসাদ ৰাভা)

--- হয় । তেওঁ বিপ্লৱী । তেওঁ শিল্পী । ৰাইজৰ মাজত ৰাইজৰ শিল্পী আছিল বিষ্ণুপ্ৰসাদ ৰাভা ।

মানুহৰ পূজাৰ বাবেহে অৰ্থদান কৰা বিষ্ণু ৰাভা সঁচা অৰ্থত এক বিপ্লৱী সত্তা । বহু গুণৰ সমাহাৰেৰে বৈচিত্ৰ্যময় আছিল তেওঁৰ ব্যক্তিত্ব । একাধাৰে সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু ৰাভাদেৱ আজিৰ দিনটোতেই পৰলোকগামী হৈছিল । আজিৰ এই পূণ্য মৃত্যু তিথিত তেখেতৰ কৰ্মৰাজী ও তেখেতৰ প্ৰগাঢ় ব্যক্তিত্বক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ ।
হে মহান শিল্পী, আপোনাৰ সৃষ্টিৰাজি অসমীয়া কৃষ্টি-সংস্কৃতিৰ আকাশত চিৰজ্যোৰ্তিময় ।

Address

অাত্মৰাম গগৈ পথ । মেলামৰা, গোলাঘাট
Golaghat

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+916000682514

Alerts

Be the first to know and let us send you an email when Melamora Junior College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category